Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 9

ধুডুম.... ধুডুম.... ধুডুম.....
নামঘৰত ডবা বজাৰ লগে লগে ডাইৰেক্টৰ ভাস্কৰে বোলে ওম ষ্টাৰ্ট কৰিব লাগে৷ ডাঃ পাৰ্থ সাৰথীক ভাস্কৰে বোলে দাদা আৰম্ভ কৰক৷
ডাঃ পাৰ্থ সাৰথীঃ- আহে সভাসদ, ঐচনে প্ৰকাৰে স্যামন্ত মণি হেতু জাম্বুবান আৰু কৃষ্ণৰ যুদ্ধ লাগল'৷ তাক দেখহ শুনহ নিৰন্তৰে হৰি বোল
খিত তাও ধেই খিতি তাও ধেই বুলি মূখৰেই কৈ অকন নাচি বাগি সুত্ৰধাৰী গৈ চকীত বহিল৷
সূত্ৰধাৰীৰ মূখৰ খোলৰ চেও শুনিয়েই কৃষ্ণৰূপী ৰিন্তুমণি দত্তক জাম্বুবাণ ৰুপি শংকৰ জ্যোতি বৰাই চোচা মাৰি আহিল৷ মল্ল যুদ্ধত কৃষ্ণৰূপী ৰিন্টুমণি দত্তই দাঁত মূখ কৰচি শৰীৰৰ সৰ্বশক্তী প্ৰয়োগ কৰি জাম্বুবাণ শংকৰজ্যোতি বৰাক ঠেলিবলৈ চেষ্টা কৰিও বিফল হ'ল৷ যিমানে ৰিন্টুমনি দাই ঠেলে সিমানে নিজেহে পিছলৈ যায়৷
উপায় নাপাই ৰিন্টু দাই বোলে টাইম প্লিজ....
এই বুলি মাটিতে লেপেটা খাই বহি বোলে ভাস্কৰ মল্ল যুদ্ধ নকৰি সুদৰ্শন চক্ৰৰে একেবাৰতে জাম্বুবানক মাৰিয়েই পেলাব নোৱাৰিনে?
ভাস্কৰে বোলে মই জনাত কৃষ্ণই জাম্বুবানৰ লগত ২৮ দিন যুদ্ধ কৰিছিল কিন্তু বধ কৰা নাছিল যেন পাও৷ কাৰন যুদ্ধত হাৰি জাম্বুৱানে কৃষ্ণক শ্ৰীৰামৰ অৱতাৰ বুলি গম পাই নিজৰ জীয়েক জাম্বুৱতীক বিবাহ দিয়ে৷
ৰিন্টুদাই বোলে আৰু এজনী??? কৃষ্ণ৷
এতিয়াহে বুজিলো, আচৰিত কিবা এটা দেখিলে মানুহৰ মূখত কৃষ্ণ বুলি কিয় ওলাই৷
ভাস্কৰে বোলে দিয়ক বহি বহি সময় খৰচ কৰিব নালাগে, যুদ্ধ লাগক৷
ৰিন্টুদাই গামোচাৰে মূখখন মছি বোলে কৃষ্ণ, বচাবা আৰু প্ৰভূ, তোমাৰে ৰ'ল লৈছো৷ দেহাত অলপ বল দিবা৷
এই বুলি আকৌ শংকৰৰ লগত মল্লযুদ্ধ কৰিবলৈ উঠে পিছে শংকৰে একে চোঁচাই ৰিন্টুদাক পিছলৈ ঠেলি ঠেলি নি গ্ৰীণৰুমৰ বাহিৰ কৰি থৈ আহি ৰাইজৰ আগত ফোপাই জোপাই বোলে কৃষ্ণই হওক কোনোবাই হওঁক মোৰ লগত নোৱাৰিব৷
ভাস্কৰে বোলে ৰিন্টুদা আহক আকৌ৷ আপুনি কৃষ্ণ হয়, যুদ্ধত জিকিব লাগিব৷ ৰিন্টুমণি দত্তই বোলে ৰ'বা হে, কিবা এটা বিছাৰি আছো৷ এই বুলি হাতত এপাত চেণ্ডেল লৈ মনে মনে আহি ৰিন্টুদাই বোলে কোন জিকিব? শংকৰ জ্যোতিয়ে বোলে এইটো কিন্তু চিতিং হৈছে দেই৷ সঁচা সঁচিকৈ মৰা মৰি নাই কিন্তু৷ ৰিন্টুদাই বোলে তেন্তে মোক ঠেলিছিলি কিয়? জানই তই মৰিবই লাগিব, ইমান তেল কিয়? মাৰ নাখাওতেই মৰ ৷ শংকৰ জ্যোতিয়ে বোলে মৰিছো মৰিছো৷ এই বুলি গুলী খোৱাৰ দৰে আ আ আহ বুলি কৈ মাটিত বাগৰি পৰে৷
কাকতিদাই বিজয়ক বোলে হেৰা এইখন কি হৈছে হে? মই হ'লে একো পাত্তা পোৱা নাই৷
ভাস্কৰে বোলে cut.....
হেমন্তদাঃ- অ বিজয়, আৰু নোৱাৰিহে৷ ভাওনাৰ আখৰাত আকৌ cut কৰপৰা আহিল৷
বিজয়ঃ- ৰ'ব চোন ৰ'ব, ডাইৰেক্টৰ চিনেমাৰ হে গতিকে এটা এটা চিন কৈ ৰিহাচেল শিকাইছে৷
কাকতিদাঃ- হ'লেও কালিৰ চিনত দেখোন কৃষ্ণই স্যামন্ত মণি আনি সত্ৰাজিৎক দি পল্লৱীক বিয়াও পাতিলে৷
বিজয়ঃ- পল্লৱীক নহয় অ সত্যভামাক৷
কাকতিদাঃ- হেই একেই দিয়াচোন৷ পিছে আজি আকৌ জাম্বুবাণৰ লগত মণিৰ বাবে কৃষ্ণই যুদ্ধ লাগি আছে যে? মণিটো আকৌ লৈ গ'ল নেকি?
বিজয়ঃ- নাজানো নহয়৷
কাকতিঃ- সোধাচোন সোধা, কালিৰে পৰা দেখোন এই মণিটোলৈয়েই লাগি আছে? মণিটো এক্সুৱেলি আছে কাৰ লগত?
এনেতে
"লাহোল বিলাকুৱত .....লা...হিলা...লালা..বিলা
..উচুল.... বোক.... খিলা....উল.... বুলি এসোপামান কিবা কিবি উৰ্দু মূখৰে ভোৰভোৰাই ৰাজদ্বীপ বৰা মঞ্চলৈ সোমাই আহে৷ মুখত এমোকোৰা তামোল৷
ভাস্কৰে বোলে আপুনি কোন?
ৰাজদ্বীপ বৰাঃ- খাবিজ...মোক চিনি পোৱা নাই৷ মই মোগল চলতনতৰ চুলতান চাহাবুদ্দিন-উদ- দ্দিন-মোহম্মত-খোৰাম উৰ্ফ চাহজাহান হয়৷
ভাস্কৰে নাটকৰ পাত লুটিয়াই পাত পাত কৰে৷
হেমন্তদাই বোলে অ বিজয়, তুমি নাটকখান পঢ়িছিলানে হে বাপ্পাহাৰে? ই বেতা দেৱজিতে কি লিখলাক এইখান? কুৰুক্ষেত্ৰত চাহজাহান ক'ৰ পৰা আহিল হে?
ৰাজদ্বীপ বৰাই কৃষ্ণলৈ চাই বোলে স্যামন্তক মণি মানে কহিনুৰ মোৰ তাত আছে৷ মোৰ লগত যুদ্ধ কৰাহি ৰিন্টু৷
হেমন্তদাঃ- ৰামায়নৰ জাম্বুবান, মহাভাৰতৰ কৃষ্ণ, মোগলৰ চাহজাহান৷ বাপ্পা ঐ মোৰ মূৰটো ঘুৰাইছে অ বিজয়৷ এনেকৈ হ'লে দেখোন এতিয়া ইংলেণ্ডৰ ৰাণী ভিক্টৰিয়াও ওলাব
ভাস্কৰে বোলে চাহজাহানৰ দেখোন ৰ'লেই নাই৷ ৰাজদ্বীপ বৰাই বোলে জানো কিন্তু মোক ৰ'ল দিয়া নাই যেতিয়া মই নিজেই এন্ট্ৰি মাৰিছো৷ দেৱজিতৰ ঘৰতগৈ মই নিজে লিখাই আনিছো৷ এইটো পেজ ভৰাই দিব কৈছে নাটকত৷
ভাস্কৰে কাগজখিলা লৈ পঢ়ি চাই বোলে বাৰু হ'ব আপুনি বহক৷ মই কৃষ্ণ আৰু জাম্বুবানৰ কাজিয়াখন চেটেল কৰি লও৷
এই বুলি ইমান পৰে মাটিত মৰাশৰ দৰে পৰি থকা শংকৰক ভাস্কৰে আহি বোলে হেৰৌ মৰা জাম্বুবান, তই মৰিব নালাগে নহয়, আকৌ এবাৰ কৃষ্ণৰ লগত যুদ্ধ কৰি হৰাৰ এক্টিং কৰ৷
ৰিন্টুদাই বোলে ভাস্কৰ ই হাৰিল বুলি ধৰা, আকৌ যুদ্ধ কৰিবলৈ মোৰ গাত বল নাই আৰু৷ পিছৰ খিনি আগুৱা৷ মই নোৱাৰিছো৷
ভাস্কৰে বোলে আপুনি অলপ ৰেষ্ট লওঁক৷ মই অলপ আমাৰ গৌৰিশংকৰদা আৰু কংকনাবাৰ ৰিহাচেল অলপ কৰাই লও৷ এই বুলি কংকনাবা আৰু জিএচটি দাক ষ্টেজলৈ মাতিলে৷
ভাস্কৰে জি এচ টি দাক বোলে আপোনাৰ ধৃতৰাষ্ট্ৰৰ পাৰ্টটো কিন্তু মেইন ৰ'ল হয় আৰু গান্ধাৰী মানে কংকনাবা, দুয়োজনে কিন্তু এক্টিং ফালি দিব লাগিব৷
জি এচটি দাই বোলে "হ'ব দি, তোন্হাই যি কৰবা কোৱা তাকেই কৰিম পিছে ডাইলগ খিনি দিলি ওৰে ঘুৰে মুখষ্ট মাৰবা পাৰল্লো হয়৷
ভাস্কৰে বোলে আপোনাৰ ডায়লগ বেছি নাই কিন্তু এক্টিং পুৰা অন্ধৰ দৰেই কৰিব লাগিব৷ সেইটো মন দিব অলপ৷ আই নিড পাৰ্ফেকচন, নহ'লে কিন্তু ৰ'ল বেলেগক দি দিম৷
জি এচটি দাই বোলে বাপ্পাহাৰে মই চচমা নিপিন্ধিলি এনাইও একো দেখা নাপাও৷ চাও কংকনা মানে গান্ধাৰী অহে আহা, ডাইৰেক্টৰক অলপ এক্টিং দেখে দিও৷
এই বুলি গান্ধাৰীৰূপি কংকনাবাৰ হাতত ধৰি ধৰি গ্ৰীনৰুমৰ পৰা জিএচটি দা ষ্টেজলৈ আহিল৷
জিএচটিঃ গান্ধাৰী মোক কহে নি আছা?
কংকনাবাঃ- কংকনাই ভাস্কৰলৈ চাই বোলে কি বুলি কও ভাস্কৰ, ডায়লগ মই এতিয়ালৈ পঢ়াই নাই৷ ভাস্কৰে বোলে দুইজনে কিবা কিবি কৈ থাকক, মুঠতে অন্ধ মানুহৰ দৰে এক্টিং কৰি দেখুৱাওক৷
কংকনাবাঃ- কলৈ আহিছো মই নাজানো নহয় মহাৰাজ, মইও দেখোন অন্ধ৷
জিএচটিঃ- তেনাই হলি মোক হাতত ধৰি নি আছা কিয়া? তোহাতকৈ কি মই বেছি অন্ধ নাকি?
কংকনাবাঃ- ৰ'ব মই ডাঙৰ ল'ৰাটোক মাতি দিও৷
জিএচটিঃ- ডাঙাৰ আপাক মাততকৈ ঠৌগা চাই দাসী এজনি নামতা কিয়া?
কংকনাবাঃ- ইফালে অন্ধ, কিন্তু দাসী জনী হ'লে ধুনীয়া লাগে৷ মতা মানুহৰ যে স্বভাৱ, সেইবাবে মোৰ এশটা ল'ৰাই বেয়া হ'ল৷ বাপেক ভাল হ'লেহে৷
জিএচটিঃ- বাইপেকৰ বাবে বৈয়া হোৱা নাই এ৷ কিয়া কথা এষাৰ আছে শুনা নাই নাকি বোলে বাইপেক মাকে পুতাকক অন্ধৰ দৰে মৰম কৰি বৈয়া কৰচি"৷ আমি দুইটা অন্ধই মৰম কৰা বাবেহে বৈয়া হ'ল৷ এনাই মোৰ স্বাভাব ভালেই৷ আজিক গেলি ঠৌগা আপী এটা চাই নাপল্লু৷ বৈয়া কেংকে হ'ম এ৷
কংকনাবাঃ- হ'ব হ'ব জানো নহয়৷ আপুনি চকু নাথাকোতেই মোৰ দাসী সুগাধাৰ লগত লেটি পেটি কৰি যুযুৎসুক জন্ম দিলে আৰু চকু থকা হয় বা কেইজনী আনিলে হয়৷
জিএচটিঃ- হেই যৌৱনত ভুল হৈ যায় এ বাপ্পাহাৰে৷ প্ৰেম কৰাবক গেলি চকু নাল্গে নহয়৷ কিয়া প্ৰেম অন্ধ বুলি নাজনা নাকি?
গান্ধাৰীৰূপী কংকনাবাই তেনেতে ধৃতৰাষ্ট্ৰৰূপী জি এচ টি দাক গতা এটা মাৰি বোলে ইমান ৰিয়েল এক্টিং কৰিব নালাগে, মই দেখি আচো নহয় অথনি পৰা অন্ধ অন্ধ বুলি মোৰ হাত দুটা এৰি দিয়া নাই৷
আগলৈ.....

No comments:

Post a Comment