Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 13

তেৰে মস্ত মস্ত নেইন...লে গেয়া মেৰে দিল কে চেন......
কাৰ ম'বাইল বাজিছে? মই কৈছিলোনে ৰিহাচেলৰ সময়কন চাইলেন্ট ৰাখিবলৈ৷ ভাস্কৰ চিঞৰি উঠিল৷
তেৰে মস্ত মস্ত নেইন...লে গেয়া মেৰে দিল কে চেন......
হেৰৌ সেইটো কাৰ আপদিয়া ম'বাইলে টেটু ফালি চিঞৰি আছে৷ বন্ধ নকৰে কেলৈ?
দ্ৰৌপদীয়ে দুইহাতে আঠুৰ ওপৰলৈকে মেখলা দাঙি হাফপেন্টৰ পকেটত থকা ম'বাইলটো বন্ধ কৰিবলৈ চেষ্টা কৰিও নোৱাৰি বোলে মই পাহৰিয়ে গ'লো তলত পিন্ধা হাফপেন্টতে ম'বাইলটো থাকি গ'ল৷ এতিয়া ওপৰত ইমানসোপা কাপোৰ মেৰিয়ালো, ম'বাইলটো ক'ত আছে বিছাৰিয়ে পোৱা নাই৷
দ্ৰৌপদীয়ে ভৰ্তি ৰাজসভাত ধৃতৰাষ্ট্ৰ ভিষ্ম সকলোৰে আগত আঠুৰ ওপৰলৈকে মেখলা দাঙি ম'বাইল বিচাৰিব লোৱাত ভাস্কৰে বোলে হেৰৌ মেখলা তললৈ নমা, তললৈ নমা বেয়া দেখিছে৷ লাজ মান চব খালি খালি খালি ৷
ধৃতৰাষ্ট্ৰই অন্ধৰ দৰে চকু কেইটা টিপিয়াই বোলে "ইয়াত কি হৈ আছে?"
ভাস্কৰে দুঃশাসনক বোলে হেৰৌ বচন মাত৷ বস্ত্ৰ হৰণ চাবলৈ মানুহৰ টেণ্ডেছি বাঢ়ি গৈছে৷
দুঃশাসনঃ ভাতাশ্ৰী, হামু তোহাৰ আজ্ঞানুসাৰে পাঁচ স্বামীৰ স্ত্ৰী দ্ৰৌপদীকে লৈয়া আনিলো৷
দুৰ্যোধনঃ- (দ্ৰৌপদীলৈ চাই) কি বলেছিলে তুমি? অন্ধেৰ পুত্ৰ অন্ধ৷ আৰ কৰ্ণকে কি বলেছিল? সূত পূত্ৰ কৰ্ণ৷ দেখ আজকে তুই আমাৰ দাসেৰ পত্নী আমাৰ দাসী৷ হাঃ হাঃ হাঃ হাঃ.........
দুঃশাসন এই দাসীকে আমাৰ উৰুৱে বচিয়া দৌ৷
তেৰে মস্ত মস্ত নেইন....মেৰা লে গেয়া দিল কে চেন.......
ভীমঃ- ঐৰে পাপিষ্ঠ৷
দ্ৰৌপদীঃ- ধেই ইমান চিঞৰিলি ভয় খাই গ'লো৷ ইমান দীঘল দীঘল ডায়লগ কিয় মাৰি আছ তহতি? হেৰৌ সোনকাল কৰ সোনকাল কৰ সোনকাল কৰ৷
ভাস্কৰঃ- খালি খালি খালি, হেৰৌ দ্ৰৌপদী মাইকী মানুহ হয়, মতা মানুহৰ দৰে ইমান গলগলিয়া মাত দাল মাতিলে কেনেকৈ হ'ব? হেৰৌ মিহিকে মাত মিহিকে মাত৷
দ্ৰৌপদীঃ- হে ৰাজন ধৃতৰাষ্ট্ৰ কুলবধুৰ প্ৰণাম গ্ৰহন কৰহ৷
দুঃশাসনে দ্ৰৌপদীৰ কানত ফুচফুচাই বোলে হেৰৌ মই দুঃশাসনহে, এই মাত্ৰ যে টানি আনিছিলো ধৃতৰাষ্ট্ৰ সেইফালে আছে, সন্মুখলৈ চা
দ্ৰৌপদীঃ- হে গুৰু কৃপাচাৰ্য৷
কৰ্ণৰূপী মুকুট ভট্টাচাৰ্যই বোলে ধ্ৰুৱ মই মুকুটদাহে,
(চচমা নিপিন্ধাকে দেখা নোপোৱা দ্ৰৌপদীক দুঃশাসনে বাহুত ধৰি কৃপাচাৰ্যৰ ফালে ঘুৰাই দিয়ে)
দ্ৰৌপদীঃ- হে পিতামহ ভিষ্ম
ভিষ্মৰূপী হেমন্ত কাকতি দাই বোলে কোৱা, মই এইফালে আছো৷ মানে ক'হ হামু এই দিগে আছো৷
ভাস্কৰে বোলে কাকতিদা আপোনাৰ ডায়লগ নাই নহয়৷ কি ক'হ হামু এই দিগে আছো কবলৈ আহিছে?
কাকতিদাঃ- হেই দ্ৰৌপদীয়ে ভীষ্ম বুলি কৈ শকুনিৰ ফালে প্ৰণাম জনাই আছে দেখা নাই নেকি এ বাপাহাৰে৷ চচমাজোৰ পিন্ধি ল'ব নেদা কিয়া৷ সৱ খেলিমেলি লগেইছি৷
দ্ৰৌপদীয়ে শকুনিৰুপী বিজয়ৰ কাষলৈ গৈ বোলে হে স্বামী আপুনি নিজৰ পত্নীক জুৱাত লগাবলৈ অধিকাৰ ক'ত পালে? নকয় কিয়?
শকুনিয়ে গাৰ পৰা দ্ৰৌপদীৰ হাতটো আতৰাই অকন দুৰৈত গৈ বহেগৈ৷
ধৃতৰাষ্ট্ৰই অন্ধৰ দৰে চকু কেইটা টিপিয়াই বোলে "ইয়াত কি হৈ আছে?" কোনোবাই ক'বনে?
(আখৰা চোৱা দুই ব্যক্তিৰ কথোপকঠনঃ
@ সখী মোৰ যুধিস্থিৰলৈ বৰকৈ খং উঠে৷
@ কিয় সখী?
%% এৰা সি মানুহ নে কি হে? আকৌ বোলে ধৰ্মৰাজ৷ হেৰৌ নিজৰ ভায়েৰ কেইটাক যে জুৱাত লগালি, ঘৈনিয়েৰকো যে জুৱাত লগালি, তই সিহতৰ পাৰ্মিচন লৈছিলিনে?
@ ঠিক কৈছা সখী৷
%% ইফালে আকৌ চোৱা, ঘৈনিয়েকক জুৱাত লগোৱা পাপীটোহে মৰাৰ পিছত স্বৰ্গ যাব পালে৷
@ চব পলিটিক্স বুজিছা পলিটিক্স৷
%% সীতাক হৰণ কৰিও ৰাৱনে স্বৰ্গ পালে, ঘৈনিয়েকক জুৱাত লগাইও যুধিস্থিৰে স্বৰ্গ পালে৷ এনেকৈ হ'লে তুমি মইও মৰাৰ পিচত যে স্বৰ্গ পাম খেটাং বুজিছা সখী খেটাং৷
@ সজ সজ সখী)
দুৰ্যোধনঃ ঐ দাসীকে নগ্ন কৰি ফালাও দুঃশাসন৷ আজকে আমি চাই কি দ্ৰৌপদী দাসী হোৱাৰ যোগ্য হয় নি?
দুঃশাসনঃ- যিবা আজ্ঞা ভাতাশ্ৰী৷
এই বুলি দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ যায়৷
দ্ৰৌপদীঃ- এৰি দে পাপিষ্ঠ মোক এৰি দে৷
দুৰ্যোধনঃ-নিয়ে আয় ওকে দুঃশাসন৷ এই ভৰা সভায় টেনে খুলে দে ওৰ বস্ত্ৰ৷ ওকে আমি এই জঙ্ঘাই বসাতে চাই৷
দ্ৰৌপদীঃ- এৰি দে , এৰি দে৷ তোৰ ঘৰত মা ভনী নাই নেকি? এৰি দে
দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিব লয়৷
দ্ৰৌপদীঃ- হেল্প হেল্প হেল্প৷ চৰি,বচোৱা বচোৱা প্ৰাননাথ কৃষ্ণ বচোৱা৷
কৃষ্ণই দ্ৰৌপদীক বস্ত্ৰ প্ৰদান কৰি থকা বাবে দুঃশাসনে সমষ্ট শক্তিৰে টানি টানিও ভাগৰি যায় বাগৰি পৰে
ধৃতৰাষ্ট্ৰই অন্ধৰ দৰে চকু কেইটা টিপিয়াই বোলে "ইয়াত কি হৈ আছে?" অকন মোকো ক চোন৷
দুুৰ্যোধনঃ- (বিৰক্ত হৈ) দুঃশাসন তোকে একটা কাজ দিয়েও শান্তি পাওয়া যায়না৷ একটা শাড়ি ঠিক কৰে খুলতে পাৰিস না৷ ধুৰ দুৰ হ আমি খুলছি৷
এই বুলি দুৰ্যোধনে কাপোৰ টানিবলৈ লয়৷ টানি টানি এসময়ত গাত মেৰিয়াই থোৱা সকলো কাপোৰ ধ্ৰুৱৰ শেষ হ'ব ধৰে৷ পিছে দুৰ্যোধনে ৰিয়েল এক্টিং কৰিবলৈ টানিয়ে থাকে৷
দ্ৰৌপদীঃ- (ফুচফুচাই) হেই এৰি দে আৰু, মোৰ তলৰ হাফপেন্ট ওলাবগৈ এতিয়া৷
দুৰ্যোধনে শেষকন চাদৰ টানি মাটিত বাগৰি পৰে৷ বস্ত্ৰ হৰণৰ পিচত ধ্ৰুৱৰ পিন্ধনত কাপোৰৰ জোটা, সৰু হাফপেন্টটো গেঞ্জীৰ তলত ভৰোৱা কাপোৰৰ সৰু টোপোলা দুটা আৰু মুৰত উইগটোহে বাকী থাকেগৈ৷ দুইহাতে হাফপেন্টটো ঢাকি দ্ৰৌপদী সভাৰ মাজৰ পৰা এক চেকেণ্ড আহি আছো তোহতে বাকী খিনি ৰিহাচেল কৰি থাকচোন বুলি বাহিৰলৈ সৰুপানী চুবলৈ দৌৰ মাৰে৷ 

No comments:

Post a Comment