Tuesday 27 February 2018

কেচ টু বিজয় (৫)





টুৱেন্টি পইন্ট ফাইভ গৰাকীয়ে ভেলেন্টাইন ডেত বিজয়ে দিয়া প্ৰপজেল নাকচ কৰাৰ পিছত আৰু আইনাত দাড়ী কাটিবলৈ ......ওপচ, চৰি দাড়ি নাই পাহৰিছিলো৷ দাড়ী নহয়, নাকৰ নোম দুডালমান পকিবলৈ আৰম্ভ কৰাত বিজয়ে অৱশেষত সিদ্ধান্ত ল'লে যে নাই মোৰ দ্বাৰা প্ৰেম কৰি বিয়া পতা নহ'ব৷



অহ ৰ'ব৷ টুৱেন্টি পইন্ট ফাইভ মানে বিশ গৰাকীয়ে ডাইৰেক্ট ৰিজেক্ট আৰু এগৰাকীয়ে ভাবি চাই জনাম বুলি কৈছিল৷ বিজয়ে আজিও সেইটো আশাতে আছে তেৰ বছৰ আগৰ ভেলেন্টাইন ডেত প্ৰপজ দিয়া সেই গৰাকীৰ কোন দিনা ভাবি শেষ হ'ব আৰু তাক "ইয়েচ" ক'ব৷ হয় দিয়কচোন ধৈৰ্য্যৰো এটা সীমা থাকে, হা না কৈ দিলেই লেঠা শেষ৷ ইমান দিননো হা বা না দুটা শব্দৰ মাল্টিপল চইছ উত্তৰ এটা দিবলৈ ইমান ভাবিব লাগেনে?

হা ক'লে ডেটিং নিব পাৰে, পকেট উদং কৰি টেডি পৰা শাৰীৰ ফলচ লৈকে বজাৰ কৰি দিব পাৰে, ফেচবুকত এংগেজড বুলি ষ্টেটাচ দিব পাৰে, আগলৈ বিয়া বাৰু ল'ৰা ছোৱালীৰ প্লেনিং কৰিব পাৰে৷ আৰু যদি না কৰে নেক্সত ইয়েৰ ভেলেন্টাইনলৈ এজনী চিলেক্ট কৰাৰ প্ৰচেছটো স্টাৰ্ট দিব পাৰে৷ সেইগৰাকীয়ে হৃদয়ৰ দৰ্জা মুখত এনেকৈ ৰৈ দিলে যে না নিজে ভিতৰলৈ সোমাল না বেলেগক সোমাবলৈ দিলে৷



ইফালে বাৰ মাহৰ, মৰল মাহ আৰু চ'ত, পুহ কেইটা বাদ দি প্ৰতি মাহতে লগৰবোৰৰ এখন এখনকৈ বিয়া খাই খাই শেষত বিজয়ৰ নিজৰো বিয়া পতাৰ দুৰ্দান্ত হেঁপাহ জাগিব ধৰিলে৷



সোনটোৰ দৰে লগৰ দুই এজন বৰলাই বিজয়ক বিয়াৰ দৰে দুঃসাহসীক ক্ৰীড়াত অংশ গ্ৰহন কৰি গল্ড মেডেল নিজিকিলেও হ'ব বুলি বুজনি দিলে যদিও ইতিমধ্যে তেল ফাটিলৈ বিয়া পাতি নিজকে নিজে এৰালত বান্ধি থোৱা দুই এজনে আকৌ বৈবাহিক জীৱনৰ সুমধুৰ ইটো সিটো কথা জহাই মেলি কৈ বিজয়ক বিয়াৰ প্ৰতি আগ্ৰহী কৰিব ধৰিলে৷



সদৌ শেষত ছোৱালী চাবলৈ যোৱা পৰ্ব আৰম্ভ হ'ল৷ তালুৰ উলুৱনীখনক কলপ লগাই ক'লা কৰি, ছোৱালী চাবলৈ যাবলৈ ওলাল৷ লগত ল'লে আমাৰ ৰিন্টুদাক৷ প্ৰথম প্ৰথম ছোৱালী চাব ওলাইছে, আগে পিছে এক্সপেৰিয়েঞ্চো নাই গতিকে একমাত্ৰ ৰিন্তুদাৰ পোনত ধৰি বিজয় আগবাঢ়িল৷



ৰিন্তুদাইও নিজৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা বিজয়ক শিকাই বুজাই নিলে যে "চা বিজয়, চোফাত ভাল দৰে বহি থাকিবি, যিয়েই চিনাকী হ'বলৈ ওলায় আহে সকলোকে নমস্কাৰ দিবি৷ কথা কওঁতে হাতভৰি লৰাই নাথাকিবি৷ সোধা প্ৰশ্নৰ হে উত্তৰ দিবি৷ ভাত বনাব জানানে সুধিলে জানো বুলি ক'বি৷ আৰু লগতে ঘৰৰ কামবন তই নিজেই কৰ বুলি কবি৷



বিজয়ে মুৰ দুপিয়াই গ'ল যদিও ৰিন্টুদাৰ পৰামৰ্শ শুনি বিজয়েও কনফিউজড হ'ল যে একচুৱেলী মই দৰা নে কইনা?



বাৰু যিয়েই নহওঁক এক্সপেৰিয়েঞ্চ থকা মানুহ, হবও পাৰে বুলি মুৰ দুপিয়াই গ'ল৷ ছোৱালীৰ ঘৰ পাই কলিং বেল টিপিলে৷ সৰু ল'ৰা এটা ওলায় আহি বহিবলৈ কৈ ভিতৰ সোমাল৷ দ্ৰয়িংৰুমত ৰিন্তুদা আৰু বিজয়৷ বিজয়ৰ কপালত ঘাঁম, ৰিন্তুদাৰ মুখত হাঁহি৷ দহ মিনিট গ'ল, পোন্ধৰ মিনিট গ'ল, কোনো ওলায় অহা নাই ভিতৰৰ পৰা৷ বহি বহি আমনিও লাগিছে, ইফালে ভাবি অহা কথাবোৰ আওৰাই আওৰাই ভাগৰো লাগিছে৷ দুটামান কথা পাহৰিছে যদিও মনত পেলাবলৈ কুৱ চেষ্টা কৰিছে৷ ঘড়ীটোৱে আমন জিমনকৈ টিক টক টিক টিক, ফেন খনেও মাত নিদিষ্ট সময়ৰ মুৰে মুৰে কেৰেইছ.....কেৰেইছ মাত দি আছে৷ বিজয়ে এনেই থকাতকৈ ইফালে সিফালে চাই দ্ৰয়িং ৰুমৰ চুকে কোণে থকা সকলো বস্তু নিৰিক্ষন কৰি আছে৷ এসময়ত বিজয় অধৈৰ্য হৈ ৰিন্তু দালৈ চালে৷ ৰিন্তু দাই চকু টিপ মাৰি ধৈৰ্য ধৰা বুলি ক'লে



এনেতে সন্মুখৰ দৰ্জাৰ পৰ্দাখন সামান্য আতৰ হ'ল৷ বিজয় লগে লগে চিনাকী হ'বলৈ ঠিয় হ'লেই৷

দৰ্জাৰ পৰ্দাৰ ফাঁক কৰি " এও" বুলি শব্দ এটা আহিল৷

বিজয়ে নৰখিলেই, নমস্কাৰ৷ মই বিজয়, এও মোৰ দাদা .....



ৰিন্টু দাই বিজয়ৰ পেন্টত ধৰি বোলে "হেৰৌ খালি খালি খালি, কোনোবাই নেদেখিলেই হ'ল, নহলে মোৰ লাজ মান যাব৷ হেৰৌ মৰকুচিয়া তই "এওও" বুলি মতা মেকুৰীকে নমস্কাৰ দিলি.....

**********

No comments:

Post a Comment