Friday 5 October 2018

আলহী


ইংৰাজী মাধ্যমৰ "ইউ কেজি"ত পঢ়ি থকা ঋষিকাই (ৰিচিকা) অসমীয়া বিষয়টো "ইমান টান" পাই বুলি মিচেছ চলিহানীয়ে আনৰ ওচৰত অলপ গৌৰৱবোধ কৰে৷ তেখেতৰ মতে অসমীয়া বিষয়টো অলপ "টান" আৰু ভৱিষ্যতে ডক্টৰ ইঞ্জিনিয়েৰ যিয়েই নপঢ়ক সকলোতে যিহেতু ইংৰাজী মাধ্যমতে পঢ়িব লাগিব আৰু ইংলিছত "টকিং" কৰিব নাজানিলে মাল্টি নেশ্চনেল কোম্পানী নালাগে সাধাৰন শ্বপিংমল বোৰতো চাকৰি নাপায় গতিকে অসমীয়া নাজানিলেও ইমান ক্ষতি নহয়৷ চলিহাই অৱশ্যে ডিগ্ৰীৰ পৰা বুলি উচ্চ শিক্ষাত অসমীয়া মাধ্যমৰ কোনো পাঠ্যপুথি নথকা বাবেহে ইংৰাজী মাধ্যমত পঢ়ুৱাব লগিয়া হ'ল বুলি মিহি জাতীয়তাবাদী ভাৱ এটাও প্ৰকাশ কৰে৷
ইংৰাজী ভাষা সহজ পোৱা "ৰিচিকা"ক অলপ সময় উলিয়াই মিচেছ চলিহানীয়ে নিজেই অশেষ কষ্ট কৰি অসমীয়া পঢ়াই৷ কেতিয়াবা দুই এটা শব্দৰ অৰ্থ সৰলকৈ বুজাবলৈ গৈ অসুবিধাৰ সন্মুখীন হয় যদিও আজি ঋষিকাৰ কিতাপত থকা "আলহী-দুলহী" শব্দৰ অৰ্থ বুজাবলৈ গৈ বিপাঙত পৰিল মিচেছ চলিহানী৷ আলহী কাক কয়? বহু ভাবি অৱশেষত "ৰিচিকা"ক কোৱা হ'ল যে "কাৰোবাক যেতিয়া আমি নিমন্ত্ৰন কৰো বা কোনোবা চিনাকী সম্বন্ধীয় মানুহ কম সময়ৰ বাবে আমাৰ ঘৰলৈ আহে তেওঁলোকক আলহী বোলে, ইংৰাজীত গেষ্ট বুলি কয়৷"
ঋষিকাৰ প্ৰশ্ন " গ্ৰেণ্ড মা যে অল্ডেজ হ'মৰ পৰা আহি কেতিয়াবা দুদিন থাকে আলহী বুলি কম নে?"

No comments:

Post a Comment