বিজয়ৰ আকৌ সপোনতে ভোৰভোৰাই থকা বেমাৰ এটা আছে৷ কাষত শুৱাজনে হেচুকি দিলেহে ভোৰভোৰণি মানে কেকনি বন্ধ হয়৷ বহুতে ক'লে খেতৰ লাগিছে বহুতে ক'লে হাত চাগৈ বুকুত দি শুৱে৷ খেতৰ খেদিবলৈ মায়েংৰ পৰা ক'লা চাৰিচুকীয়া কাপোৰৰে বনোৱা তাবিজ আনিও ডিঙিত আঁৰিলে, নাই সপোন দেখি ভোৰভোৰোৱা নকমিল৷ বুকুত হাত দি শুৱা বুলি ৰাতি হ'লে পঘাৰে দুইটা হাত পালেংত বান্ধিও এমাহমান শুই চালে নাই ভোৰভোৰোৱা নকমিল৷
বিয়াৰ পিছত যেনিবা অলপ কমিল৷ কমিল মানে সপোন দেখি বিজয়ে ভোৰভোৰালেই মানুহজনীয়ে চেটেপকৈ লগাই দিয়া হ'ল৷ এদিন ঘৈণীয়েকে বোলে আপুনি সপোনতনো দেখে কি? বিজয়ে বোলে কি দেখো পাহৰি যাও নহয়৷ এইবাৰ মই ভোৰভোৰালে তুমি ম'বাইলত ৰেকৰ্ডিং কৰি থবাচোন৷ কিবা বুজি পাওৱেই বা৷
কথামতে কাম ৷ বিজয়ে ৰাতি সপোন দেখি ভোৰভোৰালেই ঘৈণীয়েকে ম'বাইলৰ ৰেকৰ্ডিং অন কৰি কানত কপাহ লৈ শুই থাকে৷ পিছদিনা দিনৰ দিনতো বিজয়ে ভোৰভোৰনী খিনি শুনে৷ এইদৰে ডেইলি শুনোতে শুনোতে বিজয়ে কথা শব্দ সকলো পাহৰি দিনতো কোনোবাই কিবা ক'লে ভোৰভোৰোৱা আৰম্ভ কৰিলে৷
ঘৈণীয়েকে বোলে হেৰৌ বাদ দিয়ক আপুনি একোডাল সোনৰ কলহ পোৱা সপোন নেদেখে৷ বিজয়ে বোলে ভু ....ওওও...ভুভু...ও
ঘৈণীয়েকে বোলে কি কৈছে ভালদৰে কওঁক৷ বিজয়ে বোলে ইমানদিনে তাকে মনত পেলাই দিয়া নাছিলা কিয়? শুনা ভালকৈ মই কলহ কলহ কৈ আছো৷ পুৰা মনত পৰি গ'ল৷ সপোনত বাৰি এখনলৈ মই যায় মই খান্দি থাকো আৰু কলহটো পোৱাৰ আগতেই সাৰ পাই যাও৷ ঘৈনিয়েকে বোলে এইবাৰ নখন্দালৈকে নেৰিব, মইও জগাই নিদিও৷
কথামতে কাম, সোনকালে খোৱাই বোৱাই ঘৈণীয়েকে বোলে আপুনি শুৱক৷ ৰাতি বিজয়ৰ ভোৰভোৰণী আৰম্ভ হ'ল৷ ঘৈনিয়েকে বোলে খান্দিছেনে? বিজয়ে ভোৰভোৰাই আছে৷ ঘৈনিয়েকে বোলো মাটিডোখৰ চিনি পাইছেনে? বিজয়ে ভোৰভোৰাই আছে৷ ঘৈনিয়েকে বোলে সোনৰ নে ৰূপৰ? বিজয়ে ভোৰভোৰাই আছে৷ এসময়ত বিজয় ঘপহকৈ সাৰ পাই উঠিল৷ বোলে হেৰা আমাৰ বাৰীতে আছে হে, পিতলৰ কলহত, একদম ৰবাবটেঙা জোপাৰ কাষতে৷ চাকীটো লৈ ব'লা যাও খান্দোগৈ৷
ঘৈনিয়েকে চাকি ধৰি আছে, বিজয়ে খান্দি খান্দি তললৈ গৈ আছে৷ ঘৈনিয়েকে বোলে দেউতাই কোৱামতে আগতে হেনো কেচা পাইখানাৰ গাঁতটো ইয়াতে আছিল, বেছি তললৈকে নাখান্দিব৷ গাঁতৰ ভিতৰৰ পৰা বিজয়ে বোলে হেৰৌ পিতলৰ কলহ৷ ৰাতিপুৱালৈকে খান্দি একো নাপাই পোহৰ হওঁতে বিজয় গাঁতৰ পৰা উঠি আহিল৷ ঘৈণিয়েকে বোলে আৰু আজিৰ পৰা যদি সপোনত ভোৰভোৰাই চাব আপোনাক কি কৰো৷
মাইকী মানুহৰ পেটত কথা নাথাকে জানেই৷ পুৱাই কথাটো কওঁক সোনটোৰ ঘৈণিয়েকক৷ সোনটোৰ ঘৈণিয়েকে গৈ কওঁক সোনটোক৷ সোনটোৱে বোলে বুজিছা এই চেগতে বিজয়ৰ পৰা দুপইচা ঘটি লও৷ ঘৈণিয়েকে বোলে কেনেকৈ? সোনটোৱে বোলে বিজয়দাৰ বৌক ক'বা এজন বেজ আছে বহুতৰ ঘৰৰ বাৰিত পুতি থোৱা কলহ উলিয়াইছে৷ মই বেজৰ মেকআপ কৰাৰ ব্যৱস্থা কৰো৷ তুমি মুঠতে পিতলৰ পুৰণী ফুটা কলহটো দিয়া, বাকী মই চম্ভালিম৷
বেজৰ কথাটো সোনটোৰ ঘৈনিয়েকে গৈ বিজয়ৰ ঘৈণীয়েকক কলেগৈ৷ বিজয়ে বোলে বেজক মাতা জল্দি৷ যিমান খৰচ হয় মই দিম৷ পিছদিনা সোনটো বেজৰ ভেশত আহি হাজিৰ৷ বেজে বোলে তোৰ সপোনটো সঁচা৷ বাৰীত কলহ আছে৷ উলিয়াই দিম কিন্তু মোক টকা পাঁচহাজাৰ লাগিব৷ বিজয়ে মনতে কেলকুলেশ্চন এটা কৰি ভাবিলে বুৰ্বক বেজ, এটা কলহত কমেও চাৰি পাচ লাখ টকাৰ বস্তু থাকিব আৰু ই মাত্ৰ পাঁচ হাজাৰ বিছাৰিছে৷ বিজয়ে লগে লগে পকেটৰ পৰা টকা পাঁচ হাজাৰ উলিয়াই বেজক দিলে৷
বেজে বোলে ৰাতিলৈ পূজা কৰিম৷ ঘৰত ৰঙা মূৰ্গী আছে যদি ভোট জলকীয়া অলপ দি ভালকৈ জোল বনা৷ দেৱতাক সন্তুষ্ট কৰিব লাগিব৷ বিজয়ে ঘৈণিয়েকক বোলে যোৱা ভালকৈ বনোৱা৷ বেজে বোলে মই কলহ উলিয়াই দিম কিন্তু যিহেতু সপোনত পোৱা বস্তু গতিকে এক দিন একৰাতি কলহটো তই শোৱা পালেংৰ তলত ৰাখিব লাগিব, খুলি চাব নোৱাৰিব৷ বিজয়ে বোলে হ'ব৷
কথামতে কাম৷ মুৰ্গী মাংসৰে উদৰ পুৰাই খাই বেজ ৰূপি সোনটো পূজাত বহিল৷ পূজা কৰি মেলি বোলে কলহটো আপোনাৰ বাৰিত নাই৷ তহতে হয়তো পূজা নকৰাকৈ খান্দিছিল সেয়ে ধনদেৱতাই বেয়া পাই কলহ কাষৰ ঘৰ মানুহৰ বাৰীলৈ গুছি গ'ল৷ বিজয়ে বোলে কাষৰ ঘৰখন মোৰ লগৰ সোনটোৰ ঘৰ৷ তাক মই মেনেজ কৰিম আপুনি মুঠতে কলহ উলিয়াওক৷
বেজে সোনটোৰ বাৰীত গৈ পানী শুকাই বাম হোৱা দুকঠা মাটিৰ ফিচাৰিটো দেখাই বোলে এই জেগাতে আছে৷ তই কোৰ লৈ খন্দা আৰম্ভ কৰ মই সোনটোহঁতক টোপনী অহা মন্ত্ৰ মাতি শুৱাই থৈ আহো৷ বিজয়ে শুকান ফিচাৰি খান্দিবলৈ লাগিল, বেজ ৰুপি সোনটোৱে ঘৈনিয়েকক গৈ বোলে এই টকা পাঁচ হাজাৰ ল আৰু কালি ৰাতি দ গাঁত কৰি এঠাইত কলহটো পুতি আহিছো৷ বেতাই খান্দক গোটেই পুখুৰী৷ এনেও পুখুৰীটো খন্দাম বুলি ভাবি আছিলো৷
পুৱাৰাতি কোৰত কুটুংকৈ শব্দ এটা হ'ল৷ বিজয়ে বেজক বোলে পাই গ'লো৷ বেজে বোলে মোৰ কাম কৰি দিলো এতিয়া এদিন এৰাতি পালেংৰ তলত ৰাখিবি আৰু কলহৰ ভিতৰত যি পাও ৰাখি কলহটো ফিচাৰি কাষত থৈ আহিবি৷
বিজয়ে পালেংৰ তলত কলহটো থৈ ঘৈনিয়েকক বোলে মই শুই দিও আকৌ সপোন দেখুৱেই বা, তুমি কলহ ৰখিয়া কৰা৷ ঘৈনীয়েকে হ'ব বুলি ক'লে যদিও মাইকী মানুহৰ মন৷ বিজয় শুৱাৰ পিছত সন্দেহ দমাব নোৱাৰি কলহত হাত ভৰালে৷ হয় হয় পইচা আছে৷ কাপোৰ এখন পকাত পাৰি কলহটো উবুৰিয়াই দিলে, ঠন ঠন কৈ একলহ পইচা বাগৰিল৷ চাকিৰ পোহৰত পইচাবোৰ ভালদৰে চাই ঘৈনিয়েকে শুইথকা বিজয়ক পিতলৰ চৰিয়াটোৰে মাৰ এটা মাৰি বোলে ইমান দিন মোৰ টোপনী ক্ষতি কৰাই সপোনত বকবকাই এই দহপইচাবোৰ হে খান্দিলি৷
বিজয়ে বহু দিনলৈকে বজাৰ কৰিবলৈ গ'লে মানিবেগ নহয় মোনা এটাত দহ পইচা বোৰ লৈ চলাবলৈ গৈছিল৷ এসোপামান মন্দিৰৰ দান পাত্ৰটো ভৰালে, তথাপি শেষ নহয়৷ এমাহমান পিছত যেনিবা পাঁচশটকাৰ দহ পইচাবোৰ যেনিবা অত তত কিবা কৰি চলালে৷
***********
No comments:
Post a Comment