Tuesday 9 October 2018

চিকতা পুৰাণ (একাদশ খণ্ড)

দাদা আহি পালে? এওঁ আকৌ কৈয়েই আছিল, ইমান পৰে দাদা আহি পোৱা নাই৷ বেলিটো চাওঁকচোন কিমান সময় হ'ল?
মই বোলো বেলি চাই সময় কলি যে? কিয় ঘৰত ঘড়ী নাই নেকি?
এহ দাদা, বেলিটো চালেই হয় মিছাতেনো ঘড়ীৰ বেটাৰী কিয় লচ কৰো৷ মিনিট ছেকেণ্ডলৈকে চাবলৈটো আমি কিবা উপগ্ৰহ নিক্ষেপন নকৰো নহয়৷ পিছে আপোনাৰ আহি পোৱা ইমান পলম হ'ল যে? মৰমি ঐ, দাদা আহি পালেহি, বজাৰৰ বেগটো লৈ যাহি৷
ৰ' থুলুক তঁহতলৈ বেগত একো অনা নাই৷ বৌয়েৰৰ তেজ কমিছে অ'৷ সেয়ে ডাক্টৰৰ তাত সোমাই এওঁলৈ আইৰণ টেবলেট আৰু আইৰণ থকা চব্জি অলপহে কিনি আনিলো৷
চেহ মই আকৌ বজাৰৰ বেগটো দেখি কিবা অনা বুলি ভাবিছিলো৷ পিছে দাদা,আপুনি মিছাতে পইচা কেইটা লচ কৰিলে নহয়৷ মোৰো তেজ কমিছিল৷ ডাক্টৰে আইৰণযুক্ত খাদ্য খাব ক'লে৷ মই ডাক্টৰক বোলো থওঁক হেৰৌ৷ আইৰণ থকা খাদ্য বাদ দিয়ক আমাৰ ঘৰৰ দমকলৰ পানীটো আইৰণ আছে৷
মই বোলো ঠিকেই কলি পিছে মোক ঠিয়ই ঠিয়ই পথাবিনে? চকী এখন দে বহি লও৷
বুজিছে দাদা, আজি পুৱাৰে পৰা এই চকীখনতে লাগি আছো৷ পুৱাই মই সৰুপানী চুই দৌৰ মাৰি গৈ নিত্যকৰ্মভাগত বহিছিলো হে মাত্ৰ৷ দিলে নহয় মৰতিয়ে মাতি৷
ৰ' চোন ৰ' তই সৰুপানী চুই দৌৰি গ'লো বুলি ক'লি যে?
হে...হে, জানেই নহয় ইউৰীয়াৰ কিমান দাম৷ মানে সৰুপানীত ইউৰিয়া থাকে যে সেয়ে গেলেনত সংৰক্ষন কৰো৷ নহ'লে ইউৰিয়াখিনি অনিষ্ট হৈ যায় যে৷
মই বোলো সজ সজ৷ পিছে চকীখন দে আৰু মানুহজনীয়ে কিয় মাতিলে ক?
নক'ব আৰু বুজিছে৷ চকীখনৰ খুটা এটা ভাঙি আছিল৷ মই বহিলে ভঙা খুটাটোৰ ফালে চকীৰ তলত বাঁহ এটুকুৰ ভৰাই লৈ বহো৷ পিছে আপুনি আহিম বুলি ক'লে যে সেয়ে এওঁ বোলে খুটাটো লগাই দিয়কহি, দাদা আহি পাবহিয়েই৷
মই বোলো হেৰৌ মানুহক ভগবানে ভৰি দুখন দিছে নহয়৷ চকীৰ ওপৰত ককায়েৰে ভৰি উঠাই নবহে নহয়৷ ভৰি দুটাত অকন খোপনী লৈ লাহেকৈ বহো নবহোকৈ বহি থাকিলে নপৰে বুজিছ৷ চকীৰ এটা থুটাহে নাই, তিনিটা খুটা আছে নহয়৷
নাই তাই নামানে৷ মই বোলো হ'ব দে কিবা এটা চিন্তা কৰো৷ এই বুলি ভাবি মদনহঁতৰ অটোখনলৈ মনত পেলালো৷ তিনিটা চকাত দেখোন দহটালৈকে মানুহ বহাই৷
মইও সেয়ে চকীৰ অকলসৰীয়া খুটাটো এৰুৱাই মাজত দি গজাল মাৰি দিলো৷ মানে চাৰিচকীয়া গাড়ীৰ পৰা তিনিচকীয়া অট' বনাই দিলো৷
হে ভগবান, মই বহি থকা চকীখনৰ তললৈ চালো ৷ কৃষ্ণ তিনি খুটীয়া চকীত বহি আছো৷ মই বোলো হেৰৌ এইখনত বহাতকৈ মোক পীৰা এখনকে দে হেৰৌ৷
দাদা, পীৰাখনত আটা লাগি আছে৷ আপুনি বহিলে এঠা লাগি ধৰিব৷
পীৰাত আকৌ আটা কেনেকৈ লাগিল?
মানে দাদা, আপোনালৈ এওঁ লুচি বেলিছিলে৷
মই বোলো হেৰৌ পৰিম এতিয়া৷ কোন ক'ত আছ ধৰহি৷
থুলুকে বোলে নপৰে নপৰে৷ ঈশ্বৰ কিয় আছে? ঈশ্বৰক চিন্তি ভৰি দুখন মেলি বেলেঞ্চ কৰি বহক, নপৰে৷
দেৱজিত শইকীয়া
(আগলৈ)

No comments:

Post a Comment