Friday 9 August 2013

অন্ধ, মৌন, বধিৰ ৰজা......( অকবিতা)

বাটৰ ভিক্ষাৰি ভাতৰ বাবে
ভোটৰ ভিক্ষাৰি টৰ বাবে
আজিৰ গনতন্ত্ৰত জাক ৰজা থাকে
নিস্পেষিত জনতাক শোষন কৰে
প্ৰতিবাদি কন্ঠৰ থাকে নিজা নিজা অংক
পূজিবাদীৰ হাতত বিক্ৰি আজিৰ প্ৰজাতন্ত্ৰ
ৰামো নাই, অযোধ্যাও নাই
চৌদিশে পিছে ৰাবনৰ হুংকাৰ
চোৰ আজি পহৰাদাৰ
জোৰ যাৰ মুলুক তাৰ
বিশ্বায়নৰ যুগত বাঢিছে মনৰ সংকৃৰ্ণতা
সষ্টিয়া হ’ল মানবতা

ক্ষমতা লোভত বিছিন্নতাবাদৰ জয়গান

No comments:

Post a Comment