Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-8)

ভৌ ভৌ ভৌঔঔঔ ভৌ.....
গেটখন খুলিছিলোহে মাত্ৰ৷ ভিতৰৰ পৰা অহা ভৌ ভৌ মাতটোত আকৌ গেটখন বন্ধ কৰি দিলো৷ মনতে ভাবিলো, ইমান চিকতা এটাই কুকুৰ পুহিছে৷ কাহিনী কি?
টৰ্চটো মাৰি গেটখনত চালো.....হয়৷ ডাঠকাগজ এখনত এঙাৰৰে ডাঙৰ ডাঙৰকৈ লিখা আছে "কুকুৰৰ পৰা সাৱধান"৷ গেটত শিকলী এডালো উলমি আছে৷
মই গেটখনত ঘটঘটাই দিলো৷
ভৌ ভৌ ভৌঔঔঔ ভৌ....ও ভৌ
এইবাৰ আৰু খঙত ভুকিব ধৰিলে৷ মই বোলো হেৰৌ এইটোক বান্ধি থোৱা আছেনে? মই আহিছিলো অ'...
এনেতে দৰ্জাখন খুলি বোলে অ' দাদা আপুনিহে, আহক আহক৷ মই আকৌ বেলেগ বুলিহে ভুকি আছিলো৷
মই ভুকি আছিলো মানে??
হে হে দাদা কুকুৰ পোহা কিমান খৰচি কাম৷ সেয়ে মইয়েই ভিতৰৰ পৰা মানে....
মই বোলো বুজিলো৷ পিছে এই ফুট গধুলীতে দৰ্জাঘৰ মাৰি আন্ধাৰে মুন্ধাৰে সোমায় আছ যে?
নাই পূৰ্নীমা যে, সেয়ে ভেন্টিলেচন আৰু খিৰিকীখিনি খুলি থৈছো৷ চন্দ্ৰৰ পোহৰত আকৌ লাইট জ্বলাইনো পইচাকেইটা কিয় খৰচ কৰো৷ আমি মাহটোৰ এসপ্তাহ লাইট নজ্বলাৱে৷
মই বোলো ভালেই কৰিছ৷ পিছে আজিৰ খানা কি বনাইছে ?
খানা মানে আমাৰটো মাছ সদায় থাকেই জানেই আৰু৷
মই বোলো তোৰ দৰে চিকতা এটাই সদায় মাছ খাৱনে?
আমাৰ মানে মাছ খোৱাৰ এটা নিয়ম আছে৷ শনিবৰীয়া বজাৰৰ পৰা শুকান মাছ ছয়টা কিনি আনো৷ প্ৰতিটোৰ নাম দি লও ক্ৰমে সোম, মংগল বুধ এনেকৈ৷ সোমবাৰে জোল বনাই মাছ টোক ৰচিৰে বান্ধি জোলত অলপ সময়ৰ বাবে ডুবাই দিও৷ জোলত অলপ মাছৰ গোন্ধ আহিলেই সেইটোক জোলৰ পৰা ডাঙি আনি আকৌ কলপাতত নুৰিয়াই থৈ দিও৷ ফ্ৰীজত নথও, আফ্টাৰ অল কাৰেন্টৰ কথা আছে যে ৷ মংগলবাৰে মংগল নামৰ মাছটো, বুধবাৰে বুধ বুলি মাছটো৷ এনেকৈই প্ৰতিদিনে আমি ফ্ৰেচ মাছ খাও৷
ছয়টা কলি যে? সপ্তাহৰ বাৰ দেখোন সাতটা?
সেইদিনা আমি মূৰ্গী মাংস খাও৷
বাহঃ তই মূৰ্গী মাংসও খাৱ?
মাংস মানে সোনটোহঁতৰ মূৰ্গীজনীক কনী পাৰিবলৈ আমাৰ জুহালৰ কাষতে ভাল ঠাই এডোখৰ দি দিছো৷ কনীবোৰ থৈ দিও ৰবিবাৰে খাও৷
হেৰৌ মূৰ্গী মাংস খাও বুলিহে কৈছিলি? তই দেখোন মুৰ্গীৰ ডিম হে খাৱ?
অ' দাদা, ডিম মানে মূৰ্গীৰ "চন'গ্ৰাফী ষ্টেজ" নহয় জানো? গতিকে দেখোন মূৰ্গী খোৱাই হ'ল৷৷৷৷৷
অৱশ্যে হাঁহৰ মাংস খাব মন গ'লে, হাঁহৰ কনী দুটা কিনি আনি মই নিজেই উমনি দি লও৷ 

No comments:

Post a Comment