Friday 5 October 2018

গনধোৱন

হঠাৎ ,এদিন ফটাঢোলত স্ৰয়ং ভগৱান প্ৰকট হৈ বোলে "মৰমৰ লেডিছ সকল আৰু মতা কেইটা" আজি তোমালোকৰ মনৰ আশা এটা পূৰন কৰিবৰ বাবে মই প্ৰকট হৈছো৷মৰমৰ ধুনীয়া লেডিছ সকল "তোমালোকৰ সদায় সদায় এটা কমন কপ্লেইন পাই থাকো যে আমাৰ এখেত এনেকুৱা হে আমাৰ তেখেত তেনেকুৱা হে, মুঠতে হাজাৰটা কমপ্লেইন ৷ সেয়ে আজি তোমালোকৰ কথা মানি মই সুবিধা দিছো যে তোমালোকে মনৰ পচন্দ মতে এজন পুৰুষ বাছি ল'ব পাৰিবা ৷ চিন্তা নকৰিবা, তোমালোকক মোৰ টাইম মেছিনত ভৰাই বিয়াৰ আগৰ দিনবোৰলৈ পঠাই দিম৷ এতিয়া সকলোৱে নিজৰ নিজৰ পচন্দৰ মানুহজনৰ নাম কোৱা ৷
প্ৰনীতা বা: নালাগে ঈশ্বৰ মোৰ বৰ্তমানৰ জনেই ভাল৷ লাগ বুলিলেই তামোলখন কাটি আনি হাততে যোগাৰ দিয়ে, এনেকুৱা মানুহ এজন ক'ত পাম, মোক নালাগে দেই এইটো অফাৰ৷
বন্দিতা: ইয়ে পাই নালাগে দেই বিয়া হৈ অহা পৰা মই খেনা বনায়ে পোৱা নাই৷ সদায় মানুহজনেই খেনা বনাই খুৱাই আছে, মই যদি এইবাৰ খেনা বনাব নজনা আৰু খৈনী খোৱা এটা পাও মোৰ কি হ'ব? নাই মোক নালাগে৷
পৰী: পৰী হু মে, অ' ভগৱান মোৰ মানুহজনে মোৰ বাৰ্থডেট ইমান ধুনীয়া গিফ্ট দিয়ে যদি কঞ্জুচ এটা পাও মোৰ কেৰালাত কৈ গুটি দীঘল হ'ব, নাই মোকো নালাগে৷
বৰ্ণালী: মোৰ প্লাষ্টিকৰ পোৰা কপাল ভাবিছে নেকি যিজন পাইছো সেইজন মই সাধি সাধি পাইছো,কেইটাই মানুহজনীৰ হেল্থৰ বাবে ফ্ৰেচ চব্জী খেতি কৰি খুৱাই, মোক নালাগে দেই৷
জীমনি: ন ৱে, মোৰ ঘৰৰ বাহুৱলীজনেই ভাল পাই ৷ মোকো নালাগে৷
জাহ্নৱী: নাই নাই, মোৰ ইমান হেনচু হাবি টো থাকোতে যে বেলেগ নলও দেই৷
এইদৰে সকলো ফটাঢোলৰ নাচনীয়ে ভগৱানৰ প্ৰপজেলটো পোনচাতেই নাকচ কৰি দিলে৷
ভগৱানে এইবাৰ ফটা ঢুলীয়া কেইজনক চাঞ্চটো দিলে আৰু ক'লে তোমালোকৰ মনৰ পচন্দৰ নাৰী গৰাকীৰ নাম লিখি দিয়া ৷ বৰলা কেইটাইও নাম দিব পাৰিবা৷ পূজা বুলি অফাৰ দি দিছো ৷
ফটা ঢুলীয়া সকলৰ আনন্দৰ সীমা নোহোৱা হ'ল৷ পিছে এসপ্তাহ গ'ল, এমাহ পাৰ হ'ল কোনো দেখা দেখি নাই৷ অৱশেষত ভগৱান আকৌ প্ৰকট হৈ ক'লে যে কি হ'ল, তোহঁতকো নালাগে নেকি? নাম দিয়া নাই যে ?
মহন্তই বোলে নহয় ভগৱান, ডিচিচন হে ল'ব পৰা নাই, বহীত এজনীৰ নাম লিখো, আকৌ বেলেগ এজনিলৈ মনত পৰি আগৰজনীৰ নামটো কাটি দিও, এজনী যদি মাতে কথাই ভাল আনজনী দেখিবলৈ ভাল, মুঠতে টুটেলি কনফিউজড৷
ভগৱানে বোলে হ'ব নাম খিনি দে মই তাৰ ভিতৰৰ পৰাই এজনি বাছি দিম৷ মাত্ৰ নামৰ কাষে কাষে কাক কিয় ভাল লাগে লিখি দিবলৈ নাপাহৰিবি৷
বৰুৱা দাই মনৰ পচন্দৰ নাৰীৰ নাম লিখা ক্লাচমেটৰ বহী দুখন আগবঢ়াই দিলে৷
হেকা দাই বোলে চাৰ, পেনড্ৰাইভটোতে দিছো,মাইক্ৰচপ্ট এক্সেলত টাইপ কৰা ফাইল তিনিটা চালেই হ'ল৷
মহন্তই বোলে চাৰ আপোনাক মই ৰাতিলৈ মেইল কৰি দিম আৰু অলপ ভৰাব আছে৷
উৎপল দাই বোলে সময় বৰ কম দিলে, বহুত থাকিয়ে গ'ল, যা যি ভাগ্যত আছে আৰু দেৰশ গৰাকীৰ নাম হে মনলৈ আহিল, তাৰ ভিতৰতে বাছি দিব৷
তালুকদাৰ দাই বোলে মোৰ কলেজৰ লগৰ আপী কেইজনীৰ নাম পাহৰি গেলো নহয়৷ যি মনত পৰল্লাক এই খাটা খনতে লিখি দিছু দক৷
দিম্পল, সোনটো আৰু যাজ্ঞই বোলে চাৰ আমাৰ চিলেকচন একেই, লাগে যদি জেৰক্স কৰি তিনিটা কপি দি দিও,
ভগবানে বোলে সকলোৰে পচন্দৰ নাম বোৰ লোৱা পিছত অন্তৰ্ধ্যান হ'ল৷ আকাশবানী এটা শুনা গ'ল৷ "তোমালোকৰ পচন্দৰ গৰাকী নিৰ্বাচন কৰিবলৈ মই বহী, পেনড্ৰাইভ সকলো তোমালোকৰ নিজৰ পত্নী সকললৈ পঠাই দিছো"
অলপ পিছতে সকলোৰে ম'বাইলত পত্নীৰ ফোন৷ কথাষাৰ পিছে একেই " হেল্লো... তোমাৰ লগত অলপ কথা আছে৷ আশা কৰো সোনকালে ঘৰ আহিবা" টট...... টট
শুনা মতে বৰুৱা দা নিৰুদ্দেশ, সন্যাস ল'লে৷
হেকা দা হস্পিতালত
মহন্তই পত্নীৰ ওচৰলৈ মৰ সাহ কৰি গৈ বৰ্তমান বিছনাৰ কাষত পেং লৈ শৰ্য্যাগত
উৎপল দাৰ বৰ্তমান ভালকৈ কাৰোবাক চাবলৈকো চচমা জোৰ বৌয়ে বাজেয়াপ্ত কৰিলে৷
তালুকদাৰ দাই ভ্ৰম বকি ফুৰিছে বোলে "ভগৱানৰ ওপৰত বিস্বাস উঠি গ'ল ৰে বাবা"
দিম্পল হঁতে বৰ্তমান যাকেই ফোন কৰিছে " দিজ নাম্বাৰ দাজ নট একজিষ্ট শুনিছে"
বিদ্ৰ: মই সম্পাদনাৰ কামত ব্যস্ত আছিলো৷

গনধোৱন 2
বাম্পাৰ অফাৰ এটা লৈ হঠাৎ ,এদিন আকৌ ফটাঢোলত স্ৰয়ং ভগৱান প্ৰকট হ'ল৷ "মৰমৰ লেডিছ সকল আৰু মতা কেইটা" বুলি কোৱাৰ লগে লগে যোৱাবাৰ মনৰ পচন্দৰ ছোৱালীৰ নাম লিখি শ্ৰীমতীৰ ধুলাই খোৱা কেইজন পলাই পত্ৰং দিলে৷ বিজয়ে বোলে এইটো আকৌ ওলালহি আজি কাক স্বৰ্গলৈ নিম বুলি তামোলগছৰ ওপৰত এৰি থৈ যায় ঠিক নাই৷ হেকাদাই তপা মুৰত গামোছাখন উৰণিৰ দৰে লৈ লাহেকৈ এইবাৰলৈ ক্ষমা কৰা প্ৰভূ, যোৱাবাৰৰ বিষ যোৱাই নাই বুলি আতৰি গ'ল৷
এজন এজনকৈ সকলো আতৰি যোৱা দেখি ভগৱানে বোলে যি কি নহওঁক আজি তোমালোকৰ মনৰ আশা এটা পূৰন কৰিমেই বুলি মই প্ৰকট হৈছো, চিন্তা নকৰিবা, যোৱাবাৰ "প্ৰাংক এটা কৰিলো কিন্তু এইবাৰ নকৰো, ডন্ট ৱৰি৷
মৰমৰ ধুনীয়া লেডিছ সকল আৰু মতা কেইটা "তোমালোকৰ সৰুৰে পৰা চিনেমাৰ হিৰ' হিৰ'য়িন হোৱাৰ যে মনতে আশা এটা পুহি ৰাখিছা মই জানো"৷
দিম্পলে চাউথ ইন্দিয়ান হিৰ' দৰে দাড়ী, হেকাই তামিল হিৰ'ৰ দৰে মোছ, খনিন্দ্ৰই চাহৰুখৰ দৰে চুট, ৰামানুজে চানি দেউলৰ দৰে কাওবয় কেপ মুঠতে সকলো হিৰ' মাফিক৷
লেডিছ সকলৰ কথা নকলোৱেইবা৷ চবিনাৰ বেলুন লৈ ৰেড ড্ৰেচত ফটোচুট, ৰঙা টুপি পিন্ধি পাৰবিন, ফুলৰ কাষত ৰৈ চাহিন, চান গ্লাছ লগাই ইন্দিমা, নাজমা মিনিটে মিনিটে ড্ৰেচ সলাই পুৰৱী, আৰু হিৰ'ৰ ফটো লগোৱা অসীমাৰ কথা নকলোৱেইবা৷
সকলোৱে মুঠতে হিৰ' হিৰ'ইন কায়দা৷ গতিকে মই এখন বিগবাজেটৰ চিনেমা বনাব বিছাৰিছো যত হিৰ' হিৰ'ইন ফটাঢোলৰ পৰাই নিৰ্বাচন কৰিম৷
ভগবানে বিগবাজেটৰ চিনেমা বনাব বুলি শুনি বিজয় মহন্ত লাহেকৈ ওচৰলৈ আহি বোলে আগতে নাটকত সৰু সুৰা দুই এটা ৰোল মই কৰিছিলো, ৰাসতো দুই এবাৰ শংখচূড় ওলাইছো৷ ভগবানে বোলে মই এবাৰ ভুলতে তোমাৰ এক্টিং চাইছিলো৷ চাই উঠি মোৰো মুখৰে ভুলতে "হে ভগবান" বুলি ওলাই গৈছিল৷
হেকা দাই মনতে ভাবিলে খুদ ভগবানে চিনেমা বনাব যেতিয়া হিট হোৱাটো খাটাং গতিকে হিৰ'ৰ ৰোল পালে বেয়া নহয়৷ হেকা দাই বোলে মই ৰাকুদাৰ পৰা কেৰেটি ডেঞ্চ গান সকলো ট্ৰেইনিং লোৱা আছে গতিকে আপোনাৰ টেনচন কম হ'ব, মোক হিৰ' লওঁক৷ ভগবানে হেকাদাক ভালদৰে চাই বোলে হ'ব মই অডিচন আৰম্ভ কৰিলে তোমাক মাতিম তেতিয়ালৈ তুমি পুটুককৈ তালুৰ ছুলিখিনি গজাই লোৱা৷
চুনটোৱে ঘপহকৈ লেঙুটিখনত খোছ এটা মাৰি বোলে চাৰ, মানে ভগবান মোকো যদি ৰোল এটা.....?
তথাষ্টু বৎস, তুমি ফেচবুকৰ মায়ামোহ ত্যাগ কৰি বাবা হোৱা দিনাৰ পৰাই মোৰ চকুত পৰিছা, তোমাক চিনেমাৰ ইন্টাৰভেলৰ সময়কনত কিবা এটা ৰ'ল দিমেই দিম৷
এনেতে সকলো লেডিজ আহি ভগৱানৰ আগত হিৰ'ইন হোৱাৰ আশাত ভিৰ কৰিলেহি৷ ভগবানে বোলে মোৰ চিনেমা ফাইনেঞ্চ কৰিব ৰিন্টুমনি দত্তই আৰু ডাইৰেক্ট কৰিব ভাস্কোয়ে৷ অডিচন সোনকালেই আৰম্ভ কৰিম ডন্ট ৱৰি৷ এই বুলি ভগৱান অন্ত্যধ্যান হ'ল৷
শুনামতে মহিলা সকলে হিৰ'ইন হোৱাৰ আশাত মন্দিৰে মন্দিৰে টিলিঙাত মুৰ মাৰি ঘুৰি ফুৰিছে, ব্ৰত ৰাখিছে, আৰু মতা কেইটাই জিমত জইন কৰিছে৷ তাকে দেখি মই বোলো ভগবানৰো যে কাম আৰু বুলি ক'ব লৈছিলো হে ভগবান আহি বোলে হেৰৌ মোক দৰকাৰত হে সকলোৱে বিছাৰে নহলে ক'ত মোক বিছাৰিব? টোপ এটা দি দিছো এতিয়া মোৰ পূজা কৰি থাক৷
মই বোলো নোহোৱা নুপোজা কথা এটা কৈ সকলোকে ঠগিছে কিয়? ভগবানে বোলে হেৰৌ "অচ্চে দিন আহিব বুলি কওঁতেই তহতে হ'লে বিস্বাস কৰি ললি আৰু খুদ ভগবানে চিনেমা বনাব বুলি কলেও বিস্বাস নকৰ" ৷

No comments:

Post a Comment