Tuesday 27 February 2018

কেছ টু বিজয় (খণ্ড: 14)



ফাকুৱাত বিজয়হঁতৰ গাৱত ভাওনা হয়৷ সৰুকৈ হ'লেও ৰ'ল এটা বিজয়ৰ ভাগত পৰেই৷ দুবছৰ মান আগত "ৰাবন বধ" ভাওনা পাতিছিল৷ বিজয়ৰ মেইন ৰ'লেই আছিল৷ মানে কুম্ভকৰ্ণৰ৷ প্ৰকৃততে কৰ্ণৰ কথা সৰুৰে পৰা সি শুনি আহিছে গতিকে ৰ'লটো তাৰ নামত দিয়া শুনি নৰখিলেই, বায়ন বৰ্তাৰ গালত টুপুককৈ চুমা এটা খাই বোলে চাবি বৰদেউতা এইবাৰ ফালি দিম৷ এই বুলি বচন মতা আৰম্ভ কৰিলেই বোলে "সুত পুত্ৰ কৰ্ণ মই পিতা ভাগিৰথ মাতৃ ৰাধাৰ নন্দন.......বায়নলৈ চাই বিজয়ে বোলে তাৰ পিছত কি আছিল?

বায়নে বোলে হেৰৌ কৰ্ণক তই মহাভাৰতৰ পৰা ৰামায়নলৈ টানি আনিলি যে? তোৰ ৰ'ল কুম্ভকৰ্ণ হে কৰ্ণ নহয়৷ বিজয়ে বোলে কুম্ভকৰ্ণৰ গা উঠা ডায়লগ আছেনে নাই? বায়নে বোলে হেৰৌ তোৰ কাম চাই ৰ'ল দিছো ডায়লগ নাই যদিও আৰাম পাবি কৰি৷ কুম্ভকৰ্ণই ছয়মাহ শুইয়েই কটাইছিল, তোৰ অভ্যাস আছে ৰ'লটো ফুটাই তুলিব পাৰিবি৷

বিজয়ে বোলে মই কি কৰিব লাগিব? বায়নে বোলে একো নাই নামঘৰৰ চুক এটাতে বিচনা এখন পাৰি দিম তই নাক বজাই শুই থাকিলেই হ'ল৷ মাত্ৰ যুদ্ধৰ সময়ত উঠি আহি অলপ পৰ ইফালে সিফালে ঘুৰিবি তাৰ পিছত মৰাৰ এক্টিং কৰিলেই হ'ল৷ বিজয়ে বহু পৰ ভাবি বোলে হ'ব কিন্তু প্ৰবেশো মোক বিচনাত দাঙি নি কৰাব লাগিব৷ বায়নে বোলে হ'ব৷ সকলো ঠিক হ'ল৷

ভাওনাৰ দিনা বিজয়ে মনিকুটৰ সোঁফালে চুক এটাতে বিচনাখন পাৰি কম্বল টানি শুই থাকিল৷ যুদ্ধৰ সময়ত দুটাই গৈ জগালে বোলে এই উঠ হ'ল আৰু ইমান এক্টিংত ডুবি যাব নালাগে৷ নাই কুম্ভকৰ্ণ ৰুপি বিজয়ৰ সাৰ সুৰ নাই৷ বায়নে বোলে হেৰৌ আহ যুদ্ধ কৰহি৷ নাই বিজয়ৰ সাৰ সুৰ নাই৷ কম্বল টানি দুটাই হেচুকি মেলি দিয়াত বিজয়ে বোলে আজি থ কালিলৈ দিনত যুদ্ধ কৰিম ভাল টোপনী আহিছে শুই লও৷

বায়নে বোলে তোক নমৰাকৈ ৰাম ৰাবনৰ যুদ্ধ কেনেকৈ হ'ব? আৰু তই সুগ্ৰিবক বন্দী কৰিবও লাগিব, হেৰৌ নামি আহ৷ বিজয়ে বোলে সুগ্ৰীবৰ ৰ'ল বন্দিতাৰ বাপেকে হে লৈছে৷ জীয়েকক মই বাপেকৰ লগত যুদ্ধ নকৰো বুলি কথা দিয়া আছে৷ ৰামক ইয়ালৈকে মাতি দে নহলে তাৰ পৰাই কাড় এডাল মাৰি পঠাব ক, মই আ আ আ বুলি মৰিলো বুলি চিঞৰি দিম যা৷ মই নুঠু, ইমান আৰামত ওমলৈ শুই আচো উঠি গলেই বেলেগ আহি শুই যাবহি নহলে৷ তহত যা মোক শুৱ দে৷ উপায় নাপাই সূত্ৰধাৰীয়ে এহি বুলি ৰাম কুম্ভকৰ্ণৰ যুদ্ধ লাগল', কুম্ভকৰ্ণৰ মৃত্যু ভৈল বুলি যেন তেন নাট আগুৱালে৷

যোৱা বছৰ ফাকুৱাত আকৌ সকলোৱে "সীতা হৰণ ৰাবন বধ" নাট খনকে জুৰিম বুলি সিদ্ধান্ত ল'লে৷ বিজয়ে কিবা ক'ব লওতেই বায়নে বোলে চুপ৷ যোৱাবাৰ তই ভাওনা দেখুৱাই থৈছ৷ তোৰ ৰ'ল দিয়া মানে মই দুটা প্ৰেচাৰৰ পিল খাব লাগিব৷ বিজয় নাচোৰ বান্দা৷ নাই মোক ৰ'ল লাগিবই৷ কুম্ভকৰ্ণ নিদিয় নাই, ভীম বা দুৰ্যোধনৰ ৰ'লকে দে৷

বায়নে বোলে তই সদায় ৰামায়ন মহাভাৰত একেলগ কৰ কেলৈ? হ'ব যা তোক জাম্বুবানৰ ৰ'ল দিলো৷ বিজয়ে বোলে নাই মই ভালুকৰ ড্ৰেছ নিপিন্ধো৷ এবাৰ সোনটোৱে জাম্বুবানৰ ভাও লওতে মোক ড্ৰেছজোৰ পিন্ধি চাব ক'লে৷ মই পিন্ধি লৈ খুলিব নোৱাৰা হ'লো৷ পেচাব কৰিবলৈও চেইন নাই৷ শেষত ড্ৰেছ পিন্ধি নামঘৰৰ কাষৰ কচুৱনীখনত ড্ৰেছ খুলি সৰুপানী চুব লৈছো হে৷ গাঁৱৰ সোপাকে কুকুৰে মোক কমেও তিনি কিলোমিটাৰ খেদালে৷ বাটত পোৱা দুটা মানে জেউৰা ভাঙি মোক পিতিবও ধৰিচিল৷ যেন তেন দৌৰি দৌৰি ড্ৰেছ খুলি ৰুল ৰুলটো পিন্ধি ঘৰ পাইছোগৈ৷ মোক বেলেগ ৰ'ল দে৷ বায়নে বোলে হ'ব হনুমানৰ ৰ'ল ল'৷ বিজয়ে বহু পৰ ভাবি বোলে হ'ব৷

ভাওনাৰ দিনা বিজয় হনুমান ড্ৰেচত৷ মুখত বান্দৰৰ মেক আপ৷ মাত ভালদৰে নুফুটে বাবে তাৰ ডায়লগ প্ৰম্পটাৰে মাতিম বুলি দায়িত্ব ল'লে৷ সিও ভাল পালে ডায়লগ মুখষ্ট কৰিব নালাগে৷ এবাৰ ডায়লগ মুখষ্ট কৰি যি হে হৈছিল তাৰ৷ সেইখন নাটত তাৰ ভাও আছিল নন্দিৰ, গেৰেলা কুমুদৰ ভাও আচিল শিৱৰ৷ কিবা খেলি মেলিত বিজয়ে নন্দিৰ ঠাইত সোপাকে শিৱৰ বচন মুখষ্ট কৰি পেলালে৷ আখৰা কৰোতে খোনা গেৰেলা কুমুদেও শিৱৰ বচন মাতে আৰু বিজয়েইও৷ শেষত কুমুদে মোৰ বচন তই কিয় মাতি ঠাত্তা কৰিছ বুলি ত্ৰিশুল লৈ গোটেই তিনিয়ালিটোত দৌৰাইছিল৷

বাৰু যি নহওক ভাওনাৰ দিনা হনুমান ৰেডি৷ ও ও বুলি নেগুৰডাল এটাৰ হাতত দি মুখৰ ভিতৰতে ভোৰ ভোৰাব লাগিল৷ লগৰটোৱে বোলে কি কৈছ বুজা নাই৷ বিজয়ে যিমান পাৰে ও হু ও হা হু মুখৰ ভিতৰতে ভোৰভোৰালে যদিও বুজাব নোৱাৰি কাগজ কলম আনি লিখি দিলে বোলে মোৰ নেগুৰ ডাল ভালকৈ ফিটিং কৰি দে আৰু লংকা জ্বলাবৰ সময়ত নেগুৰত জুই দিওতে সাবধান, মই মোৰ চাইজৰ নেগুৰ বনাবলৈ ধানখেৰ দি মোতা কৰি লৈছো৷ আগটোহে জ্বলাবি" লগৰটোৱে হ'ব বুলি ক'লে৷

ভাওনা চলি আছে৷ লংকা দহনৰ সময় আহিল৷ বিজয়ে গৈ পানীৰ বাল্টিংৰে নেগুৰডাল অলপ তিয়াই ল'লে যাতে ধোৱা বেছিকৈ ওলায়৷ ইফালে সুত্ৰধাৰিয়ে এহি বুলি হনুমন্তই লংকা দহন কৰিব লাগল বুলি মাত দিলে৷ খোল বাজিল৷ বিজয়ৰ নেগুৰত এটাই জুই লগালে৷ ও ও হু বুলি বিজয়ে চৌ পাষে বান্দৰ ডেঞ্চ দি দৌৰিব লাগিল৷ এক্টিংটো জীবন্ত কৰিব বাবে মাজে মাজে ভাওনাচোৱা দৰ্শকৰ মাজতো দুবাৰ মান জপিয়ালে গৈ৷

ফাগুন মাহ, বিজয়ৰ বান্দৰ জাপ আৰু ফাগুনৰ বতাহত বিজয়ৰ মোতা নেগুৰৰ ভিতৰত থকা ধান খেৰত লাগক জুই৷ জপিয়াই থাকোতে সি টিকা পোৰা যেন পাই হাতটো দি চাই যে নেগুৰ পুৰি শেষ৷ সুত্ৰধাৰীয়ে বিজয়ক জনাবলৈ এহি বোলে নেগুৰ পুৰি টিকা পালহ বুলি চিঞৰিব লাগিল৷ দুটামানে বাল্টিংত পানি আনি টিকাত ধালিব লাগিল৷ বিজয়ে দেখিলে কথা বিষম এই বুলি একে জাপে জয় চিঞা ৰাম বুলি মানুহৰ মাজৰে দৌৰি গৈ নামঘৰৰ কাষৰ পুখুৰিত জাপ দিলে৷
************

No comments:

Post a Comment