Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 12

স্ক'ৰ কিমান হ'ল?
ম'বাইল পিটিকি থকা শকুনিক কৃষ্ণই প্ৰশ্ন কৰিলে৷
শকুনিৰুপী বিজয়ে ম'বাইলৰ পৰা মূৰ নদঙাকৈয়ে বোলে নাই আৰম্ভ হোৱাই নাই৷ দুঃশাসন আহিলেহে পাশা খেল ষ্টাৰ্ট কৰিব৷
কৃষ্ণই বোলে ধুৰ তোমাক সোধাতকৈ নোসোধাই ভাল৷ মই সুধিছো T20 স্ক'ৰ আৰু এৰা তুমি পাশাখেলৰ কথা কৈছা ৷ এই বুলি কৈ সোনটো ৰঞ্জন বৰুৱাক বিছাৰি গ'ল৷
দ্ৰৌপদীৰ ভাও লোৱা বিজয় মহন্তৰ পত্নী বন্দিতা শইকীয়াই ৰিন্টুমনিদাক দেখি বোলে "দাদা, আমাৰজন ক'ত দেখা পাইছেনে?
ৰিন্টুমনিদাই বন্দিতাক বোলে কি কোৱা হে ম'বাইলত দেখোন তোমালৈকে মেচেজ দিয়াত ব্যস্ত হৈ আছিল৷
বন্দিতাই বোলে ক'তা মই দেখোন ম'বাইল অনাই নাই৷ ৰ'ব আজি সুদাই নেৰো৷ এই বুলি চাদৰৰ খুচনীটো ভালকৈ খুচি বিজয়ক বিছাৰি গ'ল৷
দুঃশাসনৰূপী সোনটো ৰঞ্জনে আখৰা ঘৰৰ কাষতে থকা গুডামটোৰ চুক এটাত বহি ভোলাৰ প্ৰসাদকন মনে মনে টানি আছিল৷ লগত সহদেৱৰূপী ভাস্কৰ বৰ ডেকা আৰু নকুলৰ ভাও লোৱা বিকাশ শইকীয়া৷ কৃষ্ণও গৈ সেইখিনি পালেগৈ৷
কৃষ্ণঃ- পাকিস্থানৰ স্ক'ৰ কিমান হ'ল অ?
দুঃশাষন, নকুল সহদেৱে ঘপহকৈ কোনোবা সোমাই অহা দেখি বহাৰ পৰা উঠি বোলে আমি খেলিবলৈ যাব ওলাইছোহে দাদা৷ এই বুলি এটা এটাকৈ ৰিন্টুদাৰ ভয়ত গুদামৰ পৰা ওলাই আহিল৷
ডাইৰেক্টৰ ভাস্কৰে ধ্ৰুৱজ্যোতি অৰ্জুনক বোলে তুমি সাউতকৈ গৈ চাদৰখন মেৰিয়াই আহা, পঞ্চপাণ্ডৱৰ পাশাখেল শেষ হলেই তোমাৰ বস্ত্ৰ হৰণ কৰিম৷
হঠাতে ললিতাদিত্য ফুকনে খোলত যুদ্ধৰ চেও বজোৱা দেখি সকলোৱে আখৰা আৰম্ভ হ'ল বুলি ভালদৰে বহি লৈ আখৰা চাবলৈ ধৰিলে৷
খিতি তাও, খিত তাও, ধিন তাও ধিন৷ খিতি খিতি খিতি খিতি .....
ষ্টেজত শকুনিৰুপী বিজয়ৰ লগত দ্ৰৌপদীৰ ভাও লোৱা বন্দিতাৰ তয়া ময়া ৰন৷ এপাকত বিজয়ৰ হাতৰ ম'বাইল উফৰি গৈ অলপ দুৰৈত পৰি দুফাল হ'ল৷
বায়নে আৰু জোৰত খোল বজাইছে খিতি খিতি খিতি খিতি .....
হিন্দী চিনেমাত পিষ্টল উফৰি গ'লে হিৰ' আৰু ভিলেইনে জাপ মাৰি গৈ ধৰিবলে ধৰাৰ দৰে শকুনি আৰু দ্ৰৌপদীয়ে জপিয়াই গৈ মাটিত পৰি থকা ম'বাইলৰ ওপৰত পৰিল৷
খিতি খিতি খিতি খিতি .....খিত তাও ধেই৷
শকুনি মাটিত, দ্ৰৌপদী শকুনিৰ গাৰ ওপৰত বহিলৈ ম'বাইল হস্তগত কৰিলে৷
(আখৰা চোৱা দুই ব্যক্তিৰ কঠোপকথনঃ-
@ দ্ৰৌপদী আৰু শকুনিৰ লগত যুদ্ধ আজিহে প্ৰথম চালো দেই৷ বৰ ভাল লাগিল৷
%% তাকেহে, আগতে টিভিত দিয়া মহাভাৰতভাগত আকৌ বহু দৃশ্য দেওবাৰে কাৰেন্ট নথকা বাবে দেখাই পোৱা নাছিলো নহয়৷
@ এটা কথা নহয়, পাঁচটাকৈ হিষ্ট পুষ্ট গিৰিয়েক থাকোতেনো এৰা দুঃশাসনে বস্ত্ৰ হৰণ কৰিব পাৰে নে? দ্ৰৌপদী বেছেৰিয়ে নিজে যুদ্ধ নকৰি কৰিব কি?
%% সঁচা কথা ক'লা দেই সখী৷ পিছে বস্ত্ৰ হৰণ কৰাতো দুৰৈৰে কথা মোৰ মাইকীক কোনোবাই তেনেকে সেইটো দৃষ্টিৰে চালেও এৰা বাপেকৰ বিয়া দেখাই দিলো হয়৷
@ এটা কথা নহয় সখী৷ বেলেগে নজৰ দিবলৈ আকৌ মাইকীজনি দেখিবলৈও তেনেকুৱা হ'ব লাগিব নহয়৷ নহলেনো তুমি চকোৱাৰ ফাঁকেৰে বৰ্মনৰ ঘৰৰ ফালে পুৱা গধুলি এনেই চকু দি থাকানে?
%% এহ নহয় মানে, মই চোৱাটো বেলেগ কথা দিয়াচোন৷)
ভাস্কৰে বোলে হেৰৌ বায়ন খোল বন্ধ কৰা, বন্ধ কৰা৷ এইখন নাটকৰ যুদ্ধ নহয় হে ঘৰুৱা যুদ্ধহে, খোল বজাব নালাগে৷
ললিতাদিত্য ফুকনে বোলে চেহ মই আকৌ শকুনি দ্ৰৌপদীৰ যুদ্ধ বুলিহে চেও ধৰিলো৷
হৰি বোল...... হৰি বোল......
ভূমিকম্প ভুমিকম্প বুলি চিঞৰাত সকলো যি য'ত যেনেকৈ আছিল একে উশাহে দৌৰি আহি স্কুলৰ ফিল্ড পালেহি৷
অলপ পিছত কাপোৰৰ টোপোলা এটাইও পানী লাওৰ দৰে বাগৰি বাগৰি আহি ফিল্ড পালেহি৷
মানস শইকীয়াই আন্ধাৰতে কাপোৰৰ টোপোলাটোলৈ টৰ্চটো মাৰি দিওতে জোটাযোৰ আৰু মুখখন দেখা পাই বোলে ধ্ৰুৱজ্যোতিঅৰ্জুন দেখোন?
ধ্ৰুৱঃ- হয় দাদা মইয়েই৷ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ ৰ'লৰ বাবে চাদৰ মেৰিয়াই আছিলো, ভূমিকম্প আহোতে জুটোৰ পুতোৰ খাই ধুপুচকৈ পৰি গ'লো৷ কোনোৱে উঠাই নিদিলে৷ বাগৰি বাগৰি এইখিনি পালোহি৷ উঠাই দিয়কচোন৷
যেন তেন ধ্ৰুৱক দাঙি দি বোলে খোজ কাঢ়িব নোৱাৰিবাচোন তুমি৷ ৰ'বা ৰ'বা কিবাকৈ তোমাক গ্ৰীণৰুমলৈ নিব লাগিল নহয়৷ এই বুলি দেবজিত শৰ্মা, খনিন্দ্ৰভূষন, সঞ্জীৱ মজুমদাৰ সকলোকে মাতি ডাংকোলাকৈ ধ্ৰুৱক গ্ৰীণৰূমলৈ ডাঙি লৈ গ'ল৷
ধ্ৰুৱই বোলে ইমান সোপা কাপোৰ পিন্ধি মাইকী মানুহবোৰ ভাল খোজকাঢ়ি ফুৰিব পাৰে দেই৷
মানসদাই বোলে তোমাৰ তলফালটো গধুৰ হৈছে৷ ওপৰফালেও কিবা ভৰাই মিলাই লোৱা নহলে ওপৰফালে মতা তলফালেহে মাইকীযেন লাগিছে৷
এনেতে ভাস্কৰে বোলে ৰাইজ দেৰি কৰি নাথাকিব, ৰিহাচেল কৰিবই পৰা নাই৷ দুৰ্যোধন, দুঃশাসন আহা জল্ডি দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি তাক ৰিলিজ কৰি দিও, তাৰ পিছত পাশাৰ ৰিহাচেল কৰাম৷
সুত্ৰঃ এহি বুলি দুৰ্যোধনে সভাৰ মধ্যে দ্যুত ক্ৰীড়াই ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজ, ভাতৃ পত্নী সকলো হাৰিয়া শিৰ নত কৰলহ৷ দুৰ্যোধনে সভাৰ মধ্যে দ্ৰৌপদীকে আনিবা দুঃশাসনক পাচিলা৷ তাকে দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি
দুৰ্যোধনে বিদুৰৰ ফালে চাই বোলে কাকাশ্ৰী বিদুৰ আপনি যান আৰ ঐ দ্ৰৌপদীকে এখানে লৈ আছুন৷ আজ থেকে ঔ আমাৰ দাসী৷ ঔৰ স্থান ৰাজভৱনে নই, ঔ আমাৰ আন দাসীৰ চাথে থাকবে৷
বিদুৰ ৰুপী জ্যোতি মনি বৰাই তল মূৰ কৰে৷
দুৰ্যোধনঃ- মহামন্ত্ৰী বিদুৰ, আপনি আমাৰ আদেশ না মানে ভাল কৰলেন না৷ দ্বাৰপাল, যাও, আৰ ঐ দ্ৰৌপদিকে ইখানে নিয়া আও৷
দ্বাৰপালৰূপী সৌৰভ শৰ্মাই দুৰ্যোধনৰ আদেশ মানি দ্ৰৌপদীক আনিবলৈ গ্ৰীণৰুমৰ ফালে গৈ, গ্ৰীণৰুমৰ আগত চুচুক চামাককৈ ৰৈ থাকে৷
ভাস্কৰঃ- বোন্দাপৰ দি কি ৰৈ আছা? দ্ৰৌপদীক নামাতা কিয়?
দ্বাৰপালঃ- নহয় মানে লেডিজ গ্ৰীণৰুম যে ফটকৈ সোমাই যাও জানো?
ভাস্কৰঃ- ভাস্কৰে মূৰত হাত থৈ বোলে হে হৰি, হেৰৌ তোমাক লেডিজ টয়লেটত সোমাব কোৱা নাই নহয়৷ হেৰৌ ভিতৰত মতা এটাই লেডিজ ড্ৰেচত আছে মাতি দিয়া৷
দ্বাৰপালঃ- (ফুচফুচকৈ) হেৰি মানে দ্ৰৌপদী মহাৰাণী, আপোনাক যুৱৰাজ দুৰ্যোধনে মাতিছে৷
এনেতে দ্ৰৌপদীৰূপী ধ্ৰুৱজ্যোতি অৰ্জুন গ্ৰীনৰুমৰ পৰা এডভাঞ্চ ষ্টেজত থকা মহিলাই OT ৰুমলৈ খোজ কাঢ়ি যোৱাৰ দৰে গাত মেৰিয়াই থোৱা কাপোৰৰ টোপোলাতোত হাতৰে ধৰি এখোজ দুখোজকৈ ওলাই আহি বোলে ব'লা ব'লা জল্দি ব'লা ৷
ভাস্কৰঃ- cut cut cut...হেৰৌ মৰতি দ্ৰৌপদী তোৰ বস্ত্ৰ হৰণ কৰাবলৈ ইমান মন গৈ আছেনে? এবাৰ এটাই আহি মাতোতেই যে দৌৰ মাৰি ওলায় আহিলি?
দ্ৰৌপদীঃ- নহয় মানে অথনি পৰা এই সোপা পিন্ধি ৰৈ আছো৷ মোৰ পেচাব ওলাও ওলাও৷ আৰু অলপ সময় ৰখিলে মোৰ কাপোৰে কানিয়ে যাব৷ জল্ডি মাতক৷
ভাস্কৰঃ- দ্বাৰপাল তুমি গৈ দুৰ্যোধনক দ্ৰৌপদী নাহে বুলি কোৱাগৈ৷
দ্বাৰপালঃ- যুৱৰাজ, দ্ৰৌপদী নাহো বুলি ক'লে৷
দুৰ্যোধনঃ- এ বেটা দেখিতেছি বড়ই ভীতু৷ দুঃশাসন তুমি দ্ৰৌপদীকে লইয়া আইস৷
দুঃশাসনৰুপী সোনটোৱে বোলে যিবা আজ্ঞা ভাতাশ্ৰী বুলি গ্ৰীণৰুমলৈ যাব ধৰে পিছে দেখে দ্ৰৌপদী এখোজ দুখোজকৈ নিজেই আহি আছে৷
ভাস্কৰে এটা ধমক দি বোলে ভিতৰত যা৷ এইৰ তেল ফাটিছে৷
দুঃশাসনে গ্ৰীণৰুমৰ ভিতৰলৈ হাতটো ভৰাই দি চুলিকোছাত থাপ মাৰি দ্ৰৌপদীক চোচোৰাই ৰাজসভালৈ লৈ আনে৷
দুৰ্যোধনঃ- এইটো কাক আনিলি?
দুঃশাসনে তেতিয়াহে পিছলৈ ঘুৰি চাই দেখে ৰিহাচেল চাব অহা বুঢ়া দুটাৰ এটাকে নোচোৱাকৈ চুলিত ধৰি লৈ আনিলে৷
দুঃশাসনঃ- আপুনি আকৌ লেডিজ গ্ৰীণৰূমত কি কৰি আছিল?
বুঢ়াঃ- নহয় মানে বস্ত্ৰহৰণ ভাগ ওচৰৰ পৰা চাম বুলি ৰৈ আছিলো৷ বয়স হ'ল যে দুৰৈৰ পৰা ভালকৈ নমনো৷
ধুৰ বুলি কৈ দুঃশাসনে পুনৰ দ্ৰৌপদীক আনিবলৈ যায়৷
দ্ৰৌপদীয়ে মুৰত লগোৱা দীঘল চুলিৰ উইগটো হাততে লৈ এটা মূৰ দুঃশাসনৰ হাতত দি বোলে দুঃশাসন তাৰা তাৰি নিয়া৷
দুঃশাসনে উইগৰ এটা মূৰ টানি আগবাঢ়ে পিছে পিছে দ্ৰৌপদীৰূপী ধ্ৰুৱজ্যোতি অৰ্জুন৷
ভাস্কৰে বোলে cut cut cut
দ্ৰৌপদীঃ- (অধৈৰ্য হৈ) এইবাৰ আকৌ কি হ'ল?
ভাস্কৰঃ- কি হ'ল মানে? চচমাজোৰ পিন্ধিয়ে যাবানে? খুলি লোৱা৷
দ্ৰৌপদীঃ- চচমা খুলিলে মই একো দেখা নাপাও৷
আগলৈ.....

No comments:

Post a Comment