Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 11

ভাস্কৰে দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ আখৰা কৰিবলৈ সভাৰ ভীষ্ম, কৰ্ণ, ধৃতৰাষ্ট্ৰ, শকুনি ,পঞ্চপাণ্ডৱ সকলোকে মাতে৷
খবৰদাৰ৷
কোনো বস্ত্ৰহৰণ হ'ব নোৱাৰিব ইয়াত৷ যুগ যুগ ধৰি সকলোৱে নিমাতে দ্ৰৌপদীৰ বস্ত্ৰহৰণ চাই আহিছে৷ আমি 'উজান বজাৰ মহিলা সমিতিয়ে' গান্ধাৰীৰ দৰে চকুত ক'লা কাপোৰ বান্ধি থকা নাই৷ ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিম, লাগিলে স্মাৰক পত্ৰ দিম৷ এই বুলি সভানেত্ৰী উৎপলা কৌৰে লগত দহগৰাকীমান মহিলা লগতলৈ হাতত "দ্ৰৌপদীৰ বস্ত্ৰ হৰণ বন্ধ কৰক" প্লে কাৰ্ডলৈ সোমাই আহিল৷ লগত অহা সকলো মহিলাই " বন্ধ কৰক বন্ধ কৰক" চি়ঞৰি ভিতৰলৈ উৎপলা কৌৰৰ পিছে পিছে আহিল ৷
কাকতিদাই মহিলা সমিতিৰ দল সোমাই অহা দেখি নৰ'লেই৷ "বাপ্পা ঐ মৰল্লো" বুলি কৈ চকুৰ পলকতে আঠুৰ মূৰলৈকে এটা হাতে ধুতিখন কোচাই কাকো নোচোৱাকৈ স্কুলৰ খিৰিকিৰে দিলে জাপ মাৰি।
কাকতিদাই জাপ মাৰিবলৈ ধৰোতেই বিজয়ে দাদা ক'ত যায় ক'ত যায় বুলি ধুতিত থাপ মাৰি ধৰিলে যদিও খিৰিকিৰ বাহিৰৰ পৰা এটা শব্দ হ'ল....ধুপুচ
উৎপলা কৌৰে সভাপতি ক'ত সভাপতি বুলি কওতে বিজয়ে হাতত ৰৈ যোৱা কাকতিদাৰ ধুতিখনকে আগবঢ়াই দিলে৷
সভাপতিক বিচৰা দেখি ৰিন্তুদাই মনতে বোলে আত্মসমৰ্পণ কৰাই মংগল হ'ব এই বুলি পুলিছৰ আগত চাৰেণ্ডাৰ কৰাৰ দৰে দুই হাত ওপৰলৈ ডাঙি খোজ কাঢ়ো নাকাঢ়োকৈ উৎপলা কৌৰৰ ফালে আগবাঢ়িল৷
ইমানপৰে পেপুৱা লাগি থকা ডাইৰেক্টৰ ভাস্কৰে ভয়তে নাটকৰ পৰা বস্ত্ৰ হৰণৰ পাতখিলাকে ফালি মুখৰ ভিতৰত ভৰাই গিলি দিলে৷
সম্পাদক কোন?৷উৎপলা কৌৰৰ প্ৰশ্ন
ৰিন্তুদাই ভয়তে সেপ গিলি বোলে "মই।"
উৎপলা কৌৰঃ- এই বস্ত্ৰ হৰণৰ দৰে চিন লিখা নাটকৰ ৰাইটাৰটো কোন?
ৰিন্তুমনি দত্তঃ- মই নাই লিখা ব্যাসে লিখিছে৷ উপাধিটো নাজানো৷
উৎপলা কৌৰঃ- মাতক তেওঁক৷
ৰিন্তুমনি দত্তঃ- মই ইয়াত নতুন৷ সকলোকে চিনি নাপাও৷ আপুনি বেলেগক সুধি চাওকচোন৷
উৎপলা কৌৰঃ- মই মানুহৰ ঘৰৰ এড্ৰেছ সোধা নাই৷ বিজয়ৰ ফালে চাই বোলে ব্যাসক মাতক জল্ডি৷
এনেতে দৌৰা দৌৰিকৈ গাঁৱৰ সভানেত্ৰী প্ৰণিতা গোস্বামী বাইদেউ সোমাই আহি উৎপলা কৌৰক অকন আচুতীয়াকৈ মাতি নি কিবা কিবি কয়৷ অলপ পিছতে উৎপলা কৌৰ আহি সকলোকে বোলে অ'কে আপোনালোকে কন্টিনিউ কৰক পিছে এই বস্ত্ৰ হৰণৰ দৃশ্যটো দেখুৱাব নোৱাৰিব৷
সকলোৱে হ'ব হ'ব বুলি কয়৷
এনেতে সৰু সৰুকৈ কোনোবাই পানী পানী চিঞৰা শুনা গ'ল৷
সকলোৱে চাই ভাস্কৰৰ কি হ'ল কি হ'ল বুলি ভাস্কৰৰ ওচৰলৈ দৌৰ মাৰি যায়৷
ভাস্কৰে মুখৰ ভিতৰতে ফুটো নুফুটোকৈ বোলে বস্ত্ৰ হৰণৰ পাতটো থাকিলে কিবা কেচ চেচ হ'ব পাৰে বুলি চবুত মিতাবলৈ ফালি গিলি দিছিলো৷ ডিঙিত লাগি ধৰিল৷
(দুই বুঢ়াৰ কঠোপকথনঃ-
@এই মহিলা সমিতিবোৰৰ পৰা উপাই নাই বুজিছা৷
%% তাকেহে সখা, বৰ আশাৰে আহিছিলো অ বস্ত্ৰ হৰণ ভাগ চাম বুলি৷
@ এই মৰতিয়ে আশাত চেঁচাপানী ধালিলে৷ বৰ বেয়া কথা হ'ল৷
%% থোৱাহে, ভাল কথা বেয়া কথা, হেৰৌ কৌৰৱ পাণ্ডৱে জুৱা খেলাটো ভাল, ৰাজসভাত বস্ত্ৰ হৰণ কৰাটো ভাল, ঘৈনিয়েকক জুৱাত লগোৱা ভাল৷ আমি বাদ দিয়া এই ভিষ্মৰ দৰে দ্ৰোণাচাৰ্য্যৰ দৰে বুঢ়ামখাইও দেখোন বস্ত্ৰ হৰণ চাই আছিল৷ ভাগ্যে সেই সময়ত ম'বাইল নাছিল বুলিহে৷ নহলে হাতে হাতে ভিডিঅ ঘুৰি ফুৰিলে হয়৷
@ মনৰ কথা ক'লা সখী৷ সীতা হৰণ, বস্ত্ৰ হৰণ, অহল্যাৰ সতিত্ব হৰণ, অম্বা অম্বালিকাক অপহৰণ এইবোৰ দেখোন পূৰ্বপূৰুষ সকলেই দেখাই গৈছে৷ আমিনো চোৱাত কি ভুল?
%% কথাটো কিন্তু তুমি ঠিকেই কৈছা সখী৷ দিয়া মই যাওগৈ আৰু মেইন বস্ত্ৰ হৰণেই নাথাকিল যেতিয়া এইখন আৰু চাবা কি?)
এনেতে চুৰিদাৰ পিন্ধা এগৰাকীয়ে মূৰত উৰ্নীখন দীঘলকৈ লৈ চুপে চাপে যাবলৈ লোৱাত সোনটোৱে বোলে কোন এইজনী বুলি ঠাপ মাৰি ধৰিব খোজাত দৌৰ মাৰিব ল'লে৷ বিজয়ে পলাব নোৱাৰাকৈ আগভেটি ধৰি ভালকৈ চাই দেখে ভৰিত জোটা, জিনচৰ পেন্ট ওপৰত চুৰিদাৰ চুৰ্ণী৷ বিজয়ে কোন কোন বুলি মূখ ধাকি থকা চুৰ্ণীখন আতৰাব লয় কিন্তু মহিলা গৰাকীয়ে নিদিয়ে৷
এসময়ত সকলো কাষ চাপি অহাত চুৰ্ণীখন ফাঁক কৰি ধ্ৰুৱজ্যোতি অৰ্জুনে লাহেকৈ বিজয়ক মূখখন দেখুৱাই বোলে মই মই৷
বিজয়ে বোলে লেডিজ ড্ৰেচত যে?
ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে মহিলা সমিতি আহোতে ভয় খাই সাউতকৈ দ্ৰৌপদীয়ে এক্সট্ৰাকৈ অনা চুৰিদাৰজোৰ পিন্ধি ল'লো৷
এনেতে প্ৰণীতা গোস্বামী বাইদেউ আহি বোলে অৰ্জুন ভয় খাব নালাগে৷ নাম অৰ্জুন আৰু পাৰ্ট লৈছা অৰ্জুনৰ কিন্তু ভয় সেইটো৷
ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে এনেকৈ বহুদিন আগত বাবা ৰামদেৱক পলোৱা টিভিত দেখিছিলো সেয়ে ফটকৈ মূৰত এইটো বুদ্ধিকে খেলালে৷
প্ৰণীতাবায়ে বোলা যোৱা যোৱা লেডিজ ড্ৰেছজোৰ সলাই লোৱা৷ আৰু ভাস্কৰ, মই উৎপলাৰ লগত মই কথা পাতিলো৷ কোনো চিন্তা নাই, ৰিহাচেল আগবঢ়োৱা৷ কেৱল উৎপলাক ৰ'ল এটা দিব লাগিব৷
ভাস্কৰঃ- আকৌ এটা নতুন ৰ'ল!! বাৰু কিবা মেনেজ কৰিব লাগিব৷ বাৰু আখৰা আৰম্ভ কৰক ৰাইজ৷ বস্ত্ৰহৰণভাগত লেডিজক নলৈ কোনোবা পুৰুষ এজনকে ষ্টান্ট কৰিবলৈ ভৰাই দিম৷ আমাৰ ধ্ৰুৱজ্যোতি অৰ্জুনেই বস্ত্ৰহৰণৰ সময়কনত দ্ৰৌপদীৰ ৰ'ল কৰিব৷
সকলোৱে হাত চাপৰি দিলে৷
ধ্ৰুৱজ্যোতি অৰ্জুনে চুৰিদাৰ পিন্ধা ড্ৰেচতেই চুৰ্ণীখন আতৰাই সকলোকে ধন্যবাদ সূচক নমস্কাৰ জনালে৷
এনেতে দৰ্জাৰ ফাঁকৰে চুচুক চামাক কৈ কোনোবাই চাই থকা দেখি মানস শইকীয়াই বোলে সেইটো কোনে জুমা জুমি কৰি আছে?
দৰ্জাৰ ফাঁকৰে মূৰটো ভৰাই ইফালে সিফালে চাই কাকতিদাই ফুচফুচকৈ বোলে "গেল না?"
বিজয়ে বোলে কোন?
কাকতিদাঃ- হেই, মহিলা সমদলটো গেল না?
ৰিন্তুমণি দত্তঃ গ'ল গ'ল সোমাই আহক৷ মোক আজি ভাল ফচাইছিলে আপুনি৷
কাকতিদাঃ- বাপ্পা ঐ৷ যি ৰকম উগ্ৰ মুৰ্তি লৈ মহিলা সমদল আহিছিল মই ভাব্লো আজি মই গেলো৷ ভগবানে বছালাক দিয়া৷ পিছে বিজয়, তুমি হ'ল বুলি এংকে ধুটিখান ঠাপ মাৰি ধৰবা নাল্গে নহয়৷ কেংকে আন্ধাৰৰ ফাঁকে ফাঁকে কলপাত বান্ধি ঘৰ পাইছোগৈ মই জানো আৰু একমাত্ৰ ভগবানে জানে৷
আগলৈ......

No comments:

Post a Comment