Tuesday 27 February 2018

জয় ভোলে ভেলেন্টাইন...



হেৰি গাটো ধুই যাওঁক নেকি?

নন্দ ভৃংগীৰ লগত মণিপুৰী ভাং কটাত ব্যস্ত কৈলাশপতিক দেৱী পাৰ্বতীয়ে ভিতৰৰ পৰা মাত দিলে৷
গা ধোৱাৰ কথা শুনি নন্দিয়ে ভৃংগীৰ ফালে আৰু ভৃংগীয়ে নন্দিৰ ফালে চাই মিচিককৈ হাঁহিটো মাৰিলে৷ শংকৰৰ কাণসাৰ নাই, একান্তমনে পুৰীয়া কটাত ব্যস্ত৷ ভিতৰৰ পৰা নতুন বাঘৰ চাল এখন আনি দি পাৰ্বতীয়ে বোলে এইখন সলাওক আৰু ধুলা ভষ্মবোৰ আতঁৰাবলৈ ভোলৰ জিম আৰু কাপোৰধোৱা চাবোনটুকুৰা বাথৰুমতে থৈ আহিছো অলপ ঘঁহি মাজি ধুই যাওক৷

মহেশ্বৰে বোলে থৈ দিয়া হে তোমাৰ কাপোৰধোৱা চাবোন, আজি গোটেই ভাৰতৰ মানুহে মোক গেলনে গেলনে গাখীৰ দি ধুৱাব৷ সুন্দৰী কন্যাসকলে মোৰ দৰে পতি এজন পোৱাৰ আশাত সোমবাৰে সোমবাৰে গাখীৰ দি পুৱাই লঘোনে ভোকে আহি স্নান কৰোৱাবোৰটো আছেই৷ হেৰৌ বাঘৰ লেংটি শুকাবলৈকে নাপাই, ইটো সোমবাৰ পায়েহিয়েই৷ শিৱশম্ভুৱে ভোৰভোৰাই উঠিল৷

পাৰ্বতীয়ে বাঘৰ চালখন থেকেচকৈ থৈ বোলে এই জনৰ দ্বাৰা নহ'ব আৰু৷ ভাৰতৰ মানুহবোৰৰো কাম নাই, কেচুৱাক খুৱাবলৈ গাখীৰ নাই, আমুল তাজা নহলে চাহ নিসিজে, খাটি গাখীৰ বুলি পানীকে খাব, তথাপি হাজাৰ হাজাৰ লিটাৰ গাখীৰ দি এইজনক গা ধুৱাব৷ ৰুদ্ৰই বোলে এইয়া মৰম বুজিছা মৰম৷ মোৰ ভক্তসকল মোৰদৰেই দিলদাৰ হয়৷ মই যিমান সোনকালে ভক্ত সকলৰ মনোবাঞ্ছা চেংচন কৰি দিওঁ, মৰ্তত থকা বেংকেও ইমান সোনকালে ল'ন চেংচন নকৰে৷

পাৰ্বতীয়ে বোলে জানো, ভস্মাসুৰক বৰ দি কি হৈছিল এবাৰ মনত পেলাব৷ আৰু ভাঙৰ নিচাত মতাবোৰক ভুলতে পুত্ৰৱতী ভৱ কৈ নিদিব৷ ত্ৰিনয়নে বোলে সেইটোৱে আজি কালি এটা ডাঙৰ সমস্যা হ'ল হে, মৰ্তৰ মতাবোৰে কিয়নো জানো দীঘল দীঘল চুলি, খাৰুমণি, নাকফুলি, কাণফুলি পিন্ধিব ল'লে৷ সেইটো ৰূপত আহি তলমুৰকৈ সেৱা কৰি দিলে, মইনো কেনেকৈ গম পাম, মতাই নে মাইকীয়েই৷ তাতে ভাঙৰ নিচাত এনেও মোৰ চকু আধাহে মেল খাই, বৰ প্ৰব্লেম বুজিছা৷

পাৰ্বতীয়ে বোলে কাপোৰজোৰটো চাব পাৰে৷ ভোলানাথে বোলে থোৱা হেৰৌ, আজিকালি সকলোৱে জীনচ আৰু টি চাৰ্ট পিন্ধে ৷ ব্ৰহ্মাদেৱে স্ৰজন কৰোতে ঠিকেই কৰিছিল, পিছে শ্ৰী বিষ্ণুৱে এইসোপা কি পালন কৰিছে নাজানো আৰু৷ বাৰু যোৱা ত্ৰিশূলপাত আৰু ডম্বৰুটো লৈ আনা, সোনকালে গৈ আহো, ভক্ত সকলে মন্দিৰৰ আগত ভিৰ কৰিলেই চাগৈ, এই বুলি দিগম্বৰে ভাঙৰ চিলিমটো মোনাত ভৰাই কৈলাশৰ পৰা মৰ্তলৈ নামিল৷

আহোতে ঠিকেই আহিল পিছে দেখিলে আগৰ দৰে মন্দিৰৰ সন্মুখত ভিৰ নাই আৰু ডেকা ডেকেৰীবোৰ দেখোন নাই৷ ৰঙাকাপোৰ পাৰি জটাধাৰী বাবাবোৰ আৰু বুঢ়া থেৰা কেইটামানেহে লাইন পাতি আছে৷ পশুপতিয়ে বোলে নন্দী কেলেণ্ডাৰখন চাছোন ভাঙৰ নিচাত কিবা ভুল হ'ল নেকি? নন্দীয়ে বোলে দেউতা দত্তবৰুৱাৰ অসমীয়া কেলেণ্ডাৰখন পাকঘৰতেই থাকি আহিল, নেটত চাৰ্চ কৰি চাও নেকি? ভিংগীয়ে বোলে নালাগে, মই এজনক সুধি লও৷ এই বুলি ল'ৰা এটাক মাতি বোলে আজি কেই তাৰিখ৷ ল'ৰাজনে বোলে আজি ফৰ্টিন ফেব্ৰুৱাৰী আকৌ, ভেলেন্টাইন ডে , নাজানে নেকি? মুৰটো খজুৱাই খজুৱাই ভিংগীয়ে বোলে দেউতা আজি বোলে কিবা ভেলেন্টাইন ডে হে ৷ সদাশিৱই বোলে এইজন আকৌ কোন ওলাল৷ নন্দিয়ে নেট খুচৰি বোলে প্ৰভু আজি প্ৰেমিক প্ৰেমিকাবোৰৰ দিন৷ সকলোৱে পাৰ্ক, ৰেষ্টুৰেন্ট,নদীৰ কাষত, জোপোহাৰ তলত, হাবিয়ে জংঘলে প্ৰেম নিবেদনত মচগুল থাকিব৷ ইজনে সিজনক ৰঙাগোলাপ, টেডি বিয়াৰ গিফ্ট দিব৷ বৰলাবোৰৰ বাহিৰে আপোনাক ধতুৰাফুল আৰু ভাঙৰ চিলিম দিয়া মানুহ আজি কম হ'ব৷ আৰু বহুতে মন্দিৰ নহাকৈয়ে ৱাটচএপ, ফেচবুকতে ঔম নম: শিৱায় বুলি লিখা ভিডিঅ আৰু ফটো এজনে আনজনক পষ্ট কৰিয়েই কটাব৷ দুই এজনে অৱশ্যে আপোনাক দৰ্শন নকৰাকৈয়ে বাহিৰে বাহিৰে শিৱৰাত্ৰি মেলা চাবলৈ আহিব আৰু কোনো কোনোৱে শিৱৰাত্ৰিৰ নামত পুৰীয়া, ঘোটা, লাডু খাবলৈকো আহিব৷ ত্ৰিনয়নে বোলে বৰ বেয়া দিনত তিথিটো পৰিল অ'৷ এটা কাম কৰ মোলৈকো ৰঙাগোলাপ এটা আনি দে, এই সুযোগতে পাৰ্বতীকো গোলাপ এটা সাউতকৈ দি আহি পুজাত বহো৷
*******

No comments:

Post a Comment