Tuesday 29 August 2017

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো

কেইদিন মানৰ পৰা চীন ভাৰতৰ কথা শুনি মনত পৰিল ৷ ডেম পেহা, আমাৰ শৈশৱৰ পাহৰিব নোৱাৰা চৰিত্ৰৰ ভিতৰত এজন । ডেম পেহাৰ লগত যদিও তেজমঙহৰ সম্বন্ধ নাই তথাপি আমাৰ গাঁওৰ ঘৰখনৰ লগত তেঁওৰ এটা সুকীয়া সম্বন্ধ আছিল ।
ডেম পেহাৰ এটা চকু নাই, তাত পাথৰৰ চকু এটা লগোৱা আছিল ।ভালে থকা চকুটো লৰ চৰ কৰে যদিও পাথৰৰ চকুটো টেলেকা হৈ থাকে যাৰ বাবে সৰুটে বৰ ভয় খাইছিলো ।পিন্ধনত গৰমৰ দিনত খাকি ৰঙৰ বহল হাফ পেন্ট আৰু বাহুলৈকে পৰা বগা গেঞ্জি আৰু ঠান্ডা দিনত খাকি লং পেন্ট আৰু খাকি ৰঙৰ চুৱেটাৰ ।আমি পুলিচ বুলিয়ে ভাবিছিলো আৰু মাহঁতেও আমাক তেনেদৰেই কৈছিল ।
ডাঙৰ হৈ হে গম পাইছিলো তেঁও আচলতে মিলিটেৰি এজনৰ ঘৰৰ ভাত ৰান্ধনি আছিল আৰু আমাৰ ককা হঁতৰ ঘৰতো ইটো সিটো কামত সহায় কৰি দিছিল । আটাইতকৈ ডাঙৰ ভয় লগা বিষয়টো আছিল তেওঁৰ মোচ কোছা । মোচৰে মানুহ বান্ধি নিয়ে বুলি এটা প্ৰবাদো শুনিছিলো ।
ডিম্বেশ্বৰৰ পৰা ডেম পেহা নাম পোৱাৰ আঁৰৰ কাহিনিটোৱো আছিল তেঁওৰ মোচকোছা, কাৰন সেই সময়ত তেনে মোচ থকা আন চৰিত্ৰটো আছিল শিশু আলোচনী সফুঁৰাৰ ডেম পেহা ।দুয়োটা চৰিত্রই আমাৰ প্ৰিয় আছিল।
যি কি নহওক সৰুতে মায়ে ডেম পেহাক কৈ দিম বুলি কলেই ভয়ত ভাত খোৱাৰ পৰা, গা ধুৱা সকলো কাম নিয়াৰিকৈ কৰি পেলাইছিলো ।অলপ যেতিয়া ডাঙৰ হ’লো তেওঁলৈ ভয়টো কমিল আৰু আমি তেওঁক এটা খুহুটিয়া চৰিত্ৰ বুলিহে ভাবিব ধৰিলো ।
সৰুতে মাঘৰ বিহুত বিহু ঘৰ সাজি আমি যথেষ্ট উৎপাত কৰিছিলো । পথাৰৰ মাজত সজা বিহু ঘৰত কি কৰিছো তাৰ তদাৰক কৰিবলৈ দেউতাহঁতে ডেম পেহাক নিয়োগ কৰিছিল । ভোজ ভাত খোৱাৰ পিছত বয়সিয়াল লোক সকল ঘৰা ঘৰি যোৱাৰ পিছত মাঘৰ বিহুৰ আটাইতকৈ আমোদজনক চুৰি কাৰ্য্যবোৰ আৰম্ভ কৰাৰ আগত খাকি লং পেন্ট, খাকি ৰঙৰ চুৱেটাৰ এড়ি চাদৰ, হাতত তিনি বেটাৰী টৰ্চ, মুখত ইংৰাজী দৰব বিধৰ মিলমিলিয়া গোন্ধ আৰু টেলেকা চকুটোৰ সৈতে ডেম পেহা আমাৰ বিহু ঘৰত উপস্থিত হয় ।
আৰম্ভ হয় তেঁওৰ যৌৱন কালৰ বীৰত্বৰ মনে সজা কাহিনী ।কাহিনীবোৰ সৰুতে সঁচা যেন লাগিছিল যদিও ডাঙৰহৈ অহাৰ লগে লগে বুজি উঠিছিলো ।
বিহু ঘৰত দুই এটাই ঘৰৰ পৰা পিঠা আনো বুলি ডেম পেহাক ফাঁকি দি আনৰ ঘৰৰ দুই এডাল জেউৰা মাজে মাজে সৰকাই আনে, সৰু চাম ব্যস্তহৈ থাকে ডেম পেহাক কথাৰ জালত বান্ধি ৰাখিবলৈ যাতে পিছদিনা গৃহস্থ সকলে অভিযোগ দিলে ডেম পেহাই ক'ব পাৰে যে আমাৰ বিহুঘৰৰ ল’ৰাই চুৰ কৰা নাই কাৰন মোৰ লগতে আছিল ।
যি কি নহওক ডেম পেহাৰ আটাইতকৈ ৰসাল কাহিনীটো হ’ল চীনা যুদ্ধৰ কাহিনী, যিটো প্ৰতি বছৰ বিহুত আমি শুনিমেই ।কাহিনীটো ক'বলৈ বহুত কাকুতি মিনতি কৰাৰ পিছত পেহাই এই দৰে এৰে....মানে আৰম্ভ কৰে ।
“ নাইন্টিন চিক্সটি টু, মই তেতিয়া ইন্দিয়ান আৰ্মিৰ শিখ ৰেজিমেন্টত টেঙ্কৰ ড্ৰাইভাৰ ।
আমাৰ প্ৰশ্ন: “পেহা শিখ ৰেজিমেন্টত বোলে পাঞ্জাৱী মানুহ হে থাকে ?
পেহাই বোলে তঁহতে মোক ডেকা কালত দেখা পোৱা নাছিলি নহয় ।মোৰ যি দাড়ি আছিল ভাল ভাল পাঞ্জাৱীৰ মুখটো মই আজিলৈকে তেনে দাড়ী দেখা নাই । চুলিও একদম বাহুলৈকে পৰা ।মিলিটেৰি ট্ৰেইনিং মাৰি থকাৰ সময়ত মোৰ কামান্ডাৰে ক’লে “ডিম্বেশ্বৰ তুমক’ দেখটা টো পুৰা পাঞ্জাৱী হায়, তুমক’ হাম শিখ ৰেজিমেন্ট দিয়া” ৷ আৰু সেই তেতিয়াৰ পৰাই মই শিখ ৰেজিমেন্টত, বুজিলি ।
আমাৰ প্ৰশ্ন: কিন্তু পেহা আমিতো সৰুৰে পৰা তোমাক গাঁওতে দেখি আছো, মিলিটেৰিত কেতিয়া আছিলা ?
পেহাৰ উত্তৰ : মই যেতিয়া মিলিটেৰিত আছিলো তই কি তোৰ বাপেৰো জন্ম হোৱা নাছিল, আজি তঁহতৰ ককা জীয়াই থকা হ’লে ক’লে হয় বিহুৰ বন্ধত গাড়ী নাপালে এই ডিম্বেশ্বৰে টেংকলৈয়েই গাঁওলৈ অহা কথা ।
যি কি নহওঁক মোৰ তেতিয়া পষ্টিং কাশ্মীৰত, বিহুৰ ছুটিলৈ ঘৰত আছো ।মানিক মহলদাৰৰ ঘৰত তেতিয়া এটা ডাঙৰ মাৰ্ফি ৰেডিঅ’ৰ বাকচ আছিল, মহলদাৰে বাতৰি দিয়াৰ সময়ত মাইকত লগাই গোটেই গাঁওক শুনাই । শুনিলো চীনাই অসম আক্ৰমন কৰিছে ।মোৰ তেজ গৰম হৈ গ’ল, ৰাতিয়েই চহৰত গৈ হেডকোৱাটাৰ পালো, ইফালে লক্ষীন্দৰ বোলা চাপ্রাচিটো দৌৰি আহিছে টেলিগ্ৰাম এখন লৈ ।বৰ চাহাবে দিছে যে “ইয়ৰ ছুটি কেনচেল, কাশ্মিৰ কেনচেল, ফাইট ইন আচাম” ।
লগত লগত হেডকোৱাটাৰৰ পৰা টেংক এখন লৈ ১০ টা মান মিলিটেৰি সহ বালিপাৰা হৈ তোৰ বমডিলা পাই গ’লো । ইফালে চীনা আহি বমডিলাত বম দিছে ।
আমাৰ প্ৰশ্ন: সেই কাৰনে নাম বমডিলা নেকি বাৰু পেহা?
পেহাৰ উত্তৰ : নহয় কি? বিশ্ব যুদ্ধৰ সময়ত জাপানৰ ৰজা হিটলাৰে আমাৰ নাগালেন্ডত বম দিয়া বাবে এটুকুৰ জেগাৰ নাম নাগাচাকি হ’ল আৰু চীনাই বম দিয়াৰ বাবে বমডিলা ৷
(বিঃ দ্ৰঃ ভাগ্য ভাল ডেম পেহাৰ এই বোৰ কথা কোনো বুৰঞ্জী বা ভূগোলৰ শিক্ষকে শুনা নাছিল,শুনা হ'য় আজিলৈকে হয়তো ক'মাত থাকিল হয় ৷ শুনি আছিলো আমি ভো ভো পণ্ডিত কেইটাইহে) ।
মইও টেংকৰে গুলীয়াই আছো থাই থাই থাই, চুটি চাপৰ চীনা কেইটাও আমাক বন্দুকৰে গুলিয়াই আছে ।
(সৰু পোৱালী কেইটা ভয়ত পেহাৰ আৰু কাষ চাপি গ’ল । তাৰে এটাই বেচি জনাতো হৈ ক’লে বোলে জান’ পেহাৰ যে চকুটো এই খন যুদ্ধতে গুলি লাগি ফুটিছিল, ন’ পেহা ? একদম গুলীটো চকুৱেদি সোমাই মুৰৰ পিচফালেদি ওলাই গুছি গৈছিল । আন এটাই বোলে ধ্যেৎ তই বেছি জান’ নেকি সেইখন মানৰ যুদ্ধহে আছিল । এটাই বোলে মানৰ যুদ্ধ নাইন্টিন ফৰ্টি টুত হে হৈছিল, আন এটাই বোলে ধ্যেৎ, নাইন্টিন ফৰ্টি টুত ভাৰতৰ আৰু পাকিস্থানৰ যুদ্ধ হে হৈছিল ৷ নাইন্টিন চেভেনটি টুত স্বাধীনতা আন্দোলনতহে পেহাই যুদ্ধ কৰিব যাওতেহে পেহাৰ চকুটো ফুটিছিল ।
পেহাও কনফিউজড হৈ গ’ল, কেতিয়া কাক বা কোনখন যুদ্ধ ক’লে, তথাপি কথাটো তাতে ব্ৰেক মাৰি পেহাই বোলে কোনোবা এখন আছিল পাহৰিলো ৰ' তাৰ পিছত কি হ'ল শুন । এটা গুলী আহি আমাৰ টেংকৰ ড্ৰাইভাৰ কৰম সিং বোলাটোৰ গাত যেই লাগিল মোৰ তোৰ খঙে চুলিৰ আগ পালেগৈ, টেংকৰ পৰা নামি দুই নলীয়া বন্দুকটোলৈ গ’লো খেদি ।সোপাকে পলাল, তাৰে এটাক ধৰিলো পিছ ফালৰ পৰা চোলাত খামুচি । সি বোলে হামাক চৌৰ দ’ , হামাক চৌৰ দ’ । মই বোলো বেটা তোক চৰি দিব লাগে, দিলো কানতলিয়া চৰ দুটা ।
আমাৰ প্ৰশ্ন: পেহা পেহা চীনা মানুহে চীনা ভাষাতহে কথা পাতে, তোমাৰ লগত হিন্দীত কথা কেনেকৈ পাতিলে?
পেহাৰ উত্তৰ :ৰ’ চোন মাজত মাতি নাথাক,মই এতিয়া মানুহটো তঁহতৰ ডেম পেহা নহয়, নাইন্টিন চিক্সটি টুৰ জোৱান ডিম্বেশ্বৰ কলিতা, যুদ্ধ কৰি থকাৰ সময়ত দিগদাৰ নকৰিবি । অ ৰ’ ক’ত আছিলো, অ’ চৰটো মাৰি টেটুটোত চেপিব লৈছো আৰু, তাৰ মুখ খন দেখিটো মোৰ বেয়া লাগি গ’ল, একদম আমাৰ গাঁওৰ ইন্দ্ৰেশ্বৰৰ সৰু ল’ৰা বোধেনৰ লগত সাইলাখ একে । এতিয়া বোধেনক মই কোচতলৈ ডাঙৰ কৰা, তাৰ নিচিনা একে চেহেৰাৰ ল’ৰাটোকনো মাৰো কি দৰে ? আৰু তই যে সুধিছিলি চীনাই হিন্দী কেনেকৈ কয়? তই অসমৰ বাহিৰত গ’লে অসমীয়া কবি নে হিন্দী কবি? চীনা বোৰেও ভাৰতলৈ অহাৰ আগত হিন্দী শিকি লৈছিল, বুজিলি গৰু ।
অ’ তাৰ পাছত তাক মৰমতে মনে মনে আমাৰ কেম্পলৈ লৈ আহিলো । মোৰ কাপোৰজোৰ পিন্ধাই দি ক’লো এতিয়া তোক মাৰিব নালাগে যদি আমাক ইনফৰমেশ্চন দে ।সি দিয়া ইনফৰমেশ্চন মতে আমি বহুত চীনা মাৰিলো ।ভাৰত জিকিল আমি আকৌ ছুটিত আহিলো । আহিবৰ সময়ত সি বোলে দাদা মইও আপোনাৰ ঘৰ যাম ।লৈ আনিলো তাক, প্ৰায় দুবছৰ মান ইন্দ্ৰেশ্বৰ কাইটিৰ ঘৰত হালোৱা হৈ থাকিল ।পিছত মোৰো বেয়া লাগিল, হাজাৰ হঁওক সিও এখন দেশৰ সৈনিক, তাৰ গাত নো কি দোষ? সিও এদিন মোক ক’লে বোলে ককাইদেউ ঘৰলৈ বৰ মনত পৰিছে, মই বোলো যা গৈ যা, টকা পইছা অলপ দি অৰুনাচল পাহাৰহৈ পঠিয়াই দিলো।
(আচলতে ডেম পেহাই যি জন মিলিটেৰিৰ ঘৰত আছিল, তেঁওলোকৰ মুখত শুনা কথাবোৰেই আমাক ইফাল সিফালকৈ মিলাই একোটা কাহানি বনাই শুনাইছিল । ডেম পেহাৰ গাজা আৰু আছে , আজিলৈ ইমানেই)

No comments:

Post a Comment