Tuesday 27 February 2018

বৰকথিয়া



ভোগালী বিহুৰ কথা ৷ বিহু খাবলৈ বুলি মোৰ সম্বন্ধিয় কাকতি উপাধীৰ দাদা এজনে তেখেতৰ বন্ধু এজনৰ এঘৰলৈ বুলি মোক লৈ গ'ল৷ শইকীয়া উপাধীৰ লগৰজন অলপ বৰকথিয়া বুলি কাকতিয়ে জানে তথাপি তেওঁ ফুল প্ৰিপিয়াৰেচনত গৈছিল, বোলে আজি শইকীয়াই যি ক'ব তাতকৈ দুগুন ওপৰত কম ৷ কথা মতে কাম, গৈ দেখে শইকীয়াদা পদুলীৰ পুখুৰীটো পাৰত বহি ম'বাইল টিপি আছে ৷

কাকতিদাই বোলে আৰম্ভ কৰা যাওক, এই বুলি মাত দিলে বোলে শইকীয়া পুখুৰীটো কিমান দ জুখি আছা নেকি?

শইকীয়াৰ খাৰাংখাচ উত্তৰ "নহয় অ' এই হাঁহ কেইটা কিয় ডুবা নাই তাকে গুগুলত চাই আছিলো ৷
কাকতিদা নিমাত ৷

ভাত খাই থাকোতে কাকতিদাই বোলে বুজিছা শইকীয়া বিহুৰ ভাত খালেই মোৰ শাহুৱে আঠমঙলাত বনোৱা বৰালী মাছৰ জোল খনলৈ মনত পৰে ৷ কি জুটি আছিল, উফ উফ ৷ আজি বিয়া হোৱা চল্লিছ বছৰেও জিভাত লাগিয়েই আছে ৷

শইকীয়াই বোলে কাকতি হওতে মোৰো সেই আঠমঙলাই বুজিছে ৷ হওঁতে মোৰো বিয়া পতা আপোনাতকৈ দুবছৰ কম হলেও প্ৰেম কৰা দিন ধৰিব গ'লে আপোনাতকৈ চিনিওৰেই দিয়কচোন৷ মই আগতে গান গাইছিলো নহয় ৷ টিলিকি বজায় বজায় কিমান গান গাই ছোৱালীৰ অন্তৰ খাইছিলো ৷ পিছে শাহুৱে যি এঠা দৈ খুৱালে, এইয়া চাওকচোন টিলিকি বজাবলৈ আঙুলিৰ এঠা নুগুছাই হ'ল ৷ আঙুলি দুটা দেখুৱাই বোলে এইয়া চাওকচোন সেই তেতিয়াৰে এঠা যি লাগিল টিলিকি নবজাই হ'ল ৷
কাকতিদা নিমাত ৷

কাকতিদাই বোলে আজি জোলত মাছৰ পিচটো চাই দেখিলো মাছৰ চাইজবোৰ তোমালোকৰ ফালৰ মানুহবোৰৰ অন্তৰখনৰ দৰেই সৰু হে ৷

শইকীয়াই বোলে, আমি আকৌ আলহিৰ অন্তৰৰ চাইজ চাইহে মাছৰ পিচ কৰো ৷ এইটো যোৱাকালি মই জাল মাৰি অনা ৷ জাল মাৰি আনি মাছটো চোতালত পেলাই দিলো ৷ মানুহজনীয়ে ভুমিকম্প বুলি বাহিৰলৈ দৌৰ মাৰি আহিল ৷ মই বোলো চাকিটো লৈ আন মাছ আনিছো ৷ তাই বোলে আপুনী ক'ত? মই বোলো তই মাছৰ সিটো ফালে থাকি মোক ক'ত দেখিবি, চাকিটো লৈ এই ফালে আহ, মই মাছৰ ইটো ফালে আছো ৷
কাকতিদা আকৌ নিমাত ৷

কাকতিদাই বোলে হওঁক বিহু বুলিনো কি আশিৰ্বাদ দিম ৷ মুৰৰ চুলি চিঙি আশিৰ্বাদ দিছো হাই কাজিয়া নোহোৱাকৈ দুইটা কুশঁলে থাকা ৷
শইকীয়াই বোলে আপোনাৰ তালুখন চাই আশিৰ্বাদ দিয়া যেন নালাগিল ৷ খং ডাল উঠাই নল'ব ৷ যোৱা কালিৰ কথা, শ্ৰীমতিয়ে আঞ্জাত নিমখ নিদিলে, খং উঠি কাঁহিখন দলিয়াই দিলো ৷ দুৱাৰেদি কাঁহি ওলাই গৈ পিছফালৰ তিনি বিঘা কুঁহিয়াৰ গুৰিতে কাটি পেলালে ৷ সেই কুঁহিয়াৰ পেৰি ষাঠি টিং গুড় পালো ৷ আজি দৈ লগত দিয়া গুড় খিনিৰ কথা কৈছো ৷
কাকতিদা নিমাত ৷

কাকতিদাই চাহপানী খাই ওলাই আহি দেখিলে শইকীয়াই লেৰেলা চেপেটা লাও পুলি এটা খুচৰি আছে ৷ কাকতিদাই বোলে "লাওৰ সঁচটো ভাল, একদম তোমাৰ পেটটো লেখিয়া পানী লাও লাগিব, অলপ গোৱৰ চোৱৰ দিবা ৷
শইকীয়াৰ ইনষ্টেন্ট উত্তৰ "গোৱৰ দিয়াত কৈ কাকতি মই ভাবিছো গৰুৰ পোকৰটটোকে কাটি দি দিও নেকি?
কাকতিদা আকৌ নিমাত ৷

কাকতিদাই বোলে নাই ইয়াক নোৱাৰি ৷ ঘৰলৈ বুলি চাইকেল খনত উঠি বোলে নাই লাষ্ট চাঞ্চ এটা ট্ৰাই কৰো ৷ কাকতিদাই বোলে শইকীয়া জপনাখন গাঠি এটা মাৰি থবা, এনেও তোমাৰ ঘৰলা আলহি নাহেই ৷
শইকীয়াই বোলে মাৰিয়েই থও ৷ পুৱা হে খুলি দিছো ৷ যোৱা কালি ৰাতি জপনা বন্ধা ৰচি ডাল নাপাই কল মগুনা এডালকে মেৰিয়াই থৈছিলো ৷ পুৱা আপুনী অহাৰ আগত জপনাৰ ৰচী খুলিব গৈ শ্ৰীমতিয়ে চিঞৰ বাখৰ কৰিলে ৷ মই গৈ দেখো ক'লা ফেঁটি সাপ এডাল ৷ ৰাতি কল মগুনা বুলি ফেঁটি সাপ এডালকে বান্ধি থ'লো ৷ মই বোলো ৰ' চিঞৰ বাখৰ নকৰিবি এই বুলি সাপৰ গাঠিটো খুলি চেই চেই কৰি আপুনি আহিব বুলি জপনাখন খুলি থৈছিলো ৷
কাকতিদাই মোক বোলে বলা বলে নোৱাৰো আৰু ৷
********

No comments:

Post a Comment