Tuesday 27 February 2018

কেচ টু বিজয় (9)



আজিৰ পৰা কেইবছৰমান আগৰ কথা৷ বিজয়ে মাৰুটি 800 এখন কিনি আনি গেটৰ আগত খাৰা কৰি দিলে৷ ঘৰত আনি গাড়ীখন গৰু কিনাৰ সময়ত নেগুৰৰ পৰা দাঁতলৈকে সকলো নিৰিক্ষন কৰা দি কৰি ড্ৰাইভাৰটোক এইটো কি, সেইটো কি বুলি সুধি সুধি গাড়ীৰ পাৰ্টচবোৰৰ নামবোৰ ডায়েৰীত লিখি মুখষ্ট কৰাত লাগিল৷

পিছদিনা পুৱাই কাপোৰৰ জোটা পেন্ট চাৰ্ট পিন্ধি গাড়ী শিকিবলৈ যাবলৈ বিজয় ৰেডি৷ ড্ৰাইভাৰে পথাৰ এখনলৈ নি বিজয়ক গাড়ী শিকাব আৰম্ভ কৰিলে৷ ড্ৰাইভাৰে বোলে দাদা আপুনি মনত ৰাখিব A, B আৰু C ..

A মানে Accelerator,
B মানে Break
C মানে Clutch
ক্ৰমে সোঁফালৰ পৰা বাওফাললৈ৷
A গচকিলে গাড়ী যায়৷
B গচকিলে গাড়ী ৰখে আৰু
C গচকি G মানে Gear চেঞ্জ হয়৷

বিজয়ে বোলে ভৰি দুটাহে তিনডাল কেনেকৈ গচকিম? ড্ৰাইভাৰে বোলে A এৰি দি সেইটো ভৰিৰেই B গচকিব৷

বিজয়ে বোলে ABC পৰা চিধা Gear ৰ G লে গ'ল যে? মাজত D, E আৰু F কলৈ গ'ল৷ ড্ৰাইভাৰে বোলে D আপুনি Driver, E হ'ল গাড়ীৰ Engine আৰু F মানে Fuel৷

Driver, Engine আৰু Fuel তিনিটা ভাল মানেই গাড়ী ভালে থাকিব৷
বিজয়ে বোলে G বা Gear ৰ পাচত কি?
ড্ৰাইভাৰে বোলে H মানে Horn ৷ আগত গৰু ছাগলী আৰু মানুহ আঁতৰাবলৈ Horn বজাব৷ তাৰ পিছত সোঁফালে বাওঁফালে যাবলৈ হ'লে I মানে Indicator দিব৷

বিজয়ে বোলে হ'ব, মই ব্ৰেন'লিয়াৰ বটলত জন্ম হোৱা নাই নহয় যে একে দিনাই ইমান মনত ৰ'ব৷ বাকীবোৰ কালিলৈ শিকিম৷ আজি Gear ৰ লৈকে শিকি লও৷ এই বুলি স্টেৰিং ঘুৰাই ড্ৰাইভাৰক বোলে গাড়ী নাযায় দেখোন৷ ড্ৰাইভাৰে বোলে দাদা ষ্টাৰ্টটো কৰি লওক৷ বিজয়ে ষ্টাৰ্ট কৰি গিয়েৰ লগালে৷

A ..B ...C....গাড়ী দৌৰিব আৰম্ভ কৰিলে৷ বিজয়ৰ টামাম ফুৰ্টি৷

ড্ৰাইভাৰে বোলে দাদা.....

নাই বিজয়ে যিমান পাৰে A গচকিছে৷ হঠাৎ সি লক্ষ্য কৰিলে যে আগফালে থকা মানুহবোৰৰ পৰা দেখোন সি দুৰলৈহে যাব ধৰিছে৷ যিমান Accelerator ডবাই লৈ মানুহবোৰ ক্ৰচ কৰিব চেষ্টা কৰে সিমানে দুৰলৈহে যায়৷

ড্ৰাইভাৰে বোলে দাদা B B B B মাৰক পিছফালে পুখুৰি আছে৷ আপুনি ৰিভাৰ্চ গিয়াৰ লগালে৷

বিজয়ে বোলে কোনটো ভৰিৰে মাৰো সোঁ নে বাও?
ড্ৰাইভাৰে বোলে দাদা সোঁভৰি সোঁভৰি৷
বিজয়ে বোলে তোৰ ফালৰ সোঁ নে মোৰ ফালৰ সোঁ?

ড্ৰাইভাৰে বিজয়ৰ প্ৰশ্নটো শুনি দুইটা ভৰি উঠাই চিটত বহি ল'লে৷

বিজয়ে যেনিবা স্টেৰিং এৰি যেন তেন তললৈ হাওলি দুইটা হাতৰে B টো দবাই বোলে গাড়ী চলোৱা বৰ টান কাম দেই৷ হয় ভৰি তিনটা হ'ব লাগে নহলে গছকিবলৈ A বা B দুটা দিব লাগে,C ডাল ইয়াত নিদিলেও হয়৷ ভাগ্যে মুৰত বুদ্ধিটো খেলালে বুলিহে৷

ড্ৰাইভাৰে গাড়ী ৰখা দেখি ইফালে সিফালে চাই দেখে বিজয় নাই৷ ভালদৰে চাই দেখে চিটৰ তলত দুই হাতৰে ব্ৰেক ডবাই ভৰিৰে Accelerator গচকি ড্ৰাইভাৰক চিঞৰি আছে বোলে ঐ জহনি যোৱা মোৰ হাত বিষায় গৈছে এইডাল হেচি ধৰ হি৷ এৰিলেই গাড়ী যাব ধৰে৷

ড্ৰাইভাৰ আকৌ বেহুছ.........
***********

No comments:

Post a Comment