Tuesday 27 February 2018

কেছ টু বিজয় (খণ্ড ১)

বেংকত একাউন্ট খোলাৰ পিছতেই পিছদিনা পুৱাই বেংক খোলাৰ আগতেই এটিএম খন লৈ বিজয় বেংকৰ দুৱাৰত হাজিৰ৷ বিজয় মানে মোৰ বাল্য কালৰ বন্ধু ৷ পুৱাই পুৱাই সি গৰম, এটিএমখনে কাম নকৰে৷ বেংকৰ কৰ্মচাৰী সকল অহা পিছত এজনৰ ওচৰত গৈ ডাইৰেক্ট বোলে কি এটিএম কাৰ্ড দিলে এইখন?

ইংৰাজীত কিবা কিবি টিপিবলৈ কয়৷ জোটাই জোটাই পঢ়ি কিবা এটা টিপো আকৌ টিভিটোত কিবা বেলেগ এখন ফটো ওলায়৷ আকৌ টিপো আকৌ কিবা বেলেগ এখন ওলায় ৷ সেইখনতো টিপো আকৌ ফটো সলনি হৈ যায়৷ শেষত ঘেটেৰ ঘেটেৰকৈ কিবা মেচিনৰ ভিতৰতে বাজে, মই মোনাটো পইচা ওলোৱা ফুটাটোৰ আগত ধৰি ৰৈ থাকো, কেট কুটেই নকৰি থেংক ইউ ফৰ ইউৰ ট্ৰে়ঞ্জেকচন বুলি কৈ মেচিনটো মনে মনে ৰৈ বন্ধ হৈ যায়৷ মইও মোনাখন ধান খুন্দা হোলাৰ মিলত চাউল ওলাব ওলাব বুলি টিনটো পাতি ৰৈ থকা দি ৰৈ থাকো৷

ভাগ্য ভাল মই ৰাতি দহটা মানৰ পিছত মানুহ নথকা সময়ত এটিএম আহো বুলি হে ৷ দিনত হোৱা হয় পিছৰ লাইনৰ মানুহে মোক কিমান গালি দিলে হয়৷

ইমান পৰে ফাইলৰ কাম কৰি থকা বেংকৰ মানুহজনে বোলে " কি কাম আছিল কওঁকচোন"?

বিজয়ে বোলে অত সময় মইনো কি কৈ আছিলো৷

বেংকৰ মানুহজনে বোলে মই কিবা এটা লিখি আছিলো, বুজাই কওঁক আপোনাৰ অসুবিধাটো কি?

বিজয়ে বোলে মোৰ এটিএম কাৰ্ডখনেদি পইচা নোলাই৷

বেংকৰ মানুহজনে বোলে এটিএম কাৰ্ডেদি ক'ত পইচা ওলাব? এটিএম মেছিনত কাৰ্ডখন ভৰাওকগৈ৷

বিজয়ে বোলে মেছিনতে নোলায়৷

মানুহজন পুনৰ কামত ব্যস্ত হৈ চকুৰে সন্মুখৰ কাউন্টাৰটোলৈ যাবলৈ ক'লে৷

বিজয়ে পুনৰ নতুন কাউন্টাৰটোত গৈ বোলে মই এটিএমত কাৰ্ড ভৰাই টিভিটোত ওলায় থকা চবতে টিপো, শেষত ঘৰৰৰ ঘৰৰৰ কৈ বাজি থেংক ইউ ফৰ ইউৰ ট্ৰে়ঞ্জেকচন বুলি কৈ মেচিনটো মনে মনে ৰৈ থাকে৷

বেংকৰ মানুহজনে বোলে তাৰ পিছত?

বিজয়ে বোলে তাৰ পিছত আকৌ কি? পইচা নোলাই৷

বেংকৰ মানুহজনে বোলে হয়তো এটিএমটোত পইচা নাছিল নহলে আপোনাৰ একাউন্টত পইচা নাই৷

বিজয়ে বোলে আপোনাক ক'ব নোৱাৰি বুলিহে, মোৰ একাউন্টত কিমান টকা আছে মই জানো নহয় আৰু মোৰ আগতে পিলিঙা দুটা মান আহি খচখচিয়া এশ টকীয়া উলিয়াই নিছে৷

তেন্তে আপুনি কিবা ভুল টিপিছে বা দহ হাজাৰ টকাৰ ওপৰত টিপিছে, মেচিনত এবাৰত দহ হাজাৰ হে উলিয়াই৷

বিজয়ে বোলে চাওক মই এবাৰ তিনিশ টিপি চালো, এবাৰ পাচশ টিপি চালো, এবাৰ এহেজাৰ টিপি চালো, একো নোলোৱাত চেচ মেচ দুটকাও টিপি চালো৷

বিশবাৰ বুজিচেনে, কমেও বিশবাৰ মনত অহা বিভিন্ন সংখ্যা টিপিলো নাই নোলায়৷

বেংকৰ মানুহজনে বোলে আপোনাৰ পিন নম্বৰ কিমান?

বিজয়ে চাৰ্টত হাত ফুৰাই বোলে মই মতা মানুহ৷

বেংকৰ মানুহজনে বোলে মই ব্লাউজৰ পিন কোৱা নাই৷ পিন কড কওঁক পিন কড৷

বিজয়ে বোলে 785630

বেংকৰ মানুহজনে বোলে এইটো দেখোন তিতাবৰৰ পিন কড৷

বিজয়ে বোলে বাকী জিলাৰ পিন কড মুখষ্ট নাই৷

বেংকৰ মানুহজনে বোলে হেৰি ডাঙৰীয়া আপোনাৰ এটি এমখনৰ লগত যে এটা লেফাফা আহিছিল কি কৰিলে?

ফালি দিলো৷

তাৰ পিছত?

তাৰ পিছত আকৌ কি? এটিএম খন উলিয়াই পইচা ওলিয়াব গ'লো৷

পিন নম্বৰ কি মাৰিলে?

785630

তিতাবৰৰ পিন কড?

হয়, ডাকঘৰৰ আগফালেটো এইটোৱেই লিখা আছে৷

বেংকৰ মানুহজনে বোলে তেন্তে বেংকত কিয় আহিছে ডাকঘৰতে উলিয়াওক গৈ৷

বিজয়ে বোলে ডাকঘৰৰ আগফালৰ এটিএমটোটো গৈছিলো৷ তাতো একেই৷ আৰু এটিএম মেছিন বোৰৰ কিপেড বোৰে মুঠেও কাম নকৰে?

বেংকৰ মানুহজনে বোলে কেনেকৈ গম পালে?

বিজয়ে বোলে মই শুদ্ধকৈ সংখ্যা টিপিলেও টিভি স্কিনত ভুল হৈছে বুলি পুৰণ চিন (X) চিন দেখাই

আপোনালোকে মোৰ কাৰ্ড আৰু এটিএম মেচিনবোৰ সোনকালে সলনি কৰক৷ নহলে কিবা খং উঠিব মেচিনডাল তুলি আনি বেংকৰ আগত থৈ যাম৷

শুনা মতে বেংকৰ কৰ্মচাৰীজন এতিয়াও কমাত আছে৷
********

No comments:

Post a Comment