Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-3)

পুৱাই দমকলৰ পাৰত খালি গাৰে আকাশলৈ চাই বহি থকা চিকতা থুলুকক দেখি ঘৈনীয়েকে বোলে হেৰি আকাশলৈ চাই কি কৰিছে?
ৰ'বা হে বৰষুণ আহে নেকি চাও?
ঘৈনিয়েকে বোলে হেৰি গাৰ গোন্ধ ওলাই গৈছে আৰু, বৰষুণ নাহে৷ দমকলৰ পানীৰেই গাটো তিয়াই আহক৷
দাৰ্শনিকৰ দৰে আকাশলৈ চাই থকা থুলুকে বোলে আহিব ৰ' চোন আহিব৷ মিছাতে দমকলৰ পানীকননো কিয় গাত ঢালি খৰচ কৰো৷
এনেতে দুটুপাল মান বৰষুনৰ পানী গাত পৰাত থুলুকে বোলে আহিল আহিল ঐ আহিল কোন ক'ত আছ আহ সোনকালে গাটো তিয়াই ল'হি৷ মিছাতে গাধোৱাৰ নামত দমকল মাৰি এনাৰ্জী লচ কৰি থাকিব নালাগে৷
ঘৈনিয়েকে বোলে গাধোৱা চাবোনটো লৈ যাওক৷
থুলুকে বোলে খবৰদাৰ.....চাবোন চাবোন কৈ নাথাকিবি? এটা চাবোনৰ কিমান দাম জাননে? মই কলহটোতে মনিছালৰ গুটি তিয়াই থৈছো লৈ আন জল্দি৷ আকৌ কেতিয়ালৈ বৰষুণ আহে ঠিক নাই৷ আজিয়েই ধুই ল৷
গা ধুই আহি থুলুকে বোলে সিদিনা যে চাউলৰ মাজত সৰিয়হ গুটি দুটা পাইছিলি দেচোন৷ পটাতে পিচি সাউতকৈ ছুলিত মিঠাতেল অকন সানি লও৷
ঘৈনিয়েকে বোলে কিয় সিদিনা দেখোন সৰু মাছৰ সৰিয়হৰ চৰ্চৰি বনাওতে আপুনিয়েই দি দিব কৈছিল৷
থুলুকে বোলে চেহ, পাহৰিলোৱেই নহয়৷ ৰ' তেন্তে তিতা গাৰেই নামঘৰতে সেৱা এটা কৰি আহো৷ তাতে থকা আধা জ্বলা চাকীৰ তেল অকনকে " ঔৱা হৰি ঔৱা ৰাম, আশীৰ্বাদ কৰিবা আৰু" বুলি ছুলিত সানি আহোগৈ৷
ঘৈনিয়েকে বোলে হে ৰি গাতো বাৰু আজি ইমান দিন পিচত ধুলে কিন্তু পাৰিলে এই দাড়ী চুলিখিনিও কটাই আহিবগৈ৷ নহ'লে কেইদিনমান পিচত চৰায়ে বাঁহ সাজিব৷
ৰ' চোন ৰ' আৰু অলপ দীঘল হ'ব দিছো৷ দেখা নাই ঘৰটোত চূন তেল মাৰিব লগা হৈ আছে৷
ঘৰত চূন তেল মৰাৰ লগত আকৌ চুলি দাড়ীৰ কি সম্বন্ধ?
হেৰৌ, দাড়ী কেইডাল অকন দীঘল হ'লেই ব্ৰাছ দুডাল বনাই ল'ব পাৰিম৷ ভগবানে দিয়া বস্তু অলপ কামত খটুৱাব লাগে৷
পিছে ইমান দীঘল দাড়ী কটাওতে নাপিতে পইচা বেছিকৈ নল'ব জানো?
ই মৰতি, তই হ'বলা গমেই নাপাও৷ আমাৰ যে সেই চকটোত বহা সীতাৰাম নাপিত৷ তাৰ চুলি কোনে কাটি দিয়ে ক'চোন?
নাজানো নহয়৷
ক'ত জানিবি৷ মিছাতে তোক কৈ শক্তিকন খৰচ কৰা নাছিলো আকৌ৷
সিদিনাখন তাক সুধিলো বোলো সীতাৰাম তোৰ চুলি কোনে কাটি দিয়ে? সি বোলে মই বেলেগ চেলুনত যাব লাগে৷
মই ঘপককৈ কৈ দিলো নহয়৷ বোলো সীতাৰাম চা, তোৰ চুলি কাটিবলৈ বেলেগ নাপিতক পইচা দিব লাগে, আৰু মইও চুলি কটাবলৈও নাপিতক পইচা দিব লাগে৷ তাতকৈ মাহত এদিন মই তোৰ খিনি কাটি দিম তই মোৰ খিনি কাটি দিবি৷
সিও বহু গনি পিতি চাই হ'ব বুলি কৈ দিলে৷ দেখিছ এতিয়া চুলি দাড়ীৰে ঘৰত ৰং দিয়া ব্ৰাছো বনাম আৰু পইচা নিদিয়াকৈ চুলিও কটাম৷
ভগবানে আপোনাক মোৰ মূৰৰ চুলীৰ সমান দীঘল চুলি দাড়ী দিয়ক৷
(আগলৈ...)

No comments:

Post a Comment