Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 10

হু হু হাঃ হাঃ
হু হু হাঃ হাঃ হাঃ
গাৰ সমষ্টজোৰৰে হু হু হাঃ হাঃ কৈ হাঁহি হাঁহি শকুণিৰূপী বিজয় মহন্ত সোমাই আহিল৷
ভাস্কৰঃ- বিজয় অ', শকুনি মানুহ আছিল, বকাসুৰ বা বৃত্তাসুৰৰ দৰে অসুৰ নাছিল, হু হু হাঃ হাঃ চিঞৰি প্ৰবেশ কৰিলি যে?
বিজয়ে বোলে মই আগতে অসুৰৰ পাৰ্ট লোৱা যে৷ বাৰু মানুহৰ দৰে কেনেকৈ প্ৰবেশ কৰো?
ভাস্কৰে বোলে তই মানুহ নে কি?
বিজয়ে বোলে মানুহ৷
তেন্তে তই নিজকে শকুণী মানুহ বুলি মনতে ভাবি প্ৰবেশ কৰ৷
বিজয়ঃ- বৰ মুচকিল হ'ল৷ মানুহৰ এক্টিং কৰাতো বৰ টান কাম৷ বাৰু মই মানুহৰ দৰে প্ৰবেশ কৰো৷ এই বুলি গ্ৰীণৰূমৰ পৰা ম'বাইলত কাৰোবাৰ লগত কথাপাতি পাতি সোমাই আহে৷
বিজয়ঃ- ওম ....ওম... হুম.....হুম.....হুম..( মবাইলটো কানৰ পৰা মুখৰ ওচৰলৈ আনি ফুচফুচাই ....."পিছত মিছকল দিবা, মই ৰিহাচেলত আছো" এই বুলি ম'বাইলটো পকেটত ভৰাই দুৰ্যোধনৰ কাষত ঠিয় হয়)
ভাস্কৰে বোলে অই মৰা কাৰ লগত ম'বাইলত কথা পাতি পাতি প্ৰবেশ কৰিছ?
বিজয়ে বোলে আজিকালি মানুহৰ দেখোন এনিটাইম হাতত ম'বাইল থাকেই৷ আপুনিয়ে দেখোন ক'লে মোৰ দৰে মানুহৰ নিচিনাকৈ প্ৰবেশ ক'ৰ৷
ভাস্কৰে বোলে হে প্ৰভূ.....
এনেতে শইকীয়া মাষ্টৰ আৰু কাকতিদা সোমাই আহি বোলে আজি বিজয়ৰ ৰিহাচেল নেকি? কৰা কৰা আমি চাও৷
শইকীয়া মাষ্টৰে বোলে আও আজি ৰিহাচেল চাবলৈ ইমান মানুহ !! গাঁৱৰ বুঢ়া দেখোন গোটেই কেইটা আহিছে৷
কাকতিদাই বোলে আচৰিত, তাকেহে ভাবিছো৷
(আখৰা চাব অহা দুই ব্যক্তিৰ কথোপকঠনঃ
@ হেৰা, আজি দেখোন শকুনিহে ওলাল৷ তুমি দেখোন কৈছিলা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ আখৰা হ'ব আজি৷
%% হ'ব হ'ব হে ধৈৰ্য ধৰা৷ অথনি এই ডাইৰেক্টৰে কাৰোবাক ফোনত তেনেকৈয়ে কথা পাতি থকা শুনিহে মই তোমাক লগে লগে খবৰটো দিলো৷
@ ৰ'বা হে ইমানকৈ চিঞৰি নক'বা৷ কোনোবাই শুনিব৷
%% লেডিজে ৰ'ল লৈছে বুলিহে চাবলৈ আহিলো বুজিছা, এনেই যি হে আঠুৰ বিষ কলৈকো ওলাবকে নোৱাৰো৷
@ তাকেই বয়সো হ'ল নহয়৷
%% এহ থোৱা হে, মতা মানুহৰনো কিটো বয়স৷ এই চেনীখাব নোৱাৰা বেমাৰটো হোৱাৰ পৰা বুলিহে অলপ দূৰ্বল হ'লো)
ভাস্কৰে বিজয়ক বোলে চা তই যিটো এন্ট্ৰি মাৰিলি, এনেকৈ নহ'ব৷ স্ক্ৰিপ্ত চেঞ্জ৷ তই বহি থাক তাতকৈ দূৰ্যোধনকে ৰূমলৈ মাতো৷
এনেতে চুক এটাত বহি দূৰ্যোধনৰ বচন মূখষ্ট কৰি থকা সঞ্জীৱ ভট্টাচাৰ্যই ভাস্কৰে দূৰ্যোধনক মাতো বুলি কোৱা শুনিবলৈহে পালে৷ গ্ৰীণৰূমৰ পৰা হালধীয়া ৰঙৰ ধুতি আৰু টেকটেকীয়া ৰঙা পাঞ্জাৱী চোলাতো পিন্ধি দৌৰ মাৰি আহি
"মামা, মামা, মামা ......
অপমানে আমাৰ হৃদয় দগ্ধ হচ্ছে।
সমগ্র পৃথিবী আজ পাণ্ডবদেৰ বশে।
নিজেৰ চোখে দেখে লক্ষ লক্ষ ৰাজা তাদেৰ জন্য খাটছে।
কুন্তীৰ পুত্রেৰা আজ ইন্দ্রেৰ বৈভব জয় কৰেছে।
আৰ সহ্য কৰে আমাৰ পাৰি না মামা৷ আৰ সহ্য কৰে আমি পাৰি না৷
তুই কিছু বলিছ না কেন মামা?
এই বুলি উৰাই ঘুৰাই শকুণিৰূপী বিজয়ৰ বাহুত ধৰি জোকাৰি জোকাৰি বোলে......
কুন্তীৰ পুত্রেৰা আজ আমায় দেখে হাসে, আমি কি কৰে সহ্য কৰি? আমি আৰ গৃহে ফিৰছি না, কিছুকেই আমাৰ মূখ দেখাব না৷ তুমি কিছু না কৰলে তোমাৰ ভাগনা দুৰ্যোধনে আজকেই আগুনে প্রবেশ কৰব।
বচন মাতি শেষ হ'ল পিছে ইমান পৰে দুৰ্যোধনৰূপী সঞ্জীৱে বিজয়ৰ বাহুত ধৰি যি একোটা একোটা পচণ্ড জোকাৰনি দিলে বিজয় তাতেই মূৰ ঘুৰাই চকীৰ পৰা মাটিত বাগৰি পৰিল৷
আখৰা গৃহত সকলো নিস্তব্ধ৷ এটা শব্দ নাই৷ কাঁহ পৰি জিন যোৱা অৱস্থা৷ ভাস্কৰে মাটিতে প্ৰাতঃকৰ্ম কৰিবলৈ বহাৰ দৰে বহি মূৰত হাত থৈ দুৰ্যোধনৰূপী সঞ্জীৱলৈ শিল পৰা কপৌৰ দৰে চাই আছে৷
সঞ্জিৱে আখৰাগৃহত উপস্থিত সকলোৰে ফালে মিচিকিয়া হাঁহি এটা মাৰি চকুৰে এক্টিং কেনে পালে টাইপ এটা চাৱনী দিলে৷ যেন সকলোৱে এতিয়া জাউৰিয়ে জাউৰিয়ে হাত চাপৰি হে বজাব৷
পিছে নিস্তব্ধতা ভংগ কৰি কাকতিদাই বোলে বাপ্পা ঔ......সঞ্জীৱ এইগ্লা কি গালা হা? ব্ৰজাৱলী হেনতো লাগা নাই৷
সঞ্জীৱে কাঠি এডালৰে দাঁতৰ ফাঁকত থকা পানৰ টুকুৰা খুচৰি খুচৰি বোলে কাকতিদা কেচটো এনেকুৱা মানে ভাস্কৰদাই কালি মোৰ বচনবোৰ দিলে পিছে ব্ৰজাৱলীটো মই কবা পাৰবাৰ নহয়৷ সেয়ে কালি ৰাতি দেৱজিতদাক ফোন কৰি ভাস্কৰদাই কোৱা বুলি ক'লো যে সঞ্জীৱ ভট্টাচাৰ্য বোলা এজনে দুৰ্যোধনৰ পাৰ্ট ল'ব বচনখিনি তেওঁ কিন্তু ব্ৰজাৱলীত নোৱাৰে৷ দেৱজিতদায়েই হ'ব বুলি কলে৷ পুৱা গৈ দেখো বচন বেঙ্গলী ভাষাত লিখি থৈছে৷
ভাস্কৰে বোলে তুমি নকলা কিয় যে এইটো বঙালী নহয় অসমীয়া ভট্টাচাৰ্য৷
আগলৈ...

No comments:

Post a Comment