Friday 5 October 2018

কাহানী পাকঘৰ কি


ঘৰৰ একলৌতা অমুকাই বিয়াৰ বহু বছৰ পিচত যেতিয়া চাকৰি সুত্ৰে ঘৰৰ পৰা দুৰৈত অকলে ভাড়াঘৰ কৰি থাকিব লগিয়া হ'ল তেতিয়াৰ পৰাই বৰ্তমানে লিখিব ওলোৱা এই কাহিনীটোৰো আকাৰ দুপত দুপে বাঢ়িব ধৰিলে ৷ বদলি হোৱাৰ বহুদিনলৈকে পাকঘৰ শব্দটোৰ পৰা নিজকে আতৰাই ৰাখিবৰ বাবেই বিভিন্ন অজুহাত দেখুৱাই দৈনিক কৰ্মস্থানৰ পৰা জন্মস্থানলৈ অহা যোৱা কৰি আছিলো যদিও গেস্ট্ৰিক, স্পন্ডলাইচিচ, বেক পেইনৰ দৰে লগত যোৱা বেমাৰ বোৰৰ লগত চিনাকী হোৱাৰ পিছত শ্ৰী মতীৰ কেতকেতনি খেচখেচনি শুনি শুনি অৱশেষত কৰ্মস্থলীতে ভাড়াঘৰ কৰি থকাৰ সিদ্ধান্ত ল'লো আৰু উইকেণ্ড হাজবেণ্ডৰ দায়িত্ব পালনৰ প্ৰতিশ্ৰুতিৰে হাফ বেচেলৰ জীৱনৰ পাতনি মেলিলো ৷
পাকঘৰ নামৰ ফবিয়াটো মোৰ মনৰ পৰা আতৰ কৰিবৰ বাবে শ্ৰী মতীয়ে অলপ অলপকৈ ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে ৷ ট্ৰেইনিং এবিচিডিৰ পৰা আৰম্ভ কৰিলে অৰ্থাৎ গেছ জ্বলোৱা নুমুৱাৰ পৰা, চাহ বনোৱাৰ পৰা ভাত ভাজি ডাইল লৈকে ৷ মোটা মুটি ডিগ্ৰী নহলেও ৰন্ধন প্ৰকৰনৰ ডিপ্লমা কৰ্চৰ চাৰ্টিফিকেট শ্ৰী মতীৰ পৰা নোপোৱালৈকে মোৰ ট্ৰেইনিং,চলি থাকিল ৷ থিঅৰি পাচ কৰিলেও প্ৰেকটিকেল ক্লাচ বোৰত বাৰে প্ৰতি বেক লাগে ৷
ফাৰ্মত মুখৰ আগত কটা ঘাঁহ যতনাই দিলেহে খাব জনা জাৰ্চি সিন্ধ্ৰী জাতীয় গৰু বোৰে ঘাঁহনিত এৰি দিলেও যি দৰে ঘাঁহ চোবাই খাব নাজানে ঠিক তেনেকুৱাই আছিল মোৰ অৱস্থা ৷
প্ৰথম দিনাৰ প্ৰেকটিকেল আৰম্ভ হ'ল শুৱা পাটিৰ পৰা উঠি বনোৱা চাহ কাপৰে ৷ ইনগ্ৰেডিয়েন্ট খিনি জানো যদিও ইনষ্ট্ৰাকচন মেনুৱেল ফ'ল কৰিয়েই আগবাঢ়িলো ৷ গেছত চচপেনটো বহাই চাৰি কাপ পানী বাকিলো, একাপ এক্সট্ৰা দিলো কাৰন উতলি শুকাই যোৱাৰ সম্ভাৱনা আছে যিহেতু লাৰ্নাৰ হে ৷ জোখমতে চাহপাত চেনী গাখীৰ দিবা বুলি বিচনাৰ পৰা শ্ৰী মতীৰ চিঞৰি কোৱা অৰ্ডাৰটো ফ'ল' কৰি প্ৰতি বিধৰে কাপে প্ৰতি এচামুচ কৈ দিলো ৷ মিঠাৰ প্ৰতি থকা অদম্য দুৰ্বলতাক দমাব নোৱাৰি এচামুচ নিজৰ ফালৰ পৰা আনে নেদেখাকৈ এড কৰিলো ৷
তেনেতে মনত পৰিল ৰাধেশ্যাম হোটেলৰ ইলাচি দিয়া চাহ কাপলৈ ৷ পলম নকৰি দহটা মান ইলাচি চচপেনলৈ দলিয়াই দিলো ৷ আদা দিলেও চাহকাপৰ সোৱাদ যে ধুনীয়া হয় কথাষাৰ জানো কিন্তু প্ৰেকটিকেলি আগতে দি পোৱা নাই যদিও এক্সপেৰিমেন্ট এটা কৰি চাবলৈ বৰকৈ মন গ'ল ৷ গেছৰ চুইচটো বন্ধ কৰি চচপেনত উফন্দি উঠা চাহ খিনি নমাই থৈ আদা বিছাৰিলো ৷ যিহেতু খুন্দি হে দিম গতিকে বাকলি গুচাই সময় খৰচ নকৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলো ৷ সুন্দৰ পেষ্টটো চাহৰ চচপেনত দি ভালদৰে মিক্স হ'বলৈ ঘুটি দিলো ৷ তেতিয়ালৈ চচপেনটো হাতেৰে ধৰিব পৰা উষ্ণতালৈ পৰিবৰ্তন হৈছিল ৷ গতিকে মগ এটাত চেকনী এখনৰে অসংপৃক্ত সমূহ পৰিশ্ৰাৱন কৰি লৈ কাপত বাকিলো ৷ প্ৰিকিউচনেৰি মেজাৰ হিচাপে গেছটো বন্ধ কৰিলো নে নাই পুনৰ নিৰিক্ষন কৰি ট্ৰে এখনত সজাই শ্ৰী মতীক পৰিবেশন কৰিলো ৷
ৱাকককক থু ৷
অত্যধিক নিমখীয়া গাখীৰ চাহ তাতে , চাহপাতৰ তিতা, আদাৰ লগত মিক্সাৰত লাগি থকা নহৰু জলকীয়াৰ সামান্য সংমিশ্ৰনৰ বাবে শ্ৰী মতীৰ মুখৰ পৰা প্ৰচণ্ড গতিত জ্বালামুখীৰ দৰে নিৰ্গৰিত হোৱা চাহৰ টোপালে মোৰ গালে মুখে পৰাত আস্বস্থ হ'লো যে এই বাৰো প্ৰেকটিকেল ফেইল মৰাতো খাটাং ৷
দুপৰীয়ালৈ চেকেণ্ড পেপাৰ ৷ ভাত, দাইল আৰু ভাজি ৷ পুৱা চেনী বুলি নিমখ দিয়াৰ ভুলটো পুনৰাবৃতি নকৰিবৰ বাবে ইতিমধ্যে প্ৰেকটিকেল পৰীক্ষাৰ নিৰিক্ষক পত্নীয়ে টেমাবোৰত কাগজত "হালধী, নিমখ, চেনী, দাইল, চাউল" ইত্যাদি ফলকবোৰ লগাই দিলে ৷ চাউলৰ টিনত চাউল বুলি লিখি ৰখা ফলক খন দেখি মোৰ বুজিবলৈ বাকী নাথাকিল যে শ্ৰী মতীৰ মোৰ ওপৰত কিমান অগাধ বিশ্বাস ৷
যি কি নহওঁক কুকাৰত চাউল দি চাৰি পাঁচবাৰ ভালদৰে ধুই ল'লো ৷ ইনস্ট্ৰাকচন মতে চাউলৰ ওপৰত এক আঙুল পানী জোখ মতে হৈছে নে নাই চাই কুকাৰৰ ঢাকনী খন কুকাৰত ভৰাবলৈ অপ্ৰান চেষ্টা চলালো ৷ ইফালে সিফালে আৰু বেলেগ ঢাকনী আছে নেকি নিৰিক্ষন কৰি নেদেখাত আস্বস্থ হ'লো যে সৰু কুকাৰত ডাঙৰ ঢাকনী দি মোৰ পৰীক্ষা চোৱা হৈছে ৷ ইমান পৰে মোৰ আলেখ লেখ চাই থাকি মাকক গৈ ডাঁৰৰ বাতৰি ডাঁৰৰে দিয়া সৰুজনীয়ে নিজে আহি কুকাৰত এটা এংগোলত ঢাকনীখন পুতুক কৈ ভৰাই দিলে ৷
গেছত কুকাৰটো বহাই পাচলিৰ চিন্তা কৰিলো ৷ পাকঘৰত যিমান প্ৰকাৰৰ পাচলি চকুৰ আগত দৃষ্টিগোচৰ হ'ল সকলোৰে এবিধকৈ সামৰি সুতৰি লৈ বাকলী গুচাব ল'লো ৷ ইতিমধ্যে ভাতৰ কুকাৰটোৱে চৰ্দী লগা মানুহৰ দৰে সোঁতসোঁতাব ধৰিলে ৷ উপায়ন্তৰ হৈ পকেটৰ ৰুমাল খনৰে হুচেইলৰ চৰ্দি মোহাৰাৰ প্ৰচেষ্টা হাতত ল'লো ৷ এই দৰে বহু সময় পাৰ কৰাৰ পিছতো হুচেল নমৰা দেখি মানুহৰ নাকৰ ফুটা চৰ্দি লাগি বন্ধ হোৱাৰ দৰে কুকাৰৰ হুচেইলৰো ফুটা বন্ধ হ'ল বুলি ভাবি ফুটা চাফা কৰাৰ মানসৰে হুচেইলটো ৰুমালৰে ধৰি খুলি দিলো ৷
ফুইচচচচচচ ৷
দুই এটা ভাত চিলিঙতো লাগি খকা দেখা পালো ৷ হেতা কেৰাহী কাপোৰ সকলোৰে ঢাকিও কুকাৰৰ উদ্গিৰন বন্ধ কৰিব নোৱাৰি সাম্ভাব্য বিপদৰ পৰা নিজৰ জীৱন বচাবলৈ পাকঘৰৰ পৰা দৌৰ মাৰি ওলাই আহিলো ৷
আবেলী পুনৰ বেক পেপাৰ, চাহ আৰু পাপৰ ভাজি ৷ মগজুৰ সকলো কোষ সক্ৰীয় কৰি সামান্যতমে ভুল নকৰাকৈ চাহ কাপ বনালো ৷ কেৰাহীত তেল দি পাপৰৰ পেকেটটো খুলি ল'লো ৷ গৰম তেলত পাপৰ দিয়াৰ লগে লগে আকৃতিৰ পৰিবৰ্তন ঘটে যদিও হেতাৰে হেচেকি চাই মৰমৰিয়া হোৱা বা কৰকৰিয়া হোৱা শব্দ নুশুনিলো বা নেদেখিলো ৷ সম্পুৰ্ণ পেকেটৰ পাপৰ সমুহক এঙাৰলৈ ৰুপান্তৰিত কৰিও কেৰাহীত মৰক কৈ হোৱা শব্দটো হেতাৰে হেচুকি কানৰে নুশুনাত আস্বস্থ হ'লো যে পাপৰবোৰ হয়তো সেমেকি আছিল ৷
ইয়াৰ উপৰিও দুই এটা সৰু সুৰা প্ৰেকটিকেল চলি থাকিল ৷ চাগু গুৰৰে সিজাই সিজোৱা পাত্ৰটো শেষত এঠা এৰুৱাব নোৱাৰি পেলাই দিয়া, দাইলত তেল মাৰি ফোনত ব্যস্ত থাকি কাষৰ ঘৰৰ মানুহে ধোঁৱা দেখি দৌৰ মাৰি অহা বা চচপেনত ডিমৰ জোল বনাবলৈ ডিম আলু সিজাই পাহৰি শেষত ডিম ফুটাৰ শব্দত পাকঘৰলৈ দৌৰ মাৰি অহা আৰু কলা পৰা চচপেন বাৰী চুকত আনে নেদেখাকৈ পেলাই দিয়া ইত্যাদি প্ৰকাৰৰ বিভিন্ন পৰ্য্যবেক্ষন দেখি শেষত হোটেল বা পেয়িং গেষ্ট বুলি শ্ৰী মতীয়ে মোৰ ৰন্ধন প্ৰকৰনৰ চাৰ্টিফিকেটত স্টাম্প মাৰি দিলে ৷
দেৱজিত শইকীয়া 

No comments:

Post a Comment