Tuesday 27 February 2018

প্ৰেম নজমেহে নজমে.....(সপ্তম খণ্ড)



তই কেছেটটোত আৰু কি কি গান ৰেকৰ্ডিং কৰিছিলি, ভালকৈ মনত পেলা আৰু ক'৷ "ফুলৌ কা তাৰৌ কা চবকা কেহনা হে" গানটোও দিছিলি নেকি? মনত পেলা৷

মগজুটোক বহুত কষ্ট দি অৱশেষত লগৰটোৱে ক'লে
.
.
"দিছিলো"
তোৰ মোৰ ওপৰত বিশ্বাস নাই ন?

মই বোলো আছে প্ৰভু, আপোনাৰ ওপৰতনো আৰু বিশ্বাস নাথাকিবনে? আপুনি দিয়া কেছেটৰ গান শুনি মোক যে তাই হাতত ৰাখী নিপিন্ধালে সেইটোৱেই বহুত৷

তই হে মোক কৈছিলি দুখৰ গান লাগে আৰু এটা কথা ভাল হে হ'ল তাই কোনবোৰ গান পছন্দ কৰে গম পালি৷ এই চিনেমা মাৰ্কা গান ৰেকৰ্ডিং কৰি দি, ফুলৰ থোপা দি প্ৰপ'জেল দিয়া বাদ দে৷
"দম হে টু ডাইৰেক্ট ব'ল ডাল.....নেহিটো কাটি খা.... হাৱা আনে দে"৷

তাৰ কথা শুনি টিঙিচকৈ খঙটো উঠি আহিছিল৷ লগতে এনেকুৱা এটা জৌচ উঠিছিল যেন এতিয়াই গৈ তাইক ক্লাছৰ পৰা মাতি আনি ডাইৰেক্ট প্ৰপ'জ দি দিম৷ তাই কিবা বাঘ নে ভালুক যে খাই পেলাব৷ পিছে মনতহে ভাবিলো, প্ৰেক্টিকেলি যে সেইটো কৰিব নোৱাৰো মোৰ নিজৰ ওপৰতে টামাম বিশ্বাস আছিল৷
কিয় নাজানো তাই আগত আহি গ'লেই প্ৰপ'জ দিম বুলি শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে ঘুৰি আহো৷ লগৰ যিটোক সাৰথি কৰি লৈছিলো সিও চাল্লা যি আইডিয়া দিয়ে কুকুৰো গৈ পানীত জপিয়াই দিব৷ নিজকে কিবা ৰংগীলা চিনেমাৰ আমিৰৰ দৰে উৰ্মিলাক লৈ গোৱাৰ দৰে গাব মন গ'ল...

"ক্যা কৰে ক্যা না কৰে
য়ে কেইচি মুচকিল হায়
কৌই ট' বতা দে ইচকা হাল অ' মেৰে ভাই
কি এক তৰফ ত' উচ্চে প্যাৰ কৰে হম
অউৰ উচক' হি য়ে কেহনে চে ডৰে হম৷"

খঙৰ ভমকত আঁতৰি যোৱা লগৰটোৱে হাতত আধা খোৱা চিগেৰেট এটা লৈ আনি মোৰ ফালে আগুৱাই দিলে৷ চিগেৰেটটো দেখিলো উইলচ ফিল্টাৰ৷ ফিল্টাৰটোলৈকে ইতিমধ্যে সি টানিলেই৷ দুটা আঙুলিৰ মাজত যেন তেন আঙুলি নোপোৰাকৈ দুটান টানিলো৷ শেষৰ ফালে ফিল্টাৰৰ কপাহ পোৰা গোন্ধও ওলাইছিল৷ হওঁক কিনা হাঁহৰ ঠোঁটলৈকে মঙহ৷ এনেও চাৰ্মছ, কেপষ্টেইন, ইষ্ট-উদ কোম্পানীৰ চুৰট টনা আমি বোৰৰ কেতিয়াবাহে উইলচ ফিল্টাৰ টানিবলৈ ভাগ্যত ঘটে৷

টেনচন লেনেকা নেহি, দেনেকা ৷ চিন্তা নকৰিবি, মই আইডিয়া এটা ভাবিছো৷ লগৰটোৱে ক'লে৷

মোৰ অলপ সন্দেহ হ'ল৷

তই ফিল্টাৰ কিনিবলৈ পইচা ক'ত পালি?

আৰে পাইছ খাই দে না৷ ক'ৰ পৰা আহিল তোক কেলেই?

মই বোলো তই কবি নে থিয় গোৰ খাবি?

তোৰ নামত বাকী লৈছো.........চা ভাই হাত নুঠাবি চিগেৰেটটো খাইছো কাৰনে মোৰ ডিমাগত আইডিয়া আহিছে৷ তই শুনি ল', যদি ভাল নালাগে মোক লাট মাৰিবি৷

মইও ভাবিলো, চিগেৰেট এটাৰ বিনিময়ত যদি মোৰ প্ৰেম চেটিং হৈ যোৱা আইডিয়া এটা পাও লোকচান নো কি?

ক'৷ মই অলপ খঙতে ক'লো৷

চা, তই এইবোৰ গানৰ কেছেট , কেডব্ৰী গিফ্ট কৰি লাভ নাই৷ অলপ হেভি কিবা এটা গিফ্ট কিন আৰু তাইক ৰেষ্টুৰেন্টত তোৰ জন্মদিন বুলি ইনভাইট কৰ৷ গিফ্টৰ লগতে প্ৰপ'জেল টপকাই দে৷ বাৰ্ড ডে বুলি ক'লে এটলিষ্ট তোক নিৰাশ নকৰে৷ ভাবি চাম বুলি ক'বই৷

মই তাৰ কথাবোৰ মনে মনে শুনিলো৷ আইডিয়াটো বেয়া নালাগিল, পিছে খৰচি কাৰবাৰ৷ হওঁক খৰচনো কি ডাঙৰ কথা৷ চিনেমাত দেখুৱাৰ দৰে হিৰ'ই হিৰ'ইনক ৰেষ্টুৰেন্টত নি কফিৰ কাপত আঙুঠি দি চাৰপ্ৰাইজ প্ৰপ'জ কৰা চিনবোৰ মনৰ আগত দৌৰিবলৈ ধৰিলে৷

"কিতনা প্যাৰ তুমহে কৰতে হে
আজ হমে মালুম হোৱা
জিতে নেহি তুম পে মৰতে হে
আজ হামে মালুম হোৱা"

এক লড়কা এক লড়কিত নীলমে চলমানক গাই শুনোৱা দৰে যদি তাই মোৰ বাবেও এইগানটো গাই দিয়ে৷ মনতো কিবা এটা ভাল লাগি গ'ল৷

কি হ'ল? মনে মনে থাকিলি যে? লগৰটোৰ প্ৰশ্ন৷

নাই ভাবিছো৷ কি গিফ্ট দিলে ভাল হ'ব? আঙুঠি এটাকে দিও নেকি? পিছে দাম বহুত পৰিব৷

উম, আঙুঠি নালাগে, ফাৰ্ষ্ট তাই ইয়েছ কৈ লওঁক৷ বিয়া বাৰুলৈ সময় পাবি৷

ধুৰ মই এংগেজমেন্ট ৰিংৰ কথা কোৱা নাই৷

অ' ৷ মই ভাবিলো তই বিয়াৰ আঙুঠি আৰু প্ৰপ'জেলৰ আঙুঠি এটাই দি খৰচ কমাবি বুলি৷

বেলেগ ভাল গিফ্ট আৰু কি দিব পাৰি? মোৰ প্ৰশ্ন৷

শাৰী এখন দি দে টামাম লাগিব তাইক শাৰী পিন্ধিলে৷ লগৰটোৱে ক'লে৷

তাই শাৰী পিন্ধিলে ভাল লাগিব বুলি তই কেনেকৈ জানিলি?

নাই আইডিয়া কৰি কৈছো, তোৰ যাতে শুনি ভাল লাগে৷ আগতে এজন দাদা আমাৰ ঘৰত ভাড়া লৈ আছিল৷ দাদাৰ গাৰ্ল ফ্ৰেণ্ডজনী ধুনীয়া বুলি ক'লে মোক কিবা কিবি খুৱাইছিল৷

এনেই ধুনীয়া নাছিল নেকি?

ধুৰ কিবা আছিল দেখিবলৈ৷

তাৰমানে তইও শাৰী পিন্ধিলে ভাল লাগিব বুলি এনেই ক'লি৷

ধেই ইমান ওল্টাই পুল্টাই মোক সুধি নাথাকিবি, মই কনফিউজড হৈ যাও৷

বাৰু ঠিক আছে কিন্তু শাৰীখন গিফ্ট দিলেইটো নহ'ব লগত মেখলা আৰু ব্লাউজো দিব লাগিব৷ আৰু মই.....

লগৰটোৱেও অলপ কিবা ভাবিলে৷ বহু সময় ভৱা পিছত সি মাত দিলে৷ শাৰীৰ লগত মেখলা পিন্ধে নেকি বে?

মই বোলো নিপিন্ধে নেকি? কি পিন্ধে তেন্তে?

নহয় ব্লাউজ পিন্ধে বাৰু কিন্তু মেখলা শাৰী লগত পিন্ধা মন কৰা নাই৷

বাদ দে এইবোৰ ঝেং হ'ব৷ আকৌ শাৰীৰ লগত মিলাই ব্লাউজ৷ মোৰ দ্বাৰা নহ'ব৷ বেলেগ কিবা ভাৱ৷

এটা কাম কৰিলে কেনে হয়?

ক'৷

এইবোৰ গিফ্টৰ লাফৰা কৰি থকাতকৈ মই হোষ্টেলত গৈ ডাইৰেক্ট তোৰ হৈ তাইক প্ৰ'পজ দি দিও৷ মানে তোৰ মনৰ কথাবোৰ কৈ দিও৷ কাৰন তাইক ক'বলৈ তোৰ হে ভয়৷ মইটো বিন্দাজ ক'ব পাৰিম৷

তাৰ গালত টপককৈ চুমা এটা খাই বোলো তই মোৰ ৰিয়েল ফ্ৰেণ্ড হয় দোষ্ট.....তোৰ এই এহচান মই জিন্দেগী ভৰ নাপাঢ়ৰো৷

সি বোলে দোষ্টি মে এহচান কিচ বাট কা?
ব'ল চিগেৰেট এটা খোৱা৷ ফিল্টাৰ খুৱাবি কিন্তু
৷ আজি তোৰ কথা তাইক কৈ ইয়েছ লৈ হে আনিম৷

চিগেৰেটটো হুপি সি দাৰ্শনিকৰ দৰে ভাবিবলৈ লাগিল৷

মই বোলো কি ভাবিছ?

নাই কেনেকৈ ক'ৰ পৰা কথাবোৰ আৰম্ভ কৰিম মনতে জুকিয়াই লৈছো৷

মই গম পালো এইবাৰহে ই কিবা এটা কামত অহা কাম কৰিব৷ মোৰ বুকুখনেও ধান বনাদি বানিব ধৰিলে৷

পেলুৰ পান দোকানৰ পান ভিজাই থোৱা পানীৰ বাল্টিংৰ পৰা পানী এচলু লৈ সি চুলি খিনি তিয়াই আঙুলিৰেই আছুৰি ল'লে৷

মই আহি আছো, পাৰ্টি ৰেডি ৰাখ৷

মই পেলুৰ পৰা চিগেৰেট আৰু এটা কিনি ল'লো৷ মেটাৰনিটি ৱাৰ্ডৰ বাহিৰত পাইচাৰি কৰি থকা হ'ব লগিয়া বাপেকটোৰ দৰেই মইও চিন্তাতে পাইচাৰি কৰি থাকিলো৷

বহু সময় পাৰ হ'ল৷ এনেতে দেখিলো লগৰটো আহিছে৷ মোৰ উৎকন্ঠাৰ সীমা নাই৷ পৰীক্ষা দি ওলায় অহা ছাত্ৰ ছাত্ৰীৰ মুখখনলৈ চাই পৰীক্ষা কেনেকুৱা হ'ল আইডিয়া কৰিব পৰা নিচিনাকৈ মইও তাৰ মুখখনলৈ চালো কিবা উত্তৰ পঢ়িব পাৰো নেকি? নাই, তাৰ যিখন হে মুখ হঁহাৰ এক্সপ্ৰেশ্চ্যন দিলেও কন্দা যেন আৰু কান্দিলেও হঁহা যেন হে লাগে৷ একো আইডিয়া কৰিব নোৱাৰিলো৷

সি আহিয়েই বোলে কিবা খোৱা৷

মই গম পালো, ইয়েছ কৈছে, নহ'লেও এটলিষ্ট ভাবি চাম কৈছে৷ নহ'লে সি নিগেটিভ উত্তৰ আনি আহিয়েই কিবা খুৱাবলৈ নকয়৷

পেলুৰ হোটেলত পৰঠা আৰু চাহৰ অৰ্ডাৰ দিলো৷

বহুদিন খাবলৈ নোপোৱা মানুহৰ দৰে গো গ্ৰাসে সি পৰঠা ওপৰলৈ মুৰ তুলি নোচোৱাকৈ খাই গ'ল৷ মই একো নুসুধিলো, বোলো খাই লওঁক৷

আৰু পৰঠা লাগিব নেকি? হোটেলৰ বয়টোৰ প্ৰশ্ন৷ আধা টুকুৰ পৰঠা মুখত ভৰাই লগৰটোৱে মোৰ ফালে চালে৷ চোৱাৰ অৰ্থটো এনে লাগিল যেন দিয় যদি খাও আৰু এখন৷

মই বয়টোক ক'লো দি দে৷

লগৰটোৱে নতুনকৈ লোৱা পৰঠাখনো টানি চিঙি মুখত ভৰাব ধৰিলে৷ মাজে মাজে মিঠাই বোৰলৈ চালে৷ মই বয়টোক মাতি বোলো ইয়াক গোল্লা এটা দে আৰু মোকো চাহ একাপ দে৷

লগৰটোৰ ভক্ষন পৰ্ব ইতিমধ্যে শেষ হৈছিল৷ হাতৰে মুখখন মুছি সি ক'লে টামাম জ্বলা চব্জি বে, গোল্লাটো খাওতেহে জ্বলা কমিছে৷

মই বোলো ক' এতিয়া কি ক'লে৷

সি ক'লে ৰ' ইমান সময় তোৰ কথা পেকপেকাই আহিছো৷ মুখ বিষায় গ'ল৷ চিগেৰেট এটা টানি লও৷

মই একো নক'লো৷ কিন্তু ধৈৰ্য্যৰ বান্ধ লাহে লাহে খুলি আহিছিল৷ ইমানো মানুহে ধৈৰ্য ধৰিব নোৱাৰে৷ একমাত্ৰ মই বুলি হে৷

ধোঁৱা খিনি আকাশলৈ এৰি দি সি বোলে তই তাইক পাহৰি যা৷

মই বোলো কি?

তাই এংগেজড৷

মই বোলো চাল্লা কুকুৰ তই এই দুটা কোৱাৰ আগত হোটেলত সেইসোপা ভৰাই লৈছিলি কিয়?

সি বোলে চা দোষ্ট মই জানো তই এইখিনি কোৱা পিছত মোক কেতিয়াও নুখোৱাও, আৰু মোৰ টামাম ভোক লাগিছিল৷

মই ভৰিৰ চেণ্ডেলজোৰলৈ চালো....
*********

No comments:

Post a Comment