Monday 8 October 2018

চিকতা পুৰাণ ( খণ্ড ১০)

হেৰি চাইকেলখন লৈ ক'ত যায়?
ৰ' অ'৷ আলহী আহি আছে, ফোন কৰিছিল৷ সেয়ে মই অহা দেখিলেই জৰুৰী ভাবে কৰবালৈ যাব লগা আছে বুলি ক'বলৈকে গেটত ৰখি আছো৷ তেতিয়া বেচি সময় নবহে আকৌ৷ তইও নতুন কাপোৰ এজোৰ মেৰিয়াই ল' গৈ, কথাৰ মাজতে কৈ দিবি গোটৰ মিটিঙত যাব লগিয়া আছিল৷
আপুনি কিন্তু তামাম ইচমাৰ্ট দেই৷
আৰু শুন, নতুন আলহি৷ গতিকে ৰসগোল্লা আনিব পাৰে৷ আলহীয়ে যদি ৰসগোল্লা আনে এটা কাম কৰিবি৷
কি?
আলহীয়ে অনা ৰসগোল্লা কেইটাৰ চেনী ৰস খিনি চেপি কিবা এটাত থৈ দিবি আৰু অকনমান গৰমপানী কৰি ৰসগোল্লা কেইটা ডুবাই দিবি৷ ৰসগোল্লা কেইটাও খাবলৈ গৰম গৰম হ'ব আৰু চেনী পানীখিনিত চাহো বনাব পাৰিবি৷
পিছে, চাহপাত নাই নহয়৷
হেই আকৰি৷ মই হোটেলৰ পৰা পকেটত ভৰাই অনা টিচুপেপাৰ বোৰৰে পুৰণি চাহপাতবোৰৰে চাহত ডুবাই খোৱা চাহপাতৰ পুৰিয়া বনাই "টি বেগ" বনাই থৈছো৷ সেইবোৰত এনেও ৰং নহয়৷ খোৱা মানুহে জানিবই গতিকে চাহত জুবুৰিয়াই জুবুৰিয়াই ভাগৰ লাগিলে তাকে খাব৷ তই মাত্ৰ যোৱাবাৰ বনোৱা পুৰিয়াবোৰৰ ৰচী কেইডাল দিবি মই লগাই দিম৷
চাহ খাই গ'লেই ভাল৷ যদি ভাত খাই যাও বুলি কয়?
যদি ভাত খাই যাও বুলি কয় এটা কাম কৰিবি৷ মই ডিমকে আনিম কিন্তু তই আলহীৰ লগত কথা পাতি থাকোতে আলহীক শুনাই মোক ডাঙৰকৈ কবি "হেৰি শুনিছে মুৰ্গী এটা লৈ আনিব, আৰু যদি মুৰ্গী নাপাই ডিমকে পাঁচটা লৈ আনিব৷
পিছে পাঁচটা ডিম কেলৈ লাগে? এটা ডিমৰে দেখোন চাৰিফাল কৰিলে চাৰিজনৰ হ'ব৷
হেই তোক ক'বলে হে কৈছো৷ চিন্তা নকৰিবি৷ ডিম মই পেন্টৰ পকেটত এটাই ভৰাই আনিম কিন্তু বজাৰৰ পৰা আহিয়েই চাইকেলখন ঠেকেচ কৈ পেলাই দিম৷ তই কবি ইচ্ ইচ্ কিবা ভাঙিলে নেকি? মই ক'ম ডিম সোপাকে ভাঙিল চাগৈ৷ তই সাউতকৈ বেগখন লৈ যাবি৷
হ'ব বাৰু কিন্তু ডিম এটাই আনিব৷
বাৰু আপুনি আলহী অহালৈ গেটতে ৰৈ থাকক৷ মই সাউতকৈ জলকীয়া কেইটামান চিঙি আনোগৈ৷ জোলত জ্বলা অলপ বেছি হ'লে কম কৈ খুজিব৷
শুনচোন,
কওঁক
আ লা ভিউ৷
হুহ চিকতাটো৷
দেবজিত শইকীয়া
আগলৈ....

No comments:

Post a Comment