Friday 5 October 2018

সমিপেষু


যিমানেই গুৱাহাটীৰ ফটাঢোল মিট কাষ চাপি আহিছে সিমানেই কাকতিদাৰ চিন্তা বাঢ়ি আহিছে৷ কি দৰে পাৰ্মিশ্চন লোৱা যায় বৌৰ পৰা তাকে দিনে নিশাই চিন্তা কৰিব ধৰিলে৷
পূৱা বৌ উঠাৰ আগতেই লিকাৰ ওলোৱা চাহ একাপ বনাই বৌৰ কাষ পালেগৈ৷
গুড মৰ্ণিং.....উঠা উঠা মৰ্ণিং হৈ গ'ল৷ চোৱা তোমালৈ মই কি আনিছো?
বৌয়ে চাহৰ কাপটো দেখি বোলে তুমি নাজানা নেকি মই চাহ এৰা আজি দুমাহ হ'ল৷
কাকতিদাই ভোৰভোৰাই বোলে চেহ৷ কালি কলিতানীয়ে দিয়া আইডিয়াটো পূৱাতেই ফ্লপ মাৰিলে৷
বৌয়ে বোলে কি? কোন কলিতানী?
কাকতিদাই বোলে নহয় মানে মোৰ লগৰ সেই ওমৰাংচুত থকা কলিতাই আপাতানী ছোৱালী বিয়া পাতিছে যে সেয়ে তাক কলিতানী বুলি মাতো মৰমতে৷
পূৱাৰ আইডিয়া ফ্লপ হোৱা পিচত অফিচত গৈ কাকতিদাই চিন্তা কৰি কৰি বৌৰ নম্বৰলৈ ফোন লগালে৷
দুবাৰ মান বাজি বাজি কাট খালে৷
কাকতিদাৰ মেজাচটো গৰম হৈ উঠি বোলে আজি কাকতি কোন মইও দেখাম৷ এই বুলি মুডত কল লগালে৷ মনতে "ফোন কিয় ডঙা নাই হা? মোৰ ফোন এটা ৰিংত ডাঙিবা নহ'লে মই কেনেকুৱা তুমি গম পাবা" এনেবোৰ ডায়লগ ৰিং হৈ থকা সময় কনত মনতে আউৰাই ল'লে৷
হেল্ল৷ সিফালৰ পৰা বৌ
কাকতিদাৰ হাতৰ পৰা ভয়তে খপজপত ম'বাইলটো সৰি পৰিল৷
এটা হাতে ম'বাইলটো ডাঙি অফিচত থকা হনুমানৰ ফটোখনৰ সন্মূখত ৰৈ...সেৱা এটা কৰি
মানে...হেল্লৌ৷ তুমি নেকি?
বৌঃ কি তুমি নেকি? কি কথা আছে সোনকালে কোৱা৷
কাকতিদাঃ তুমি সোন বুলি ক'লে বৰ ভাল লাগে৷ জা.....ন
থেকেচ...........
সিফালৰ পৰা বৌয়ে ফোনটো কাটি দিলে৷
এই মাইকী মানুহবোৰে একদম মৰম চৰম বুজি নাপায়৷
চাহ দিবলৈ অহা পিয়নজনে বোলে হয় চাৰ একদম সঁচা কথা৷ পিছে মোৰজনীয়ে মোক তামাম ভয় কৰে নহয়৷
কাকতিদাই বোলে তই কি কৰ অ'? তোক যে ইমান ভয় কৰ?
পিয়নজনে বোলে মৰমৰত মৰম আৰু গৰমত গৰম দেখাই দিও৷
কাকতিদাই বোলে মোক অলপ আইডিয়া দে অ গংগাধৰ৷ 31 তাৰিখলৈ ফটাঢোলৰ মিটিং আৰু মই এতিয়ালৈকে এওঁৰ পৰা পাৰ্মিশ্চনটোকে উলিয়াব পৰা নাই৷
গংগাধৰে মোছৰ তলত মিচিককৈ হাঁহি এটা মাৰি বোলে চাৰ গিফ্ট৷ বাইদেউক চাৰপ্ৰাইজ গিফ্ট এটা দি দিয়ক৷ খুচহৈ পাৰ্মিশ্চন দি দিব৷ গিফ্ট পালে সকলো মহিলাই কুমলি যায়৷
কাকতিদাই বোলে ঠিক কৈছ গংগাধৰ৷ তই জিনিয়াচ৷ এই আইডিয়াটোকে মোৰ মূৰত কিয় অহা নাছিল? এই বুলি গংগাধৰৰ কপালত টুপুককৈ চুমা এটা খাব লৈ ৰৈ দিলে৷
পিছে গংগাধৰ গিফ্ট কি দিম? তই আইডিয়া দিছ যেতিয়া এইটোও কৈ দে, মই মিছাতে বিৰেণটোক কষ্ট নিদিও৷
গংগাধৰে বোলে চাৰ শাৰী এখনকে দি দিয়ক৷ চব চিনেমাতে শাৰী গিফ্ট কৰাই দেখো৷
কাকতি দাই বোলে ইউ আৰ চিমপ্লি গ্ৰেট গংগাধৰ৷
গংগাধৰে বোলে মেনচন ইট চাৰ৷
সন্ধিয়া কাকতিদাই শাৰী এখন লৈ বৌৰ ওচৰ পালেগৈ৷ অলপ নিজৰ আইদিয়া খটুৱাই কাছাৰিৰ ওচৰৰ শুক্ৰেশ্বৰ মন্দিৰৰ সন্মূখৰ পৰা টিকটিকিয়া ৰঙা গোলাপ এটাও লৈ ল'লে৷
ঘৰৰ কলিং বেল বজালে৷
দৰ্জা খোল খালে৷
সদায় বৌয়ে দৰ্জা খোলে আৰু কাকতিদা মাতবোল নকৰাকৈ চিধা সোমাই আহে৷ পিছে আজি.....
দৰ্জা খোলাৰ লগে লগেই দৰ্জা সন্মূখত এটা ভৰি আঠু কাঢ়ি দাঁতৰ ফাঁকত গোলাপটো লৈ এটা হাতে শাৰীৰ পেকেটটো লৈ শ্বাহৰুখ খানৰ দৰে " আই লাভ ইউ...........
কাম কৰা বাইগৰাকীয়ে দৰ্জা খুলিয়েই কাকতিদাৰ সেইটো পজ দেখিয়েই "বা ই দে উ......বুলি চিঞৰ এটা মাৰি বেহুচ৷
বাইদেউ ওলাই আহি গোলাপ মূখত লৈ থকা কাকতিদাৰ প'জ দেখি বোলে৷ এইবোৰ এক্টিং কৰি থাকি লাভ নাই৷ বাইগৰাকীৰ হুচ নাহিলে ভাত তুমিয়েই বনাব লাগিব৷
সেইটো আইডিয়াও ফ্লপ হোৱাত চিধা ওজা বিজয় মহন্তলৈ ফোন লগালে৷
বিজয় আইডিয়া এটা দে না ভাই৷ তই যে গ্ৰুপত ফালি থাক যে বন্দিতাই তোৰ আগত ভয়ত কঁপি থাকে৷ মোকো আইডিয়া দে না ভাই৷
বিজয়ে বোলে কথাটো চিৰিয়াচ৷ আপুনি মোতকৈ এক ষ্টেপ ওপৰত দিব লাগিব৷ এটা কাম কৰক৷ বিয়েৰ এটা খাই আহককৈ৷ আহিয়েই দেখুৱাই দিয়ক যে আপুনী মৰ্দ হয় মৰ্দ৷
কাকতিদাই বোলে ঠিক কৈছ৷ বিয়েৰ নাখালেও হ'ব, মই এক্টিংত কলেজত থাকোতে প্ৰাইজ পাই থোৱা আছে৷ তই চাই থাক আজি হয় ৰঙা মাটি নহয় গুৱাহাটী....
এই বুলি কাকতিদাই পিচফালৰ দৰ্জাই দি ওলায় আগফালে দৰ্জাত কলিংবেল বজালেগৈ৷ পাক খোৱা ভৰি পাক খোৱা কথা, চক তেলেকা৷
বৌয়ে দৰ্জা খুলিলে৷
কাকতিদাঃ হাই
মই আজি মোৰ মনৰ কথা কম৷ ফুল গিয়েৰত আছো৷
বৌয়ে বোলে এক্টিং ভাল হোৱা নাই৷ কষ্টিউম ভুল৷ টাৱেলখন খুলি লংপেন্টটো আৰু বুটাম খোলা চাৰ্ট এটা পিন্ধি আকৌ পিছ দুৱাৰেদি গৈ আগফালে আহি কলিংবেল বজোৱাহি৷ মই ৰৈ আছো৷
কাকতিদাই বোলে মে মৰ্দ হু মৰ্দ
বৌয়ে বোলে সেইটো তোমাৰ প্ৰব্লেম৷
কাকতিদাই তলমূৰ কৰি কোবাকোবিকৈ গৈ নিজৰ ৰুমৰ বিচনাখনত ধাচ কৈ পৰি দি তলপেট কৰি শুই গাৰুটোত মূৰটো গুজি উচুপিব লাগিল৷
অলপ পিচত বৌয়ে আহি বোলে উঠা উঠা ৰাকুদাৰ লগত থাকি অলপ তোমাৰ এক্টিং ইম্প্ৰোভ হৈছে বাৰু৷ ইমান কান্দিব নালাগে৷ দেৱজিতে ফোন কৰিচিল৷ 31 তাৰিখে মিট আছে বোলে৷ তোমাক যাবলৈ পাৰ্মিশ্চন লবলৈ ফোন কৰিছিল৷ মই যাব দিম বুলি কৈ দিছো৷
এতিয়া যোৱা আৰু ৰাতিৰ ভাতৰ যোগাৰ কৰা৷
কাকতিদাই পুতুককৈ উঠি বোলে "সঁচা"? তুমি ইমান ভাল ৷ আই ....
এই বুলি কাষ চাপিব লওতেই বৌ উঠি গৈ বোলে মোক থেংক ইউ দিব নালাগে৷ দেৱজিতক দিয়া৷ তাৰ বাবেই মিটত যাবলৈ পাৰ্মিশ্চন পালা৷ থেংকচ তু হিম........

হেৰা, এতিয়াও মই চফল ডেকা বুজিছা৷
থওক হেৰৌ, পুৱা ইণ্ডিকা নাসানিলে মোছকোচা সৰু পোৱালীৰ ওঠৰ ওপৰত গিলাচত খালে লগা গাখীৰ যেন লাগে৷
হেৰা মোছ পকিব পাৰে কিন্তু কলিজা এতিয়াও তেজাল৷
সেইবোৰ বাদ দিয়ক, বজাৰৰ পৰা আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল আৰু পিয়াজ লৈ আনক গৈ৷
বাৰু, মোনাখন দিয়া৷ মই ইউ গেয়া ইউ আয়া৷ তুমি গাড়ীৰ চাবিটো দিয়া৷
গাড়ী চলাই যাওতে.....আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল , আলু
আমুল তাজা এপেকেত, হালধী, অৰ্ন্নপূৰ্না ঘিউ এবটল ....আৰু
আমুল তাজা, হালধী, অৰ্ন্নপূৰ্না ঘিউ
গাখীৰ.....অৰ্ন্নপূৰ্না ঘিউ
অৰ্ন্নপূৰ্না ......চেহ বাকী কেইটা বা কি আছিল৷
অৰ্ন্নপূৰ্না, চাহৰ লগত খোৱা কিবা....চাহপাত নে চেনী কৈছিল??
চাহপাত...নিমখ আৰু ডাইল৷ ওহো
চাহপাত, গাখীৰ চেনী৷
দোকানত গৈ .......চাহপাত এক কেজী, ভিমবাৰ এটা আৰু শুকান জলকীয়াৰ গুড়ি এপেকেট দিয়ক৷
শুনা মতে কাকতি দা ঘৰত অহা পিচত বস্তু কেইপদ দেখি বৌয়ে সুধিছে "মোৰ নাম কি আছিল"
কাকতিদাঃ ৰ'বা হে যেতিয়াই তেতিয়াই টান টান প্ৰশ্নবোৰ সুধি নাথাকিবা৷ তুমি দেখোন মোক মিঠাতেল আনিব কোৱাই নাছিলা৷ চাহপাত, চেনী আৰু দাইল আনিছোটো৷

কাকতিদা আৰু বৌ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বাবে প্ৰায়ে অত তত ভাষণ দিব লগা হয়৷ দুয়োৰে ডায়েৰিত সেয়ে ৰেডিমেড কিছু ভাষণ লিখাই থাকে৷ ভাষণ দিয়াৰ আগত অলপ চকু ফুৰাই চাই লয় আৰু ভাষণ দি যায়৷
সিদিনাখন ৰামানুজদাৰ ঘৰত সকলো আয়োজক বহি মিটিং কৰি থাকোতে সকলোৱে কাকতিদাক বোলে এইবাৰ ফটাঢোলৰ গুৱাহাটি মিটত কিন্তু আদৰণী ভাষণ আপুনি দিব লাগিব বুলি আয়োজক সকলে কবলৈহে পালে৷ কাকতিদাই সাউতকৈ বোলে ৰ'বা ৰ'বা মোৰ এটা ৰেডিমেড আদৰণী ভাষণ লিখাই আছে৷ সাউতকৈ চকু ফুৰাই চাই কৈ আছো কেনে হ'ব ক'বা৷
এনেও আগতে এবাৰ সদায় দ্ৰেচিং আইনাৰ সন্মূখত মই ভাষণটো প্ৰেকটিচ কৰিয়েই লও, আজি তোমালোক কেইজন আছা যেতিয়া ভালেই হ'ল৷ প্ৰেকটিচটো কৰি লও৷
এই বুলি ডায়েৰিত " আদৰণী ভাষণ" বুলি লিখা ভাষণ এটা চাই পঢ়িব ধৰিলে....
শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তি সকল তথা মোৰ অতিকৈ মৰমৰ মহিলা সদস্যা সকল....
আজি মোক দুৱাষাৰ কবলৈ সুযোগ দিয়াৰ বাবে কমিটিৰ সমূহ সদস্যাকে পোন প্ৰথমেই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷
ৰাইজ, আমাৰ জীৱনটোনো কি? পুৱা উঠাৰ পৰা সন্ধিয়া বিচনাত পৰালৈকে গেবাৰি উকতোতেই যায়৷ নিজৰ বুলিবলৈ অকনো সময় নাপাও৷ বাচন ধোৱা, কাপোৰ ধোৱা কামৰ মাজতে অফিচৰো কাম বোৰ থাকেই.....(কাকতিদাৰ ভাষণ শুনি চলচলিয়া হোৱা চকু দুটা মোহাৰি ৰামানুজদাই হিমাংশু ভাগৱতিৰ পিঠিত সাবটি ধৰিলে৷ ভাগৱতীৰ চোলা তিতিব ধৰাত জি এচটি দাই নিজৰ চকুহাল মোহাৰী ৰুমালখন ৰামানুজদাৰ ফালে আগুৱাই দিলে)
শ্ৰদ্ধেয় ৰাইজ, এইখিনি মোৰেই নহয়, আমাৰ সকলোৰে জীৱনৰ দৈনন্দিন ঘটনা৷ তাৰ মাজতে যদি অকনমান ফেচবুক কৰিলো তাকো চকু দিয়ে, পাচৱৰ্ড কি? কাক মেচেজ দিছা? মুঠতে নিজৰ বুলিবলৈ আমাৰ কি অকনো স্বাধীনতা নাই নেকি?
(পিচত বহি থকা এজনে ঠিয় হৈ অকলে অকলে হাত চাপৰি বজাব ধৰিলে৷ সকলোৱে পিচলৈ ঘুৰি চাই দেখে বিজয়ে পিন্ধি থকা চোলাৰ সোঁহাতৰ বাহুৰে চকুপানী মুচি অনগল হাতচাপৰি বজায়েই আছে৷ কাষতে বহি থকা নাজিমদাই তাৰ হাতত ধৰি বহাই দিলে৷ নাই সি হাতচাপৰি বজায়ে থাকিল)৷
পূৱা সকলোৰে ব্ৰেকফাষ্ট বনাই, পোৱালীক স্কুললৈ থৈ দৌৰাদৌৰিকৈ অফিচলৈ যাও৷ আহিয়েই কাপোৰজোৰ সলায়েই কামত লাগো৷ আমাৰ কি জীৱন বুলিবলৈ এইয়াই নেকি....
সোমেশ্বৰ বৰাদাই হাতচাপৰি বজাই বোলে অন্তৰত শোকে খুন্দা মাৰি ধৰিছে, হৃদয় চুই গৈছে ৷......
কাকতিদাই মনতে বোলে সকলোৱে বৰ ভাল পাইছে যেতিয়া আৰু অলপ বেলেগ ভাষণৰ লগত মিলাই কন্টিনিও কৰা ভাল হ'ব৷ এই বুলি ডায়েৰিখনৰ পাতবোৰ লুটিয়াবলৈ ধৰিলে৷ "ধাৰাপুৰ মহিলা বহাগী বিদায় ভাষণ......সামাজিক জীৱনত মহিলা....বৈদিক যুগত ভাৰতীয় মহিলাৰ স্থান.... মহিলাৰ জনকল্যান মহিলা সমিতিৰ বাৰ্ষিক মিটিং.....
কাকতিদাই মনতে বোলে হে হৰি ইমান পৰে মানে মই এওঁৰ ডায়েৰিৰ মহিলাৰ বাবে লিখা ভাষণ হে পঢ়ি আছিলো৷ কিন্তু বিজয়ে ইমান হাত চাপৰি বজালে কিয়?

No comments:

Post a Comment