Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 15

এইয়া চাওক ৰাইজ৷ মই তাবিবৰ ৰহমান , কেমেৰামেন প্ৰণৱ জ্যোতি দত্তক সহ ইতিমধ্যে আহি পাইছো আকৌ কুৰুক্ষেত্ৰৰ আখৰাথলিলৈ৷ ইয়াতেই যোৱাকালি ধ্ৰুৱজ্যোতি অৰ্জুন নামৰ এগৰাকী নিৰিহ পুৰুষৰ ৰাজসভাত উপস্থিত সকলোৰে আগত বস্ত্ৰ হৰণ হৈছিল৷ এতিয়া আমি সুধিব বিছাৰিম ইয়াত উপস্থিত ৰাইজক৷ প্ৰথমে আমি আহিছো ৰাজ সিংহাসনত বহি থকা মিষ্টাৰ ধৃতৰাষ্ট্ৰৰ কাষলৈ৷
ভাস্কৰঃ- হেৰি ইয়ালৈ আপোনালোক কেনেকৈ আহিল?
তাবিবৰঃ- আমাক চিনি পোৱা নাই? আমি নিউজ ফাইভৰ মানুহ৷ প্ৰয়োজন হ'লে আমি পিয়াজৰ দাম সুধিবলৈ আপোনাৰ পাকঘৰতো সোমাব পাৰো৷ তাৰ বাবে কাৰো পাৰ্মিশ্চন লোৱাৰ প্ৰয়োজন নাই৷
ভাস্কৰঃ- ইয়াত নাটকৰ ৰিহাচেল হৈ আছে৷ এতিয়া নোৱাৰিব, পিছত আহিব৷
তাবিবৰঃ- এইয়া আপোনালোকে দেখিব পাইছে ঘটনাটো গাপ দিবলৈ নাটকৰ ডাইৰেক্টৰে আমাক বাধা প্ৰদান কৰিছে৷ এইয়া আমি তেখেতৰ মূখখন ৰাইজক জুম কৰি দেখাব চেষ্টা কৰিছো৷ ষ্টুডিঅত থকা শ্নিগ্ধ নিশাক আমি ৰঙা কাড় চিন এডালৰে ডাইৰেক্টৰক বাৰে বাৰে দেখুৱাব অনুৰোধ কৰিম৷
ভাস্কৰে মনোজ কুমাৰৰ দৰে এটা হাতৰে মুখখন ধাকি দৌৰা দৌৰিকৈ গৈ খুটা এটাৰ পিচফালে নিজকে লুকাবলৈ চেষ্টা কৰিলে যদিও৷ তেওঁৰ বিশালকায় চেহেৰাৰ তিনি চতুৰ্থাংশ খুটাটোৱেও লুকুৱাই ৰাখিব নোৱাৰিলে৷
তাবিবৰে নিজৰ মূখত মাইক্ৰফোনটো লৈ ধৃতৰাষ্ট্ৰক বোলে কওঁকচোন দ্ৰৌপদীৰ বস্ত্ৰ হৰণত আপুনি কি দেখিলে৷
ধৃতৰাষ্ট্ৰৰূপী গৌৰিশংকৰদাঃ- (তাবিবৰৰ হাতৰ পৰা মাইক্ৰফ'নটো নিজৰ ফালে নি) একো দেখা নাপল্লো দা৷
তাবিবৰঃ- আপুনি ক'বই লাগিব৷ কওঁক৷
ধৃতৰাষ্ট্ৰঃ- একো দেখা নাপল্লো হে বাপ্পাহাৰে৷ কিমান ক'বা লাগে? মই অন্ধৰ পাৰ্ট লৈছো বুলি নাজানা নেকি?
তাবিবৰঃ- হয়, স্নিগ্ধনিশা, তেওঁ অন্ধবাবে একো দেখা নাপালে৷ বাৰু মই বেলেগক সুধিছো৷
এই বুলি ধৃতৰাষ্ট্ৰৰ কাষতে গামোচাৰে মূখ ধাকি তলমুৰ কৰি বহি থকা ভীষ্মৰূপী কাকতিদাৰ ফালে মাইক্ৰফ'নটো আগবঢ়াই দি বোলে আপুনি কি দেখা পালে?
কাকতিদাঃ- (মাইক্ৰফ'নটো হাতত লৈ) মানে কথাটো হ'ল এনেকুৱা যে? মই নিউজত ওলাইছো নেকি?
তাবিবৰঃ- হয়, লাইভ হৈ আছে কওঁক৷
কাকতিদাই, গামোচাখনৰ তলতেই পকেটৰ পৰা ফনীখন ওলিয়াই তালুখনত দুবাৰ মান ফনিয়াই ল'লে৷
তাবিবৰঃ- এইয়া চাওক ভীষ্ম দুখত ভাঙি পৰিছে আৰু গামোচাৰে মুখ ধাকি
কান্দিব লৈছে৷ আপোনালোকে চাই আছে এক্সক্লুচিভ লাইভ কেবল আমাৰ চেনেলত৷
(সেই সময়তে ক'লা কোট পিন্ধা শেখৰে কাগজ এখন পঢ়ি পঢ়ি আখৰাথলিলৈ আহে)
এইয়া আমি দেখিবলৈ পাইছো আৰু এজন ভাৱৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি৷ (কেমেৰা শেখৰৰ ফালে)
তাবিবৰঃ- দাদা, আপুনি ক'ব নেকি আপোনাৰ ৰ'লটো কি?
শেখৰঃ- ৰজত শৰ্মা৷
তাবিবৰঃ- এইয়া ৰজত শৰ্মাও আহি উপস্থিত হৈছেহি৷ আপোনালোকে জানে যে মহাভাৰতত ৰজত শৰ্মা এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ৷ আমি ৰজত শৰ্মাক তেখেতৰ ৰ'লটোৰ বিষয়ে সুধিব লৈছো৷ দাদা আপুনি কৌৰৱৰ পক্ষৰ নে পাণ্ডৱৰ?
শেখৰঃ- কাৰো পক্ষৰ নহয়৷
তাবিবৰঃ- ৰজত শৰ্মাক কুৰুক্ষেত্ৰত কোনে বধ কৰিছিল?
শেখৰঃ- পাব্লিকে৷ এনেকুৱা প্ৰশ্ন সুধিলে পাব্লিকে বধ কৰিব৷
তাবিবৰে নুশুনা ভাও ধৰি কেমেৰাটো আখৰা চোৱা মানুহৰ ফালে ঘুৰাই বোলে আমিয়েই প্ৰথম এই আখৰাৰ ঘটনাস্থলিলৈ আহিছো৷ ক্ষন্তেক বানিজ্যক বিৰতিৰ পিচত আমি আকৌ আহিম৷ তেতিয়ালৈ আপোনালোকে চাই থাকক আপোনালোকৰ একমাত্ৰ মৰমৰ নিউজ চেনেল নিউজ ফাইভ৷
শেখৰঃ- আপোনালোকৰ হ'ল নে? হ'ল যদি মই অলপ সোধপোচ কৰো৷
তাবিবৰঃ- অকে, কৰক, তেতিয়ালৈ আমি ধ্ৰুৱজ্যোতি অৰ্জুনৰ পৰিয়ালৰ মানুহৰ লগত কথা বতৰা পাতো৷
শেখৰঃ- দ্ৰোণাচাৰ্য আপুনি কওক দ্ৰৌপদীৰ বস্ত্ৰহৰণত আপুনি কি দেখা পালে?
objection my lord
ৰাইজৰ আদালতত গোচৰীয়া পক্ষই সাক্ষী বাদীক ভিত্তি প্ৰদৰ্শন কৰিছে৷ এই বুলি শকুনিৰূপি বিজয় সোমায় আহি দুৰ্যোধনক বোলে ভাগিন চিন্তা নকৰিবা, মই আহি গ'লো৷
শেখৰঃ- আপুনি কেনেকৈ ক'ব যে দুৰ্যোধন নিৰপৰাধী?
শকুণিঃ- মই পাশাই নহয় সকলো দাও পেচ জানো৷ আইন সাক্ষীৰ ওপৰত প্ৰতিস্থিত আৰু মই প্ৰমান কৰিব পাৰো যে দুৰ্যোধন অপৰাধী নহয় বৰঞ্চ যুধিস্থিৰ হে দোষী৷
শেখৰঃ- কেনেকৈ?
শকুনিঃ- বাৰু ধৃতৰাষ্ট্ৰ, ভীস্ম, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য আপোনালোকে কওক দ্ৰৌপদীক মানে ধ্ৰুৱক পাশাত লগাবলৈ কোনোবাই জোৰ কৰিছিল নেকি?
সকলোৱে একে মূখে বোলে নাই কৰা৷
শকুনিঃ- দ্ৰৌপদী ৰূপী ধ্ৰুৱক ৰাজসভালৈ দুৰ্যোধনে নিমন্ত্ৰন কৰোতে যুধিস্থিৰ বা আন কোনোবা পাণ্ডৱে নিজৰ পত্নীক ৰাজ সভালৈ মাতিব নালাগে বুলি বিৰুধ কৰিছিল নে মূৰ তল কৰি আছিল?
সকলোৱে বোলে মূৰ তল কৰি আছিল৷
শকুনিঃ- ধ্ৰুৱজ্যোতি অৰ্জুনৰ বস্ত্ৰ হৰণ ধৃতৰাষ্ট্ৰ, ভীস্ম, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য আপোনালোকে দেখিছিল বা চাইছিল নে?
সকলোৱে নাই চোৱা বুলি কয়৷
শকুনিঃ- দা কেচ ইজ চল্ভড৷ ধ্ৰুৱজ্যোতি অৰ্জুনৰ বস্ত্ৰ হৰণ হোৱাই নাছিল৷
শেখৰঃ- কিন্তু দ্ৰৌপদীয়ে দুঃশাসনে চুলিত ধৰি টানি অনা কথা কৈছে, বস্ত্ৰহৰণ হোৱা বুলি কৈছে৷
শকুনিয়ে বোলে ঠিক আছে৷ এই বুলি ধ্ৰুৱজ্যোতি অৰ্জুনৰ চচমা জোৰ খুলি মনে মনে শেখৰক বোলে আপুনি কাপোৰ টানক৷
ধ্ৰুৱজ্যোতিঃ- হেল্প হেল্প হেল্প দুঃশাসনে মোৰ আকৌ বস্ত্ৰ হৰণ কৰিছে৷
শকুনিঃ- দেখিলেতো৷
শেখৰঃ- আইন সাক্ষী প্ৰমানৰ ওপৰত প্ৰতিস্থিত৷ যিহেতু উপযুক্ত প্ৰমান আৰু সাক্ষীবাদীৰ পৰা এইটো জনা নগল যে বস্ত্ৰ হৰণ প্ৰকৃততে হৈছিল নে নাই গতিকে আপ কি আদালতত দুৰ্যোধনক বেইজ্জত .....ক্ষমা কৰিব বা ইজ্জত বৰি কৰা হ'ল৷
শকুনিঃ- আপ কি আদালতত দুৰ্যোধনৰ ন্যায় লাগে৷ আপুনি সোধক যে দ্ৰৌপদীক পাশাত হৰাৰ ,বস্ত্ৰ হৰণৰ অভিযোগ অনাৰ পিচতো পুনৰ আকৌ যুধিস্থিৰে জুৱা খেলিছিল নে নাই?
শেখৰে পঞ্চ পাণ্ডৱক সোধে যে আকৌ পাশা খেলিছিল নে?
যুধিস্থিৰে বোলে খেলিছিলো৷
শেখৰঃ- নিজৰ পত্নীক নজনোৱাকৈ জুৱাত লগোৱাৰ অপৰাধাত তথা নিজ পত্নীক একবস্ত্ৰা হৈ ৰাজসভালৈ আনোতেও গিৰিয়েক হিচাপে মাত নমতাত, সুৰক্ষা দিব নোৱাৰাৰ অপৰাধত অন্ধ ৰজা আৰু আদালতে যি বনবাস দিয়াৰ প্ৰস্তাব ৰাখিছে তাক অমান্য কৰিব নোৱাৰি৷
এইয়া আপোনালোকে দেখা পাইছে যে পাণ্ডৱৰ বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস ৰায়দান কৰা হৈছে৷ আপোনালোকে যদি ভাবে যে উচিত বিচাৰ হৈছে তেনেহ'ল A আৰু যদি ভাবে যে নাই হোৱা B টিপি 676767 নম্বৰত আমালৈ ভোট পঠাওক৷

No comments:

Post a Comment