Tuesday 27 February 2018

কেছ টু বিজয় (12)



বিজয় হাইস্কুলত পঢ়ি থকা দিনৰ কথা৷ সৰুৰে পৰা মাৰ্বল, টাংগুটি, পিকু, ৰবাবটেঙাৰ ফুটবল আৰু নাৰিকল পাতৰ ঠাৰিৰে বনোৱা বেট তথা চাইকেলৰ টিউব ৰাবাৰ বেণ্ডৰ দৰে কাটি বনোৱা বলৰে ক্ৰিকেট খেলা মানুহ৷ ক্ৰিকেট আকৌ তেতিয়া ইমান পপুলাৰ নাছিল৷ মানে সেই কপিলদেৱ, গাভাস্কাৰহঁতে খেলা সময়ৰ কথা কৈছো৷ খেল চাবলৈ ইমান ঘৰে ঘৰে টিভিও নাছিল লগতে ডে এণ্ড নাইট খেলো নহৈছিল৷ স্কুল বন্ধৰ দিনত খেল নপৰিলে চাবলৈও নাপাই, গতিকে ক্ৰিকেটৰ ইমান নিয়ম কানুন বিজয়ে নাজানিছিল৷ সঁচা কবলৈ তাৰ ক্ৰিকেটৰ প্ৰতি ইমান ৰাপো নাছিল৷

যি কি নহওঁক বিদ্যালয় সপ্তাহত সেইবাৰৰ পৰা নতুনকৈ ক্ৰিকেট খেল পাতিবলৈ আৰম্ভ কৰিলে৷ তাতোকৈ ডাঙৰ কথা বিজয়কো টিমৰ ভিতৰত ৰাখিলে৷ প্ৰেকটিছ আৰম্ভ৷ বিজয়ে না বল দিবলৈ পাই না বেট ধৰিবলৈ পায়৷ দুদিনমান এনেকৈয়ে গ'ল৷ তৃতীয় দিনা বিজয়ে বোলে মোক যদি খেলিবলৈকে নিদিয়, টিমত কিয় ৰাখিছ? লগৰটোৱে বোলে তই টুৱেল্ভ মেন হে, কাৰোবাৰ কিবা হ'লেহে তই চাঞ্চ পাবি৷ বিজয় নাচোৰবান্দা, বোলে নাই মই খেলিমেই৷

উপাই নাপাই কেপ্টেইনে বোলে ঠিক আছে যা তই Point ত ফিল্ডিং কৰগৈ৷ বিজয়ে বোলে কোনটো পইন্টত কৰিম?

কেপ্টেইনে বোলে নালাগে পইন্টত তই থাৰ্ডমেন বাউন্ডৰীত যা৷

বিজয়ে থাৰ্ডমেন শুনিয়েই বাউণ্ডৰীৰ পৰা এটা দুটাকৈ প্লেয়াৰ হিচাপ কৰি গৈ ষ্টাম্পৰ কাষত ৰৈ থকা এম্পায়াৰক বোলে গুছ ইয়াৰ পৰা, কেপ্টেইনে মোক ইয়াত ফিল্ডিং কৰিব দিছে৷ এম্পায়াৰে বোলে এইখিনি ঠাইত এম্পায়াৰৰ হে ৰখে, ইয়াত ফিল্ডিং কৰিবলৈ তোক কোনে দিলে? বিজয়ে নেৰে এম্পায়াৰেও নেৰে উপাই নাপাই এম্পায়াৰে বোলে শুন বিজয় তোৰ ভুল হৈছে তই সিটো ফালৰ পৰা হিচাপ কৰগৈ৷

বিজয় বোলে নাই মই বেটচমেনৰ ফালৰ থাৰ্ড মেন বাউণ্ডৰীত ফিল্ডিং নকৰো৷ বেটচমেনে বেটত বল লগাব নোৱাৰিলে মই ধৰিব লাগিব৷ বৰ কষ্ট৷ মই এই ফালেহে ৰখিম৷ ইয়াত অলপ আৰাম৷ বেছি বল চল ধৰিব নালাগে ,কেৱল খাৰা হৈ থাকিলেই হয়৷

উপাই নাপাই বিজয়ক কেপ্টেইনে বোলে যা তই বলিং কৰ৷ বল হাতত লৈ ৰান আপ লবলৈ সি বাউণ্ডৰি পালেগৈ৷ তাতে ভৰিৰে অলপ বন চিঙিবও ধৰিলে৷ টিভিত দেখিছিল ব'লাৰে বল দিব গৈ এটুকুৰা ঠাই ভৰিৰ জোটাৰে বন আতৰাই৷ সিও সেইটো কৰিবই লাগিব বুলি ভৰিৰে বন আতৰাব চেষ্টা কৰি চাই নোৱাৰি হাতৰেই দুদালমান উঘালি ল'লে৷

প্ৰথম বল কৰিবলৈ দৌৰিলে, বল কৰিলে, এম্পায়াৰৰ ন' ব'ল চিগনেল৷ আকৌ দৌৰি আহি ব'ল দিলে, আকৌ এম্পায়াৰৰ ন' ব'ল চিগনেল৷ বিজয়ে বোলে আকৌ এবাৰ ন'বল দি চা, তোৰ মূৰতে ব'ল মাৰিম৷ এম্পায়াৰে বোলে তই থ্ৰ ব'ল কৰিছ৷ হাত ঘুৰাই দিয়া নাই৷ বিজয়ে বোলে প্ৰথমেই ক'ব নোৱাৰিলি? দুৱাৰ যে এনেই দৌৰালি?

এই বুলি আকৌ বাউণ্ডেৰিলৈ গৈ অলপ হাতৰে বন চিঙি বল দিবলৈ দৌৰি বাউণ্ডৰীৰ পৰাই হাত ঘুৰাই ঘুৰাই আহিল৷ এম্পেয়াৰে ফেনৰ পাংখাৰ দৰে ঘুৰা বিজয়ৰ হাত দেখি অলপ আতৰি দিলে৷ পিছে বেলে়ঞ্চ ৰাখিব নোৱাৰি বিজয়ে হাত ঘুৰাই ঘুৰাই গৈ বেটচমেনৰ ভৰিত লাং খাই পৰি দিলে৷ এম্পায়াৰো পগলা হ'ল যে ডেড বল দিব নে ন'ব'ল চিগনেল দিব৷ কাৰণ ক্ৰিকেট ইতিহাসত বলাৰ গৈ বেটচমেনৰ ভৰিত লাং খাই পৰা দৃশ্য আজিলৈ দেখা নাই৷

যি কি নহওঁক এইবাৰ বিজয় বাউণ্ডেৰীলৈ গৈ বন নিচিঙিলে, পেন্টত বলটো ঘঁহি হাত ঘুৰাই ঘুৰাই দৌৰি আহিল৷ হঠাত বিজয় আধাবাটত ৰখি দিলে৷ মানে হাতৰ পৰা বলটো কৰবাত পৰি আহিল৷ পুনৰ ঘুৰি গৈ বল বিছৰাত লাগিল৷ কেপটেইনে বোলে বিজয় তই বলিং কৰিব নালাগে যা "বেবি অভাৰ" দিলো তোক৷ বিজয়ে বোলে নাই মই দিমেই এই বুলি আকৌ ৰাণ আপ ল'লে৷ হাত ঘুৰাই ঘুৰাই দৌৰি আহি বল দলিয়াই ক্ৰিজতে লুটি খাই পৰিল৷ বেটচমেন চাই যে বল নাই৷ বহু পৰ সকলোৱে উপৰলৈ চাই দেখে লং অফ ফিল্ডাৰে কেচ ধৰি আউট চিঞৰিছে৷

কেপ্টেইনে চিঞৰি উঠিল ....বিজয় আউট৷

বিজয়ে বৰ দুখ মনৰে বোলে চেহ আউট হৈ গ'লো৷

ক্ৰিকেট ইতিহাসত প্ৰথমবাৰলৈ বলাৰ আউট হৈ পেভিলিয়ন যোৱা দেখি এম্পায়াৰ বেহুছ৷
***********

No comments:

Post a Comment