Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 16

ধুদুম ধুদুম ধুদুম....
সুত্ৰধাৰী পাৰ্থসাৰথী ভূঞাই ডবাৰ কোব শুনিয়েই দৌৰা দৌৰিকৈ আহি বোলেঃ
সূত্ৰ ঐচনে প্ৰকাৰে পঞ্চপাণ্ডৱে পাশাত হাৰিয়া বনবাসে গমন কৰল৷ তাক দেখহ শুনহ, নিৰন্তৰে হৰি বোল হৰি৷
(অ' জয়ন্তদা সুত্ৰধাৰীয়ে জানো ডিঙিত সাপ মেৰিয়াই৷ শিৱই হে লয়৷
হেই এইডাল আখৰা চা, সেইডাল সাপ নহয় অ' চেটিচকোপচ্৷ স্কুলৰ বাৰাণ্ডাতে বেমাৰী বহাই থৈ দৌৰ মাৰি আহিছে ডবাৰ মাত শুনি)
দাদা, মোক কিন্তু হনুমানৰ ভাও লাগিব৷
ডাইৰেক্টৰ ভাস্কৰৰ আগত ৰাজীৱ ৰিয়ানে চবিনাৰ চুৰ্ণীকনৰে নেগুৰ এডাল বনাই ককালৰ পিচফালে পেন্টত খুচি নেগুৰৰ এটা মুৰ হাতত লৈ মুখ খন ফুলাই কৈ গ'ল৷
ভাস্কৰে বোলে হেৰৌ মহাভাৰত আকৌ হনুমান কেনেকৈ ওলাব?
ৰাজীৱে বোলে কিয় ভীমক যে হনুমানে নেগুৰডাল ডাঙি চাইড হৈ যাব কৈছিল বনবাসত থাকোতে৷ ভীমে যে নেগুৰডাল ডাঙিব পৰা নাছিল৷ আৰু কুৰুক্ষেত্ৰ ৰণ হওঁতে হনুমানক যুদ্ধত নিমন্ত্ৰণ কৰিচিল৷ হনুমানে যে ক'লে মই বুঢ়া হৈছো, মোৰ টিকাৰ নোম কেইডালকে লৈ যা ৰথৰ আগত বান্ধি লবি৷ কৃষ্ণ-অৰ্জুনৰ ৰথৰ পতাকাখন চাবচোন তাত হনুমান হে অঁকা থাকে৷
ভাস্কৰে বোলে বাপ্পা ঐ তই দেখোন তামাম জান ঐ৷ তোক ৰোল দিবই লাগিব৷ পিছে হুনুমানেই কিয় হব বিছাৰিছ?
ৰাজীবে বোলে ভীমৰ ভাও লোৱাৰ মন আছিল পিছে ভীম আপোনালোকে আৰু হিমাংশু ভাগৱতীক দিয়েই দিলে৷
ভাস্কৰে বহু সময় ভাবি বোলে হ'ব যা তোক ভীমৰ ভাৱেই দিম পিছে ছৌতা ভীমৰ৷ এনেও পঞ্চপাণ্ডৱে পাশাত হাৰি বনবাস যাব ওলাইছেই তই ছৌতা ভীম হৈ সিহঁতক জংঘলত হেল্প কৰা চিন এটা দি দিম মাজতে মিলাই মেলি৷
ৰাজীৱে চবিনাক টানি আনি বোলে এইক কিন্তু চুটকি ৰোল দিব লাগিব৷ মই হ'ব বুলি কওঁতেহে তাইৰ নেগুৰডাল দিছে৷
ভাস্কৰে বোলে তহঁত দুটা যদি ছৌতা ভীম আৰু ছুটকি হও কালিয়াও লাগিব নহয় এটা৷
আখৰা চাই থকা মানুহৰ মাজৰ পৰা আদিত্যই বোলে ভাস্কৰদা মই হ'ম৷ এই বুলি আদিত্য দৌৰ মাৰি আহি অমিতাভ বচ্চনৰ কালিয়া চিনেমাৰ দৰে এটা হাত ককালত দি এটা আগুৱাই বোলে
"হম ভি ঔ হে যৌ কিচিকি পিছে খাৰা নেহি হৌতে৷ হম জাহা খাৰা হৌতা হে লাইন ৱহি চে চুৰু হৌতা হে.....
ভাস্কৰে বোলে অই মাৰত মৰা, মহাভাৰতত অমিতাভ বচ্চন ক'ৰ পৰা আহিব অ'৷ মই ছৌতা ভীমৰ কালিয়াৰ কথাহে কৈছিলো৷
আদিত্যই বোলে মহাভাৰতত যদি ছৌতা ভীম আহিব পাৰে অমিতাভ বচ্চনো আহিব লাগিব৷ লাগিলে পঞ্চপাণ্ডৱহঁত পঢ়া দ্ৰৌণাচাৰ্য্যৰ গুৰুকুলৰ এচিচটেন্ট টিচাৰ এটাকে বনাই দিয়ক অমিতাভক৷
ভাস্কৰে বোলে মোৰ ইমান ইমাজিন কৰিব পৰা ধৈৰ্য্য শক্তি নাই আৰু আদিত্য৷ তই এতিয়াই ভাগ ইয়াৰ পৰা৷ নহ'লে মই পাহৰি যাম যে মই ডাইৰেক্টৰ হয় , চিধাই বাবা ভোলানাথৰ ৰূপত আহি তাণ্ডৱ মছাই দিম৷ কৈ দিলো৷ ভাগ কৈছো ভাগ....
আদিত্যই লাহে লাহে এখোজ দুখোজ কৈ আতৰি পিচফালে ভাস্কৰলৈ চাই বোলে....আপ নে জেইল কি দিৱাৰৌ অউৰ ঝঞ্জিৰৌ কা লৌহা দেখা হে জেইলৰ চাহাব....কালিয়া কি হিম্মত কা ফৌলাড নেহি দেখা৷
ভাস্কৰে তই গলিনে? তোক মই জড়াসন্ধৰ ৰোল দিম আৰু ভীম মই দুয়োতাই মিলি দুফাল কৰিম চাই থাক৷
এনেতে দ্ৰৌপদীৰূপী ধ্ৰুৱজ্যোতি অৰ্জুণ আহি বোলে ভাস্কৰদা বনবাসৰ ৰোল খিনি চাদৰ মেখলাৰ বদলি কিবা বেলেগ ড্ৰেছ দিব নোৱাৰিনে? মোৰ ৰোলটো দিঘলীয়া যে এই ছাদৰ মেখলাদি বাৰে প্ৰতি টইলেট কৰিব যাওতে জুটিপুতি খাও৷
ভাস্কৰে খঙতে বোলে হ'ব মই নৱকৃষ্ণক কৈ তোৰ বাবে মিনি স্কাৰ্ট এটা চিলাই দিম৷ হ'লটো?
দ্ৰৌপদীয়ে বোলে বেছি অকন৷
এনেতে কৃষ্ণৰুপী ৰিন্টুমনি দত্তই আহি ভাস্কৰক কানে কানে কিবা ফুচফুচাই ক'লে৷ ভাস্কৰে বোলে মোৰ মেথাটো চবেই গৰম কৰি দিলি৷ অলপ সময় ব্ৰেক৷ সকলোৱে চাহ পানী কি খাই খাই লওঁক৷ মই আহি আছো.....

No comments:

Post a Comment