Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-6)

হে ৰি শুনিছে? আপুনি যে কৈছিল, চাউল দাইল নহয়, প্ৰথমতে দোকানীক দাইল লাগে ক'বা, তাৰ পিচত চাউল লাগে ক'বা৷
প্ৰথমতে দাইল জুখাটোৰে চাউল জুখিলে চাউলৰ লগতে দাইল কেইটামানো আহি যায়৷ আৰু এককেজী যদি দাইল কিনা কমেও পাঁচখন দোকানৰ পৰা কিনিবা, তেতিয়া প্ৰতিবাৰ জোখোতে অলপকৈ হ'লেও বেছিকৈ আহে, এককেজী দাইলত কমেও এককেজি এশগ্ৰাম পাবা৷
আজি মই তেনেদৰেই কিনি এতিয়া চাউল বাচোতে এবাটি দাইল পালো৷
ভালেই হ'ল দে এমাহলৈ তই এতিয়া আৰু মোক দাইল নাই নাই বুলি কেটকেটাই এনাৰ্জী লচ কৰি থাকিব নালাগে৷
তোৰ চাউল বচা হ'ল যদি চচমাজোৰ দেচোন মই দিয়াচলাই কেইটা কাটো৷
কোনটো চকুৰে কাটিব?
চকুৰে কাটে নেকি হেৰৌ, সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন আনিছো, ব্লেডৰেহে কাটিম৷
নহয় অ' আপুনিযে যে কই একেটা বস্তুকে দুইটা চকুৰে চাই কিয় দুগুন এনাৰ্জী লচ কৰিব লাগে ....সেয়ে ক'লো৷ এটা চকু বন্ধ কৰি যদি এটা চকুৰে চাই তেন্তে চচমাৰ সোফালৰ গ্লাছখন আপুনি পিন্ধক, বাওফালৰখন মই পিন্ধি দাইল বান্ধি দিয়া খৱৰ কাগজৰ টুকুৰাকেইটা পঢ়ো৷ অলপ দেশ দুনীয়াৰ খবৰো ৰাখিব লাগে নহয়৷
ঠিকে আছে তই পঢ়ি মোক কৈ দিবি, মই আকৌ পঢ়ি চচমাজোৰৰ পাৱাৰ নকমাও৷
পিচে দিয়াচলাই কেইটা কাটি কি কৰেনো?
হেৰৌ তইয়েই দেখোন কৈছিলি চলাই নাই বুলি সেয়ে মই অথনি হৰেণৰ দোকানতগৈ বোলো হৰেণ কানখন বৰ খজুৱাইছে অ' চলাই কাঠি দুটা দেচোন৷ সি বোলে চিগেৰেট জ্বলাবলৈ ৰখা টেমাটোতে আছে লৈ লওক৷ মই ইটো বেকা সিটো বেকা বুলি চাৰিটা কাঠি আনিলো৷
পিছে চলাই মাৰোতে কাঠিটোৰ এটা চাইড হে ঘঁহনি খাই , আনটো চাইড এনেই মিছাতে অনিষ্ট হয়৷ সেয়ে আহোতে সীতাৰামৰ চেলুনৰ পৰা ব্লেড এখন লৈ আনিলো বোলো চলাই কাঠি কেইটা দীঘলে সমানে সমানে ভাগ কৰিলে এটা কাঠিৰ পৰাই দুটা হ'ব৷
আপুনিযে ইমান ইচমাৰ্ট৷
হ'ব হ'ব এতিয়া দিন দুপৰতে তোক টুপুকটো দিব নোৱাৰো৷ তাৰ সলনি তোক আৰু এটা সুবিধাহে কৰি দিও ৰ'
কি সুবিধা?
সিদিনা দোকানৰ পৰা ফুটা থকা ফটা বস্তা এটা আনোতে যে তই সুধিছিলি এইটো আকৌ কিয় আনিলে? মৰাপাটৰ আঁহখিনি উলিয়াই বেনি গুঠি ৰচী এডাল বনাই আগটো জ্বলাই দিও৷ দুদিনমান জ্বলি থাকিব৷ তই আৰু প্ৰতিবাৰ চলাই মাৰি মাৰি এনাৰ্জী লচ কৰি থাকিব নালাগে৷
এইখন লওঁক আপোনাৰ চচমাৰ বাও ফালৰ গ্লাছখন আৰু চাও গালখন
আপুনি ইমান ইচমাৰ্ট.....টুপুক
(আগলৈ....)

No comments:

Post a Comment