Friday 5 October 2018

পিকনিকৰ ফটা অভিজ্ঞতা


2002 চন৷ বিশ্ববিদ্যালয়ৰ পৰা আহি ঘৰতে আছোহি৷ ৰিজাল্ট দিয়াই নাই৷ তেজপুৰ চৰকাৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত বহু দিনৰে পৰা হায়াৰ চেকণ্ডাৰীৰ উদ্ভিদ বিজ্ঞানৰ বিষয় শিক্ষক পষ্টটোত শিক্ষক নথকাত কিবা প্ৰকাৰে মোৰ কথা গম পাই সেই সময়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধেয় বিজয় শইকীয়া চাৰে মোক মাতি পঠালে৷ মই নিজে পঢ়া বিদ্যালয়, তাতে সকলো চাৰ বাইদেউৰ মৰমৰ গতিকে মই না কৰাৰ প্ৰশ্নই নাহে৷ অবৈতনিক বিষয় শিক্ষক হিচাপে যোগদান কৰিলো৷ জীৱনৰ প্ৰথম চাকৰি, দৰমহা 700 টকা, প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ উদ্ভিদ বিজ্ঞানৰ ক্লাচ দুটা পঢ়াব লাগে৷
প্ৰথম দিনা শ্ৰেনীকোঠাত গ'লো৷ সন্মুখত প্ৰথম বাৰ্ষিকৰ ছাত্ৰ সমূহৰ দুটাকৈ চকুৱে কমেও ছল্লিচটা চকু মোৰ ওপৰত৷ দুদিন আগলৈকে নিজেই ছাত্ৰ হৈ আছিলো হঠাতে শিক্ষক হৈ গ'লো৷ কেনেকৈ কি কৰিম, বৰ্ডত চকমাটিৰ পেঞ্চিল লৈ হাতো কঁপিচে, মুখৰ মাতো ওলাও নোলাও অৱস্থা, ইফালে ভয় যে লাগিছে তাকো প্ৰকাশ কৰিব নোৱাৰো৷ মুঠতে চা চিনাকি হৈ দুটা মান কথা কৈ ক্লাচটো শেষ কৰিলো৷ সেইদিনা বুজিলো শিক্ষক হোৱা ইমান সহজ কথা নহয়৷ সেই দিন ধৰি আজিলৈকে শিক্ষক হোৱাৰ প্ৰয়াস কৰিয়েই আছো৷ কিমান সফল হৈছো হয়তো ৰিটায়াৰ্মেন্ট লোৱাৰ পিছত বাৰাণ্ডাত বহি বহি চিন্তা কৰিম৷
যি কি নহওঁক ছাত্ৰ সকলৰ মাজত মৰমৰ ছাৰজন হ'বলৈ বেছি দিন নালাগিল৷ সেই সময়ত ছাত্ৰ হিচাপে পোৱা জাভেদ, দেবজিৎ, অম্লান, হেমন্ত, যোগেন্দ্ৰ, আচিফ, গৌতম, মানসহঁত বৰ্তমান একোজন প্ৰতিষ্ঠিত ব্যক্তি৷ কোনোবা গুৱাহাটিৰ IIT ৰ কোনোবা নগাও কলেজৰ প্ৰবক্তা হিচাপে কাৰ্যৰত৷ নতুন বছৰত সিহতে খুব জোৰ কৰিলে যে চাৰ আমাক পিকনিক নিব লাগিবই৷ মইও কথা দিলো৷ সকলোকে দায়িত্ব ভগাই দিলো৷ প্ৰতিজন ছাত্ৰক ভগাই দিয়া দায়িত্ববোৰ কৰিবলৈ আৰম্ভ কৰিলে৷ গাড়ী ঠিক কৰাৰ পৰা বজাৰলৈকে সকলো আগদিনাই কৰি আজৰি৷ পিকনিকৰ বাবে ভালুকপুং ঠিক কৰা হ'ল৷ বিদ্যালয়ৰ হায়াৰ চেকণ্ডাৰি বিভাগৰ বিষয় শিক্ষক সকলো ওলাল৷ সকলো সুন্দৰ ভাবে হৈ গ'ল৷ আগদিনাই সকলো বস্তু বজাৰ বাহিনি কৰি বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক আৰু দ্বিতীয়বাৰ্ষিকৰ শ্ৰেণীকোঠাত ৰখা হ'ল কাৰন পুৱা 6 বজাতেই বিদ্যালয় প্ৰাংগনৰ পৰা যাত্ৰা আৰম্ভ হ'ব৷ সকলোকে কোনে কি বস্তুৰ দায়িত্বত থাকিব জনাই দি কেইপদ মান বস্তু মই মোৰ ঘৰৰ পৰা লৈ ঘৰৰ ওচৰৰ পৰাই গাড়ীত উঠিম বুলি ঠিক কৰিলো৷
পুৱা সাত বজাত গাড়িত উঠিলো৷ সকলোকে বস্তুবাহানি ল'লে নে নাই সুধিলো৷ "চব ল'লো চাৰ" বুলি কোৱাত নিশ্চিন্ত হৈ পিকনিক থলি পালোগৈ৷ পিকনিক থলি পাই ৰান্ধনীয়ে চাহৰ ব্যৱস্থা কৰিলে৷ চাহ বনাই থাকোতে দেখিলো দুটামান লিডাৰ মোৰ পৰা অলপ আতৰি আতৰি আছে৷ দুটামানক কৈ সিঁহতক মতালো৷ সেমেনা সেমেনিকৈ আহি কলে যে চাৰ ব্ৰেডৰ জামৰ বটল কেইটা পাহৰি আহিলো৷ মই ক'লো হ'ব দে একো নাই সুদা ব্ৰেডেই হ'ব, মন বেয়া নকৰিবি৷ ডিম আচে নহয়, হৈ যাব৷ এটাই বোলে চাৰ ডিমখিনি অম্লানে গাড়ীত উঠাব পাহৰিলে৷ একো নকলো, মই বোলো হব দে উপায় নাই আৰু ৷ শুকান ব্ৰেড টানি টুনি চাহৰ লগত খোৱাৰ পিছত মিউজিক চিষ্টেমটো লাৱাৰিছ লাচৰ দৰে শিলৰ ফাকত পৰি থকা দেখি দুটা মানক ক'লো সেৰেঙা সেৰেঙা লাগিছে গান দুটা মান লগা৷ আকৌ দেখিলো দুটা মান মোৰ কাষ নচপা হ'ল৷ দেৱজিৎ বোলাজনে ক'লে চাৰ বেটাৰিটো স্কুলতে থাকিল উঠাব পাহৰিলো৷ এইবাৰ অলপ খং উঠিল৷ তথাপি যাহ পিকনিক হয় কাকো গালি নিদিও বুলি সম্বৰন কৰিলো৷
এনেতে ৰান্ধনীয়ে আহি বোলে হেতা কত আচে দিব কওঁকচোন৷ মই দুটা মানক হেতা বিছাৰি গাড়ীৰ পৰা আনিব দিলো৷ সেইকেইটাও গৈ নহা হ'ল৷ গম পালো হেতাও পাহৰিলে৷ ৰান্ধনীয়ে যেনিবা বাঁহ ফালি তাৰেই হেতা বনাই ল'লে৷ অলপ পিছত ৰান্ধনীজনে খুব ইটো টোপোলা সিটো টোপোলা খুচৰি থকা দেখি বোলো কি হ'ল এইবাৰ আকৌ, নিমখ তেলো কিবা পাহৰিলে নেকি? ৰান্ধনিয়ে বোলে চাৰ মাংসৰ টোপোলাটো পোৱা নাই৷ এইবাৰ কিন্তু ৰান্ধনিয়ে বনোৱা বাঁহৰ হেতাপাত লৈ আগুৱাই গ'লো৷ দেখিলো লিডাৰ ওচৰে পাজৰে এটাও নাই৷ এনেতে স্কুলৰ চকিদাৰ দীপকদাৰ ফোন আহিল৷ চাৰ স্কুলত পিকনিকৰ কিবা এৰি গৈছে নেকি? গোটেই স্কুলত শ শ মেকুৰীৰ চিঞৰ৷ মই বোলো তুমি ৰুম খোলা ৷ সি ৰূম খুলি বোলে চাৰ জাম, বেটাৰি মাংস আৰু দুটা মান টোপোলা আছে চেকেণ্ড ইয়েৰৰ ৰূমত, ফাৰ্ষ্ট ইয়েৰ ৰূমত একো নাই৷ মাংস বোৰ কি কৰো, গোন্ধাই যাব দেখোন? মই বোলো স্কুলৰ সকলো ছাৰ বাইদেউক ভগাই দিয়া৷
পিকনিকৰ ক্ষেত্ৰত নিজে সকলো চকু নিদি চকু মুদি "হ'ব ছাৰ চিন্তা নকৰিব"কোৱা ছাত্ৰৰ ওপৰত ভৰষা কিমান কৰিব পাৰি সেইদিনা অভিজ্ঞতা হ'ল৷ যি কি নহওঁক আমাৰ শিক্ষক কেইজনৰ মাজত পইচা উঠাই পুনৰ গাড়ীখন লৈ গৈ ভালুকপুং বজাৰ ছাগলী কটাই, মাংস আনি বনাই যেন তেন বনভোজ খোৱা হ'ল৷

No comments:

Post a Comment