Thursday 4 October 2018

আকৌ কুৰুক্ষেত্ৰ খণ্ড 8

ৰিহাচেল আৰম্ভ৷ সকলোৰে ব্যস্ততা৷ ডাইৰেক্টৰ ভাস্কৰে ষ্টেজৰ পজিচন চাই পল্লৱী কলিতা, ৰিন্টুমনি দত্ত আৰু অভিজিত কলিতাদাক ষ্টেজলৈ মাতে৷ সুত্ৰধাৰী ডাঃ পাৰ্থ সাৰথী ভূঞাক ইতিমধ্যে শিকাই থোৱাৰ দৰে বচন মাতিব কয়৷

ডাঃ পাৰ্থ সাৰথীঃ- ঐচন প্ৰকাৰে কৃষ্ণে জাম্বুবানক যুদ্ধে পৰাস্ত্ৰ কৰিয়া স্যামন্তক মণি সত্ৰাজিতৰ হাতে দিলহ৷ ওহি স্যামন্ত মণিৰ কলংক নাশিয়া সত্ৰাজিতে নিজ কণ্যা সত্যভামাক সখা কৃষ্ণৰ সংগে বিবাহ দিলহ৷ তাকে দেখহ শুনহ, নিৰন্তৰে হৰি বোলহ৷

পল্লৱী কলিতাবৌয়ে বচনৰ জেৰক্স কৰা কাগজখিলা লুটিয়াই পুটিয়াই বোলে এইসোপা কি লিখা আছে? মেঠামুণ্ড একো নুবুজি দেখোন?

ভাস্কৰে বোলে ব্ৰজাৱলী ভাষাত আছে , ভালকৈ পঢ়ি মুখষ্ট কৰি লওক৷

পল্লৱী কলিতাঃ- প্ৰান নাথ, হামু তিহাৰ...নহয় তোহাৰ ভাৰাইযা হৈয়া পৰম চন্তোচ ......ভেলু নে ভেলৌ?

..........ৰ'বাচোন ৰ'বা মোক দেখোন কৃষ্ণৰ চেকেণ্ডজনী ৱাইফৰ ৰ'ল দিয়া কথা আছিল৷ এতিয়া আকৌ এইটো প্ৰাণ নাথ কোন ওলাল? অভিজিৎদালৈ চাই বোলে এই প্ৰাণ নাথ বোলাটো আমাৰ স্কুলৰ চকিদাৰটো নহয় জানো? ইয়াৰ লগত মোৰ কিয় ৰ'ল দিছে৷ আই হেট প্ৰান নাথ৷

কাকতিদাই বোলে হেৰৌ প্ৰান নাথ কোনোবা মানুহ নহয় অ',কৃষ্ণকে প্ৰাণনাথ কৈছে৷ ভাস্কৰ অ' এই পল্লৱীৰ বচনখিনি ব্ৰজাৱলীত নালাগে অসমীয়া কৰি দিয়া৷ দেখিছানে নাই ভাৰ্যা গৈ ভাৰাইযা, সন্তোষ গৈ চন্তোচ ফুটিছে৷

অভিজিৎদাঃ- ভাস্কৰ, এই প্ৰাননাথ টো প্ৰানেশ্বৰ কৰি দিয়া৷ পল্লু তুমি প্ৰাননাথ ক'ব নালাগে প্ৰানেশ্বৰ ক'বা৷

পল্লবী কলিতাঃ- নাও হু ইজ প্ৰানেশ্বৰ?

ভাস্কৰঃ- নালাগে, আপুনি ডাইৰেক্ট কওঁক যে "কৃষ্ণ, হামু তোহাৰ ভাৰ্যা হৈয়া পৰম সন্তোষ ভৈলু৷৷

পল্লৱী কলিতাঃ- খুৱ মনোযোগেৰে কাগজখন পঢ়ি থকা পল্লৱীবৌয়ে বোলে আটচা এটা কথা কওঁকচোন চত্যভামাৰ এই যে ডায়লগটো " প্ৰান নাথ হামু তোহাৰ ভাৰাইযা হৈয়া পৰম চন্তোচ ভেলু"" এইটো ৰোমান্তিক চিটুৱেচনৰ নে যুদ্ধৰ? মানে এক্টিংত ফিল টো আনিব লাগিবটো৷

মানস শইকীয়াই বোলে হ'ব মই ব্ৰজাৱলীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিম৷ আপুনি কওঁক যে "হে স্বামী, আপোনাৰ পত্নী হ'বলৈ পাই মই সুখী হ'লো"৷

পল্লৱী কলিতাঃ- ওহো ডায়লগ বোৰ কিবা ভাল লগা নাই৷

ইমান পৰে এবাৰ ইটোৰ মূখলৈ এবাৰ সিটোৰ মূখলৈ চাই ষ্টেচুৰ দৰে খাৰা হৈ থকা কৃষ্ণৰূপী ৰিন্টুমনি দত্তৰ হাত এখনত পল্লৱীবৌয়ে টান মাৰি ধৰি আনখন হাতৰে আকাশলৈ টোৱাই বোলে ডায়লগ হ'ব লাগে এনেকুৱা " প্ৰিয়ে, চাও মোৰ চকুত চকু থোৱা......চাও মোৰ হাতত হাত দিয়া...... তোমাক মই সৌ দুৰ দিগন্তৰ সৰগলৈ লৈ যাম" ৷ এই বুলি কৃষ্ণৰূপী ৰিন্তুদাৰ হাতত ধৰি টানি লৈ ষ্টেজৰ উইংগছৰ ফালে যাব ধৰিলে৷ ৰিন্তুদাই ল'ৰা-ধপৰাত এপাত চেণ্ডেল ষ্টেজতে এৰি এটা ভৰি ডাঙি জপিয়াই জপিয়াই আগবাঢ়িল৷

অভিজিত কলিতাঃ- সখা কৃষ্ণ, তুহু হামাৰ কণ্যা সত্যভামা সহিত স্যামন্ত মণি গ্ৰহণ কৰহ৷

ষ্টেজৰ সিফালৰ পৰা কৃষ্ণৰূপী ৰিন্টুমনিদাই বোলে অভিজিতদা ৰ'ব আহি আছো৷

ইফালে পল্লৱী বৌয়ে গ্ৰীণৰুমৰতে ৰিন্টুদাক এৰি আহি হাতত কাগজখন লৈ পঢ়ি পঢ়ি আহি বোলে "পিতা, পিতা...ভাস্কৰ, পিতা মানে কাক পিতাৰ কথা কৈছে?

ভাস্কৰে হাতত থকা স্ক্ৰীপ্তখন চাই চচমাজোৰ ডাঙি অভিজিৎদাৰ ফালে দেখুৱাই দিয়ে৷

পল্লৱী কলিতাঃ- টোটেলি কনফিউজিং৷ অভিজিৎ, বোলে নাটকত মোৰ পাপা চত্ৰাজিৎ হৈছে৷ পাপাকক আকৌ ডটাৰে কিয় পিতিব?

কাকতিদাই নিজৰ গাতে হাতেৰে দুবাৰ মাৰি দেখুৱাই বোলে পল্লু, পিতা মানে
এনেকৈ পিতাৰ কথা কোৱা নাই৷ পিতা মিনচ পাপা পাপা, যেনে জাতীৰ পিতা৷

পল্লৱী কলিতাঃ- অহ আই চি৷ ইমান টান ৱৰ্ড দিয়াতকৈ দেতা বা পাপা দিলেই হ'ল হয়৷ ভাগ্যে বুজি পালো বুলিহে নহ'লে মই পিতিয়ে দিলো হয়৷

অভিজিৎ কলিতাঃ- সখা কৃষ্ণ, তুহু হামাৰ কন্যা সহিত.....

ৰিন্টুমনিদত্তঃ- স্যামন্তৰ' নাহিকে প্ৰয়োজন৷ তোহাৰ কণ্যাৰ পানী কৰিলো গ্ৰহন৷ যদিওবা মনিৰ কলংক দিলা তুমি, কণ্যাৰ হাত দিয়া সেহি পাপ কৰিলা খণ্ডন৷

অভিজিৎ কলিতাঃ- ৰিন্টু মোৰ ডায়লগটো শেষ হ'লে তুমি ক'বা হে৷ মাজতে মাতি স্কীপ নকৰিবা৷ এনেও মোৰ ডায়লগ কম৷

পল্লৱী কলিতাই পানী এগিলাছ আনি ৰিন্টুদাক দি বোলে খাই লোৱা৷

ভাস্কৰ দৌৰি আহি ঠাপ কৈ ৰিন্তুদাৰ হাতৰ পৰা পানী গিলাচ আতৰাই বোলে সত্যভামাই আকৌ কৃষ্ণক পানী গিলাচ দিয়া ক'ত আছে স্ক্ৰীপ্তত?

পল্লৱী কলিতাঃ- স্ক্ৰীপ্তত নাথাকিলে কি হ'ল? দেখা নাই নেকি কন্যাৰ হাতে পানী দিয়া কৈ আছে ৰিন্তুৱে৷ বজাবলী অলপ হামিও জানু৷

ইমান পৰে পল্লৱীবৌৰ এক্টিং চাই থকা অভিজিত কলিতাদাই বোলে পল্লু এক্টিংত ইমান সোমায় পৰিব নালাগে৷ আজিলৈ ৰিহাচেল হ'ব ব'লা৷ কাকতিদা এই ডায়লগখিনি বেয়া নাপাই যদি অসমীয়াতে কৰি দিব আৰু মোৰ সত্ৰাজীৎৰ ৰ'লটোৰ ঠাইত বেলেগ দিব নোৱাৰিনে? মানে সত্যভামাৰ বাপেকৰ ৰ'ল কৰাৰে পৰা কিবা পল্লৱীক জীয়েক নিচিনা ফিল অহা হৈছে৷

ভাস্কৰে বোলে ৰ'ব ৰ'ব ক'ত যায়? ৰুক্মিনী সত্যভামাৰ ৰ'ল ৰিহাচেল আছে এতিয়া৷ ৰুক্মিনী সোমায় আহা৷

ৰুক্মিনী ৰূপী মন্দিৰা শৰ্মাই আহিয়েই হাঁহি এটা মাৰি কৃষ্ণৰ বাহুত ধৰি ফেচন শ্বত ঠিয় হোৱাৰ দৰে প'জ দি ৰৈ দিয়েহে৷ সত্যভামা ৰূপী পল্লৱী কলিতাই ৰুক্মিনীয়ে তেনেদৰে ৰখা দেখি নিজেও গৈ কৃষ্ণৰূপী ৰিন্তুদাৰ সোঁফালে বাহুত ধৰি একেটা প'জতে ৰৈ ম'বাইলটো উলিয়াই মূখখন জোঙা কৰি চেল্ফী ল'ব ধৰে৷ ৰুক্মিনীয়েও সত্যভামাক দেখি ম'বাইলটো উলিয়াই চেল্ফী লয়৷ ষ্টেচুৰ দৰে ৰখিথকা কৃষ্ণৰূপি ৰিন্তুদাই এবাৰ ৰুক্মিনীৰ ম'বাইলত এবাৰ সত্যভামাৰ ম'বাইললৈ চাই জোৰ কৰি হাঁহি মাৰিব চেষ্টা কৰে৷

স্ক্ৰীপ্ত পঢ়ি থকা ভাস্কৰে বোলে ৰূক্মিনী তুমি কৃষ্ণৰ চৰনত আঠু কাঢ়ি তোমাৰ ডায়লগ মাতা৷

ৰুক্মিনীয়ে মূখখন বেকা কৰি বোলে সত্যভামা আতৰিলে হে মাতিম৷

ভাস্কৰে সত্যভামাক বোলে চেল্ফী লোৱা হ'ল যদি অকনমান আতৰি দিয়ক, ৰুক্মিনীৰ বচন আছে এতিয়া৷

পল্লৱী কলিতাঃ- হাও ডিচগাষ্টিং৷ চত্যভামাওটো কৃষ্ণ ৱাইফ হয়৷ ৰুক্মিনীকটো পলুৱাই আনিছে, মোকটো দষ্টুৰমত বিয়া পাতি আনিছে৷ লিগেলি চাব গ'লে মোক আতৰাব নোৱাৰে৷

মন্দিৰা শৰ্মাঃ- সত্যভামা তোমাক পাৰিজাত ফুল হৰণ কৰি আনি কৃষ্ণই মনে মনে দিওতেও মই কিন্তু একো কোৱা নাছিলো৷ এতিয়া কৃষ্ণ আৰু মোৰ প্ৰাইভেট ডালয়গ আছে৷ তুমি আতৰা বুলিছো আতৰা৷

সত্যভামাৰূপী পল্লৱী বৌয়ে চেল্ফীত নিজৰ চুলি খিনি ঠিক কৰি ম'বাইলৰ ফালে চাই বোলে নাতৰো৷

ৰুক্মিনীয়ে কৃষ্ণৰূপী ৰিন্তুদাক জোকাৰি বোলে আপুনি একো নকয় কিয়?

ৰিন্তুদাই বোলে মই কি কম? মোৰ তেনেকুৱা একো ডায়লগেই নাই৷ এতিয়া তোমাৰ ডালয়গ অহা পিছতহে মোৰ " যদিওৱা দিলো সত্যভামাক পাৰিজাত , প্ৰিয়ে ৰুক্মিনী তুমিহে মোৰ প্ৰিয়তমা পত্নী জানিবা সাক্ষাৎ" ডালয়গটো আছে৷

পল্লৱী কলিতাই ৰিন্তুদাক ঠেলা মাৰি বোলে আকৌ ডায়লগটো কোৱা৷

ৰিন্তুদাই ভয়ে ভয়ে তলফালে মূৰ কৰি মূখৰ ভিতৰতে বোলে "" যদিওৱা দিলো সত্যভামাক পাৰিজাত , প্ৰিয়ে ৰুক্মিনী তুমিহে মোৰ প্ৰিয়তমা পত্নী জানিবা সাক্ষাৎ" ৷

পল্লৱী কলিতাঃ- ভাস্কৰ, মোৰ লগত কৃষ্ণৰ এনেকুৱা ডালয়গ নাই কিয়? মই দেখোন কেৱল প্ৰান নাথ, প্ৰানেশ্বৰ টাইপ ডায়লগ মাৰোতেই গ'ল, ইফালে ৰুক্মিনীয়ে কৃষ্ণকলৈ প্ৰাইভেট ৰোমান্টিক ডালয়গো পালে৷ মই ৰ'ল চোল নকৰো৷

ভাস্কৰঃ- ৰ'বচোন ৰ'ব, আচে নহয় পিচত আকৌ৷ নাই যদি মই বাৰু লিখাই হ'লেও দিম৷ চিন্তা নকৰিব৷ ৰুক্মিনীক ডালয়গটো ৰিহাচেল কৰিব দিয়ক৷

পল্লৱী কলিতাঃ- চত্ৰাজিত ...ধেই কিবা ....অভিজিত, ব'লা ঘৰ যাও৷ মই এক্টিং নকৰো৷

অভিজিত কলিতাঃ- মই কৈছিলোৱেই, তুমি সত্যভামা নালাগে কৰিব৷ মোৰ হে কথা নুশুনা৷

পল্লৱী কলিতাঃ- ভাস্কৰ, আই নিড ৰোমান্টিক ডায়লগ৷ কালিলৈ আহিম৷ লিখি থবা৷

ৰিন্তুমনি দত্তঃ- সত্যভামা....মানে বৌ, ৰ'বচোন ৰ'ব৷ আপোনাৰ লগত মোৰ ৰিহাচেল নহলেই দেখোন?

ৰুক্মিনী ৰূপী মন্দিৰা শৰ্মাই বোলে মোৰ লগত থকা ডায়লগখিনি কৰি লোৱা আকৌ৷

ৰিন্তুদাই বোলে ভাস্কৰ ইয়াৰ পিচৰ চিনত কি আছে?

ভাস্কৰে নাটকৰ পাত লুটিয়াই বোলে কৃষ্ণপত্নী জাম্বুৱতী, কালিন্দী, মিত্ৰাভিন্দা, নাগ্নজীতি, ভাদ্ৰা আৰু লক্ষ্মনাৰ আদিৰ লগত হাঁহি ফুৰ্তি কৰি কথা পাতি থাকোতে নাৰদ আহে আৰু কৃষ্ণই বৈবাহিক জীৱনত কি দৰে পত্নী সকলৰ লগত হাঁহি ফুৰ্তিৰে সূখত থাকে চোৱাৰ হেপাহ কৃষ্ণই পূৰণ কৰে৷

ৰিন্তুদাই ষ্টেজৰ পৰাই দুৰৈত ৰখি থকা দিম্পলক বোলে অই দিম্পল, কৃষ্ণৰ ভাও লও যদি আহ৷ তইহে পাৰিবি৷

আগলৈ......

No comments:

Post a Comment