Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-7)

হে ৰি বেৰত পিঠিখন ঘঁহি আছে কেলৈ?
ৰ'বা হে পিঠিখন খজুৱাই আছিল৷ হৰেণৰ দোকানতগৈ বোলো হৰেণ বিছাই ডাকিলে হ'বলা অ' , চূন অকন পিঠিত লগাই দেছোন৷ সি এলেপা লগাই দিলে৷ খজুৱতিটো কমিল পিছে ভাবিলো চূনকননো কিয় অবাৱত যাব দিও৷ সেয়ে বেৰখনত ঘঁহি আছিলো৷
হ'ব দিয়ক খজুৱতি মৰিল যদি সাউতকৈ দোকানৰ পৰা নিমখ অলপ কিনি আনকগৈ৷ আঞ্জাত দিবলৈ নিমখ নাই৷
হেই মৰতি এই গৰমৰ দিনখনতো ঘৰত নিমখৰ অভাৱ হ'ল নে হেৰৌ?
গৰমৰ দিনৰ লগত আকৌ নিমখৰ কি সম্বন্ধ৷
সম্বন্ধ আছে আকৌ৷ আজি ভাত খাওতে বিচনী নোলোৱাকৈ জুহালতে ভাত দিবি মোক৷ মাজে মাজে হাতত চেলেক দুটা মাৰি দিলেই চলি যাব৷
ভগবানে সকলো দিছে বুজিছ৷ আমি চলিব নাজানো বাবেহে৷ এই জীৱজন্তু বোৰেনো ক'ত কন্ট্ৰলৰ দোকানৰ পৰা নিমখ কিনি খোৱা দেখিছ? প্ৰকৃতিত কেৱল আমি মানুহবোৰেহে নিমখ কিনি খাও৷
ইয়ে পাই, মই আজিহে গম পালো সিহঁতে গাটো কিয় চেলেকি থাকে৷ হ'ব দিয়ক গৰমৰ দিন কেইটা নিমখ নিকিনিলেও চলি যাব এতিয়াৰে পৰা৷
পিছে পুৱা দাঁত মাজিবলৈ কলগেট নাই যে?
উফ উফ উফ৷ কেৱল ইটো নাই সিটো নাই৷ হেৰৌ এদিন দাঁত কেইটা এনেও সৰিবই৷ দাঁত ব্ৰাছ কৰিলেই বুলি কোনটো মানুহক তই দাঁত নসৰাকৈ থকা দেখিছ? হেৰৌ বাঘৰ দাত দেখিছ? হাতীৰ দাঁত? সিহঁতে কিমান কলগেট দি দাঁত মাজে অ? আমাৰ ককা আজুককাহঁতেনো কৰ কলগেট ডাল দেখা পাইছিল?
অ' খা তেনেহ'লে কিহৰে ধুৱ?
হেৰৌ ভোতোৰা ঠাৰি অলপ চিঙি থৈছো৷ চিন্তা নকৰিবি৷ কলগেটৰ বাপেক হয়৷
যা যা সাউতকৈ ভাত কেইটা দেগৈ৷ সোনটোহঁতৰ ঘৰৰ মাছৰ জোলৰ গোন্ধ ইয়ালৈকে আহিছে৷ গোন্ধটো আহি থাকোতেই ভাত কেইটা খাই লও৷

No comments:

Post a Comment