Tuesday 27 February 2018

সাৰথীৰ ৰথ যাত্ৰা .....


মই যিজন ড্ৰাইভাৰক বিজয়ক গাড়ী শিকাবলৈ পঠাইছিলো, সেইজনক আকৌ মোক চিনাকী কৰাই দিছিল আমাৰ ডাঃ পাৰ্থসাৰথী ভূঞাই৷ ড্ৰাইভাৰজনে আগতে তেওঁৰ গাড়ী চলাইছিল. চলাইছিল বুলি ক'লে ভুল হ'ব প্ৰকৃততে ভূঞাই মানুহক দেখাবলৈ হে ড্ৰাইভাৰজন ৰাখিছিল৷ গাড়ী তেওঁ নিজেই চলায়৷ কাৰণটো এবাৰ ড্ৰাইভাৰজনে সুধোতে ক'লে বোলে মোৰ নামেই পাৰ্থসাৰথী৷ দ্বাপৰযুগৰ পৰা মোৰ ৰথ চলোৱা ৰেকৰ্ড আছে৷ আৰু তহতে ট্ৰেফিক ৰুল মতে গাড়ী নচলাও সেয়ে গাড়ী মইয়ে চলাম, তই মাত্ৰ অৰ্জুনৰ দৰে বহি গৈ থাক৷

ভূঞা আকৌ নিয়ম কানুনৰ একদম পাক্কা৷ পথৰ দাঁতিৰ ফলক চাইহে গাড়ীৰ স্পীড দিয়ে৷ যদি ফলকত Speed Limit 40 KM লিখা দেখা পাই তেওঁৰ গাড়ীৰ স্পীড লগে লগে 40, না অকন বেছি না অকন কম৷

এনেদৰে এবাৰ গাড়ী চলাই নগাঁওৰ পৰা শিৱসাগৰ গৈ আছে৷ কাজিৰঙা পোৱাৰ লগে লগে ফলকত দেখিলে Speed Limit 20 Km. গাড়ীৰ স্পীড 40 ৰ পৰা লগে লগে 20 নামি আহিল৷ কাঁটা না অলপ বেছি না অলপ কম৷ ডাক্টৰ চাহাবৰ গাড়ীৰ কাষেদি গাড়ী বাইক সকলো ক্ৰচ কৰি যাব ধৰিলে৷ স্কুললৈ যোৱা ছোৱালী কেইজনীও ক্ৰচ কৰি গ'ল৷ খৰি নিয়া দুগৰাকীমান মিছিং মহিলাই খৰিৰ বোজাটো গাড়ীৰ ওপৰতে দি গাড়ীৰ লগত লাহে লাহে খোজ কাঢ়ি আগবাঢ়িল৷

গাড়ী 20 Km স্পীডত গৈ আছে৷ ড্ৰাইভাৰজনে মাজতে গাড়ীৰ পৰা নামি জোপোহাৰ কাষত সৰু পানী চুই আহি আকৌ গাড়ীত বহিলহি ৷ ডাক্টৰ চাহাবে কাষলৈ ফলক চাই গ'ল৷ 20 Km স্পীড ফলকখন দহ কিলোমিটাৰ মান আগতেই এৰি আহিছে কিন্তু কলৈকে 20 km স্পীডত চলাব লাগিব তাৰ কোনো হিচাপ নাই৷ ভূঞাৰ ড্ৰাইভাৰজনৰ লগত ৰাষ্টাই দি গৰু এৰাল দিব নিয়া মানুহ দুজনমানে মাজে মাজে কথাও পাতি গৈ থাকিল৷

এইদৰে কুঠৰি হস্পিতালৰ আগত গৰু দুটামানে ভূঞাৰ গাড়ীৰ আগেদি কেটৱাক কৰি যাব ধৰিলে৷ ড্ৰাইভাৰজনে বোলে চাৰ হৰ্ণ বজাওক৷ ভূঞাই বোলে দেখা নাই আগত হস্পিটাল আছে No Horn বৰ্ড দেখা নাই নেকি? হৰ্ণ বজাব নোৱাৰি৷ অৱশেষত ভূঞাই মুখৰেই অই ঘুৰ ঘুৰ বুলি চিঞৰিবলৈ লাগিল৷ গৰুকেইটা ঘুৰ ঘুৰ কৰা শুনি ঘুৰি চাই পিছফালে ডাক্টৰ চাহাবৰ গাড়ী দেখি যেনিবা চাইড দিলে৷

চাৰিঘন্টা পিছত কুঠৰি পাৰ হৈ বাগৰি হাইস্কুল পালেগৈ৷ পিছে ৰ আগত School Ahead Drive Slow ফলক দেখা পালে৷ ভূঞাৰ গাড়ীৰ স্পীড 20 ৰ পৰা আৰু কমি গ'ল৷ ড্ৰাইভাৰজনে মনতে কাৰ পাল্লাত পেলালা প্ৰভূ বুলি ঈশ্বৰক যিমানবোৰ গালি জানে সকলোবোৰ মনতে পাৰি লৈ নিজেই নিজৰ মুৰৰ দুই এডাল চুলিও চিঙিব ধৰিলে৷

লাখুটি লৈ পথৰ কাষেদি গৈ থকা বুঢ়া এজনে ড্ৰাইভাৰজনক সুধিলে বোলে বোপা গাড়ী স্ল কৰিছা যে কিবা সুধিবা নেকি? ড্ৰাইভাৰজনে বোলে নহয় ককা আপুনি আগবাঢ়ক, একো সুধিব লগা নাই৷

ড্ৰাইভাৰজনে ডাক্টৰ চাহাবক বোলে চাৰ এতিয়া কি মাহ চলি আছে? ভূঞাই বোলে নভেম্বৰ৷ কিয় সুধিলি?
ড্ৰাইভাৰজনে বোলে নহয় মানে নিউ ইয়েৰ পাৰ্টি ঘৰত খাম বুলি ভাবিছিলো..........

No comments:

Post a Comment