Friday 5 October 2018

বিজয় পূৰাণ


বিজয়, বৰ সহজ সৰল মানুহ৷ পিছে আনৰ লগত নঘটা ভয়ানক ভয়ানক দূৰ্ঘটনাবোৰ সদায় তাৰ লগতেই ঘটে৷ ঘৈনিয়েক বন্দিতাৰ মতে সি কোনখন দুনিয়াত থাকে ভগবানেহে জানে৷
সৌ সিদিনাখনৰ কথা৷ বিজয়ৰ হঠাত ঘৰ চাফা কৰাৰ ভূত লম্ভিল৷ বন্দিতাক বোলে তোমালোকে ঘৰটো অলপো চাফা কৰি নাৰাখা, অত লেতেৰা ত'ত লেতেৰা৷ এইবুলি গামোছাখন ককালত মেৰিয়াই যিমান পাৰে মকৰাজালৰ পৰা ধৰি ঘৰৰ চূককাণ চাফা কৰাত লাগিল৷ মাজে মাজে ঘৰৰ বাহিৰত ওলায় বৰুৱা কলিতানিহঁতকো অলপ কাম কৰা দেখুৱালে৷
শৰ্মানী ,মানে আমাৰ ৰাজশ্ৰী শৰ্মা আকৌ বিজয়ৰ তামাম ফেন৷ বন্দিতাক মাজে মাজে আহি ৰাজশ্ৰীয়ে কৈয়েই থাকে "দাদা যে ইমান ভাল, আপোনাক কামত ইমান সহায় কৰে৷ আমাৰজনে যে পৰি থকা কুটা এটাও হাতেৰে নুতুলে"৷ বিজয়ে সেই কথাকেইষাৰ শুনিবলৈকে এনেদৰে মাজে সময়ে ঘৰৰ দুই এটা কাম কৰি দেখুৱাই৷
যি কি নহওঁক কাম কৰি থাকোতেই ঘৰত ৰাজশ্ৰীৰ মাত শুনি বিজয়ে ঘৰৰ কাম তাতেই এৰি গাটো তিয়াই লও বুলি ককালৰ গামোছাখন ৱাচিং মেছিনত দি সাউতকৈ আনে দেখাৰ আগতেই বাথৰুমত সোমাল৷
দুৰ্ঘটনাটো ঘটিল সেইখিনিতেই৷ গা চিকচিকাবলৈ চাবোনখিনি ঘঁহি লৈছিলহে৷ মনত পৰিল টাৱেল দেখোন আনিবলৈকে পাহৰিলে৷ গা মুছি ৰুমলৈ যাব কি দৰে?
বাথৰুমৰ দৰ্জাখন সামান্য খুলি বন্দিতাক মাত দিবলৈ ধৰি দেখে বাথৰুমৰ কাষৰ কৰিডৰতে ৰাজশ্ৰী আৰু বন্দিতাই কথা পতাত ব্যস্ত৷ তথাপি আনে শুনো নুশুনোকৈ লাহেকৈ বাথৰুমৰ দৰ্জাখন অকনমান ফাঁক কৰি "হেৰা শুনিছা" বুলি মাত দিলে... নাই বন্দিতাই শুনা নাই৷ আকৌ মাতিলে, নাই এই বাৰু নুশুনিলে৷
কাষতে কাম কৰি থকা বাইগৰাকীয়ে বাথৰুমৰ পৰা কি মাত ওলায় আছে বুলি উঠি আহি চাই দেখিলে বাথৰুমৰ দৰ্জাৰ ফাঁকৰে বিজয়ে চকুটিপ মাৰি আছে আৰু কিবা কিবি শুনো নুশুনোকৈ কৈ আছে৷
বায়ে ইফালে সিফালে চাই গাত লোৱা চাদৰখন অলপ ঠিক ঠাক কৰি ল'লে৷ মনতে বোলে মানুহটোটো এনেকুৱা নহয়, আজি দিনদুপৰতে কিহে পালে? বায়ে পোন্দোৱাকৈ চায় লাহেকৈ আতৰি গ'ল৷
বিজয়ে অৱশেষত একো উপায় নাপায় দেহাটোৰ আধাফাল বাথৰুমৰ ভিতৰতে ঠেলি হেচি থৈ হাত দুটা যিমান পাৰে মেলি হাকুতি লগোৱা দি ৱাচিং মেচিনৰ পৰা অলপ আগত খুলি থৈ যোৱা গামোছাখন খেপিয়াই মেলি হ'লেও আনিবলৈ চেষ্টা কৰিলে৷
ইফালে ৰাজশ্ৰী-বন্দিতাৰ কথা আৰু হাঁহিৰ খিলখিলনি সেই ফাললৈকে বাঢ়ি আহিব ধৰিলে৷ সাম্ভাব্য বিপদৰ সম্ভেদ পাই বিজয়ে বাথৰুমৰ ভিতৰত থকা দেহাকনো ওলিয়ায় আনি ৱাচিং মেছিনত ধুবলৈ থোৱা গামোছাখন ককালত মেৰিয়াই ল'লে৷
হেৰি, সেইটো কি পিন্ধি গা ধুইছে? সেইটো দেখোন মোৰ ধুৱলৈ থোৱা নাইটিটো৷ আপুনি আৰু তিয়নি কাপোৰ বিছাৰি নাপালে?
গোটেই গাত ফেনাই থকা চাবোন আৰু ককালত নাইটি দেখি বন্দিতা জকজকাই উঠি ভোৰভোৰাই ভিতৰলৈ সোমায় গ'ল৷
বাইজনীয়েও চব্জীৰ বাকলীৰ পেলাবলৈ নিওতে বিজয়ৰ ফালে পোন্দোৱাকৈ চাই গ'ল৷
ৰাজশ্ৰীয়ে বিজয়ৰ মাত শুনি কিবা কাম কৰি আছে বুলি ওলায় আহি দেখে চাবোনৰ ফেনেৰে লুতুৰি পুতুৰি বিজয়ে ককালত নাইটি মেৰিয়াই ৰৈ আছে৷
ৰাজশ্ৰীয়ে বোলে বিজয় দা কি কৰিছে?
বিজয়ে ৰাজশ্ৰীক দেখি এটা হাতৰে আগফাল আৰু আনটো হাতৰে পিচফাল ধাকি ৱাচিংমেচিনৰ পৰা গামোছাখন উলিয়াই চলমনখানৰ দৰে দুই ভৰিৰ মাজৰে গামোছাখন ভৰাই "জিনে কা হে চাৰ দিন..." গান গাই বোলে wheel detergent powder ৰ এডভাৰ্টাইজটো প্ৰেকটিছ কৰি আছো৷

বছৰৰ শেষৰটো বাজন৷
ঢোল পুৰনাটোৱেই, মানে বিজয়৷
কালি হেকাদাই বিজয়ক সুধিলে বোলে বিজয় 31st পাৰ্টিৰ কি আয়োজন?
বিজয়ে বোলে দাদা, ছাগলী৷
হেকা দাই বোলে বাঃ তুমি ইমান চিপচটোৱে ছাগলী মাংস কিনিবা?
বিজয়ে বোলে মই আপোনাৰ দৰে এপোৱা মাংস কিনি চৈধ্য চুবুৰীক নুখোৱাও৷ কালিয়েই এটা গোটা ছাগলী আনি পালেংৰ খুঁটাত বান্ধি থৈছো৷
হেকাদাৰ সন্দেহ হ'ল৷ হেকাদাই বিজয়ৰ ফোনটো কাটি লগে লগে সোনটোলৈ ফোন লগালে৷
সোনটো বিজয়ে বোলে ছাগলী আনি বান্ধি ৰাখিছে 31stৰ বাবে৷
সোনটোৱে বোলে দাদা কি কয়, বিজয় চিপচে ছাগলী কিনিব৷ এইটো কলগছৰে কাণ খজুৱা কথা ৷ মোৰ বগী ছাগলীজনী কালিৰ পৰা নাই৷ ৰ'ব মই এতিয়াই গৈ চাই আহোগৈ৷
কিন্তু, সোনটোৱে আহি দেখে ক'লা ছাগলী এজনী বিজয়ে শোৱা পালেংৰ খুঁটাত বান্ধি থৈছে৷ ক'লা ছাগলী দেখি সোনটো যাব লৈছিল যদিও, বগী বুলি মাতোতে ছাগলীয়ে "বে" বুলি মাতোতেহে উৰহী গছৰ ওৰটো ওলাল ৷
বিজয়ে পথাৰত চৰি থকা সোনটোৰ বগা মাইকী ছাগলী এজনী আনি জোটাত মৰা চেৰি ব্লচম ঘঁহি ক'লা ছাগলী বনাই বান্ধি থৈছিল৷
শুনা মতে বিজয়ে এতিয়া ছাগলীৰ ফটো এখনকে আগত লৈ ভাত খাই আছে৷

No comments:

Post a Comment