Tuesday 27 February 2018

আধুনিক চুমা- বিজ্ঞান



আজিৰ পৰা বহু বছৰ আগতেই অসম মূলুকত জন্ম লাভ কৰা কৃপাবৰ বৰুৱাদেৱে তেখেতৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাত "চুমাৰ নিচিনা এটা কঠিন পদাৰ্থৰ" বিষদ বৈজ্ঞানিক বাখ্যা দাঙি ধৰিছিল৷ তেখেতে "অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে তেওঁ বিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ'ল৷কোনো কোনো ধনুৰ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰ ধৰে; কোনোৱে আকৌ ধোৰা-কাউৰীয়ে পকা আম খুটিৱাৰ দৰে খুটিয়ায়; কোনোৱে বা ৰাক্ষসৰ মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে৷" বুলি বুলি আক্ষেপ প্ৰকাশ কৰি চুমা কাক কয়, চুমাৰ আবিস্কাৰ, চুমাৰ প্ৰকাৰ তথা লক্ষন ইত্যাদিৰ বিষয়ে সবিশেষ বৈজ্ঞানিক বিশ্লেষন কৰি চুমাপতি সকলক চুমা সম্পৰ্কে চহকী কৰি থৈ গৈছে৷

আজি অত বছৰ পিছত তেখেতে দি যোৱা জ্ঞানকে শিৰোগত কৰি এই অধমে তেখেতৰ "চুমা-বিজ্ঞান"ক আধুনিক বিজ্ঞানৰ দৃষ্টিকোনৰে পৰ্য্যবেক্ষন কৰি চুমাশ্বৰী আৰু চুমাপতি সকলৰ গালি শপনি খাই হ'লেও একঠা লিখিহে এৰিম বুলি কুষ্মান্ধ হেন মগজুতে টঙালিখন বান্ধি ভোটা কলমক পুৱাৰে পৰা ধৰাই মেলি একো নহলেও চুমা বিষয়ক অশ্বডিম্ব এটা হ'লেও প্ৰসৱ কৰিমেই বুলি অকৰা মৈত উঠি লৈছো৷

বৰুৱাদেৱৰ দিনত বিজ্ঞান তেনেই পানীকেচুঁৱা আছিল আৰু তেওঁক বাদে আন কোনো পণ্ডিতে চুমা বিষয়ক বিষদ বাখ্যাক দন্তস্ফুত কৰিবলৈ সাহ কৰা নাছিল কিন্তু এতিয়া বিজ্ঞানে কলকলাব শিকিছে আৰু বহুতেই নামৰ আগত ডম্বৰুৰ "ড' টো লগাইছে যদিও চুমাবিষয়ক কোনোৱে গৱেষণা নকৰাত অমুকায়েই "ক" শিকিয়েই কীৰ্তন পঢ়িবলৈ মনস্থ কৰিলো৷

বৰুৱাদেৱৰ পৰবৰ্তী সময়ত চুমাই বিৱৰ্তনৰ ফলতেই কওঁক বা আধুনিকতাৰ চেপাখুন্দা খাইয়েই হওঁক বহু খিনি পৰিবৰ্তনৰ মাজেদি পাৰহৈ হৈ আজিৰ আধুনিক বিজ্ঞানৰ চুমাৰ ৰূপ পাইছেহি৷ চুমা-জিজ্ঞাসু এই অল্পমতিয়ে বাঘা বাঘা গৱেষকৰ দৰেই ইন্টাৰনেট খুচৰি কৰা গবেষনাৰ গভীৰ অনুসন্ধানৰ ফলত চুমাৰ উৎপত্তি পোন প্ৰথমে ভাৰতভূমিতে হোৱা বুলি বুকু ডাঠি কবলৈ সক্ষম হৈছোহঁক৷ চুমাপণ্ডিত ভন ব্ৰায়েন্টৰ গৱেষনাৰ উদ্ধৃতি টানি আনি অমুকাইও কব বিছাৰো যে চুমাজাতীয় ক্ৰিয়াকলাপ ঋকবেদ মহাভাৰত ব্যাৎসায়নৰ কামসূত্ৰ আদিত বিস্তাৰিত ৰূপত থকা বৰ্ণনাই আকৌ এবাৰলৈ চুমাৰ ক্ষেত্ৰত মেৰা ভাৰত মহান বাক্যশাৰী প্ৰতিপন্ন কৰে৷

৩২৬ খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰ তথা তেওঁৰ সেনাবাহিনীয়ে ভাৰতলৈ আহি চুমাজ্ঞান লাভ কৰি বিশ্বৰ অন্য ঠাইলৈ এই খাদ্যবিধৰ জ্ঞান বিয়পাই দিয়ে বাবেহে আজিৰ বিশ্বই এই চুমাৰ সোৱাদ লবলৈ সাৰ্থক হৈছে৷ কিন্তু দুৰ্ভাগ্যবশত এই চুমাক আজিও ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী বুলি কৈ সকলোৱে লুকাই চুৰকৈ খোৱাত হে মনোনিবেশ কৰাৰ পৰিবৰ্তে ইউৰোপৰ সমাজত দৈনন্দিন অভ্যাস বা সাংস্কৃতিক আচৰনত অন্তৰ্ভুক্ত হোৱা কাৰ্যই বৰ্তমান প্ৰজন্মৰ চুমাখাদক সকলক অন্তৰত কষ্ট দিয়াই নহয় তেনে দেশত জন্ম লাভ নকৰাৰ সুপ্ত দুখ এটাই অহৰহ মনোকষ্ট দি আহিছে৷

বৰুৱাদেৱে চুমাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে সবিশেষ আলোচনা কৰি গৈছে৷ তেখেতৰ বৈজ্ঞানিক বিশ্লেষনৰ প্ৰকাৰত প্ৰধানত চুমাক ঘৰুৱা চুমা আৰু পৰুৱা চুমাত বিভক্ত কৰিছে ৷ ঘৰুৱা চুমাৰ ভিতৰত "তপত চুমা, চেঁচা চুমা, ,দীঘল বা লেঙা চুমা, কটীয়া বা বাওনা চুমা, নাল লগা চুমা, খঁৰা চুমাক আৰু পৰুৱা চুমাৰ ভিতৰত হাকুটীয়া চুমা, এফলীয়া চুমা, নিমাতি বা নিবুকা চুমা, লেলপেল চুমা, বনৰীয়া চুমা, পখিলা চুমা, চোৰ চুমা, কিনা চুমাক স্থান দিয়াৰ ওপৰিও তপত আৰু চেঁচাৰ দৰে ঘৰুৱা চুমা দুবিধকো অন্তৰ্ভুক্ত কৰিছে৷ সময় তথা শব্দ আৰু চুম্বকীয় চুম্বনৰ তৰংগৰ ওপৰত তাহানিতে বৰুৱাদেৱে বিভক্ত কৰি যোৱা এই চুমাৰ ওপৰত কোনোবা বৈজ্ঞানিকে কি স্বৰ্য়ং চুমা বিভাগৰ দেৱতা কামদেৱেও একো মাত মাতিব নোৱাৰে৷

এই মূঢ়মতিয়ে অত্যাধুনিক চুমা কেইবিধ মানৰ সংযোগ কৰাৰ হেপাঁহ সামৰিব নোৱাৰিলো৷ তাৰে এবিধ বৰ্তমানৰ ভ্ৰাম্যমান দুৰসংযোগ যন্ত্ৰত সন্নিবিশিষ্ট ৱাটচএপ ফেচবুকৰ প্ৰয়োগৰ দ্বাৰা ঘৰৰ বা পৰৰ যাকেই ইচ্ছা তাকেই বিলাবপৰা "মুৱাহ চুমা"(muaaah চুমা) ৷ এই চুমাই ওঠক ওঠে ঘৰ্ষন কৰি বৈদ্যুতিক তৰংগ সৃষ্টি নকৰিলেও ইয়াৰ গুৰুত্ব বৰ্তমানে অপৰিসীম৷ চেমনীয়াৰ পৰা চিতাত উঠিবলৈ সাজু হৈ থকা বুঢ়াটোলৈকে, অখ্যাতৰ পৰা বিখ্যাতলৈকে হাতত এণ্ড্ৰইড নামৰ ক্ষেপনাস্ত্ৰ লৈ থকা বহু চুমাপতিয়ে এই বিধ চুমা যাচি বা গ্ৰহন কৰি নিজকে চুমাখাদক হিচাপে প্ৰতিষ্ঠা কৰে৷

আন এবিধ চুমা হ'ল "স্মাইলি চুমা"৷ এই স্মাইলি চুমা এবিধ ৰেডিমেড চুমা৷ যি সকলৰ চুমা দিবলৈও মন পিছে "মুৱাহ" লিখিবলৈও এলাহ কৰে তেনে সকলে এই স্মাইলি চুমা প্ৰয়োগ কৰে৷ এই বিধ চুমা ঘৰৰ পৰৰ বুলি নহয় সাৰ্বজন্নিন চুমা৷ অত্যাধুনিক তথা "আই ডণ্ট মাইণ্ড" প্ৰকাৰৰ ব্যক্তিয়ে "জাষ্ট ফ্ৰেণ্ডকো" এই বিধ চুমা দিব পাৰে৷

এইখিনিতে এটা কথা স্মৰ্তব্য যে বৰুৱাদেৱৰ দিনত ওঠত লিপিষ্টিক নামৰ ঠোতপলিচ ব্যৱহাৰ কৰি গালে মুখে কাপোৰে কানিয়ে ডাকঘৰত মৰা ষ্টাম্পটোৰ দৰে ৰঙ গুচাব নোৱাৰা প্ৰসাধন ব্যৱহাৰ কৰা হোৱা নাছিল গতিকে চুমাৰ ক্ষেত্ৰত ইমান সতৰ্কতাও ল'ব লগিয়া হোৱা নাছিল কিন্তু বৰ্তমান ঠোতপলিচৰ বাবে ঘৰে পৰে চুমাৰ ক্ষেত্ৰত কিছু সাবধানতা অৱলম্বন কৰিব লগা হোৱাত এই চুমাই ওঠৰ পৰা গৈ গালক গালে ঘৰ্ষন কৰি মুখৰেই "মুৱাহ" শব্দ উচ্ছাৰন কৰি খোৱা চুমালৈ ৰূপান্তৰিত হোৱাত টপক শব্দ চুমাৰ শ্ৰেনীৰপৰা পৃথক কৰি ইয়াক "চিক স্পৰ্শ চুমা" নামাকৰন কৰা হ'ল৷

ইয়াৰ ওপৰিও ৰোমান্টিক যুতিয়ে হাত চুমা, কপাল চুমা তথা বায়ুত এৰা চুমাও খোৱা দেখা যায়৷ বায়ুত এৰা চুমাবিধ স্কুৱাড মিচাইলৰ দৰেই৷ ওঠৰ চুমা হাতৰ তলুৱাত লৈ ফু মাৰি দিলেই চুমাই বায়ুতে উৰি গৈ হাজাৰজনৰ মাজতো ঠিকনা লিখি পঠোৱা গৰাকীৰ হাতত পৰেগৈ৷

সামৰণীত এটা কথা ক'ব বিচাৰো যে এই আধুনিক চুমা বিজ্ঞান মুকুট বিহীন সম্ৰাট বেজবৰুৱাদেৱৰ লেখনীৰ আলম লৈ লেখা আৰু অমুকা চুমাচঞ্চু বিশাৰদো নহয়৷ গতিকে ভুল ক্ৰুটিৰ বাবে দীঘলকৈ প্ৰনিপাত কৰি শেষত সকলো পাঠকলৈ "আখৰ চুমা" যাচি সামৰণি মাৰিলো৷
********

No comments:

Post a Comment