Friday 5 October 2018

ফেকবুকৰ বাতৰি


এইয়া ফেকবুকৰ বাতৰি পঢ়িছো মহন্তৰ খুলখালীয়েকে৷ বাতৰি শুনিছে মহৎ বাণী , খাৰখোৱা কেন্দ্ৰৰ মাইক্ৰ'ৱেভৰ ১২০ ডিগ্ৰী তাপমাত্ৰাৰ যোগেদি৷
আজিৰ প্ৰধান প্ৰধান বাতৰি সমূহ হ'ল...
ফেকবুকত ইলিছ মাছৰ এফ আৰ পি কমাৰ লগে লগে ফলৰ নামৰ লগতে শাকপাচলিৰ নামে সকলোৰে ফেকবুকৰ বেৰত স্থান পাবলৈ সক্ষম হ'ল৷ যি সকলে ফেকবুকত ফলমুল শাকপাচলিৰ নামৰ উজান উঠাৰ ভু ভা নাপালে সেই সকলে বজাৰত উক্ত সামগ্ৰীৰ দাম কমিছে বুলি বেগ লৈ বজাৰলৈ দৌৰ মৰা বুলিও স্থানীয় সংবাদদাতাৰ পৰা জানিব পৰা গৈছে৷
চৰাহাঁহৰ প্ৰতি ৰাইজৰ আস্থা কমি অহাত "হুইজ ফ্ৰেণ্ড ইজ ইউৰ ৰিয়েল টুইন" নামৰ এপ্লিকেশ্চ্যনৰ যোগেদি ফেকবুকৰ বহুতে সৰুতে কুম্ভ মেলাত হেৰাই যোৱা ভাতৃভগ্নীক বন্ধু হিচাপে ঘুৰাই পোৱাৰো আমালৈ বাতৰি আহিছে৷ এই ক্ষেত্ৰত পাভৈচুকৰ এজন অখ্যাত ব্যক্তি হঠাত প্ৰখ্যাত হৈ পৰে ৷ তেওঁ উক্ত এপ্লিকেশ্যচনটটো ব্যৱহাৰ কৰি এতিয়ালৈ এশজন টুইন বিছাৰি পোৱাত পুৰ্বজন্মত তেওঁ কৌৰৱৰ বংশৰ আছিল নেকি বুলিও দুই এক চকুচৰহাই সংশয় প্ৰকাশ কৰিছে৷
চৰকাৰে ঘোষনা কৰা চথপূজাৰ বন্ধতো বহুতে শীতকালে ভুমুকি মৰা বাবে ঠাণ্ডাত পুৱাই নদীলৈ যাবলৈ নোৱাৰা বাবে ফেকবুকত ফটো পষ্ট কৰিব নোৱাৰিলে বুলি সংবাদদাতাক জানিব দিছে৷ বহুতে আকৌ ভাল ফ্লাছ থকা কেমেৰা নথকা বাবেহে সন্ধিয়া আৰু পুৱা ক্লিক কৰা ফটো বিউটি এপচ ব্যৱহাৰ কৰিও ঠিক কৰিবলৈ অসমৰ্থ হোৱাৰ বাবেহে উক্ত দিনা ফেকবুকত ফটো পষ্ট কৰিব নোৱাৰিলে বুলি দুখ প্ৰকাশ কৰিছে৷
অসমৰ এটা নাম পাৰ্টিয়ে দিহা নামৰ লগত দেহা উঠি যোৱা বলিউডৰ বল্লে বল্লে ডেঞ্চৰ ফিউজন কৰি সকলোৰে চকু কপালত উঠাইছে আৰু ফেকবুকত ইয়াৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ পিছে প্ৰতিবাদ মন্তব্য আৰু লাইকতে সীমাবদ্ধ হৈ আছে নে তেনে ধৰনৰ দিহানাম বিকৃত কৰা পাৰ্টিৰ বিৰুদ্ধে কিবা ব্যৱস্থাও গ্ৰহন কৰিছে সেই বিষয়ে বাতৰি প্ৰস্তুত কৰা সময়লৈকে আমালৈ খৱৰ অহা নাই৷
প্ৰতি সপ্তাহৰ দৰে আজিও সকলোৰে বেৰত দেখিয়েই জীভাৰ পানী ৰখাব নোৱাৰা খাদ্যৰ ফটোৱে ইতিমধ্যে ভিৰ লাগিব ধৰিছে৷ উক্ত ৰেচিপিত মৃত্যুবৰন কৰা হাঁহ কুকুৰা গাহৰি ছাগলী সমূহৰ আত্মাৰ সদগতিৰ বাবে দুই এজনে মৌন প্ৰাৰ্থনা কৰাৰ উপৰিও সেই ৰেচিপি দিয়া ব্যক্তি সকলে কিছুদিনৰ পুৰ্বে বলিবিধানৰ বিপক্ষে ষ্টেটাছ দিছিল নেকি বুলি দুই এজনে মুৰ্গীয়ে খুচৰা দি খুচৰি খুচৰি তথ্য উৎঘাটন কৰি থকা বুলিও জানিব পৰা গৈছে৷
আজিৰ ফেকবুকৰ বাতৰি ইমানতে অন্ত পৰিল৷
******

No comments:

Post a Comment