Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 14

শকুনি কলৈ গ'ল অ?
"দ্ৰৌপদীৰ ফোনৰ ৰিচাৰ্জ কৰিব গৈছে৷" সোনটোৱে ভাস্কৰক ক'লে৷
কালি দেখোন ম'বাইল লৈ বন্দিতাই বিজয় বধ ভাওনা কৰিছিল, আজি দেখোন হাতত হাত ধৰি ৰিচাৰ্জ কৰিব গ'ল?
সোনটোঃ- অ ভাস্কৰ দা বিয়া নাপাতিব পাৰো কিন্তু ৰভাতলিত বহিছো৷ মতা মাইকীৰ কাজিয়া কাঁহি বাটিৰ দৰে৷ লগে ভাগেও থাকে আকৌ খুটুং খাটাং লাগিও থাকে৷
ভাস্কৰঃ- ৱাহ ৱাহ ৱাহ৷ কেলেপ কেলেপ কেলেপ৷ তই দুঃশাসন হ'ব পাৰ কিন্তু কথা পাণ্ডৱৰ দৰে ক'ব লৈছ৷ বাৰু বাকী কেইজনক মাত পাণ্ডবৰ বনবাস দিয়া ৰিহাচেল কৰো৷
Objection my lord,
পাণ্ডবক বনবাস দিয়াৰ জাজমেন্ট কোনে দিলে? আইন হাতত তুলি ন'লব কিন্তু৷ এই বুলি ক'লা কোট হাতত ফাইল এটা লৈ শেখৰ জ্যোতি বৰা ঘপঘপকৈ সোমাই আহিল৷
ভাস্কৰঃ- ৱাহ, নতুন কোট৷ ফেচবুকত দেখিছো আজি৷
শেখৰঃ- ভাওনাৰ বাবে চিলায়েই ল'লো৷
ভাস্কৰঃ- ক'লা কোট পিন্ধি কুৰুক্ষেত্ৰত কিহৰ ৰ'ল ল'বা হে তুমি?তোমাক দেখোন মিউজিকৰ দায়িত্বহে দিয়া হৈছিল৷
শেখৰঃ- আনে ভাও ল'ব আৰু মই কি বেহেলা বজাই থাকিম নেকি? দেৱজিতদাক কৈ মই মোৰ পাৰ্ট লিখাই আনিছো৷
ভাস্কৰঃ- এইখন কি নাটক হ'বগৈ? হে প্ৰভূ, নাট্যকাৰে দেখোন ডেইলি এটা এটা চৰিত্ৰ জোৰা দি গৈয়ে আছে৷
শেখৰঃ- সেইবোৰ বাদ দিয়ক, ভিক্টিম মানে দ্ৰৌপদী আৰু বাকী সিদিনা বস্ত্ৰ হৰণত যি উপস্থিত সকলোকে মাতক৷ আৰু এটা কথা মোৰ পাৰ্ট শেষ নোহোৱালৈকে কোনো দেশ এৰি মানে ৰিহাচেল এৰি যাব নোৱাৰিব৷
ভাস্কৰঃ- তোমাৰ ৰ'লটো কি?
শেখৰঃ- আপ কি আদালতৰ ৰজত শৰ্মাৰ৷
ভাস্কৰে মূৰে কপালে হাত দি বোলে অই কোন ক'ত কালি কেনেকৈ আছিলি সৱ নিজৰ নিজৰ ঠাইত বহ হি৷ মহাভাৰতত ৰজত শৰ্মা আহিছে৷
হেমন্তদাঃ- মহাভাৰতত আকৌ ৰজত শৰ্মা ক'ৰ পৰা ওলাল হে বাপ্পাহাৰে৷ শৰ্মা উপাধীৰটো কোনো নাছিল মহাভাৰতত৷
মানস শইকীয়াঃ- হেৰি কাকতি দা ভীস্ম, দ্ৰোণাচাৰ্য, দুৰ্যোধন কৃষ্ণ কাৰ নামৰ পিচত আপুনি শইকীয়া, বৰা, হাজৰিকা উপাধী দেখা পাইছে হে? ডাইৰেক্ট শৰ্মা উপাধী নাই শুনা কলে যে?
কাকতিদাঃ- তেনাই হ'লি এইটো কোন?
মানস শইকীয়াঃ- ৰাইজৰ আদালতৰ মানুহ৷
কাকতিদাঃ- বাপ্পই মহাভাৰতত কেচ কুনি দিলাক?
শেখৰে কাকতিদা আৰু মানসদাৰ কথা শুনি বোলে চাওক, কালি ইয়াত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হৈছিল৷ এগৰাকী নাৰীৰ বস্ত্ৰ হৰণ কৰাৰ অপৰাধ আপুনি কি জানেনে? According to 354B IPC section 509, Any man who assaults or uses criminal force to any women.....compelling her to be naked, shall be punished with imprisonment of ....three years but which may extend to seven years, and shall also be liable to fine.
ইংৰাজীত শেখৰে ফৰফৰাই কোৱা কথাখিনিৰ অৰ্থ ভাঙনী কৰাৰ আগেই ভীষ্মৰূপী হেমন্তদাই কাৰো ফালে নোচোৱাকৈ দৌৰ মাৰি গৈ যোৱা কালি বহা চকীখনত ভৰি উঠাই বহি ল'লেগৈ৷
354B IPC শুনাৰ লগে লগেই দ্ৰোণাচাৰ্যৰূপী নাজিমদা আৰু কৃপাচাৰ্যৰুপী ৰামানুজদা আগতেই গৈ চকীত বিৰাজমান৷
কাকতিদাই দ্ৰোনাচাৰ্যৰ কানত ফুচফুচাই বোলে কিবা সুধিলে আমি নাছিলো বুলি ক'বা, বুজিছাটো৷ কেচ টু মাইকী কেচ৷
দ্ৰোণাচাৰ্য্যৰূপী ৰামানুজদাই বোলে কি কয় হে কাকতিদা ব্যাসে নিজেই লিখি গৈছে ভীষ্মও বস্ত্ৰহৰণত উপস্থিত আচিল বুলি৷ এতিয়া আপুনি নাছিলো বুলি ক'লে হ'বনে?
কাকতিদাঃ- কিহেনো পাইছিল বুঢ়া ভিষ্মক সেইদিনা ৰাজসভাত থাকিবলৈ? নিজেটো শৰসয্যাত পৰি মৰিলেই এতিয়া মোকো মাৰিব৷ এই বুলি কৃপাচাৰ্য নাজিমদাক বোলে নাজিম হেৰি নহয় ৰোলটো চেঞ্জ কৰবা পাৰিম না? নাল্গে হে মোক ভীষ্মৰ ৰ'ল, কিবা ৰজাৰ কাষত পাংখা ঘুৰে থাকা ৰ'ল টো দিলিও হ'ব৷
কৃপাচাৰ্যঃ- আপুনি ভুল কৰা নাই যেতিয়া ভয় কিয় খাইছে?
কাকতিদাঃ- হুহ বাচা, ভুল কৰা নাই? হেৰৌ চকুৰ আগত নাতি বোৱাৰী দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰলাক আৰু আপনি মই একো নামতিলো৷ আমি কি ভুল কৰা নাই৷
ধৃতৰাষ্ট্ৰৰূপী গৌৰীশংকৰদাঃ- পাইচানা তুন্হাই? মইটো একো চাবাই নাপল্লো৷ কি হৈছি মই একো নাজনো৷ এতিয়া চকু থাকা তোন্হাই মৰা য'ত মৰা৷
কাকতিদাঃ- আপনি মাত নামাতবৌ৷ আপনাৰ কাৰণেই এইগ্লা হৈছি৷ ছলি ডাঙৰ কৰচি সেয়া৷ মোক কিহে পাইছিল বাপাহাৰে এই বুঢ়া বয়সত নাটক কৰবাগ গেলি৷ বিজয় মৰাতুই নাটাক পাতি মহিলা সমিতি মাতলাক এতিয়া আদালতো পোৱালাক৷
কৃপাচাৰ্যঃ- হেৰি কাকতি দা, নাটক হে হেৰৌ৷ ভয় খাইছে কিয়?
কাকতিদাঃ- জানো এ নাটাক বুলি, ভয় খোৱাৰ এক্টিং কৰচো৷ তুন্হাৰ দৰে নহয় কেৰেক্টাৰত সোমাব ন'ৰা৷ এহ এক্টিং কৰবা আহে৷
শেখৰঃ-অৰ্ডাৰ অৰ্ডাৰ বুলি লোহাৰ হাতুৰি এটা লৈ টেবুলত দুমাৰ মাৰি বোলে মনে মনে থাকক৷ মই মোৰ কাম আৰম্ভ কৰিব লৈছো৷ মই যি যি সুধিম সকলো ঠিক মতে কৈ যাব৷ প্ৰথমতে গীতাত হাত ৰাখি কওক যে যি ক'ম সঁচা কম সঁচাৰ বাহিৰে একো নকও৷
কৃষ্ণৰূপী ৰিন্টুমনিদাঃ- হেৰি নহয়, কুৰুক্ষেত্ৰ যুদ্ধ দেখোন হোৱাই নাই৷ মই অৰ্জুনক মানে দেৱজিতক গীতা পঢ়োৱাই নাই৷ মই কোৱাৰ আগতেই গীতা কোনে লিখিলে?
(দুই বুঢ়াৰ কথোপকঠনঃ
@সখী, দেখিছা আইনৰ ওচৰত কোনো সাৰি নাযায়৷ মহাভাৰতৰ দিনত আইন নাছিল বুলিহে৷
%% হয় দেই সখী, ঠিক কৈছা৷ গীতা ভাগ মহাভাৰত যুদ্ধ হোৱাৰ আগতেই যদি কৃষ্ণই ক'লে হয় যুদ্ধই নালাগিল হয়৷)
শেখৰঃ- বাৰু গীতা নাই যেতিয়া ৰিন্টুৰ শপত খাইয়েই সকলোৱে কওঁক যে যি কম সঁচা কম সঁচাৰ বাহিৰে একো নকও৷
ৰিন্টুমনি দত্তঃ বোপাই হঁত অ সঁচা কবি হঁত৷
শেখৰে দ্ৰৌপদীৰূপী ধ্ৰুৱজ্যোতি অৰ্জুনৰ কাষত গৈ বোলে তুমি ইয়ালৈ কিয় আহিছিলা?
দ্ৰৌপদীঃ- মই অহা নাছিলো, মোক চুলিত ধৰি চোচোৰাই আনিছিলে৷
শেখৰঃ- পইন্ট টুবি নটেড৷ চুলিত ধৰি চোচোৰাই আনিছিল৷ মনত পেলোৱা কোনে আনিছিল৷ ভয় নকৰিবা এইখন ধৃতৰাষ্ট্ৰ ৰাজসভা নহয় মোৰ আপ কি আদালত হয়৷
দ্ৰৌপদীঃ- দুঃশাসনে?
শেখৰঃ- দুঃশাসন৷ আই চি ৷ দুঃশাসন ক'ত?
দ্ৰৌপদীৰ পিচফালে ভয়তে লুকাই থকা দুঃশাসনে লাহেকৈ বোলে মই ইয়াতে আছো৷
শেখৰঃ- মহিলাক চুলিতধৰি টানিছে, Section 354 A. Physical contact and advances involving unwelcome and explicit sexual overtures.
দুঃশাসনঃ- মই নিজে ইচ্ছা কৰি অনা নাই, দাদা দুৰ্যোধনে কৈচিল৷
শেখৰঃ- অহ, মেইন মানুহ বেলেগ৷ কোনটো দুৰ্যোধন?
দুৰ্যোধনঃ- মোৰ কি ভুল যুধিস্থিৰে নিজেই ঘৈনিয়েকক পাশাত লগাইছিল৷
শেখৰঃ- অহ গেম্বলিং, ইয়াত মানে সকলো হৈছিল৷ ৰিন্টুমনি মানে কৃষ্ণ, তুমি থাকোতেও এইবোৰ কেনেকৈ হ'বলৈ পালে?
ৰিন্টুমনিদত্তঃ- মই অলপ দেৰিকৈ পালোহি, মানে ধ্ৰুৱজ্যোতিয়ে বস্ত্ৰ হৰণৰ সময়ত মাতোতেহে দৌৰ মাৰি আহিলো৷

No comments:

Post a Comment