এবাৰ এজন চাইনিজ ফটাঢোললৈ আহিল৷ চাইনিজ জনে সকলোকে সুধিলে যে চীনা ভাষাটো যদি শিকাব বিছাৰো কিমান দিন মানত আপোনালোকে আয়ত্ব কৰিব পাৰিব?
কাকতিদাই বোলে বাপ্পাহাৰে আৰু আকটা জনম পালিও ন'ৰো দে৷
ৰিন্টুদাঃ দিনত শিকাব নে ৰাতি৷ ৰাতি শিকালে সোনকালে পাৰিম৷ তথাপি মই যি হে এলেহুৱা দহ বছৰ মান লাগিব৷
সোনটোঃ ভাষা শিকি থোৱাতো ভাল কোনে জানে কাৰ ভাগ্যত চাইনিজ মাল লিখা আছে৷ পাচ বছৰ মান পালে এৰা পুৰা শিকি মেলি চাইনিজত কবিতাই লিখিব পৰা হৈ যাম৷
দিম্পলঃ চাইনিজ কেইজনী প্ৰথমতেই চকুত পৰে পিছে ভাষাটো নাজানো বাবেহে৷ এনেই মোৰ নিজৰ ভাষাটো,লিখিলেও অলপ চলপ বানান ভুল হয় গতিকে অন্যতকৈ দুবছৰমান বেছি লাগিব৷ চাই লওচোন আন সকলে কি কয়৷
মানসদাঃ চেষ্টা এটা কৰি চাব পাৰি৷ লেক অফ ন" ৰিটাৰ্ণৰ পৰা অহা মানুহ৷ পাচ ছবছৰ মানত পাৰিব লাগে, নে কি কোৱা বিজয়?
বিজয়ঃ ধেই কি দহ বছৰ লাগিব পাচ বছৰ লাগিব কৈ আছে? পৰীক্ষা কেতিয়া ল'ব কওঁক৷ কালিলৈ যদি পৰীক্ষা লয়, চাইনিজ ভাষা শিকিবলৈ আজি ৰাতিটোৱেই মোৰ বাবে কাফি৷ হেৰৌ পাছ হে কৰিব লাগে৷ খুব বেছি বেক লাগিব, অহাবছৰ আকৌ দিম আগদিনা পঢ়ি৷
(এতিয়া আপোনালোকে মোক নুসুধিব বিজয় কোন? সেইজনেই বিজয় মহন্ত যিয়ে "মিছন চাইনা চাব গৈ চাইনিজ ভাষা নুশুনি হ'লৰ পৰা ওলায় আহি কাউন্টাৰত টিকটৰ দাম ঘুৰাই বিছাৰিছিল)
বিজয়ে মহৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা বাকী উপায় সমূহ....
মহক ভয় খুৱাবলৈ সি
১, আঠুৱাৰ বাহিৰত ফলকত লিখি থয় "কইল আৰু লিকুইডেটৰৰ পৰা সাৱধান"৷
১, আঠুৱাৰ বাহিৰত ফলকত লিখি থয় "কইল আৰু লিকুইডেটৰৰ পৰা সাৱধান"৷
২, ৰাতি শুওতে বগা এপ্ৰন পিন্ধি পকেটতত নামটো এনেদৰে লিখি লয়" বিজয় মহন্ত, ডিডিটি স্প্ৰেয়াৰ মেন, মেলেৰিয়া কন্ট্ৰল ডিপাৰ্টমেন্ট"৷ তাৰ নামটো পঢ়া পিছত বোলে মহে তেজ খাবলৈ দহবাৰ ভাবে৷
৩, ৰাতি শুওতে গুনগুনাই থাকে "মই মহৰ চিৰিয়েল কিলাৰ, মই মহৰ চিৰিয়েল কিলাৰ"
৪, মৰা মহ ১০ টা মান আঠুৱাত সুঁতাৰে বান্ধি লিখি থয় ১১ নম্বৰটোৰ অপেক্ষাত৷
৫, মচকিউত' কইলৰ দৰকাৰেই নাই কাগজ এখনত বিজয় মহন্ত বুলি লিখি নুৰা কৰি পুৰি দিয়ে৷ তাৰ নাম লিখা কাগজৰ ধোঁৱাতেই মহ বেহুছ হয়৷
৬, ৰঙা কাড় চিন এডাল দি সি শুৱাৰ বিপৰিত ফালে "খাটি মানুহৰ তেজ এই পিনে পোৱা যায় বুলি লিখি থয়"
৭, পকেটত " কষ্ট নকৰিব এইজন মানুহৰ হিমগ্লবিন নিল" বুলি লেৱৰটৰিৰ পৰা লিখাই অনা ৰিপৰ্টখন পকেটত লৈ শুৱে৷
এই গোটেইখিনি কৰি শেষত মানুহটোকে নিজে "মামি বোৰৰ দৰে" কাপোৰৰে মেৰিয়াই কেৱল উশাহ লবলৈ নাকৰ পাইপ এডাল লগায় শুই থাকে৷
বাঘে তানত পৰিলে ঘাঁহো খাব পিছে বিজয় মহন্তই মহ খেদিবলৈ আঠুৱা নতৰে৷
No comments:
Post a Comment