Friday 5 October 2018

চিলিণ্ডাৰ আখ্যান


পূজাৰ দুদিনমান আগৰ কথা ৷ পুৱাই শ্ৰীমতীয়ে ৰঙা চাহৰ গিলাচটো বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উঠক আৰু ক'ত কেনেকৈ গেছ পাই আনকগৈ,গেছ শেষ৷
গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, মুখত থকা অক্সিজেনৰ পাইপ ডাল হে যেন কোনোবাই খুলি দিলে ৷ ইফালে গেছ বেলুনৰ দৰে ফুলি উঠা শ্ৰীমতীৰ মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে গৈ পাকঘৰ পালো ৷ হয়টো, যোৱা মাহৰ ৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গ'ল ৷ ধ্যেৎ এই পূজাটো সৰকি যোৱা হ'লেও, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷
এও লোকে গেছ হিচাপ কৰি চলাব নাজানে ৷গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও, নক'ব আৰু...." শীৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া চচপেনৰ পানী শুকাই শেষ হয় গমকে নাপাই ৷ কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান ভালকৈ শুনাবলৈ মন আছিল বাপ্পেকে পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি শুনিয়েই একো নক'লো ৷
দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিণ্ডাৰ বুক কৰিবলৈ পাহৰি থাকিলো, তাতে আনটো চিলিণ্ডাৰ সিদিনা দত্তনীয়ে খোজাত দি দিলো ৷ ৱালৰ সিফালৰ পৰা দত্তনীয়ে মিচিকিয়া হাঁহি এটা বেৰিয়া দাঁতৰ মাজেৰে এৰি দি আকৌ ঘপকৈ মনটো সেমেকা কৰি বোলে শইকীয়া দা আমাৰ চিলিণ্ডাৰ শেষ হ'ল, কালিলৈহে পাম, আজি যেন তেন চলিবলৈ দিয়ক না বুলি ক'লে, মইও না কৰিব নোৱাৰি এওঁক ডাইৰেক্ট কৈ দিলো বোলো দি দিয়া হে, আয়ু বেচেৰিৰ কম কষ্ট হৈছেনে চাগৈ ৷
শ্ৰীমতিয়ে ঘোপাকৈ চাই বোলো যোৱা পাৰিলে নিজেই দি আহা আৰু ফুলা লুচিৰে সৈত্যে দত্তনীৰ হাতৰ চাহ একাপো খাই আহা ৷ এই মাইকী মানুহবোৰ একদম চচিয়েল নহয় ৷ যি কি নহওক গেছ শেষ হোৱাৰ লগে লগে যে দত্তনীক চিলিণ্ডাৰ দিয়া কথাটোও যে শ্ৰীমতীৰ মনত পৰিছে মুখৰ এপিয়াৰেঞ্চ চাইয়েই গম পালো ৷
ৰুমৰ পৰা বাহিৰলৈ ওলাই আহি ফোনটো লৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে" দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো জানেনে গেছৰ গাড়ী অহা নাই বুলি কৈ আজি দিম কালিলৈ দিম কৈ আছে ৷ এইটোকে খুলি দিও নেকি? নাই নাই গেছ পাম তোমালোকে পালে দিলেই হল বুলি মিহিকৈ ক'লো ৷ হাজাৰ হওঁক ওচৰ চুবুৰিয়া ৷
ষ্টৰ ৰুমত আহি পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইণ্ডাক্সন কুকাৰটোৱেও আই ছি ইউত মানে মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এসাঁজ ভাত যেন তেন জুইত ৰান্ধিছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই খৰিত ফুৱাই ভাত বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে পাৰ্লাৰৰ পৰা আহিছো ৷
মই পেটে পেটে বোলো যোৱা দুদিন মান মাৰাৰ ঘৰতে থাকি আহা, মই হোটেলতে মাছে মঙহে দকহি খাম ৷ সন্ধিয়া বৰুৱাৰ লগত বহি বিন্দাচ কেক কেকনী নুশুনাকৈ ফুৰ্টি পানীকনৰ লগতে ৰামী খেলিবলৈও পাৰিম ৷ আগৰ দিনৰ দৰে কথাই প্ৰতি মাৰ ঘৰত যাও দম দেখাই লাভ নাই ৷ জমানা সলনি হল ৷ তথাপি মৰম দেখাই বোলো নালাগে যাব গেছ আনি আছো ৰ'বা৷ হাতৰ কুঠাৰ খন নিজৰ ভৰিত হে যেন মাৰিলো, শ্ৰীমতীয়েও বোলে ঠিক আছে ৷
ধেই এনেই ফুৰ্তি কৰিলো ৷ চিলিণ্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷ দোকানৰ আগত "ষ্টক নিল" বৰ্ড ৷ খংটো ছুলিৰ আগ পালেগৈ ৷ আগতে ব্লেকত দিয়া আমাৰ ওচৰৰে গজেনলৈ ফোন কৰিলো ৷ সি কলে দাদা যোৱা কালি শৰ্মাদাৰ ঘৰত দুটা চিলিণ্ডাৰ দি আহিলো নহয়, নহ'লে আপুনি এটা পালে হেতেঁন ৷
ক'তো একো নাপাই শেন টো হৈ গৈ ফেঁচাটোৰ দৰে ঘৰ পালোহি ৷ মনতে বোলো গেছ নেদেখিলে আজি শ্ৰীমতীয়ে এসাঁজ ভালকৈয়ে খুৱাব ৷ পিছে উৱা ঘৰত আহি দেখিলো কাষৰ ঘৰৰ কলিতাই ডাইনিং টেবুলত বহি টামাম ফুলা লুচি চাহৰ সৈতে দি আছে ৷ মই ভিতৰলৈ আহি শ্ৰীমতীক সুধিলো বোলো কেচ কি? গেছ ক'ত পালা ৷ শ্ৰীমতীয়ে বোলে দত্তনীক যি দৰে চিলিণ্ডাৰ দিছিলা মইও তেনেদৰে কলিতাৰ পৰা ল'লো .......

No comments:

Post a Comment