Tuesday 29 August 2017

ট’ইলেট .......এখন বিয়াৰ কথা

ট'ইলেট, এক প্ৰেম কথা নামৰ সত্য ঘটনাৰ ওপৰত প্ৰতিস্থিত চিনেমাখনৰ দৰে মোৰো ট'ইলেট সম্বন্ধীয় সত্য কাহিনী এটা মনত পৰি গ'ল ৷ কাহিনীৰ সময়কাল অসমত মিনাৰেল ৱাটাৰৰ বটল আবিৰ্ভাৱ হোৱাৰ আগৰ ৷
বাৰু সময় অনিষ্ট নকৰি কাহিনীলৈ আগবাঢ়ো ৷ এৰাব নোৱাৰা পৰিস্থিতিত, সম্বন্ধীয় এজনৰ বিয়াত দেখা এটা দিবলৈ এবাৰ মই আৰু মোৰ লগৰ এজন গাওঁলৈ বুলি ওলালো ৷ দুদিন মানৰ পৰা পেটৰ লগত মোৰ টামাম বিসম্বাদ চলি আছিল যদিও মনৰ জোৰত বিয়া ঘৰ পালোগৈ। গৈ পোৱা মানে বৰযাত্ৰী ওলালেই । গতিকে দৰাৰ মাহী-পেহী দুজনীমানক গাড়ীৰ পিছ চিটত ল’ড কৰি চিধা কইনাঘৰ পালোগৈ ।
কইনা ঘৰৰ ভোজত দৰাৰ খুলখালীয়ে দেখুৱা মৰমৰ অত্যাচাৰত মাছে মঙহে দকচি দিলো ৷ দুই ইন্সি দীঘল জিভাৰ জুতিত অসন্তুষ্ট হৈ সাত মিটাৰ দীঘল পাকস্থলীয়ে গিৰ গিৰ গুৰগুৰ কৰি জাঙুৰ খাই উঠিল ।মই বোলো পেটৰ কথা পেটতে থাকক, আনে শুনাৰ আগতেই যি ল'ড কৰিলো ইয়াতেই
আনল'ড কৰি যোৱাই মঙ্গল হব । ইমানদুৰ বাট তাতে ৰাতিৰ কথা । লগৰ জনক ক'লো বোলো পিছফালে যাব লাগিছিল ৷ সি ক'লে পাৰিবি জানো ? মই কলো কিয় নোৱাৰিম, মইতো অকলেই কৰো । সি বোলে কোনোবা এজনক সুধি ল’ও ৰ’। মই বোলো নালাগে নিজেই বিছাৰি যাঁও ব’ল ।
বিয়াঘৰৰ পিছফালেদি বিচাৰি গৈ গৈ বাহঁনিৰ তলত কোনোমতে আবিস্কাৰ কৰিলোগৈ ।লগৰটোৱে ক’লে মালতো কেছা দেখোন, মই বোলো কেছা পকা যিয়েই নহওক টিপা মাৰি ৰাখিব নোৱাৰিছো আৰু ।
চকু ফুৰাই দেখিলো বস্তুটো বাঁহৰ কামিৰে বনোৱা চাঙী এখন, মাজত চাৰিচুকীয়াকৈ কটা আছে, যি ফালেদি তলৰ গাঁতটো দেখা পোৱা যায় ৷ বেৰ বুলিবলৈ শুকান কল মগুনাৰে ঢকা ৷ দৰ্জা বুলিবলৈ চটি বস্তা এখন পৰ্দাৰ দৰে ওলমি আছিল ৷ লগৰজনে হালধীয়া মুখ কটা গেলেন এটাত পানী যোগাৰ কৰি দি গ’ল । সি বোলে তই কৰ, তেতিয়ালৈ মইও অকন গাড়ীতে বহি ডিঙিটো তিয়াই লওগৈ ৷ মই সময় অনিষ্ট নকৰি পজিছন মিলাই বহি দিলো ।
বহিব হে পালো ফুটাতোৱেদি হো হোৱাই শব্দ কৰি অহা মাইকি মহৰ জাকে মোৰ গোপনীয় অংগকে ধৰি দেহৰ সকলো অংশতে বেজি দিব ধৰিলে । মহ মাৰি মাৰি
মাজে মাজে মহৰ উৎপাতত উঠা বহা কৰি মই একান্ত মনে কামফেৰা কৰি আছো, এনেতে শুনিলো বাহিৰত নাৰী কন্ঠ, মই বোলো হে হৰি কি কৰা যায়?
দৰ্জা বুলিবলৈ নাই, তাতে পোহৰ বুলিবলৈও নাই ৷ মহিলা গৰাকী যদি ঘোপ মৰা অন্ধকাৰত কোনো নাই বুলি সোমাই আহে আৰু মোক এই অৱস্থাত দেখে মুৰ্চা গৈ যে মোৰ কোলাতে লাং পৰিব সেইটো খাটাং ৷ তাতে বিয়াঘৰৰ মানুহে যদি দৌৰি আহি বাঁহনি তলত মোক এনে অৱস্থাত মহিলা গৰাকীৰ লগত একেটা পাইখানাতে দেখে কি হব? হে প্ৰভু বৰ বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিব ধৰিলে ৷ কি কৰা যায় ভাবি লৰালৰিকৈ মই দুটা মান গ'ল হেকাৰি দি "ভিতৰত মানুহ আছো দেই" বুলি ক'লো কাৰন হঠাত গলহেকাৰি শুনি ভুত প্ৰেত বুলি ভয় খাবও পাৰে ৷
যি কি নহওঁক আৰু অলপ সময় বহি সম্পুৰ্ণ সুখ কন লোৱাৰ পৰা বঞ্চিত হ'লো ৷ শেষৰ কামফেৰা কৰিবলৈ গেলেনটো ডাঙি চাই দেখো অলপ পাতল পাতল লাগিছে ৷ হে হৰি ফুটা আছিল তাৰমানে? ?????
মহিলা কেই গৰাকীও আঁতৰি নাযায় মইও ওলাব নোৱাৰা পৰিস্থিতি । মৌনতা ভাঙি কিছু সময় পিচত সিঁহতে মাত দিলে বোলে মৰিলে নেকি আকৌ ভিতৰত থকাতো নে গাঁতত পৰিল ওলাই নাহে যে ? মই আকৌ গ'ল হেকাৰি মাৰি জীয়াই থকাৰ প্ৰমাণ দিলো ৷ সিঁহতে কলে অ' আছে আছে মৰা নাই এজনিয়ে কৈছে খুব খালে চাগৈ আনজনিয়ে কৈছে নহয় পেট খালি কৰি লৈছে আকৌ খাবগৈ চাগে । মই মনতে বোলো যি কব খোজ কৈ থাকক , কিন্তু মই যি বহিলো বহিলো, উঠাত নাই ৷
ইফালে মহৰ উৎপাতৰ পৰা বাছিবলৈ বিভিন্ন ভংগীমা আৰু মুদ্ৰাত উঠা বহা খন কৰি নিজৰো আমনি লাগিছিল পিছে উপাইও নাই ৷ এগৰাকীয়ে হয়তো আৰু ধৈৰ্য ধৰিব নোৱাৰিলে আৰু গতিকে উপায়ন্তৰ হৈ মাত দিলে "হেৰি ওলাই নাহে কিয় , কি পুথি পঢ়ি আছে , সোনকাল নকৰে কিয়? আমিও যাব লাগে নহয় ৷" মই বোলো গেলেনটো
ফুটা আছিল পানী নাই , হেৰি ধোৱা কাম ফেৰা নকৰাকৈ কি দৰে ওলাম ? সিঁহতে ক'লে আমি কি ৰৈ থাকিম,নেকি? যি কৰে সোনকালে কৰক ৷ মই বোলো মই একো কৰিব নোৱাৰো, ইমান ইমাৰজেঞ্চি যদি বাঁহনিৰ তলতে কৰা ৷ কবলৈহে পালো, যি কেইটা হে গালি দিলে । মইও কৈ দিলো বোলো গালিলৈ অমুকাই কেয়াৰ নকৰো, নোলাও বুলিছো নোলাও ।
কিছু সময় পিছত কিছু সময় বাঁহনি তল খন নিতাল মাৰিলে ৷ ঝিলি দুটামানে কেৱল টেটুফালি চিঞৰি আছিল, মাজে মাজে এডাল বাঁহে আন এদালৰ গাত ঘঁহনি খাই হোৱা ভয়ানক শব্দ কিছুমান ৷ জয়াল পৰিবেশটোত বাহিৰত থকা দুজনিৰো মাতবোল নোহোৱা হ'ল ৷ হয়তো গুছি গ'ল কিন্তু পেটে পেটে অলপ ভয়ো লাগিল বাঁহনিৰ তল তাতে ৰাতিৰ কথা ডাইনী যখিনি নহয়টো? মই এফালৰ পৰা যিমান বোৰ ভগৱানৰ নাম সৰুৰে পৰা শুনি আহিছো এফালৰ পৰা ডাঙৰ ডাঙৰ কৈ মাতিব ধৰিলো । চটি বস্তাৰ পৰ্দা খনৰে ফাঁক কৰি ইফালে সিফালে চালো ইশ্বৰৰ ইচ্ছা খেৰৰ মেজিটোত চকু পৰিল । ঈশ্বৰক হাজাৰ ধন্যবাদ জনাই দৌৰা দৌৰিকৈ গাড়ী পালোহি ৷ লগৰটোক কথাখিনি ক'লো ৷
সি ক'লে অৱস্থা কেনেকুৱা?
মই বোলো শৌচনীয় ৷
বাটত লগাৰ সম্ভাৱনা?
মই বোলো সম্পুৰ্ণ ৷
ধোৱাৰ উপায়?
মই বোলো নিৰুপাই ৷
দুৰ্ভাগ্য বশত, মই যি সময়ৰ কথা লিখিছো অসমত প্লাস্টিকৰ বটল তথা মিনাৰেল ৱাটাৰৰ পাদুৰ্ভাৱ হোৱা নাছিল ৷ গাড়ী স্টাৰ্ট দিলো ৷ কিছু দুৰ অহাৰ পিছত লগৰজনে দোকান এখন দেখি হঠাৎ ৰখাব ক'লে ৷ সি দৌৰ মাৰি গৈ টোপোলা এটাত কিবা কিনি আনিলে ৷ মই বোলো কি কিনিলি? টিভিত দিয়া বিজ্ঞাপনটোৰ দৰে সি ক'লে " মেংগ' ফ্ৰুটি, ফ্ৰেচ এণ্ড জুইছি " ৷ পিছে খাবলৈ নহয়, বাটত ......
(বুজাই বুজক, নুবুজাই ছমাহলৈকে যুঁজক)
(দেৱজিৎ শইকীয়া)
১৪,৮,১৭

No comments:

Post a Comment