Friday 5 October 2018

আত্মজীৱনী


বিজয়ে ভাবিলে "বিজয় মহন্ত এজ আই ন' হিম" টাইপৰ বিজয় পূৰাণ এভাগ দেৱজিতদাই লিখাৰ আগতেই মই নিজে নিজৰ আত্মজীৱনী এখন লিখা ভাল৷
কথা মতে কাম৷ তিনি দিষ্টা কাগজ আৰু দুটা কলম কিনি আনি বিজয় বহি গ'ল আত্মজীৱনী লিখিবলৈ৷
".......এক্সুৱেলী সোঁৱৰণী বা জন্মপত্ৰিকা, কুষ্ঠি বা বাৰ্থ চাৰ্টিফিকেট নথকা বাবে কোন দিনা কোন সময়ত কি তিথিত আবিৰ্ভাৱ হ'লো মই নাজানো৷ মানুহে কোৱা মতে বৰদেউতা হঁতৰ ঘৰত সেইদিনা হাঁহজনীয়ে এবাৰতে তিনিটা কণী পাৰিছিল৷ তাকে দেখি সকলোৱে কৈছিল ইয়াৰ জন্মৰ দিনা ইমান আচৰিত কথা এটা হৈছে গতিকে ই বস্তু ডাইল হ'ব৷
.....একেবাৰে সৰু কালৰ কথাবোৰ মনত পৰা নাই৷ গতিকে লিখিব নোৱাৰিম৷ মাত্ৰ মনত পৰে সৰুতে মোক আনৰ দৰে দবা হকা দি স্কুল পঠাব লগিয়া হোৱা নাছিল৷ আমাৰ গাঁৱৰে মোৰ লগৰ জোনমনি বুলি এজনী ধুনীয়া ছোৱালী আছিল৷ তাই এদিন দেউতাকৰ চাইকেলত বহি স্কুল যোৱা দেখি মই সিহঁতৰ পিছে পিছে তাইক চাই চাই স্কুল পাইছিলোগৈ৷
ইয়াৰ পিচত বিজয়ে ভাবিলে মানুহে আত্মজীৱনীত ভাল ভাল কথাবোৰহে লিখে কিন্তু মই যদি স্কুলত বৰ ভাল ছাত্ৰ আছিলো বুলি লিখো মোৰ আত্মজীৱনী নামৰ কিতাপখন পঢ়ি তিলেশ্বৰ মাষ্টৰে এচাৰি লৈ আহি মোক ঘৰতে দুপিতন দিব৷ গতিকে স্কুলৰ কথাবোৰ নিলিখো, ডাইৰেক্ট কলেজৰ কথা লিখো৷
কলেজৰ কথা লিখিবলৈ লৈয়ে মনত পৰিল মই দেখোন এতিয়া বিবাহিত৷ কলেজৰ কথাবোৰ লিখিলে এও যদি বেয়া পাই৷ নাই নাই মোক পাট্টা নিদি বেলেগলৈ বিয়া হৈ যোৱা সেই কেইজনীৰ কথা লিখি এওৰ পৰা বেলনাবাৰীৰ মাৰ খাব মন নাই৷ নিলিখো বাপ্পেকে৷
তাৰ পিচত বিজয়ে ভাবিলে ডাইৰেক্ট বিয়াৰ কথাই লিখো৷ পিছে চবেই দেখোন বিয়া পাতে৷ মইনো আত্মজীৱনীত লিখিবলৈ কি একেবাৰে আনে নকৰা কাম এডাল কৰিলো৷ নিলিখো থাকক৷
আৰু কিনো লিখিম আত্মজীৱনীত? বহু ভাবি ভাবি বিজয়ে মনতে আইডিয়া এটা পালে বোলে এতিয়া এইখিনিকে লিখি প্ৰকাশ কৰি দিও, পিছৰ খিনি অহা সংখ্যাত বুলি দি থম৷ এই বুলি বিজয়ে তাৰ আত্মজীৱনীৰ প্ৰকাশক বিছাৰি গ'ল৷
প্ৰকাশকে প্ৰথমতে এটা পৃষ্ঠাৰ আত্মজীৱনী খন কিবা দৰ্খাষ্ট বুলি লুটিয়াই বগৰাই পঢ়ি লৈ বোলে "এইখন হালধীয়া ৰঙৰ কাগজত প্ৰিন্ট কৰিম নে পিংক কালাৰৰ পেপাৰত?
বিজয়ে বোলে কালাৰ পেপাৰত মোৰ ফটোখন জিলিকিব জানো? মই অলপ ডাৰ্ক টল হেণ্ডচাম যে?
প্ৰকাশকে বোলে হালধীয়া ৰঙতে চপাই দিও, কিতাপৰ দোকানত দিব নালাগে আৰু তেতিয়া৷ ডাইৰেক্ট পুৱাৰ বাতৰি কাকতৰ মাজত এখিলাকৈ ভৰাই দিলেই হৈ যাব৷
বিজয়ে বোলে হ'ব, মাত্ৰ এডভাৰ্টাইজ হিচাপে গছৰ ডালত নিৰ্বাচনৰ বেনাৰ টাইপত মানুহ এটা লগাই আঠা মাৰি দুথনমান ডাঙৰ চাইজৰ তিতাবৰ চাৰিয়ালিত লগাব লাগিব৷ বাকী এডভাৰ্টাইজ বাৰু মই ফেচবুকতে কৰিম৷
এতিয়া কওঁক প্ৰকাশক হিচাপে মোৰ আত্মজীৱনীখনত কিমান দিব?
বিজয় খুচ
প্ৰকাশক বেহুচ

No comments:

Post a Comment