Friday 5 October 2018

হাঁহ ভোজন


স্মিতা বৰদলৈৰ এদিন হাঁহ খাব মন গ'ল৷ হিচাপী মহিলা হিচাপে তেখেতৰ এটা নাম আছে৷ গতিকে মন গ'ল বুলিয়েই ইমানবোৰ টকা পানীত পেলাই হাঁহ কিনি খাবনে? পিছে শেষৰবাৰ কেতিয়া হাঁহ কিনি খাইছিল বহু চেষ্টা কৰিও মনত নপৰাত পূৰণী ডায়েৰিবোৰ উলিয়াই ল'লে৷ তেওঁ আকৌ যি দিনা মাছ বা মাংস খাই ডায়েৰিত লিখি থয়৷ 2005 চনৰ ডায়েৰিখনলৈকে প্ৰতিটো পাত ফা ফা কৈ মুকালি চালে পিছে শেষৰবাৰ কেতিয়া হাঁহ খাইছিল বিছাৰি নাপাই অৱশেষত মানুহজনকে সুধিলে৷
হেৰা, আমি লাষ্ট টাইম হাঁহ কেতিয়া খাইছিলো?
মানুহজনে বোলে কিয় শইকীয়াই যে আমাক এদিন ৰাতি ভাত খাবলৈ নিমন্ত্ৰণ দিছিল সেইদিনা তুমি "পাৰে যদি হাঁহকে খুৱাব, আমাৰ বৰ ফেভাৰেট" বুলি কোৱা নাছিলা?
হেই, মই আনৰ ঘৰত নহৈ অ' নিজে কিনি খোৱাৰ কথা কৈছো৷
মানুহজনে বোলে যিমানদুৰ মোৰ মনত আছে গাড়ীৰ চেপাত মৰা হাঁহ এটা যে আমি বিয়াৰ কেইদিনমান পিচতে ত্ৰিশ টকাত কিনি আনি ফ্ৰীজত থৈ থৈ দেৰ মাহ মান খাইছিলো৷ সেইটোৱেই চাগৈ লাষ্ট কিনি আনি হাঁহ খোৱা৷
স্মিতাই বোলে অ' মনত পৰিল পৰিল৷ শেষত যে আমি হাঁহৰ ঠোতটো পুৰি পাওডাৰ বনাই টেমাত থৈছিলো আৰু কিবা জোল বনালে সেই পাওডাৰ অকন দি হাঁহ খোৱাৰ জুটি লৈছিলো এতিয়া মনত পৰিল৷
মানুহজনে বোলে পিছে আজি হঠাত হাঁহ খোৱাৰ কথা উলিয়ালা যে? গা ভালে আছেনে তোমাৰ?
স্মিতাই বোলে বিয়াৰ পিচতে এদিন খোৱা আজি খুৱ হাঁহ খাব মন গৈছে৷
মানুহজনে বোলে ৰ'বা কেইদিনমান পিচত ফটাঢোলৰ গুৱাহাটী মিটত হাঁহ খুৱাবই, ধৈৰ্য ধৰা৷
স্মিতাই বোলে নাই আজি হাঁহ খামেই৷ বজাৰত গৈ কিবা এটা বুদ্ধি কৰি কমতে হাঁহ আনিব পাৰো নেকি চাও৷ এইবুলি স্মিতা বান্দৰচলিয়াত বহা সোমবৰীয়া হাটলৈ গ'ল৷
হাটত গৈ দেখে বিজয় মহন্তই লেৰেলা চালবাকলী নোহোৱা হাঁহ এজোৰ লৈ বহি আছে৷ স্মিতাই ডিমাগ খটালে৷ বিজয়ক বোলে দাদা আপুনি হাঁহক কি খুৱাই?
বিজয়ে বোলে কিনো খুৱাম আৰু? পুখুৰীত যি পাই তাকেই খাই৷
স্মিতাই মনতে বোলে মুফ্টত হাঁহ খোৱাৰ এইটোৱেই ভাল চাঞ্চ৷ বিজয়ক পকেটৰ পৰা কাৰ্ড এখন উলিয়াই দেখুৱাই বোলে মই জীৱজন্তু শোষণ প্ৰতিৰোধ শাখাৰ পৰা আহিছো৷ হাঁহক উপযুক্ত প্ৰতিপালন নকৰাৰ বাবে তোমাৰ পাঁচহাজাৰ টকা ফাইন৷
বিজয়ে ভয়তে বোলে ইমান ফাইন মই কৰ পৰা দিম, তাতকৈ হাঁহজোৰকে লৈ যাওক৷
স্মিতাই হাঁহজোৰ নি এমাহ মান ফ্ৰীজত থৈ থৈ দগৰি খালে৷ এমাহৰ পিচত আকৌ সোমবৰীয়া হাঁতলৈ গ'ল৷ এইবাৰু বিজয়ে হাঁহ এজোৰ লৈ বহি আছিল৷ স্মিতাই আকৌ সুধিলে হাঁহক কি খুৱাই?
বিজয়ৰ আগৰবাৰৰ কথা মনত পৰি বোলে হাঁহক ঘৰতে বান্ধি থৈ দানা, খুদ চাউল চব খোৱাও, বৰ প্ৰতিপাল কৰো৷
স্মিতাই বোলে তাৰমানে হাঁহক গড়ালত বান্ধি থয়৷ হাঁহক কৰা অত্যাচাৰৰ বাবে পাঁচ হাজাৰ টকা ফাইন৷
বিজয়ে এইবাৰু হাঁহজোৰ দি যেন তেন ফাইনৰ পৰা হাত সাৰিলে৷ ইফালে স্মিতাৰ মুফ্টততে হাঁহ খাবলৈ পাই পাই নতা লাগিল৷ আকৌ এমাহ পিছত সোমবৰীয়া হাতলৈ গ'ল৷ বিজয়ে এইবাৰু হাঁহ এজোৰ লৈ বহি আছিল৷ স্মিতাই গৈ বোলে হাঁহক কি খুৱাই?
বিজয়ে দাঁত কেইটা নিকটাই বোলে না মই হাঁহ বান্ধি থও না সিহঁতৰ প্ৰতিপালন নকৰাকৈ থাকো৷ পুৱাই উঠি হাঁহৰ ডিঙিত গোটা টকা এটা বান্ধি দিও সিহঁতে যি মন যায় নিজৰ মনৰ পচন্দত কিনি খাই৷
স্মিতা চকচ বিজয় ৰকচ.....
(সাত পুৰণী হাঁহৰ জকচ লিখা স্মিতালৈ মোৰ আঠ পুৰণি হাঁহৰেই জকচ এটা আগবঢ়ালো)৷

No comments:

Post a Comment