যজ্ঞেশ্বৰ
সভাপন্ডিত, আমাৰ যে ঘৰৰ একেবাৰে কাষতে ঘৰ ভাড়া কৰি আছে, মৰমতে যে
আমি জগ্গুদা বুলি মাতো, তেওঁৰ কথাকে কৈছো ।মানুহজনৰ বয়স ৫০ৰ উৰ্দ্ধত, শীৰ্নকায় চেহেৰাটোৰ সৈতে বীৰৰদৰে বুকু ফিন্দাই, কপালত ৰঙা ফোট লৈ, কলা চচমা, জিনচ কুৰ্টাযোৰ পিন্ধি ৰাজদুট মটৰচাইকেল চলাই যেতিয়া আপোনাৰ কাষেদি পাৰহৈ যাব, আপুনি পামযোৱা
সঞ্জয় দত্ত বুলি নকৈ পাৰে ।জগ্গুদাই আচলতে যৌৱনত ছোৱালীতকৈ সঞ্জয় দত্তৰ চিনেমা বেচিকৈ চালে আৰু দীঘলকৈ চুলিৰাখি এখন কানত ফুলি পিন্ধি পিচফালৰ পৰা একপ্ৰকাৰ জিনচ পিন্ধা সুন্দৰ ছোৱালীয়ে হৈয়ে পৰিল ।আপুনি চাগৈ ভাবিছে মই তেওঁৰ বিষয়ে কিয় ইমান বৰ্ণনা দি আছো । আছে
কথা আছে ।জগ্গুদাই এটা সময়ত মোৰ অনিচ্ছা স্বত্তেও বডি বনাবলে কম লোহা সোপা দাঙিব দিছিলেনে ।আজি বোলে ৫ পাওন্ড কালিলৈ
বোলে ৭ পাওন্ড । পাওন্ডহে বাঢিল, শৰীৰৰ কিন্ত মঙহ এপোৱাও নাবাঢিল ।মই বোলো ইশ্বৰৰ ইচ্ছা জগ্গুদা বহুত হল আৰু মোৰ দ্বাৰা নহব ।বাবাৰ প্রসাদকণ নাকে মুখে এৰি দি কলে তঁহতবোৰ একেবাৰে হেল্থ কনচিয়াচ নহয় ।মোক চা এই বয়ষতো মই কিমান ফিট ।এই বুলি কলা কুৰ্টাতো খুলিদি দীঘলকৈ উশাহ অলপ ভৰাই মুখখন টিপি যিহে এটা পজ দিলে গাঁতত সোমাই থকা পেটতো আমাৰ ফালে বেলুনতোৰ দৰে বাঢি আহিল লগতে বিপৰিত দিশৰ পৰা এটা প্ৰকান্ড গোন্ধযুক্ত শব্দ । বচ সেইযে জগ্গুদাৰ জিম এৰিলো আজিলৈকে আৰু ডাম্বেল দাঙি পোৱা
নাই ।বিয়াৰ পিচত
জগ্গুদাই প্ৰায় মোৰ লগ এৰিয়েই পেলালে, পিচে হঠাৎ যোৱা এসপ্তাহ মানৰ পৰা আকৌ আহি লম্ভিলহি
। এইবাৰ প্ৰাতঃভ্ৰমন মানে মৰ্নিংৱাক ।শ্ৰীমতীৰ আগত প্ৰাতঃভ্ৰমনৰ যিমানখিনি
উপকাৰৰ কথা বখানিলে, মোৰ বাহিৰে
পৃথিৱীৰ সকলোকে জ্ঞানী বুলি ভবা, মোৰ সুখৰ চকুচৰহা শ্ৰীমতীয়ে
পিচদিনাইগৈ বগা হাফ পেন্ট আৰু বগা কাপোৰৰ জোটা এযোৰ কিনি আনিলেগৈ । আৰু জগ্গুদা, বেটাই কাউৰীমৰ্নিংতে আহি হাজিৰ। মোক বিচনাতে বিদায়দি শ্ৰীমতীয়ে ফষ্টিমাৰি শুই থাকিল ।প্ৰথমতে জগ্গুদাই লাহে লাহেই খোজ দিছিল, পিচে অলপ চাৰ্জ হোৱাৰ পিচতেই যি বেগ দিলে মই
এক প্ৰকাৰ দৌৰিবললৈ বাধ্য হলো । এবাৰ জগ্গুদা আগবাঢে
এবাৰ মই । শেষলৈ মোৰ খোজৰ অবস্হা বহু বছৰ পিছত গোহালীৰ পৰা ওলায় অহা যাৰ্চি
গৰুজনীৰ খোজৰ দৰে হবলৈ ধৰিলে, তথাপি
আত্মসন্মান বুলিওতো এটা বস্তু আছে ।হাৰ নামানিলো, বিনা নিচাত লৰক ফৰক খোজদি গৈ থাকিলো ।বাটত বৰুৱানী আৰু অচিনাকি দুই এজনক বিলাতি
আৰু ভটুৱা চাৰিঠেঙিয়াৰ ২নং কামতো কৰা একান্তমনে চাই তৃপ্তি লভি থকা দেখা পালো ।বৰুৱানী্য়েতো কৈ্য়ে পেলালে জানো এওঁ আনিলে
ডনে কিয় ইমান টাইম লই হে হে হে।মোৰ কাষেদি ডাঙৰ চাৰিঠেঙিয়াৰ সৰু সংস্কৰন এটাই জিভা মেলি হেফাই
ফোফাই পাৰহৈ গল ।দেখা পালো
কমেও ১৫ জন মান মানুহে হাত এবাৰ তললৈ এবাৰ ওপৰলৈ কৰি খুব জোৰে জোৰে হাঁহি আছে । ওচৰলৈ যাব অলপ ভয়ো লাগিল । দুজনমানে ৰাষ্টাৰ দাতিঁৰ চাহ বিস্কুট খাই ডায়েবেটিছ ৰোগ উপষমৰ
সুন্দৰ বত্তৃতা দি থকা শুনা পালো ।ভৰি কেইটাই কিমান দুৰ পোৱালেগৈ নাজানো কিন্ত হঠাৎ এৰাল এৰি প্ৰেমিকা
বিছাৰি দৌৰ মৰা চাৰিঠেঙিয়া এটা আৰু ৰাষ্টাৰ এপাল একে প্ৰজাতিৰ চাৰিঠেঙিয়াই যিহে চোঁচালৈ
আহিল একে জাঁপে মই ৰেল ক্ৰচিংৰ লোহাডালত উঠি দিলো । এড়াল ছিঙাটোৰ মালিকে সাম্ভাব্য বিপদৰ পৰা মোক আৰু ৰাষ্টাৰ পালটোক
বচালে । জগ্গুদা ইতিমধ্যে বহুদুৰ পাইছিলগৈ । মই বোলো এইটোৱে সুযোগ ।পিচে খোজদিবলৈ চাও ভৰি লৰ চৰেই নকৰে । লগালো শ্ৰীমতীলৈ ফোন বোলো মোৰ ভৰি দুখন বেহুছ হৈ গল স্কুটিখনলৈ
সোনকালে আহা ……
(Don’t take it
otherwise…Its Just a story… Everybody should go for a walk in the Morning for a
healthy life…start it today..Jagguda is still walking and you…..)
No comments:
Post a Comment