Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-১)


হে হৰি মানুহটোৰ কি হ'ল? লেঙেৰিয়াই আহিছে যে? অ' কনাগোসাই মই ক'তে মৰো৷
ধ্যেত এইজনী৷ ইমান টেটুফালি এনাৰ্জী লচ কৰিছ কিয়? বহুদুৰ খোজ কাঢ়িলো যে, সেয়ে এটা ভৰিক ৰেষ্ট দিছো৷ অলপ হ'লেওটো এনাৰ্জী বাচিব৷ চৰাইবোৰক গছৰ ডালত বহিলে এটা ঠেংত বহি ইটো ঠেঙক ৰেষ্ট দিয়া দেখা নাই হ'বলা? অলপ প্ৰকৃতিৰ পৰা শিকিবিচোন হেৰৌ৷
ইমান দুৰৈৰ গাঁৱৰ নামঘৰলৈনো কিয় যাব লাগে নিজৰ গাঁৱতে থাকোতে৷
হেৰৌ আজিকালি মানুহবোৰ বৰ কৰাইছ হ'ল৷ গাইপ্ৰতি ঘৰমুৰি প্ৰসাদ নিদিয়ে৷ সেয়ে আমি যদি একেটা নামঘৰতে যাও ঘৰমুৰি প্ৰসাদৰ পাত এখন হে পাম৷ তই মই বেলেগে যোৱা বাবে দুখনকৈ পাইছো৷ এনেকৈ গোটেই ভাদমাহটোত কমেও ২০ কেজি বুট শুকুৱাই থৈ বছৰটোলৈ খাব পাৰিম৷ এনেও ভাদ আহিন কাতি মহিয়া বেলিৰ তাপ বেচি৷ কুমলোৱা বুট এৰা আকৌ দোকানৰ শুকান বুট লেখিয়া শুকাই যাব৷
এইটো ল' প্ৰসাদৰ টোপোলা আৰু এইটো টোপোলাত মাহৰ চোকোৰা আছে৷ প্ৰসাদ ধুব দিওতে ছাগলীক দিম বুলি কৈ লৈ আনিছো৷
আজি প্ৰসাদত দিয়া টিয়হৰ ভাজি এখন বনা, কালিলৈ চোকোৰাখিনিৰে বৰ বনাবি৷
বৰ বনাবলৈ দেখোন বহুত তেল লাগিব?
মৰতি, ইটো পলিথিন চাচোন, প্ৰসাদত দিবলৈ অনা নাৰিকলৰ বেয়া হৈ যোৱা কেইটা পেলাই দিব ওলাইছিল৷ মই লৈ আনিলো৷ এৰা অলপ গৰম কৰি দিলেই আধা লিটাৰ মান নাৰিকল তেল ওলাব৷ খাবও পাৰিবি, ছুলিত সানিবও পাৰিবি৷ কেৰেলাৰ মানুহবোৰে দেখোন নাৰিকল তেলতে ভাজি খাই৷
ইল্লে.....মই ভবাই নাছিলো৷ আপুনি ইমান ইচমাৰ্ট৷
হ'ব৷ আৰু শুন, গোটেই খিনি বুট শুকুৱাই নেপেলাবি৷ কালিলৈ দিনত বহি আধাখিনি বুটৰ বাকলি গুছাম দুইটাই৷ সেইখিনিৰে বুটৰ দাইল বনাম আৰু বাকলিখিনিৰে দুদিনমান পটাত পিছি চাতনি বনাই খাম৷
বাৰু হ'ব৷ আপুনি এতিয়া প্ৰসাদৰ পৰা নাৰিকলৰ টুকুৰাবোৰ বাছি দিয়ক, মই খুন্দি নাৰিকল গাখীৰৰে চাহ একাপ বনাও আৰু খুন্দাখিনিৰে কালিলৈ লাডু কেইটামান বনাম৷ আপুনি কেৱল দুৰ্গা বাবুৰ হোটেলৰ পৰা ৰসগোল্লাৰ ৰস অলপ আনিবলৈ নাপাহৰিব৷
পিছে এতিয়া চাহৰ লগত কি খাম?
ৰ'বচোন চিন্তা নকৰিব৷ প্ৰসাদত দিয়া কুমলি থকা চাউলখিনি বাচি ঢেকিটোতে খুন্দি পিঠাগুড়ি কৰি দিও৷ প্ৰসাদৰ কল আছেই৷
দে দে তই ঢেকি দিয় মানে মই প্ৰসাদত দিয়া আদাখিনি বাচো৷ কালিলৈ ৰ'দত শুকুৱাই বটল এটাত ভৰাই থম৷ কেতিযাবা পেট বেয়া কৰিলে খাবলৈ হ'ব৷
বাৰু বাচি লওঁক৷ পিছে কলপাত কেইখন পেলাই নিদিব৷ ৰাতিলৈ ভাত খাওতে বাচন লেতিয়াই এনাৰ্জী লচ নকৰো৷ কলাপাত কেইখনতে খাম৷ তাৰ পিচত ছাগলিক দিব৷
হ'ব বাৰু দে৷ পিছে কথা এটা মন দি শুন৷ ঘৰমুৰি প্ৰসাদৰ বাবে সেই আধাকেজি ধৰা পলিথিনটো আগবঢ়াই নিদিবি৷ কাপোৰৰ দোকানত দিয়া ডাঙৰ পলিথিনটো নিবি৷ ডাঙৰ পলিথিনত যিমান প্ৰসাদ দিলেও অলপযেন দেখি গতিকে দুবাৰ বেচিকৈ দিব৷
আৰু এই ৰ'বাব টেঙাকন খুজি তোলৈ বেলেগেকৈ আনিছো৷ তই টেঙা খাই ভাল পাৱ যে, খাই ল'৷ কেৱল গুটি কেইটা শুকুৱাই থবি৷ পেলুৰ মহৌষধ আকৌ৷
হ'ব দিয়ক মোলৈ দিয়া প্ৰসাদৰ তামোলখনো আপোনালৈ টিপতে লৈ আহিছো৷ চাহকাপ খাই খাই ল'ব৷
অ' তোক কথা এটা কোৱাই নাই নহয়৷
কওঁক আকৌ৷
আ লা ভিউ.........
যাহ দুষ্টটো৷ চিকতা টোৱে সেইটোও সম্পূৰ্নকে নকয়৷
ক্ৰমশঃ

No comments:

Post a Comment