Thursday 4 October 2018

চিকতা পুৰাণ (খণ্ড-4)

হেৰি শুনিছে?
ক'লে হে শুনিম৷
কৈ আছো শুনক৷
ক' আকৌ এতিয়া ক্লিয়াৰ শুনিছো৷
মৰ্নিং ৱাক কৰিব যাওতে এইবাৰ শিমলু ফুলিলে তুলা অলপ বুটলি আনিবচোন৷
কিয়? কাণত তুলা ভৰাই থ'বলে নে?
হেই নকও যাওঁক৷ এনিটাইম ধেমালি
ক' ক' ধেমালীহে কৰিছিলো ৷
গাৰু আৰু এটা বনাব লাগিছিল৷ এটা গাৰুতেই কিমান দুইটাই শুম৷ দুয়োজনলে আমাৰ দুটা গাৰু লাগিছিল৷
হেই আকৰি, এটা গাৰু কাৰণে তই মোৰ কাষতে আছ৷ দুটা গাৰু হ'লে দেখোন আমি দুৰে দুৰে হৈ যাম৷ কিয় বিয়াত মন্ত্ৰ মাতোতে কোৱা নাছিল নেকি যে দুয়োজনে আজিৰ পৰা সকলো ভগাই ল'বা৷
ইয়ে হয় পাই কথাটো৷ মই ভবাই নাছিলো৷
একেখন ঘৰতে আছো, একেখন ঠালতে খাও, একেখন বিচনাতে শু, একেখন কম্বলেই লও৷ গতিকে গাৰুনো আকৌ দুটা কেলৈ?
একেখন ঠালতে খাও কাৰণে চাচোন বাচন ধোৱাৰ ভিমবাৰু বাচিছে৷ মৰমো বাঢ়িছে৷ বাচন ধোঁৱা এনাৰ্জী লচ টোও কমিছে৷
হয় কথাটো৷ পিছে দুটা গাৰু হ'লে অলপ ভাল আৰু ....
হ'ব দে, সেই যে কাপোৰৰ দোকানৰ পৰা অনা ডাঙৰ ভাল প্লাষ্টিকৰ কেৰি বেগ কেইটা থৈ দিছিলি কালিলৈ দিবিচোন, এটা ফালে হৰিপদৰ চাইকেলৰ দোকানতগৈ চলিউচনৰ এঠা মাৰি বন্ধ কৰি ভলটিউব এটা লগাই আনিম৷ ফুঁৱাই লৈ তাতে কভাৰ এটা লগাই দিলে ধুনীয়া গাৰু এটা হ'ব৷ মিছাতেনো আকৌ কিয় তোৰ ধুনিৱালাক দি গাৰু বনাব লাগে৷
অ' শুনিছে?
ক'
আজি বোলে চৰকাৰে কানুন এখন আনিছে কিবা বোলেনো সেই পৰকীয়া প্ৰেম এতিয়া পৰা কিবা নটে ক্ৰাইম৷
নটে ক্ৰাইম মানেনো কি?
সেইটো কি মইও নাজানো নহয়৷ অথনি টংকেশ্বৰৰ ঘৈনিয়েকে জিঅ' ফোনত কাৰোবাক ফুচফুচাই বুজাই থকা মই কানপাতি শুনি থাকোতেহে গম পালো৷
হয় নেকি? নালাগে দে দেশৰ যিবোৰ হে আইন কানুন আহিছে এটা গাৰুতে শুম৷ মিছাতে দুইটাৰ মাজত ফাঁক এটা নাৰাখো....
আগলৈ...

No comments:

Post a Comment