Tuesday 27 February 2018

প্ৰেট পৰীক্ষা (PRET Test)



কেইদিন মানৰ পৰা অফিছটো তেনেই সাৰ সুৰ নোহোৱা হৈ আছে ৷ দিনৰ দিনতো চাধা মোহাৰি ,চাহ তামোল খাই পুৱা এঘাৰ বজাৰ পৰা তিনি বজালৈকে নাযায় নোপোৱাই সময় বোৰ পাৰ কৰা শইকীয়া, দত্ত, কলিতা হঁতে নিজা টেবুলবোৰতে বহি হামিয়াই হিকতিয়াই দিন বোৰ পাৰ কৰিছে ৷

সঁচা কবলৈ গ'লে এই বাতৰিৰ বিসম্বাদৰ দৰে বিশেষ সম্বাদবোৰ নাইকিয়া হোৱাৰে পৰা আড্ডা বোলা বস্তুটো একেবাৰে নজমা হৈ পৰিল ৷ নিউজ চেনেল কেইটাও কিবা নিৰস নিৰস লগা হ'ল ৷ সচাঁকৈ কবলৈ হ'লে কিবা মজাই নাইকিয়া হ'ল লাইফত ৷ নিউজ চেনেলবোৰেও কিবা "আজি এই কেইটাহে বাতৰি জাল মাৰি পালো, তাকে নিমখ অকন দি সিজাই দিছো, যাৰ মন আছে খাই লব" ধৰনে পৰিবেশন কৰা যেন লগা হ'ল ৷

মুঠতে আগৰ নিউজ বুলি ক'লেই যি এক এন্টাৰটেইন্টমেন্ট আছিল, শেষৰ বাতৰিটোলৈকে যি এক চাচপেঞ্চ আছিল আৰু মাজে মাজে ব্ৰেকিং নিউজৰ যি থ্ৰিল সকলো নাইকিয়া হ'ল ৷

নিউজ চেনেলৰ এডিটৰ বোৰৰো ৰাতি চিন্তাত টোপনী নধৰা হ'ল ৷ সিদিনা দিনতে এচি ৰুমত বহি ভাত ঘুমটি মাৰি থাকোতেই হঠাৎ ঘটনাটো ঘটিল ৷ ফটা লাইভৰ অসমীয়া ভাষাৰ "এইচি কি তেইচি " কৰা জিকিৰ হুচেইনৰ ৰুমলৈ ডিঙিৰ বিয়েৰিংৰ প্ৰব্লেম থকা মন্ত্ৰী জন হঠাৎ সোমায় আহিল ৷ জিকিৰে আগত হঠাৎ কালান্তক দেখি একে জাপে বহাৰ পৰা উঠিল ৷ জিকিৰলৈ চাই ডিঙিটো বাওফাললৈ দুবাৰ বেকা কৰি চকু টিপ দুটা মাৰি টেবুল খনত নিজে বহি ল'লে ৷

জিকিৰ: চাৰ, নমামী

মন্ত্ৰী : নমামী

জি: ইউ ন চাৰ... কিবা এটা কৰক, এক্সুৱেলি এনেকৈ চেনেল চলাব নোৱাৰি আৰু... মানে... মানে ...মই ...মিন টু চে যে আপুনি মাজে মাজে বিতৰ্কিত মুলক কিবা নহয় কিবা এটা কৈ বা কৰি নাথাকিলে নিউজ নচলে ৷ আৰু বিতৰ্ক নহ'লে ফেচবুকত আপডেট নাহে ৷ ফেচবুক গৰম নহলে সন্ধিয়াৰ আলোচনা নজমে ৷ সন্ধিয়া আলোচনাত ডিঙিৰ সিৰ ফুলাই নিচিঞৰিলে আকৌ পিচদিনা অফিচ কলেজৰ আড্ডা নজমে, নাঙল গগৈৰ প্ৰেচ কনফাৰেঞ্চ নজমে ৷ মুঠতে ইউ ন, চাৰ, আই মিন টু চে সকলো কিবা নিৰস নিৰস হৈ যায় ৷

মঃ বুজিছো ৷ সেয়ে ষ্টুডিঅত মই নিজে আহিছো ৷

জিঃ চাৰ বিসম্বাদ জাতীয় কিবা এটা কৰক ৷ টি আৰ পি আকাশ চুব ৷

মঃ নাই সেইটোলৈ অলপ দেৰি আছে ৷ প্ৰচেচ টো আৰম্ভ হৈছে, ধৈৰ্য্য ধৰা ৷ এতিয়া সদ্যহতে বেলেগ এটা কথাহে ভাবিছো , মানে পৰিবৰ্তন ৷ টেট টামাম হিট হৈছিল ৷ তাৰ পিছৰ পৰা সকলো প্ৰায় ফ্লপ হৈয়ে আহিছে, নমামী ফ্লপ, ধুটি ফ্লপ, সংস্কৃত ফ্লপ, মাজতে সকলোৰে ক্লাচও ল'লো, সেইটোও দুদিনমান হে চলিল ৷ ধিনদয়াল অলপ চলপ চলি আছে গুনোৎসৱো চলিব ৷ পিছে টামাম হিট হোৱা নাই৷

জি: চাৰ পাঁচ বছৰিয়া কন্ট্ৰেকচুৱেল সকলৰ বাবে কিবা ভাবিছে নেকি?
মঃ হেৰা, আমাৰ চাকৰিও কন্ট্ৰেকচুৱেল, পাঁচ বছৰীয়া ৷ আমিতো পাৰমানেন্ট কৰিবলৈ কাহানিও ধৰ্ণা দিয়া নাই ৷

জিঃ ৰাইট চাৰ ৷ চাৰ আপোনালোকৰ দিনত ৰাইজে পৰিবৰ্তন আশা কৰিছিল ৷ কিবা পৰিবৰ্তন হ'বনে?

মঃ প্ৰেট পৰীক্ষা

জিঃ টেবুলৰ আগত থকা গিলাচৰ পানীৰ খিনি সাউতকৈ গিলি বোলে চাৰ ভুতৰ পৰীক্ষা ?

মঃ নহয় নহয়, “প্ৰেট পৰীক্ষা” অৰ্থাৎ “পাব্লিক ৰিপ্ৰেজেন্টেটিভ ইলিজিবিলিটি টেষ্ট”। আমাৰ এম এল এ ( এবাৰ মন্ত্ৰীপদ লৈহে এৰিম) সকল কিমান দক্ষ তাৰ পৰীক্ষা পাতি গুনোৎসৱৰ দৰে ৰাইজক দেখাম ৷ আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব বিসম্বাদৰ সুত্ৰপাত ৷

জিঃ চাৰ, ইউ আৰ জিনিয়াচ চাৰ ৷ আই ৰিয়েলি মিন ইট ৷ ক’তো কাহানিও নোহোৱা নোপোজা কাম কৰি মানুহৰ চকু কপালত উঠাব পৰা শক্তি আপোনাৰ বাহিৰে কাৰ আছে চাৰ ৷ চাও চাৰ চৰন যুগল আগবঢ়াই দিয়ক ৷

মঃ মোৰ ঠেং দুখন দিল্লীলে বুলি ডাঙি থোৱা থাকে মানুহটোহে ইয়াত থাকো ৷

জিঃ আপুনি মহান চাৰ
মঃ জানো ৷ মই পৰিবৰ্তনশীল ৷ আৰু সেয়ে মই এই সাপো মৰক লাঠিও নাভাঙকৰ দৰে যুগান্তকাৰী পৰিবৰ্তন এটা লৈ আনিছো ৷

জিঃ কি ধৰনে পতা হ'ব প্ৰেট পৰীক্ষা?

মঃ "প্ৰেট পৰীক্ষা”ৰ বাবে অন-লাইন প্ৰ-পত্ৰৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। সকলো এম এল এই পৰীক্ষা দিবই লাগিব ৷ পৰীক্ষাত বহিবৰ বাবে বয়সৰ উচ্চতম সীমা নাই ৷ শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই যদিও পি…এ..ই লিখি দিয়া কাগজত চহী কৰিব পৰা সামৰ্থ থাকিব লাগিব ।
বিষয় নিৰ্দ্ধাৰন এতিয়ালৈকে হোৱা নাই যদিও সকলোৰে সুবিধালৈ চাই “ ভাষন তথা তৈলমৰ্দন" আৰু " কমিচন তথা আঁচনি প্ৰনয়ন" নামৰ দুখন প্ৰশ্ন কাকত থাকিব ৷

জিঃ কিবা ৰিলাকচেচন?

মঃ মোক মেনেজ কৰিব পৰা অৰ্হতা থকা প্ৰাৰ্থীক চকুত ক’লা কাপোৰ বান্ধি নম্বৰ দিয়া হ’ব আৰু উৰ্তিন্ন প্ৰাৰ্থিয়ে ৫ বছৰ পৰ্য্যন্ত কোনো ধৰনৰ ব্যক্তিগত চেনেলত তথা প্ৰেছৰ কেমেৰাৰ সন্মুখত মোৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব বুলি বাপেক মাকৰ শপত খাই এখন চুক্তি পত্ৰত সাক্ষৰ কৰিব লাগিব ৷

জিঃ এইয়া আপোনালোকে চৰাই উৰা আগত কনী উৰা আমাৰ চেনেলত সম্পুৰ্ন লাইভ দেখিব আৰু শুনিব পালে যে অসমত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব প্ৰেট পৰীক্ষা ৷

ক্ৰিং ক্ৰিং ক্ৰিং

খক মক কৈ ফোনৰ ৰিংটন টোত সাৰ পাই জিকিৰ হুচেইনে নিউজ এডিটৰক মাতি বোলে অসমত প্ৰেট পৰীক্ষা হ'ব জাষ্ট সপোনত দেখিলো ৷ মই চাৰক আইডিয়াটো দিয়েই দিও, টামাম হিট হ'ব ৷
********

No comments:

Post a Comment