Friday 5 October 2018

কাজিৰঙা দৰ্শন


বৈত্ৰিশ দন্ত বিকশিত জিমি আৰু পিছফালৰ এন আৰ চিত নাম নহা বাংলাদেশৰ পৰা কাঁটা তাঁৰ পাৰ হৈ অহা মুখত কাপোৰধাৰী নাৰী মুৰ্তি কেইগৰাকী সিদিনা কাজিৰঙা চাবলৈ আহিছিল৷
কাজিৰঙাত আহি পাই কহঁৰা গেটৰ সন্মুখতে চিমেন্টৰে বনাই থোৱা গড়টো দেখি জিমিয়ে "অ মা এইটো কি?" বুলি মুচকচ গ'ল৷ পিছত যেনিবা ফৰেষ্ট গাৰ্ড জনে ভন্টি এইটো চিমেন্টৰ হে অৰিজিনেল নহয় বুলি মুখত পানী এচলু ধালি দিওতে যেন তেন হুচ আহিল৷
যি কি নহওঁক জিমি আৰু বাকী নৰা বগৰী মানে নাৰী কেইগৰাকীক লৈ জীপচি আগবাঢ়িব ধৰিলে৷ গাড়ী গৈ আছে, জিমিৰ আনন্দৰ সীমা নাই৷ হঠাতে ফৰেস্ট গাৰ্ডজনক বোলে দাদা জীৰাফ থকা ফালে গাড়ীখন লৈ যাওঁকচোন৷
ফৰেষ্টগাৰ্ড জনে হিকটি এটা মাৰি বোলে বাইদেউ জীৰাফবোৰ বৰ ওখ যে দিনৰ দিনটো ঠিয় হৈ থাকি ভৰি বিষায় সেয়ে এইখিনি সময়ত মাটিত লেপেটা কাঢ়ি বহি অলপ শুৱে৷
জিমিয়ে বোলে অহ ন'৷ তেন্তে জেব্ৰা থকা ফালে গাড়ী ঘুৰাওক৷ কাজিৰঙা আহি যদি জেব্ৰা এটা নেদেখো ঘৰত গৈ কি কমগৈ৷
গাৰ্ড জনে বোলে বাইদেউ হাতি গড় এইবোৰ নাচাই আপুনি চিধা জিৰাফ আৰু জেব্ৰাত ধৰিলে যে?
জিমিয়ে বোলে এ এচ টি চিৰ গাড়ীত দৌৰি থকা গড়টো দেখিয়েই থাকো আৰু হাতি কিয় চাম? আমি এজিপিৰ মানুহ৷
জিমিয়ে বোলে ইয়াত টাইগাৰ পাইনে?
গাৰ্ডজনে বোলে পাই বাইদেউ৷ পিছে আপোনাৰ যিটোহে চেহেৰা টাইগাৰে ভয় খাই পলাব৷
জিমিয়ে বোলে তেনেহ'লে কি দাল চাম?
গাৰ্ডজনে বোলে ম'হ চাওঁক, হৰিনা চাওঁক৷
জিমিয়ে বোলে হেৰৌ, মই মহৰ পিঠিত বহি বিহু গোৱা ছোৱালী৷
গাৰ্ডজনে বোলে আপোনাক দেখি লাগিছে বাইদেউ৷ মহে চাগৈ পিঠিত বগলি বহিছে বুলি চিকৰা গুচাব দিয়ে৷
সিংহ চাব নেকি বাইদেউ?
জিমিয়ে বোলে ক'ত ক'ত?
গাৰ্ডজনে দুৰৈত থকা বনৰীয়া মেকুৰী এটা দেখাই বোলে এইটো৷
জিমিয়ে বোলে এইটো দেখোন দেখিবলৈ মেকুৰী নিচিনা?
গাৰ্ডজনে বোলে গুজৰাটৰ পৰা আহোতে আহোতে বেছেৰাটো শুকাই ক্ষিনাই গ'ল৷ তাতে আজি আপুনি আহিব বুলি সিংহই কেশৰ চেশৰ বোৰ চেভ কৰি মিলমিলিয়া হৈ আহিছে ৷
জিমিয়ে ম'বাইলটো উলিয়াই মেকুৰীটোকে সিংহ বুলি ফটো দুখনমান ল'লে৷
জিপচি গৈ আছে ৷ এনেতে আগ ফালে বান্দৰ এটা জিপচিত জপিয়াই দিলে৷
জিমিয়ে বোলে চাল্লা, তই ইয়ালৈকো আহিলি?
গাৰ্ডজনে বোলে বাইদেউ আপুনি বান্দৰটোক চিনি পাই?
জিমিয়ে বোলে কিয় নাপাম? মই স্কুললৈ গ'লে, গাওঁৰ চাৰিয়ালিটোৰ ঔটেঙা জোপাৰ পৰা সদায় ই বেটাই মোক জোকাই লাইন দিয়ে৷
গাৰ্ডজনে পানী এচলু নিজৰ মুখতে চতিয়াই ল'লে৷
গাড়ী গৈ আছে, এনেতে অলপ দুৰৈত গৈ জিমিয়ে দুৰৈৰ পৰা অ' মা সেইটো সেইটো বুলি চিঞৰ মাৰি দিলে৷ ফৰেষ্ট গাৰ্ডজনে আকৌ মুখত পানী এচলু ধালি কি কি বুলি সুধিলে৷
জিমিয়ে বোলে ডাইন'চৰ ডাইন'চৰ.....
ফৰেষ্টগাৰ্ড জনে বোলে বাইদেউ এইখন কাজিৰঙা নেচনেল পাৰ্ক হে জুৰাচিক পাৰ্ক নহয়৷ সেইটো ডাইনচৰ নহয় হাতীহে৷

********************
গাওঁবুঢ়া কাইটিৰ চন্দ্ৰ যাত্ৰা
সৰুৰে পৰা বৈজ্ঞানিক হ'ম বুলি মনতে আশা পুহি ৰখা গাওঁবুঢ়া কাইটিয়ে অৱশেষত নিজৰ আশা হৰণ কৰিলে ৷ ৰ'ব, আশা মানে "মন হিৰা দৈ চাইকেল নহয় টিলিঙা" শীৰ্ষক গীতটো গাই যি গৰাকীৰ পিছফালে হাফ পেডেল মাৰি মাৰি শেষত চাইকেলৰ কেৰিয়াৰত বঢ়াই বিহু দেখাবলৈ নিম বুলি ঘৰ পোৱালেহি, সেইগৰাকীৰ কথা কৈছো ৷ আই মিন আমাৰ বৌৰ কথা ৷ বৌ নমস্কাৰ দেই ৷
বাৰু যি কি নহওঁক বৌক হৰণ কৰি অনাৰ পিছত ফটা ঢোল কোবাই সকলোকে কৈ দিলে নহয় বোলে আমি হনিমুনত চন্দ্ৰ যাম ৷ বৌৱে উচপ খাই উথিল বোলে চন্দ্ৰত ষ্টাৰ হোটেল নাই গতিকে মই নাযাও ৷ কাইটিয়ে বোলে হেৰৌ কাঁচি জোনৰ কাষৰ ষ্টাৰটো দেখা নাই নেকি, তাতে থাকিম আমি ৷ দাৰ্জিলিং , কাশ্মীৰ চুইজাৰলেন্ড সকলো যায়, আমি বৈজ্ঞানিক মানুহ যেতিয়া অলপ আনকমন ঠাইত যাওঁ ৷ মুঠতে হনিক মুন নিবলৈ দাদা সাজু ৷ সৰুৰে পৰা দেৱালীত নুফুটা ফটকা বোৰ পুৱাই গোটাই থোৱা দাদাৰ এটা সৰুকালৰে পৰা স্বভাৱ আছিল ৷ তাৰে ভলুকা বাঁহৰ আগত ৰকেট বান্ধি দুই এবাৰ দহ বিশ ফুট উপৰলৈ উৰি দুই এক সফল পৰীক্ষাও কৰি থৈছে ৷ যি কি নহওক পূৰ্ণীমাৰ দিনা চাইকেল খনৰ আগচকা চন্দ্ৰপৃষ্ঠলৈ টোৱাই পিছফালে ৰকেট সমুহ বান্ধি দিয়া হ'ল ৷ ৰেইনকোট, হেলমেট আদি পিন্ধি দুয়ো সাজু ৷ ৰকেটৰ নেগুৰত জুই দিবলৈ চম্পাদকক কোৱা হ'ল আৰু হনিমুন যাত্ৰাৰ লাইভ টেলিকাষ্ট কৰাৰো সম্পুৰ্ণ ব্যৱস্থা কৰা হ'ল ৷ পৃথিৱীৰ সকলো নিউজচেনেল পেপাৰত ডাঙৰ ডাঙৰ হৰফৰে নিউজ ওলাল " অসমৰ প্ৰখ্যাত বিজ্ঞানী হনিমুনৰ বাবে চন্দ্ৰলৈ" ৷ লাজতে ৰঙাপৰা আমেৰিকাৰ ৰাষ্ট্ৰপতীয়ে চন্দ্ৰ পৃষ্ঠৰ সবিশেষ জনাবলৈ গাওবুঢ়া কাইটিৰ লগত নাচাৰ দুজন মান বৈজ্ঞানিকো লগতে পঠোৱাৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও হনিমুনৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত সেই প্ৰস্তাৱ পোন চাতেই গাওঁবুঢ়া কাইটিয়ে নাকচ কৰিলে যদিও সবিশেষ খবৰ ফেচবুকত লাইভ দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিলে ৷ অৱশেষত খোবাহিৰ দিনা ৰাতি দুয়ো চাইকেলত বহি চন্দ্ৰপৃষ্ঠলৈ যাবলৈ সাজু হ'ল ৷ ৰকেটৰ নেগুৰত জুই দিয়াৰ কিছু সময় পিছতে সকলো ধুৱলি কুঁৱলী হ'ল ৷ দুই একে আকাশলৈ বুলি কিবা এটা উৰি যোৱা দেখি ঈশ্বৰৰ কিবা লীলা বুলি সেৱাও কৰিলে ৷ অলপ পিছতে ফেচবুকত ষ্টেটাছ আহিল "চেফ্টলি লেন্ডেড অন মুন " ৷ লাইক আৰু কমেন্টৰ বাবে ফেচবুক চাৰ্ভাৰ হেং মাৰি যোৱাত পুৰ্ণিমা নিশা কি ঘটিলে খবৰ পোৱা ন'গল ৷ পিছ দিনা পুৱা বৈজ্ঞানিক গাওবুঢ়া কাইটি আৰু বৌক লাইভ দেখা গ'ল ৷ সকলোকে চন্দ্ৰ পৃষ্ঠৰ বৰ্ণনা দিব ধৰিলে ৷
সকলোৰে প্ৰশ্ন : চন্দ্ৰপৃষ্ঠৰ বৰ্তমান পৰিবেশ কেনেকুৱা ৷ অভাৰ টু গাওবুঢ়া কাইটি
গাওবুঢ়া কাইটি: পুৱা চাৰি মান বজাতে ইয়াত সুৰ্য্য উদয় হয় ৷ অসমৰ লগত পৰিবেশ প্ৰায় একেই ৷ খাল ডোং হাবি বন জংঘলৰে ভৰ্তি ৷ আৰু সকলোকে জনাও যে চন্দ্ৰত মানুহ জন্তু বায়ু পানী নাই বুলি কোৱা কথাবোৰ সম্পুৰ্ণ ভিত্তিহীন মিছা কথা ৷ আমি দুয়োৱে এশিঙীয়া গড় দেখিব পাইছো তথা নিলা লুঙী বগা টুপি পিন্ধা কেইজনমানক পুৱাই হাতত ঘটি লৈ জোপোহাৰ মাজত বাহি কাম কৰাও দেখিবলৈ পাইছো ৷ এই কথাই অবৈধ বাংলাদেশী চন্দ্ৰ পৃষ্ঠতো আছে বুলি প্ৰমানিত হৈছে ৷
লাইভ টেলিকাষ্ট দেখি প্ৰায় সকলো বেহুছ হ'ল যদিও নাছাৰ বৈজ্ঞানিক কেইজনমানে চেটেলাইট যোগে জি পি এচ পৰিক্ষন কৰি গ'ম পালে যে কাইটিৰ ৰকেট গৈ 26.5775° N, 93.1711° E ত লেন্ডিং কৰিলে অৰ্থাৎ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ লগে লগে তেওঁলৈ ঘৰৰ মানুহে ৱাটচ আপত মেচেজ কৰিলে বোলে বোপাই তিনিটা বজাত এ এচ টি ছি খন চন্দ্ৰৰ পৰা গুৱাহাটি আহে, তাতে বহি বোৱাৰীক লৈ ঘৰৰ ল'ৰা ঘৰলৈ আহ বোপাই ৷

No comments:

Post a Comment