স্নেপ১
বহুদিনৰ আগৰ কথা ৷ এখন জংঘলত এটা ব্যাধে গছ এজোপাৰ তলত ডাঙৰ কেৰাহী এটাত পানী অলপ উতলাই সাউতকৈ কিবা এটা চিকাৰ কৰি আনো বুলি বনত সোমাল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ দিনৰ দিনতো বিছাৰিও কোনো এটা জন্তু চিকাৰ কৰিব নোৱাৰিলে ৷ এইদৰে সন্ধিয়া লাগিল ৷ উভটি আহোতে বাটত পুৰনি বন্ধু এজন লগ পালে ৷সেইজন ব্যাধেও দিনতো একো চিকাৰ বিছাৰি পোৱা নাছিল ৷ দুয়ো বন্ধু নিৰাশ মনৰে গছ জোপাৰ ওচৰলৈ ঘুৰি আহিল ৷
স্নেপ ২
ব্যাধে পানী উতলাই থৈ যোৱা কেৰাহীটোৰ ওপৰতে থকা গছৰ ডালটোত মইনা চৰাই এহাল আছিল ৷ দুয়োতাই মৰমতে ধেমালী কৰি থাকোতেই এটা মইনা চৰাই উতলাই থোৱা পানী খিনিত পৰি গ'ল ৷ আনটো মইনা চৰায়ে ভাবিলে মোৰ মৰমৰ লগৰীয়া জনেই মৰি থাকিল যেতিয়া মইনো জিয়াই থাকি কি কৰিম, এই বুলি সিও উতলা পানীৰ কেৰাহীটোত জাঁপ দিলে ৷ দুৰৈৰ পৰা মইনাচৰাই হালৰ আলেখলেখ চাই আপ্লুত হৈ পৰা বাঘটোৱে ভাবিলে যে মই বনৰ ৰজাহৈ যেতিয়া এই সামান্য চৰাই দুটাকে বছাব নোৱাৰিলো মই জীয়াই থকাৰ কি অধিকাৰ আছে? এই বুলি বনৰ ৰজা বাঘেও গৰম পানীখিনিত জপিয়াই দিলে ৷ কিছু দুৰৈত ৰৈ আছিল বনৰীয়া গাহৰি এটা ৷ সি বোলে এই কথাই কথা নহয়, স্ৰয়ং বনৰ ৰজাই যেতিয়া মৰি থাকিল মই জীয়াই থাকি কি লাভ, এই বুলি সিও জাপ দিলে ৷
স্নেপ ৩
কিছু সময়ৰ পাছত ব্যাধি দুটা আহি গছজোপাৰ তল পালেহি আৰু কেৰাহীৰ পৰা ওলাই থকা সুস্বাদু গোন্ধ সিহঁতৰ নাকত লাগিল ৷ দুয়োয়ে লোভ সামৰিব নোৱাৰি চুঙা এটাৰে এক ঘোত মাৰি দিলে ৷ পিছে কি হল জানো প্ৰথম ঘোটটো পেতত পৰাৰ লগে লগে ইজনে সিজনক কবলৈ আৰম্ভ কৰিলে " জান' দোষ্ট ইউ আৰ মাই বেষ্ট ফ্ৰেন্ড ৷ তেৰে লিয়ে ত' মেৰা জান হাজিৰ হে " ( মইনা চৰাই ইফেক্ত)
দ্বিতীয় বাৰ খাই বন্ধুৱে কব ধৰিলে " ইউ ন' , কোনো মাইকে লাল মোক চেলেঞ্জ কৰিব নোৱাৰে ৷এবাৰ তই মোৰ গাত টাচ কৰি চা না ৷ আই এম দা কিং" ( বনৰ ৰজা ইফেক্ত)
তৃতীয় বাৰ চুঙাৰ খিনি শেষ কৰি বন্ধুৱে কব ধৰিলে " হাও ডেয়াৰ ইউ? ইউ ৱানা চেলেঞ্জ মি, কামন , তই পাচ মিনিট ইয়াত ৰ', মই কোন দেখুৱাই আছো" এই বুলি বোকাই পানীয়ে লুটুৰি পুতুৰি হৈ চুচৰি বাগৰি এজন আতৰি গ'ল ৷ ( গাহৰী ইফেক্ত)
দ্বিতীয় বন্ধুজনে আৰু এচুঙা খাই পিছে পিছে থৰক বৰককৈ " দোষ্ট তই মোক বেযা পাইছে? তই মোক নিছাত কৈছো বুলি ভাবিছ' দোষ্ট ( মিস্কড ইফেক্ত) ,,,,,,,,
********
No comments:
Post a Comment