আজিৰ পৰা কেইবছৰমান আগৰ কথা ৷ আমাৰ ঘৰত থকা কাঞ্চা আৰু মই জোনাকী হ'লত চেকেন্ড শ্ব চিনেমা চাই আহি গৰমতে মাটিত পাটিখন পাৰি শুই গলো ৷ কেতিয়া টোপনী আহিল ধৰিবকে নোৱাৰিলো ৷অলপ পিছতে দুৱাৰত টকৰ মৰা শুনি ওলাই গলো ৷ দেখো বাপুকন ককা মানে মোৰ ককা মহেন্দ্ৰ নাথ শইকীয়া, গান্ধী বাদি নেতা, সম্পুৰ্ন গান্ধীৰ বেসভুসাত ৷মোক দেখিয়েই সাবত মাৰি ধৰিলে ৷ মই তলকিবই নোৱাৰিলো, তেঁও চিধাচিধি আহি মোৰ কাষতে মাটিত লেপেতা কাঢি বহি দিলে ৷ মই মনতে বোলো অলপ আগতে লগে ৰহ' মুন্না ভাই চাই আহিছো তাৰে ইফেক্ত নেকি? মই মাত দিলো বোলো ককা আপুনি মোক কিন্তু মুন্না ভাই বুলি নাভাবিব ৷ মোৰ কোনো কেমিকেল লৌচা হোৱা নাই ৷ চিধাচিধি কঁওক আপুনি কোন? কাৰন মোৰ ককা মৰি ভুত হোৱা আঠষষ্টী বছৰ হল ৷ সকলো বুঢাই মোৰ ককা নহয় আৰু সকলো তকলাই গান্ধী নহয় ৷ ককাই বোলে হিন্দী মে ব'ল' বেটা, হিন্দী হামাৰি ৰাষ্ট্ৰ ভাছা হে ৷ মই বোলো তেৰে মা কি আখ, তুম কৌন হৌ, ঔৰ ইমান ৰাত ক' মেৰে ঘৰ মে কিয়া মতলব চে আয়ে হ' ? ককাই মোৰ হিন্দী শুনি মোচৰ তলত অলপ হাঁহি কলে " লোগ মুঝে মামু কে নাম চে জানতি হে লেকিন মেৰা নাম হে মহেন্দ্ৰ নাথ পুৰা নাম মহেন্দ্ৰ নাথ চইকীয়া পিতা কা নাম গাথি ৰাম চইকীয়া ,,,অয়ে ৷ মই বোলো একটিং ট' ফাটা ফাটি কৰ লেতে হ', পৰ মুঝে উল্লু মত বনায়িং ৷ প্ৰমান দ' প্ৰমান ৷ ককাই বোলে কিয়া তুম মেৰে চেহৰা নেহি পেহচান্তে ৷ মেৰে নালায়ক নিকম্মা ধৰতিকা বজ বেটা নে কিয়া মেৰে তচবিৰ তুমহে নেহি দিখায়া ৷ হয় হয় মোৰ অগ্নী শৰ্মা দেউতাক এই দৰে গালি দিব পৰা মাইকে লাল ককাক বাহিৰে আন কোনো পেদাই হোৱা নাই গতিকে ককাই হয়৷ ককাৰ ফটো খন মনত পৰি গল একদম গান্ধীজীৰ নিচিনা আছিল ৷ মই লাহেকৈ তকলা মুৰটোত হাত ফুৰালো, হয় অৰিজিনেল ৷ চুলি এডালো নাই ৷ মুখখনত হাত বুলাই চাই দেখো মোচ কোচাও অৰিজিনেল ৷ হয় ককাই হয় ৷ মই বোলো ককা হম ক' মাফ কৰ দ', হম আপক' চিন্তা হাই মগৰ পৰন্তু হঠাত দেখকে ঠত মত খা গেয়া ঔৰ আপক' চন্দেহ কিয়া ৷ ককাই বোলে কই বাত নেহি বৰে বৰে দেছমে এইচে চতে মতে বাত হতি ৰেহতে হে ৷ মই বোলো ককা আপটো ফৰফৰাকে চিনেমাকে ডাইলগ বল লেতে হে ৷ ককাই হাহি মাৰি কলে ইচকো লগা ডালাটো লাইফ জিংগালালা, মেৰে স্বৰ্গ মে টাটা স্কাই হে, জি চিনেমা হে, কালাৰ টিভি হে, তেৰে পাচ কিয়া হে? মই বোলো মেৰে পাচ চানি লিঅন কা ডিভিডি হে, ৷ ককাই বোলে ও মেৰে কুছ কাম কা নেহি ৷ মই বোলো বাকি চব গেযা তেল লেনে, আপ মুঝে বতাইয়ে আপ মেৰে পাছ আয়া কাইক'? ককাই বোলে দেছ মে কৰাপচন বহুত বঢ গেয়া হে, লৰকে ডাৰু পিনে লগ গয়ে হে, নেতা ভ্ৰষ্ট হ' গয়ে হে, তুমলৌগ কুছ কৰতে কিও নেহি? মই বোলো হম কিয়া কৰেগা ? ককাই নিজৰ মুৰটোত মাৰি বোলে আক্কি মাঝা চতকল্লে তুম লোগ অজয় ঔৰ আমিৰ কো দেশ কা নেতা কিউ নেহি চুনতে? মই বোলো বাহ কিয়া আইডিযা হে চাৰজি ৷ অব কি বাৰ সিঁঘম চৰকাৰ ৷ ৰব ককা মই এতিয়াই ফেচবুকত ষ্টেটাচ দিও ৷ কবলৈ হে পালো ককাই প্ৰকান্ড চৰ এটা গালত মোৰ মাৰি কলে তুমলোগ দেশ কি ন জৱান চিৰ্ফ মোভিচ ঔৰ ফেচবুক মে দিন ভৰ লগে ৰেহতে হ' ৷ দেশ কিয়া খাক তৰক্কি কৰেগা? গনতন্ত্ৰ দিৱস হ', ফেচবুক মে, কই ত্যহাৰ হ' ফেচবুক মে, ষ্টেটাচ পে ষ্টেটাচ, ষ্টেটাচ পে ষ্টেটাচ, জৰা ফেচবুক চে ত' নিকলকৰ দেখ দুনিয়া কিয়া কৰ ৰহি হে ৷ হম অংগ্ৰেজ' কা জমানে কা জেইলৰ দেশ কে লিয়ে কিয়া নেহি কিয়া, ঔৰ তুমলোগ হ' কি পুৰা ইজ্জত মিত্তিপে মিলাই দিয়া ৷ হৰে অ কাঞ্চা কিতনি ইনাম ৰখে থে ব্ৰিটিচনে হমপৰ? কাঞ্চাই বোলে হজুৰ পউৰে পাচ টকা৷ মই বোলো চুৱৰ কে ঔলাদ ককা জীয়াই থকা সময়ত তোৰ বাপেৰো জন্ম হোৱা নাছিল তই কেনেকৈ জানিলি? সি বোলে মই জন্ম না হলে কি হব অলপ বিৰেনটো মোৰ ভি আঁচে, হিচাপ লগিয়াই কিনো কহি দিলো নহলে হজুৰ বৈয়া পাব ৷ ককাই বোলে স্মাৰ্ট বয় মোগেম্বো খুচ হোৱা৷ আৰু কি কি কৈছিল নাজানো মই গম পালো বুঢাই আজি মোক চোবাবলৈ আহিছে, স্বৰ্গত গৈ বুঢা বেয়া হল ৷ পুৰা বলিউড হিৰ' বনি গল ৷ চিনেমা হলত সোমোৱাৰ আগত ৱেচিচ বাৰত বহি যিকন দিছিলো আৰু নুৰিয়া বনাই যিকন মনিপুৰী ইন্টাৰভেলত দিছিলো চব ফাটি গল ৷ ককাৰ ভৰি হালত ধৰি বোলো মেৰে বাপ কা মৰে হুৱে বাপ মুঝে মাফ কৰ' ৷ কবলৈ হে পালো দিলে লাট মাৰি, খক মক কে উথি দেখো ককা গায়েব, কাঞ্চাৰ লুঙি মুৰৰ ওপৰত, মই তাৰ ভৰি পথানত৷..............তাৰ মানে ধোৱা পানী চিনেমা চব মিলি মোৰ মুৰত কেমিকেল লঔচা হ'ল আৰু ককাৰ তপলা মুৰটো মানে কাঞ্চাৰ,,,,,,,,,,,,,,,,,,,
Tuesday, 19 August 2014
কেমিকেল লঔচা ,,,দিমাগ কা দহি

Friday, 15 August 2014
Lines..not poem
প্ৰেমাস্পন্দিত তোমাৰ হৃদয়ৰ ভাজত
হেৰাই যাব দিয়া মোক মোৰ সৰ্বস্য অৰ্পন কৰা
তোমাৰ দুচকোৰ নিলিমাৰ আঁৰত৷
আজন্ম পথিক মই
বিছাৰি ফুৰিছো প্ৰীতিৰ সুধা ৷
দিয়া মাথো মোক জীৰনী লবলৈ
তোমাৰ প্ৰেমৰ জীপাল কোলা ৷ ৷ ৷
মোৰ কবিতাই যদি তোমাৰ হৃদয় স্পৰ্ষ কৰে
এতোপাল অশ্ৰু নিদৰে
কবিতাৰ শব্দ হৈ নিচুকাম
সুৰ হৈ সাবটিম তোমাক ৷ ৷
কিমান কঠিন তোমাৰ হৃদয় কোঠাৰ খিড়কি দুৱাৰ?
প্ৰাচীৰ ভাঙি বুকুৱেদি বোৱাই দিব পাৰো মই
আৱেগৰে প্ৰনয়ৰ প্ৰথম জোৱাৰ ৷ ৷
জীৱনটো বুজাই টান
গধুৰ বাস্তব
স্বপ্নৰ সন্ধান
আৰু যে কত কিমান
খাই যোৱা পিয়লাত বাকি
টোপাল টোপালকৈ
হাঁহি কান্দোন হৰ্ষ বিষাদ ৷
গাই যোৱা মৌনতাৰে
গুনগুনাই জীৱনত পোৱা নোপোৱাৰ গান
এতিয়া
উদং দেহাত মোৰ বহুতো আঘাট
বাগৰ সলালেই গৰজি উথ্থান যত
শূণ্য হৃদয়ৰ শব্দহীন বিলাপ ৷ ৷ ৷ ৷
:::::::চেয়াৰ্চ:::::::
::::::চেয়াৰ্চ:::::::
স্নেপ ১
বহু দিনৰ আগৰ কথা ।এখন জংঘলত এটা ব্যাধে গছ এজোপাৰ তলত ডাঙৰ কেৰাহী এটাত পানী অলপ উতলাই, সাউতকতে কিবা এটা চিকাৰ কৰি আনো বুলি বনত সোমাল ।কিন্তু দুৰ্ভাগ্য দিনটো বিছাৰিও কোনো এটা জন্তু চিকাৰ কৰিব নোৱাৰিলে। এই দৰেই সন্ধিয়া হ’ল । হঠাতে ব্যাধে পূৰনী বন্ধু এজন পালে ।সেইজন ব্যাধেও দিনটো চিকাৰ বিছাৰি পোৱা নাছিল ।দুয়ো বন্ধুৱে নিৰাশ হৈ হতাশ মনেৰে গছজোপাৰ ওচৰলৈ ঘুৰি আহিল ।
স্নেপ ২
ব্যাধে পানী উতলাই থৈ যোৱা কেৰাহীটোৰ ওপৰত থকা গছৰ ডালটোত এহাল মইনা চৰাই আছিল ।দুয়োৱে মৰমতে ধেমালী কৰি থাকোতে, এটা মইনা চৰাই তলৰ উতলি থকা গৰম পানীখিনিত পৰি গ’ল । ডালত থকা আনটো মইনা চৰাইয়ে ভাবিলে, মোৰ মৰমৰ বন্ধুটোৱেই মৰি গ’ল যেতিয়া মইনো জীয়াই থাকি কি কৰিম?এই বুলি আনটো চৰাইয়েও উতঁলা পানী খিনিত জঁপিয়াই দিলে ।
অলপ দুৰৈত গছৰ তলত ব হি মইনা চৰাই হালৰ ৰেহ ৰুপ চাই আপ্লুত হৈ থকা বাঘটোৱে ভাবিলে, বনৰ ৰজা হৈ মই যেতিয়া এই নিৰিহ চৰাই দুটাক বছাব নোৱাৰিলো, মইনো জীয়াই থাকি কি লাভ?এই বুলি বনৰ ৰজা বাঘেও উতঁলা পানী খিনিত জঁপিয়াই দিলে ।
কিছু দুৰৈত ৰৈ আছিল গাহৰী এটা । সি বোলে এই কথাই কথা নহয় । স্বয়ং বনৰ ৰজা যেতিয়া উতঁলা পানী জঁপিয়াই দিলে, মইনো জীয়াই থাকি কি লাভ?এই বুলি গাহৰীটোৱেও উতঁলা পানী খিনিত জঁপিয়াই দিলে
স্নেপ ৩
কিছু সময় পাছত দুয়ো ব্যাধ আহি গছজোপাৰ তল পালেহি । কিন্ত কেৰাহিটোৰ পৰা ওলায় থকা উত্তম গোন্ধ দেখি দুয়ো আচৰিতো হ’ল আৰু এবাৰ চেলেকি সোৱাদ লোৱাৰ লোভো সামৰিব নোৱাৰিলে ।
প্ৰথম বাৰ খাই কি হ’ই গ’ল জানো, দুয়ো বন্ধুৱে ক’বলৈ আৰম্ভ কৰিলে, “দোষ্ট তুমি মোৰ বেষ্ট ফ্ৰেইন্ড ।তোমাৰ কাৰনে মোৰ জান হাজিৰ হে” ।( মইনা চৰাইৰ এফেক্ট)
দ্বিতীয় বাৰ খাই বন্ধুৱে ক’ব ধৰিলে, “জান’ দোষ্ট কোনো মাইকা লালে মোৰ লগত চেলেঞ্জ কৰিব নোৱাৰে ।এবাৰ মোৰ গাঁত তই টাচ কৰি চা না বে ।আই এম দা কিংগ” (বনৰ ৰজাৰ এফেক্ট)
তৃতীয় বাৰ খাই বন্ধুৱে ক’লে “হাঁও ডেয়াৰ ইউ? তই ৫ মিনিট ইয়াত ৰ’ , আই এম কামিং, (এই দৰে মাটিত লুটুৰি পুটুৰি হৈ দুবাৰ মান পৰি দোষ্ট দুটা আতৰি গ’ল ।(গাহৰীৰ এফেক্ট)
চতুৰ্থবাৰ খাই বন্ধু “তই মোক বেয়া পালি ন’ ? তই মোক বেয়া পাইছ’ যদি কৈ দে ।তই বেয়া পাইছ’ মোক ? তই মোৰ নিছা লাগিছে বুলি ভাবিছ’ নেকি ? মোৰ কিন্ত নিছা লগা নাই, নিছাত কৈছো বুলি নাভাবিবি ( মিক্স এফেক্ট) ..............

কথা বা শব্দ কোৱা অভ্যাস
কিছুমান মানুহৰ কথাই প্ৰতি কিবা এটা কথা বা শব্দ কোৱা অভ্যাস । মোৰো আছে যেনে কিবা বুজাই থাকিলে "মানে মানে" শব্দটো বৰকৈ কঁও।মোৰ এজন বন্ধুৱে "আপোনাৰ আপোনাৰ" বুলি কৈ থাকে।আৰু এজন আছে তেঁও "ভাল হৈছে ভাল হৈছে " কয় । এবাৰ দুয়োজন বন্ধু লগ হ'ল, কথা পাতি আছে, পিছে কথা পাতি পাতি মাৰপিট লাগিলগৈ । কাৰনটো কি জানেনে?
প্ৰথম বন্ধু: বন্ধু, ভাল নে খবৰ?
দ্বিতীয় বন্ধু : আপোনাৰ ভাল নহয় বুজিছেনে?
প্ৰথম বন্ধু: ভাল হৈছে ভাল হৈছে । পিছে কিয় বেয়া?
দ্বিতীয় বন্ধু : দুমাহ আগত মানে আপোনাৰ দেউতা ধুকাল ।
প্ৰথম বন্ধু: অহ বৰ দুখৰ কথা। ভাল হৈছে ভাল হৈছে ।বাকি ভাল নে?
দ্বিতীয় বন্ধু : বাকি কি কম আপোনাৰ, সকলো বেয়াই চলি আছে দেখোন? আপোনাৰ মাইকিজনীৰ লগতো মোৰ কাজিয়া লাগি থাকে । আপোনাৰ কালি অফিছ যোৱাৰ পিছত মোলৈ মানে আপোনাৰ মাইকিজনীয়ে ফোন কৰিলে , বোলে আহোতে আমাৰ ল'ৰাটোলে হাগিছ এটা লৈ আনিবা ।মই পাহৰি গ'লো, তাৰপিছত বুজিছেনে আপোনাৰ মাইকীজনীয়ে মোক ইমান গালি দিলে ,ইমান গালি দিলে ...
প্ৰথম বন্ধু: ভাল হৈছে ভাল হৈছে ।
দ্বিতীয় বন্ধু : চালা ইমান বেয়া হৈ আছে আপোনাৰ , ভাল হৈছে ভাল হৈছে ক'বলৈ আহিছ? লাজ নাই তোৰ ? ছালা, দেউতা ধুকাল , আপোনাৰ মাইকীয়ে মোক গালি দিলে, তাৰ পিছতো ভাল হৈছে ভাল হৈছে ক'বলৈ আহিছে কটা নিধক......

গোপিনী কীৰ্তন (ৰস ৰছনা)
গোপিনী কীৰ্তন (ৰস ৰছনা)
প্ৰতি বৃহস্পতি বাৰে আমাৰ নামঘৰত গোপিনী সকলে নাম ধৰে । এই বাৰ তেঁওলোকে বোলে আমাকো মাইক্ৰফোনৰ ব্যৱস্হা কৰি দিব লাগিব । কথা মতে কাম । দুটা মাইক্ৰফোন আনি লগাই দিয়া হ’ল । পিছে দুৰ্ভাগ্য নামতিৰ কাষৰ মাইক্ৰফোনটোৰ বাদেও যে আৰু এটা মাইক্ৰফোন একেবাৰে শেষৰ ফালে কঠ খিনিৰ কাষত থৈ দিয়া আছিল, যিটোৰ হৰ্ণটো বাজে আমাৰ ক্লাব ঘৰত। শেষৰ শাৰীত বহা গোপিনী কেইগৰাকীয়ে গম নাপালে , ফল স্বৰুপে, আমি গোপীনি কিৰ্তনৰ আটাইতকৈ ৰস লগা নাম খিনি উপভোগ কৰাৰ সৌভাগ্য ঘটিল ।
(নামৰ মাজে মাজে কলিতানি আৰু শইকীয়ানীৰ কথোপকথন দেখহ শুনহ আৰু মনে মনে ফিল কৰাহঁক)
নাম : মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি ।হৰি হৰ লীলা শুনা কৰ্ণভৰি ।।
পদ : পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে । কহো কৃষ্ণ কথা শুনা পৰম উৎসুকে ।।
বৰুৱানি আজি নাহিল যে ?এহ ন’কব, চেইন পৰিল, আজি বোলে তিনিদিন, নাম সামৰনিলৈ আজৰি হ’ব।
বিপৰীত স্ত্ৰী মায়া দেখি মাধৱৰ । শুনা যেন কামাতুৰ ভৈলা হৰ ।।
অৰ্থাৎ নাৰায়নৰ মোহিনী ৰুপ দেখি আমাৰ সদাশিৱৰ অলপ হেৰি উঠিল
এহ মোহিনী ৰুপ নালাগে আমাৰ মাইকী মানুহ এজনীয়ে যদি মিচিক কৈ হাঁহি মাৰি দিয়ে কিমান সদাশিৱ বেহুচ হৈ যাব ।আমাৰজনৰ কথা টো ক’বই নালাগে্
হা হা তেনে আগবাঢিছো দেই কৃষ্ণ
শুনিলন্ত হৰে পাছে কথা বিপৰি্ত ।
তেৰে মস্ত মস্ত দো নেইন, মেৰে লে গয়া দিল কে চেন।
কাৰ ম’ৱাইল বাজিছে, এই হৰি নাম লোৱা সময়কনো চাইলেন্ট কৰি থব নোৱাৰেনে ? কৃষ্ণ প্ৰভু , ক‘ত আছিলো আমি ? অ’ পাইছো পাইছো
শুনিলন্ত হৰে পাছে কথা বিপৰি্ত । স্ত্ৰী ৰুপ ধৰি হৰি হৰিলা অমৃত ।।
অ কলিতানি আমাৰ হালৈৰ জিয়েকৰ কথা গ’ম পাইছেনে নাই?
দেৱক ভুঞ্জাইলা দানৱৰ আশা ভঙ্গ ।
শুনি ত্ৰিনয়নৰ মনত মহা ৰঙ্গ ।।
এহ মই আপোনাক নামঘৰলে আহিলে সুধিম সুধিম ভাবিহে আছিলো ।
ভৃত্য হেন জানি যদি মোক আছে দায়া ।
দেখায়ো আমাক কেনমত তিৰী মায়া ।।
এহ সেই যে সিহঁতৰ ঘৰত আহি থাকে ল’ৰাটো ।
মহা যোগবলে শুদ্ধ কৰি আছো কায়া । ব্ৰক্ষ্মময় দেখো কি কৰিব পাৰৈ মায়া ।।
অৰ্থাৎ শিৱবাবাই ক‘লে যে যোগ কৰি, মানে এই যে ৰামদেৱে কৰে , হয় হয় সেই তেনেকে যোগ কৰি মদনক কন্ট্ৰল কৰি আছো গতিকে চিন্তা নাই ।
দহি আছো মদনক আৰু শঙ্কা নাই । মাধৱে মাতিলা হাসি শংকৰক চাই ।।
ইহ, হালৈৰ ছোৱালীক চিনি পোৱা নাছিলটো সি বেটাই ।তাই তালৈ বিয়া হ’ম হ’ম বুলি সেই গুৱাহাটিৰ ফালৰ এটালৈ পলাই গল ন’হয় ।
দেখাইবো তোক্ষ্মাক আজি সেহি তিৰিৱেশ ।
আজি কেৱল প্ৰসাদেইনে, নে চাহৰ ব্যবস্হা কৰিছে ? অন্য কথা নাই নাম লোৱাৰ পিছত ডিঙিটো তিয়াবলৈ চাহ অকন হ’লে ভাল হয় আৰু নে কি কয়?
এহি বুলি অন্তৰ্ধ্যান ভৈলা হৃষীকেশ ।
শাৰীখনৰ পাৰীটো কিন্তু ভাল লাগিছে দেই, জীতৰ দোকানৰ পৰা লোৱা ন’ ?
নহয়, এঁও আমাৰ দিছে, সিদিনাখন আমাৰ হেৰি মানে এনিভাচাৰি আছিল যে
সবে যোগ ধ্যান গৈল’ কন্যাক মাতিবেক লৈল’
প্ৰানেশ্বৰী চাপ মোৰ পাশ ।
ফুকননী হঁতে ঘৰত হেৰি বহালে নহয়।
কি?
এহ ৰব’ নামটোকে নাহে, এই ডিম্বেশ্বৰৰ সৰু ল’ৰাটোৰ নাম কি আছিল?
কুমুদ
অ’ অ’ হেৰি বাথৰুমতে কুমুদ বহাই লৈছে, হঁওক তেঁও,ৰাম ৰাম ৰাম ঔৱা হৰি ঔৱা ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

ডেম পেহা, চীনা যুদ্ধ আৰু আন বহুতো ( ৰস ৰচনা,,,,খন্ড ১)

ডেম পেহা, আমাৰ শৈশৱকালৰ পাহৰিব নোৱাৰা চৰিত্ৰৰ ভিতৰত এজন । ডেম পেহাৰ লগত যদিও তেজমঙহৰ সম্বন্ধ নাই তথাপি আমাৰ গাঁওৰ ঘৰখনৰ লগত তেঁওৰ এটা সুকীয়া সম্বন্ধ আছিল ।ডেম পেহাৰ এটা চকু নাই, তাত পাথৰৰ চকু এটা লগোৱা আছিল ।ভালে থকা চকুটো লৰ চৰ কৰে যদিও পাথৰৰ চকুটো টেলেকা হৈ থাকে যাৰ বাবে সৰুটে বৰ ভয় খাইছিলো ।পিন্ধনত গৰমৰ দিনত খাকি ৰঙৰ বহল হাফ পেন্ট আৰু বাহুলৈকে পৰা গেঞ্জি আৰু ঠান্ডা দিনত খাকি লং পেন্ট আৰু খাকি ৰঙৰ চুৱেটাৰ ।আমি পুলিচ বুলিয়ে ভাবিছিলো আৰু মাহঁতেও আমাক তেনেদৰেই কৈছিল ।ডাঙৰ হৈহে গম পাইছিলো তেঁও আচলতে মিলিটেৰিত কাম কৰা মানুহ এজনৰ ঘৰৰ ভাত ৰান্ধনি আছিল আৰু আমাৰ ককা হঁতৰ ঘৰতো ইটো সিটো কামত সহায় কৰি দিছিল ।আটাইতকৈ ডাঙৰ ভয় লগা বিষয়টো আছিল তেঁওৰ মোচ কোছা । মোচৰে মানুহ বান্ধি নিয়ে বুলি এটা প্ৰবাদো শুনিছিলো ।ডিম্বেশ্বৰৰ পৰা ডেম পেহা নাম পোৱাৰ আৰৰ কাহিনিটোৱো আছিল তেঁওৰ মোচকোছা, কাৰন সেই সময়ত তেনে মোচ থকা আন চৰিত্ৰটো আছিল শিশু আলোচনী সফুঁৰাৰ ডেম পেহা ।দুয়োটা চৰিত্রই আমাৰ প্ৰিয় আছিল। যি কি নহওক সৰুতে মাহঁতে ভয় খুৱাবলৈ হ’লে ডেম পেহাক কৈ দিম বুলি কৈ দিলেই সুৰ সুৰকৈ ভাত খোৱাৰ পৰা, গা ধুৱা সকলো কাম নিয়াৰিকৈ কৰি পেলাইছিলো ।অলপ যেতিয়া ডাঙৰ হ’লো তেঁওলৈ ভয়টো কমিল আৰু আমি তেওঁক এটা খুহুটিয়া চৰিত্ৰ বুলিহে ভাবিব ধৰিলো ।
সৰুতে মাঘৰ বিহুত বিহু ঘৰ সাজি আমি যথেষ্ট উৎপাত কৰিছিলো । পথাৰৰ মাজত সজা বিহু ঘৰত কি কৰিছো তাৰ তদাৰক কৰিবলৈ দেউতাহঁতে ডেম পেহাক নিয়োগ কৰিছিল । ভোজ ভাত খোৱাৰ পিছত বয়সীয়াল লোক সকল ঘৰা ঘৰি যোৱাৰ পিছত অৰ্থাৎ মাঘৰ বিহুৰ আটাইতকৈ আমোদজনক চুৰি কাৰ্য্যবোৰ আৰম্ভ কৰাৰ আগত খাকি লং পেন্ট, খাকি ৰঙৰ চুৱেটাৰ এড়ি চাদৰ, হাতত তিনি বেটাৰী টৰ্চ, মুখত ইংৰাজী দৰব বিধৰ মিলমিলিয়া গোন্ধ আৰু টেলেকা চকুটোৰ সৈতে ডেম পেহা আমাৰ বিহু ঘৰত আহি উপস্হিত হয় ।আৰম্ভ হয় তেঁওৰ যৌৱন কালৰ বিৰত্বৰ মনে সজা কাহিনী ।কাহিনিবোৰ সৰুটে সঁচা যেন লাগিছিল যদিও ডাঙৰহৈ অহাৰ লগে লগে বুজি উথিছিলো ।
বিহু ঘৰত দুই এটাই ঘৰৰ পৰা পিঠা আনো বুলি ডেম পেহাক ফাঁকি দি আৰ তাৰ ঘৰৰ দুই এডাল জেউৰা মাজে মাজে সৰকাই আনে, সৰু চাম ব্যস্তহৈ থাকে ডেম পেহাক কথাৰ জালত বান্ধি ৰাখিবলৈ যাতে পিছদিনা গৃহস্হ সকলে কম্পপ্লেইন কৰিলে ডেম পেহাই কব পাৰে যে আমাৰ বিহুঘৰৰ ল’ৰাই চুৰ কৰা নাই কাৰন মোৰ লগতে আছিল ।যি কি নহওক ডেম পেহাৰ আটাইতকৈ ৰসাল কাহানিটো হ’ল চীনা যুদ্ধৰ কাহিনি, যিটো প্ৰতি বছৰ বিহুত আমি শুনিমেই ।কাহিনিটো কবলৈ বহুত কাকুতি মিনতি কৰাৰ পিছত পেহাই এই দৰে আৰম্ভ কৰে ।
“ নাইন্টিন চিক্সটি টু, মই তেতিয়া ইন্দিয়ান আৰ্মিৰ চিখ ৰেজিমেন্টত টেঙ্কৰ ড্ৰাইভাৰ ।
আমাৰ প্ৰশ্ন: “পেহা চিখ ৰেজিমেন্টত বোলে পাঞ্জাৱী মানুহ হে থাকে ?
পেহাই বোলে তঁহতে মোক ডেকা কালত দেখা নাছিলোটো ।মোৰ যি দাড়ি আছিল ভাল ভাল পাঞ্জাৱীৰ মুখটো মই আজিও দেখা নাই ।চুলিও একদম বাহুলৈকে পৰা ।মিলিটেৰি ট্ৰেইনিং মাৰি থকাৰ সময়ত মোৰ কামান্ডাৰে ক’লে “ডিম্বেশ্বৰ তুমক’ দেখটা টো পুৰা পাঞ্জাৱী হায়, তুমক’ হাম চিখ ৰেজিমেন্ট দিয়া” বুজিলি সেই তেতিয়াৰ পৰাই মই চিখ ৰেজিমেন্টত ।
আমাৰ প্ৰশ্ন: কিন্তু পেহা আমিতো সৰুৰে পৰা তোমাক গাঁওতে দেখি আছো, মিলিটেৰিত কেতিয়া আছিলা ?
পেহাৰ উত্তৰ : মই যেতিয়া মিলিটেৰিত আছিলো তই কি তোৰ বাপেৰো জন্ম হোৱা নাছিল, আজি তোৰ ককাৰ জীয়াই থকা হ’লে ক’লে হয় এই ডিম্বেশ্বৰে টেংকলৈ গাঁওলৈ অহা কথা ।যি কি নহওঁক মোৰ তেতিয়া পষ্টিং কাশ্মিৰত, বিহুৰ ছুটিলৈ ঘৰত আছো ।মানিক মহলদাৰৰ ঘৰত তেতিয়া এটা ডাঙৰ মাৰ্ফি ৰেডিঅ’ৰ বাকচ আছিল, মহলদাৰে বাতৰি দিয়াৰ সময়ত মাইকত লগাই গোটেই গাঁওক শুনাই । শুনিলো চীনাই অসম আক্ৰমন কৰিছে ।মোৰ তেজ গৰম হৈ গ’ল, ৰাতিয়েই চহৰত গৈ হেডকোৱাটাৰ পালো, ইফালে লক্ষিন্দৰ বোলা চাপ্রাচিটো দৌৰি আহিছে টেলিগ্ৰাম এখন লৈ ।বৰ চাহাবে দিছে যে “ইয়ৰ ছুটি কেনচেল, কাশ্মিৰ কেনচেল, ফাইট ইন আচাম” ।
লগত লগত হেডকোৱাটাৰৰ পৰা টেংক এখন লৈ ১০ টা মান মিলিটেৰি লগত লৈ বালিপাৰা হৈ তোৰ বমডিলা পাই গ’লো ।ইফালে চীনা আহি বমডিলাত বম দিছে ।
আমাৰ প্ৰশ্ন: সেই কাৰনে নাম বমডিলা নেকি বাৰু পেহা?
পেহাৰ উত্তৰ : নহয় কি? বিশ্ব যুদ্ধৰ সময়ত ৰাচিয়াৰ ৰজা হিটলাৰে আমাৰ নাগালেন্ডত বম দিয়া বাবে এটুকুৰ জেগাৰ নাম নাগাচাকি হ’ল আৰু চীনাই বম দিয়াৰ বাবে বমডিলা (বি দ্ৰ: ভাগ্য ভাল ডেম পেহাৰ এই বোৰ কথা কোনো বুৰঞ্জী বা ভূগোলৰ শিক্ষকে শুনা নাছিল, শুনি আছিলো আমি ভো ভো পণ্ডিত কেইটাইহে) ।
মইও টেংকৰে গুলীয়াই আছো থাই থাই থাই, সিহঁতেও আমাক গুলিয়াই আছে ।
(সৰু পোৱালী কেইটা ভয়ত পেহাৰ আৰু কাষ চাপি গ’ল ।তাৰে এটাই বেচি জনাতো হৈ ক’লে বোলে জান’ পেহাৰ যে চকুটো এই খন যুদ্ধতে গুলি লাগি ফুটিছিল, ন’ পেহা ?একদম গুলী চকুৱেদি সোমাই পিচফালে ওলাই গুছি গৈছিল । আন এটাই বোলে ধ্যেৎ তই বেছি জান’ সেইখন মানৰ যুদ্ধহে আছিল ।এটাই বোলে মানৰ যুদ্ধ নাইন্টিন ফৰ্টি টুত হে হৈছিল, আন এটাই বোলে ধ্যেৎ নাইন্টিন ফৰ্টি টুত ভাৰতৰ স্বাধিনতা আন্দোলনহে, নাইন্টিন চেভেনটি টুত পাকিস্হান আৰু ভাৰতৰ যুদ্ধতহে পেহাৰ চকু ফুটিছিল । পেহাও কনফিউজড হৈ গ’ল, কাক বা কোনখন যুদ্ধ ক’লো , তথাপি কথাটো তাতে ব্ৰেক মাৰি পেহাই বোলে কোনোবা এটা টু আছিল পাহৰিলো ৰ' তাৰ পিছত কি হ'ল শুন । এটা গুলী আহি আমাৰ টেংকৰ ড্ৰাইভাৰ কৰম সিং বোলাটোৰ গাত যেই লাগিল মোৰ তোৰ খঙে চুলিৰ আগ পালেগৈ, টেংকৰ পৰা নামি দুই নলীয়া বন্দুকটোলৈ গ’লো খেদি ।সোপাকে পলাল, তাৰে এটাক ধৰিলো পিছ ফালৰ পৰা চোলাত খামুচি ।সি বোলে হামাক চোৰ দ’ , হামাক চোৰ দ’ ।
মই বোলো বেটা তোক বেটা চৰি দিব লাগে, দিলো কানতলিয়া চৰ দুটা ।
আমাৰ প্ৰশ্ন: পেহা পেহা চীনা মানুহে চীনা ভাষাথে কথা পাতে, তোমাৰ লগত হিন্দীত কথা কেনেকৈ পাতিলে?
পেহাৰ উত্তৰ :ৰ’ চোন মাজত মাতি নাথাক,মই এতিয়া মানুহটো তঁহতৰ ডেম পেহা নহয়, নাইন্টিন চিক্সটি টুৰ জোৱান ডিম্বেশ্বৰ কলিতা, যুদ্ধ কৰি থকাৰ সময়ত দিগদাৰ নকৰ । অ ৰ’ ক’ত আছিলো, অ’ চৰটো মাৰি টেটুটোত চেপিব লৈছো আৰু, তাৰ মুখ খন দেখিটো মোৰ বেয়া লাগি গ’ল, একদম আমাৰ গাঁওৰ ইন্দ্ৰেশ্বৰৰ সৰু ল’ৰা বোধেনৰ লগত সাইলাখ একে । এতিয়া বোধেনক মই কোচতলৈ ডাঙৰ কৰা, তাৰ নিচিনা একে চেহেৰাৰ ল’ৰাটোকনো মাৰো কি দৰে ? আৰু তই যে অথনি সুধিছিলি চীনাই হীন্দী কেনেকৈ কয়? তই অসমৰ বাহিৰত গ’লে অসমীয়া কবি নে হিন্দী কবি? চীনা বোৰেও ভাৰতলৈ অহাৰ আগত হিন্দী শিকি লৈছিল, বুজিলি গৰু ।অ’ তাৰ পাছত তাক মৰমতে মনে মনে আমাৰ কেম্পলৈ লৈ আহিলো । মোৰ কাপোৰজোৰ পিন্ধাই দি ক’লো এতিয়া তোক মাৰিব নালাগে যদি আমাক ইনফৰমেশ্চন দে ।সি দিয়া ইনফৰমেশ্চন মতে আমি বহুত চীনা মাৰিলো ।ভাৰত জিকিল আমি আকৌ ছুটিত আহিলো । আহিবৰ সময়ত সি বোলে দাদা মইও আপোনাৰ ঘৰ যাম ।লৈ আনিলো তাক, প্ৰায় দুবছৰ মান ইন্দ্ৰেশ্বৰ কাইটিৰ ঘৰত হালোৱা হৈ থাকিল ।পিছত মোৰো বেয়া লাগিল, হাজাৰ হঁওক সিও এখন দেশৰ সৈনিক, তাৰ গাত নো কি দোষ? সিও এদিন মোক ক’লে বোলে ককাইদেউ ঘৰলৈ বৰ মনত পৰিছে, মই বোলো যা গৈ যা, টকা পইছা অলপ দি অৰুনাচল পাহাৰহৈ পথিয়াই দিলো। (আচলতে ডেম পেহাই যি জন মিলিটেৰিৰ ঘৰত আছিল, তেঁওলোকৰ মুখত শুনা কথাবোৰেই আমাক ইফাল সিফালকৈ মিলাই একোটা কাহানি কৰি শুনাইছিল ।ডেম পেহাৰ গাজা আৰু আছে , আজিলৈ ইমানেই, ক্ৰমশ)

তোমাৰ দুচকুৰ বাবে.......
তুমি দৃষ্টি নিক্ষেপ নকৰিবা মোলৈ
মেৰ দৃষ্টি নিবন্ধ হব
তোমাৰ দুচকোৰ গভীৰতাৰ জোখ লবলৈ কাহানিও বিছৰা নাই মই
কাৰন মই জানো ডুবি যাম ৷
তোমাৰ দুচকুৰ মাদকতাক পিয়লাত বাকি
নিচা লগাবলৈও বিছৰা নাই
কাৰন মই জানো সেই ৰাগীত মই হেৰুৱাম নিজকে৷
কিন্তু
মোৰ দৃষ্টিত ধৰা পৰা নাছিল এনে এক দৃষ্টি
যাক দেখিলেই কথাও কবিতা হৈ বয়
তোমাৰ চকুযুৰিয়ে তাকে কয়
লিখিবলৈ হাজাৰটা কবিতা তোমাৰ নামত ৷
সেয়ে আতৰাই ৰাখিবা তোমাৰ দুচকু মোৰ দুচকুৰ পৰা ৷
নহলে মই শিথিল হৈ পৰিম
আৰু ইচ্ছা কৰিম
ডুবিবলৈ
মাদকতা লবলৈ
আৰু লিখিবলৈ
হাজাৰটা কবিতা তোমাৰ নামত
আজিৰ দৰে তোমাৰ দুচকুৰ বাবে

শীতৰ শেতা জোনাকৰ আভা সানি.....
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি কটাম এটা দীঘল ৰাতি
তুমি আৰু মই, মই আৰু তুমি ৷
মৌনতাৰে পাতিম
নোকোৱাকে বুজি উথা
হৃদয়ৰ গোপন কোনত
অত দিনে সাঁচি ৰখা
অভিমানী মনৰ বেথা
ইটো সিতো বহুতো কথা ৷
মোৰ বুকুত মুৰথৈ তুমি
তোমাক দুবাহুৰে বুকুত সাৱটি
আঙুলী বুলাম তোমাৰ অবাধ্য চুলিত
আকুলতা ভৰা হিয়াৰ মৰম
জোনাকী মায়াত জোৱাৰৰ দৰে উথিব উথলি
মিলি যাম আমি
তুমি আৰু মই
মই আৰু তুমি
ঘন কুঁৱলীৰ আৱৰন খুলি
জোন আৰু জোনাকৰ দৰে
আকাশৰ নীলা চাদৰ উৰি বালিচৰৰ বিশাল পাটিত
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি সেই দীঘল ৰাতি ৷
বালিচৰত বহি কটাম এটা দীঘল ৰাতি
তুমি আৰু মই, মই আৰু তুমি ৷
মৌনতাৰে পাতিম
নোকোৱাকে বুজি উথা
হৃদয়ৰ গোপন কোনত
অত দিনে সাঁচি ৰখা
অভিমানী মনৰ বেথা
ইটো সিতো বহুতো কথা ৷
মোৰ বুকুত মুৰথৈ তুমি
তোমাক দুবাহুৰে বুকুত সাৱটি
আঙুলী বুলাম তোমাৰ অবাধ্য চুলিত
আকুলতা ভৰা হিয়াৰ মৰম
জোনাকী মায়াত জোৱাৰৰ দৰে উথিব উথলি
মিলি যাম আমি
তুমি আৰু মই
মই আৰু তুমি
ঘন কুঁৱলীৰ আৱৰন খুলি
জোন আৰু জোনাকৰ দৰে
আকাশৰ নীলা চাদৰ উৰি বালিচৰৰ বিশাল পাটিত
শীতৰ শেতা জোনাকৰ আভা সানি
বালিচৰত বহি সেই দীঘল ৰাতি ৷
বেবেৰিবাংৰ স্বাধীনতা
15 আগষ্ট বুলিলে চৰকাৰী, বেচৰকাৰী বা বিভিন্ন দল সংগঠন সমুহে ঘোষনা কৰা বন্ধৰ দিন বুলিয়েই জানো ৷ পুৱাই টিভি নামৰ মুৰ্খৰ বাকছটো খুলি দি পতাকা উত্তোলনৰ কাৰ্য্যসূচী চাই ডাঙৰ ডাঙৰ নেতা সমুহৰ ব্যক্তিগত সচিব সমুহে প্ৰস্তুত কৰা আৰু নেতা পালি নেতা সমুহৰ দ্বাৰা পৰিবেশন কৰা ভাষন নামৰ অখাদ্য সমুহ কানেৰেগুজি দুপৰীয়া দেশপ্ৰেম মুলক চিনেমা এখন উপভোগ কৰো ৷ চিনেমাখনত দুচমন সদায় চুবুৰীয়া দেশ পাকিস্থানৰ হয় আৰু আমাৰ দেশৰ জোৱানে ছহিদ বৰন কৰিও দেশক উদ্ধাৰ কৰে ৷ মনতো গৰ্বিত হয় আৰু কেতিয়াবাটো সৈনিক হৈ গোটেই দুচমন দেশখনকে যেন গুলিয়াই ফুটা চালনী বনাই দিম তেনেকুৱা লাগে ৷ আকৌ৷ পিছ মুহুৰ্ততে ভাবো গান্ধীজীয়ে বেয়া পাব ৷ পালেও পাওক আজি কালি তেঁওক " জানতে টো চব হে পৰ মানতে কিতনে হে? "
গান্ধী এতিয়া ক'লা ধন হিচাপে চুইচ বেংকৰ কোনোবা কুঠৰীত বন্ধ ৷ বিলাটি বস্তু বিসৰ্জন মদ বিসৰ্জন কৰিব দিয়া গান্ধীজীক তেঁওৰ হাঁহি থকা ফটো সন্নিবিসিষ্ট টকাৰে বিলাটি সুৰা কিনাত ব্যস্ত দেশৰ জনগন ৷ গান্ধীজীয়ে ভাৰতলৈ ব্যবসায় কৰিবলৈ অহা এটা ব্ৰিটিচ কোম্পানীয়ে দেশখন নিজৰ অধীন কৰি লোৱা দেখি আৰু সাধাৰন জনগনৰ নিজৰ অধিকাৰ খিনি কাঢি নিয়া দেখি আন্দোলন কৰিছিল ৷ কিন্তু তেনেকুৱা হাজাৰটা বিদেশীকোম্পানীয়ে দেখোন স্বাধীনতাৰ পিছতো আমাক লুটি পুটি খাই আছে আৰু দেশৰ চৰকাৰো তেনে কোম্পানীৰ মতে দেশ চলাই আছে ৷ তাতকৈ ডাঙৰ কথা আমি দেখোন দেশৰ টকা স্কলাৰচিপ হিচাপে লৈ পঢিশুনি আকৌ তেনে কোম্পানীত গোলাম হব ইচ্ছা কৰো ৷ গতিকে আচলতে দুচমন কোন? চুবুৰীয়া দেশখনক সদায় দুচমন সজাই কি লাভ? নে ইয়াতো বগা চালৰ কিবা চাল আছে?
বাৰু সেইবোৰ বাদ দিলো, 15 আগষ্ট মানে মই জানো এই তাৰিখৰ দহ দিন মান আগৰ পৰা আপুনী বাইক চলাওতে হেলমেট পৰিধান কৰিব, লাইচেঞ্চ লগত লৈ ফুৰিব আৰু পলিউচন, ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট আদি টোপোলা এটাত বান্ধি দিঙিত ওলমাই লৈ ফুৰিব ৷ নহলে কোন সময়ত আপোনাৰ মানিবেগ পাতলহৈ যাব আপুনি টলকিবই নোৱাৰিব ৷
কৰবাত ফুৰিব যাব? টোপোলা টাপলী বেছি নিনিবি ৷ কেইদিনমান আগতে বলবম শেষ হৈছে যদিও ," ব'ল' বম কাহাহে " বুলি আপোনাক টোপোলা খুলাই চেকিং কৰিব পাৰে ৷ বাছত যাম বুলি মুঠেও নাভাবিব ৷ ফুল বডি ইঞ্চুৰেঞ্ছ আছে যদি বাৰু কথা নাই ৷ অ আৰু এটা কথা আপুনি যদি ৰাজপথত ড্ৰাইভিং শিকিব মন কৰিছে আজিৰ দিনতটোতকৈ ভাল দিন আৰু উদং ৰাজপথ আপুনি নাপাব ৷
স্বাধীনতাৰ মজা লওঁক ৷
বিশেষ দ্ৰষ্টব্য এইযে স্বাধীনতা বুলি কিবা এটাযে বস্তু আছে বিবাহিত সকলেযেন ভুলতেও নাভাবে ৷ কাৰন বিবাহ নামৰ জাকজমকীয়া অনুষ্ঠান পাতি সেই দিনাই আপুনি ৰাজহুৱা ভাবে স্বাধীনতাক ত্যাগ কৰিলো বুলি ঘোষনা কৰি থৈছে ৷ তথাপিও যদি এই দিনটোত আপুনাৰ বৰকৈ স্বাধীনতাৰ সোৱাদ লব মন কৰিছে শ্ৰীমতিৰ পৰা বিশেষ জৰুৰিকালিন পাৰমিচন লৈ লগৰ কেইজনমানৰ লগত ঘৰৰ চাদত বহি তিন পাত্তি, জ্বলা চানা আৰু আগতিয়াকৈ যোগাৰ কৰি থোৱা পানীয়কনৰ সোৱাদ লব পাৰে ৷ আগতিয়াকৈ আনি থোৱা নাই যদি এতিয়া গৈ লৈ আনক ৷ ড্ৰাই ডে? ধ্যেৎ আনদিনা কেবল সুৰাৰ দোকানত সুৰা পায় আৰু ড্ৰাই ডেত সকলোতে পাই, আনকি গেলামালৰ দোকানতো ৷
পিছে ফুৰ্টি পানিকন ডিঙিত পেলাই পত্নীৰ ওচৰত বৰমতা নোলাব আজিও আগৰ দৰে মেঁও হৈয়ে থাকিব নহলে কোন সময়ত আপোনাৰ পত্নীৰ গোঁসানী লম্ভিব আৰু আপোনাৰ স্বাধীনতা গছত উথিব আপুনি তলকিবই নোৱাৰিব ৷ গতিকে সাৱধান ৷ পিচত অমুকাক নুদুষিব ৷
আপুনি ভাবিছে এই দিনতো মই কেনেকৈ উদয্যাপন কৰো ৷ হে হে মোৰ নো আৰু কি, দেশৰ
নাগৰিক হিচাপে দেশৰ বাবে যি কৰিব লাগে ফেচবুকতে কৰো আৰু হে হে হে নে কি কয়?
Thursday, 14 August 2014
অনলাইন ফেকবুক ৰিটাৰনচ্
অনলাইন ফেকবুক ৰিটাৰনচ্
দেবুদাৰ দুই নম্বৰ সম্পত্তি জুৰিয়ে মেট্ৰিকত কম্পিউতাৰ পোৱাৰে পৰা বৌক কোনে পাই ৷ আগৰ কেবল দেবুদাই হে ফেচবুক কৰিছিল এতিয়া বৌয়েও নিজৰ লেপটপত কৰিবপৰা হ'ল ৷ দেবুদাই অফিছৰ পৰা আহি তিতা দাহে পি চিৰ সন্মুখত বহে আৰু বৌয়ে দেবুদা অফিছত যোৱাৰ পাছত ৷ তাতোকৈ ডাঙৰ কথা দুয়োৰে ফেচবুক একাউন্ট এটাই আছিল অৰ্থাৎ দেবুদাৰ ভাষাত জইন্ট একাউন্ট ৷ গিৰীয়েক ঘৈণীয়েকৰ মাজতনো কি চিক্ৰেট পাচৱৰ্ডৰ কথা থাকে হে?
দিন পাৰ হ'ল, বন্ধুত্বৰ সংখ্যা বাঢিল ৷ মনে মিলা বন্ধু পাবলৈ ধৰিলে ৷ লাহে লাহে টিভিত নিজৰ ভাল লগা প্ৰগেমৰ কাৰনে ৰিম'টক লৈ টনা আজোৰা কৰ দেবুদা হতে এতিয়া পিচি আৰু ফেচবুক লৈ যুদ্ধ কৰা আৰম্ভ কৰিলে ৷ একাউন্ট বেলেগ হ'ল, পাচৱৰ্ড চেঞ্জ হ'ল আৰু লগতে প্ৰফাইল পিকচাৰ ৷
এতিয়াটো পি চি ও দুটা হ'ল ৷ এতিয়া চৰু দুটা হবলৈহে বাকী আছেগৈ ৷ হাজাৰ হঁওক প্ৰাইভেছি বুলি বস্তু এটা আছেটো ৷
আগতে বৌয়ে দিনত এড কৰা ফ্ৰেন্ডবোৰক লাহে লাহে নিজৰ একাউন্টলৈ নিমন্ত্ৰন কৰা আৰম্ভ কৰিলে ৷ বিসম্বাদী শিৱিৰৰ বা হাতি পাৰ্টিৰ পৰা এজন এজনকৈ ফালৰি কটাৰ দৰে বহুতে দেবুদাৰ একাউন্ট ত্যাগ কৰিব ধৰিলে ৷ দেবুদাৰ কিন্তু ভুক্ষেপ নাই, হাজাৰ গোপীৰ মাজত যি কেইগৰাকী ৰাধা বাচি লৈছে তেওঁলোকৰ লগতে মেচেজ মেচেজ লীলা কৰি থাকে ৷ বৌৰ কথাতো পিছে সুকীয়া, যি কেইজনে তেওঁৰ ফটো বা ষ্টেটাছত লাইক কমেন্ট মাৰে তেওঁলোক বৌৰ ফেভেৰেট ৷ আচলতে এই ফেচবুক ৰাজ্যত প্ৰবেশ কৰাৰ পিছত হে গম পাইছে যে পৃথিৱীত সচাঁকৈয়ে ৰোমান্টিক, মনৰ কথা বুজি পোৱা, মৰম দিব পৰা মানুহ আছে ৷ দেবুদালৈ বিয়া হৈ অহাৰ পিছত পুৰুষ সকলৰ প্ৰতি যি এক বিৰাগ জন্মিছিল ফেচবুকে নোহোৱা কৰি পেলালে ৷ সচাঁকৈয়ে বৌহঁত পঢি থকা দিনত এই ফেচবুক ওলোৱা হ'লে যে বৌ দেবুদালৈ বিয়া নহৈ ফেচবুকৰ পি পি কলিতাৰ দৰে এফ বি ফ্ৰেন্ড এজনৰ লগতেই যে বিয়া হ'ল হেতেন খাটাং ৷ আজিকালি সেয়ে জীয়েক জোনমনিয়ে ফেচবুক কৰি থাকিলেও বৌয়ে গালি নাপাৰে, বোলে মোৰ জীৱনটো গ'লেই তাইয়ে ফেচবুকৰ পৰা ভাল এটা বাচি লঁওক ৷ আৰু দেবুদাই গালি দিলে ওলোটা ফেপেৰিহে পাতি আহে বোলে " ফেচবুকত প্ৰেম কৰিছে কৰক, কথাহে পাতিছে আপোনাাৰ দৰেতো মোক ভালপোৱাৰ নামত ফুটগধুলীতে মোৰ ঘৰলৈ আহি দাদা মা নোহোৱাৰ সুযোগলৈ হাতে পাতে চুই থকা নাই, ৰাতি বাচন ধুবলৈ যাওতে কচুৱনীৰ মাজত লুকাই চুমা লবলৈ আপোনাৰ দৰে চাঞ্চ বিচৰা নাই ৷
এতিযা মুঠতে দেবুদাৰ ঘৰৰ সকলো এনিটাইম অনলাইন থাকে, তাতোকৈ ডাঙৰ কথাটো হ'ল যে দেবুদা বৌ জোনমনি ফেচবুকত এজনো আনজনৰ ফ্ৰেন্ড নহয় ৷ সকলোৰে এখন নিজা ৰাজ্য আছে, অশৰীৰি ৰাজ্য পিছে মনে মিলা মানুহৰ ৰাজ্য, নিজে ৰজাৰ দৰে যি মন যাই তাকে লিখি আনক জনাই দিব পৰা ৰাজ্য ৷ সুখ দুখত লাইক কমেন্টৰে সহানুভুতি পোৱা ৰাজ্য ৷ এজনে দ্ৰয়িং ৰুমৰ পৰা, এগৰাকী পাকঘৰৰ পৰা আৰু আনগৰাকীয়ে পঢাটেবুলৰ পৰা সেই ৰাজ্যত প্ৰবেশ কৰি ৰাজ্য চলাই থাকে ৷ বিশেষ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দাদাবৌয়েও গোটৰ পৰা আৰু ছিট ফান্ডৰ পৰা ধাৰ লৈ নিজাববিয়াকৈ দুটা ফেচবুক কৰিব পৰা মবাইলো ইতিমধ্যে যোগাৰ কৰি লৈছে ৷ গতিকে কাৰেন্ট থাকক বা নাথাকক, পেটত ভাত পৰত বা নপৰক ফেচবুক কিন্তু নহলে নহব ৷
যোৱা কেইদিন মানৰ পৰা বৌৰ মনত এটা বুুদ্ধি খেলাই আছিল ৷ বুঢাক মানে দেবুদাক অলপ কি দৰে জ্বলোৱা যাই ৷ এনেও মাইকী মানুহ, সন্দেহবাদী মন, দেবুদাইনো ফেচবুকত ৰাতি ৰাতি মেচেজ দি কি কৰে তাকে চাবলৈ বৌয়ে এটা ফেক একাউন্ট খুলিলে ::::::প্ৰেৰনা বৰা, নট ইয়েট ৱৰ্কিং, বি এ, প্ৰফাইলত এজনী সৰু মৰম লগা ছোৱালীৰ ডাউনলডেড ফটো ৷ প্ৰথম ফ্ৰেন্ড ৰিকুৱেষ্ট পথালে বৌৰ দিৱানা পি পি কলিতালৈ, আৰু বৌৰ পুৰনি বন্ধু এসোপামানলৈ ৷ লগে লগে এছেপ্টেড ৷ কেইদিনমান ফেক একাউন্টৰ পৰা কথা পাতিহে বৌয়ে গম পালে যে আচলতে পি পি বৰুৱা হে ফেক ৷ মক্কেলটো কৰবাৰ, সকলোকে চালা বেটাই একে সোপা চলাহী কথাকে পাগুলী থাকে ৷ ধেইট ইমানদিনে মনৰ মাজত এইতোক এনেই পুহি ৰাখিছিলো, এই ফাঁকিদাচ টোতকৈ মোৰ মতাটোৱেই ভাল, বৌয়ে মনতে ভোৰভোৰালে ৷ দেবুদাক ফেক একাউন্তৰে এসেকা দিয়াৰ আইডিয়াটোও বাদ দিলে ৷ কিন্তুু নিজা একাউন্টটো বাদ দি নতুন একাউন্তৰে মানুহবোৰক চিনিবলৈ আৰম্ভ কৰিলে ৷
বিচনাত দেবুদা আৰু বৌ দুয়ো দুয়োলৈ পিঠি দি বাগৰি আছে, হাতে হাতে চাইলেন্ট মোবাইলআৰু মোলাইলত ফেচবুক ৷ প্ৰেৰনা বৰালৈ নতিফিকেশ্বন: :1ফ্ৰেন্ড ৰিকুৱেষ্ট প্ৰৱাল দাস ৷ বৌয়ে প্ৰফাইলৰ এবাউত বুটামটো টিপি , তন্ন তন্নকৈ সকলো নঠি পত্ৰ ঠিকে আছেনে নাই পৰিক্ষা কৰিএছেপ্ত বুটামটো টিপি দিলে ৷
প্ৰবাল: থেংক ইউ
ফেকপ্ৰেৰনা বৌ: ৱেলকাম
প্ৰ: কি কৰি আছা?
প্ৰে: তোমাৰ লগত কথা পাতি আছো ৷
প্ৰ: হা হা হা তোমাৰ কিন্তু চেঞ্ছ অফ হিউমাৰ মানিছো ৷
প্ৰে: থেংকছ
প্ৰ: কিবা কোৱা
প্ৰে: কি কম
প্ৰ: যি কোৱা
প্ৰে: আলু কচু ভোটজলকীয়া
প্ৰ: হা হা হা বাৰু তোমাৰ বিষয়ে কোৱাচোন
প্ৰে: কি কম , তুমিহে ৰিকুৱেষ্ট পঠাইছা তুমি প্ৰথম জনোৱা ৷
প্ৰ: অ কে, তুমি বৰ ষ্ট্ৰেট ফৰৱাৰড, আৰু হহুৱাবও জানা, আই লাইক ইট ৷
প্ৰে: মই ডিফেঞ্চ আৰু মিড ফিল্ডাৰো লগতে কন্দুৱাবও জানো
প্ৰ: হা হা বাৰু হব ৷ মই চিম্পল মানুহ, সৰু চাকৰী এটা কৰো, তেজপুৰত ঘৰ, লৰা এটা ছোৱালী দুজনী আৰু ৱাইফ ৷ বছ ইমানেই তুমি কোৱা এতিয়া
প্ৰে: গুড, মোৰো একেই, হাউছ ৱাইফ হয়, ছোৱালী দুজনী লৰা এটা আৰু মানুহজন ৷
প্ৰ: বাহ আমাৰ মাজত ইমান মিল আছে ৷ উইল ইউ বি মাই ফ্ৰেন্ড
প্ৰে:: অকে, বাৰু তোমাৰ তেজপুৰৰ ঘৰ কোনখিনিত?
প্ৰ: ৰুপকনগৰত, তোমাৰ কত,?
প্ৰে: মোৰোতো তাতেই ঘৰ ৷ মোৰ হাজবেন্ডৰ নাম দেবজিত বৰা , দেবুদা বুলি মাতে সকলোৱে
দেবুদাই লাহেকৈ মোবাইলটো বন্ধ কৰি শুৱাৰ ভাওজুৰিলে ৷
বৌয়েও প্ৰৱাল দাসৰ ছাত হস্তত সেউজীয়া লাইটটো নুমাই থকা দেখি মোৱাইল অফ কৰি শুব ধৰিলে ৷ দাস উপাধিৰ কোন আছে ভাবিব লওতেই দেবুদাই মাত দিলে: কিবা কোৱা
বৌয়েও হাঁহি হাঁহি ক'লে আলু কচু ভোটজলকীয়া,,,,,,,,,
আজি বহু দিনৰ মুৰত দেবুদা আৰু বৌক ৰাতি হাঁহি ফুৰ্টি কৰি কথা পতা শুনিছো, আৰু দিগদাৰনিদিও দিয়ক ৷ এই ফুৰ্তিতে লাইক বা কমেন্ট এটা দিয়ক মই পুৱাতেই দেবুদাক দি দিম ৷ ধন্যবাদ, সময় উলিয়াই পঢা বাবে
ৰকৰক

Thursday, 17 October 2013
মতা মানুহ গোপী ওলোৱা ৰাস
মতা মানুহ গোপী ওলোৱা ৰাস
হৰেনৰ দোকানৰ আগত চুচুক চামাক কৰি থকা ইকুক দেখি ৰাজুৱে বোলে তহঁতৰ ঘৰত মতা বুলিবলৈ তয়েই আছ’ ৰাসত গোপী উলাবিনে নাই ? ইকুৱে বোলে তহঁতক এই বাৰ ৰাসৰ দায়িত্ব দিয়েই ভুল কৰিলো বুজিছ ।হেৰৌ মই বাৰু গোপী উলাম কিন্ত গেৰেলা কুমুদ, জীৱন খুড়া আৰু চন্দ্ৰেশ্বৰ দাইটি হতঁৰ কথা ভাৱচোন, গোপী ওলালে কেনেকুৱা লাগিব ? বেচেৰা কুমুদে যোৱা তিনিদিন ধৰি তাৰ চাইজৰ ব্লাউজ বিছাৰি ফুৰি নাপাই শেষত আজি দুই মিটাৰ কাপোৰ আনি দৰ্জিক চিলাব দিছে । ৰাজুৱে বোলে কুমুদ দাক আমি পুতনাৰ ভাও দিছিলো নহয়, নিজে হে ন’ললে, বোলে অসুৰৰ ভাও নিদিলে যেতিয়া গোপীকে ওলাম ।ইকুৱে বোলে প্ৰতি ঘৰৰ পৰা এটা অৰ্থাত এজনী গোপীনি ওলাবই লাগিব, নহলে হাজাৰ টকীয়া ফাইন কথাটো হজম নহল । ৰাজুৱে বোলে গাঁওৰ ডেকামখা চাকৰী সুত্ৰে বাহিৰত আছেগৈ , পূজাৰ ছুটি লৈ দুই এটা আহিছিল যদিও ৰাসত আহিব নোৱাৰে । আৰু যি কেইটা পিলিঙা আছে অকল সিহঁতৰ দ্বাৰা কাম নচলে, গতিকে সকলোকে লগাই দিছো । মুঠতে এই বাৰ ৰাস আমাৰ হিট হবই, বুঢা গোপী চোৱাৰ হেপাঁহ ৰাইজৰ তুঙ্গত । তাতে আমাৰ গাঁওৰ গোপীক মৰনাকুৰী, বহমপুৰ আৰু নন্দিকেশ্বৰ গাঁওৰ ৰাইজেও নিমন্ত্ৰন কৰিছে ।পিছে তই হৰেনৰ দোকানত কি কৰিছ’, আৰু মোচ চিকুনোৱা নাই যে?ধনে বোলে সেই বাবেই ৰৈ আছো মোচ খুড়াবলৈ ব্লেড দুখন মান আৰু বৌক সুধি লিষ্ট এখন বনাই আনিছো ,লিপিষ্টিক, আই লাইনাৰ, বিন্ডি, আলটা এইবোৰৰ, পিছে দোকানত মানুহ নকমাই হ’ল, বস্তু কেইপদ খুজিবলৈকে লাজ লাগিছে ।ৰাজুৱে বোলে বাকী কাপোৰ যোগাৰ হ’লনে নাই ? ইকুৱে বোলে পাচিগাঁওৰ পৰা কালি আনি থৈছো । ৰাজুৱে বোলে হঁওক দে হ’বলগীয়া জনীৰ ঘৰলৈ এই চেগতে দুই এপাক মাৰিব পাৰিবি, পিছে তই ৰাসৰ গোপীহে কৃষ্ণ নহয় গতিকে ৰাসলীলা নকৰিবি আকৌ ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
পুৱাতে উথি নাৰিকলটো গুচালো কোনে বে-চাইজত কাটি পেলালে ? কুমুদৰ খঙৰ ভমকত বৌয়েকে বোলে প্ৰসাদৰ বাবে মইয়ে ফালিলো ।মুৰ খজুৱাই খজুৱাই কুমুদে বোলে নহয় বৌ মানে আকৌ চাইজৰ নাৰিকল বিছাৰি যাব লাগিব ।এনেতে ভিতৰৰ পৰা ককায়েকে বোলে নালাগে মই আনি থৈছো জীৱনৰ বাবে আনি থোৱা কোৰোকা দুটা তয়েই লবি ।বৌয়েকে ওৰনীৰে মুখখন ধাকি ভিতৰ সোমাল ।

চেহ, মেখেলা খনহে জোখৰ ন’হল, ঘেৰটো বৰ সৰু ।অকন্তিয়ে বোলে হাফ পেন্ট টো খুলি নলৱ কিয়? ধনে বোলে নাই ভাই ৰিক্স ল’ব নোৱাৰি, জীৱনত এই প্ৰথম মহিলাৰ সাজ পিন্ধিছো, এফালে টানিলে দেখোন আনফালে উলায় থাকে, তাতে যোৱাবাৰ ইন্দ্ৰেশ্বৰ দাইটিৰ কি হৈছিল দেখা নাই ।শংখচূড় ওলায়ে কাইটিৰ ফালে যি চোঁচা ল’লে পলাবলৈ গৈ উজুটি খাই মেখেলা এফালে শাৰী এফালে গ’ল, নীলা হালধীয়া ৰুল ৰুল থকা আন্দাৰ সকলো ৰাইজে দেখিলে, মই সেই ৰিক্স লোৱাত নাই দেই, সেই বাবে পেন্টৰ ওপৰত চুকলী এডালো বান্ধি লৈছো বাপ্পেকে ।তই মাত্র মোক ভালদৰে কোৰোকা দুটা লৰচৰ নকৰাকৈ ফিটিং কৰি দে ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
শাৰী পিন্ধি চাইকেল চলাব পাৰিবি জানো ? চন্দ্ৰই বোলে পাৰিম, অলপ মেখেলা খন কোচাই ললেই হ’ল, তই চাধা অলপ টেমাত বনাই ল’ নহ’লে ৰাতিখন ক’ত বিছাৰি ফুৰিবি ? ধনে বোলে টেমা ল’বি ক’ত চাদৰ মেখেলাত পকেট থাকে নেকি কৰবাত ? আজিহে বুজিলো মাইকী মানুহে চাধা নাখাই কিয়? আচলতে লৈ ফুৰিবলৈ পকেট নাথাকে যে । চন্দ্ৰই বোলে কোৰোকাৰ মাজত ভৰাই থ’ ।

খিত তাও
বায়নৰ খোলত প্ৰথম চেও, মোৰ প্ৰবেশ, সোঁ ভৰি আগুৱাই যাঁঠি পাত মাটিত খুচিচো, মাইকী মানুহবোৰ পিছুৱাই গ’ল ।
খিত তাও তেই, দ্বিতীয় খোজ, কেচুঁৱা বোৰে পেঁ
খিত তাও খিতি তাও ধিন তাও ধেই
মানুহৰ ভিৰত বাহিৰলৈ যাম যাম বুলি ভাবি থকা দুজনী মানে জেগাতে এৰিলে,
খিতি তাও, খিতি তাও, খিতি তাও, ধিন তাও ধেই
এবাৰ ককালটো ঘুৰাই সৰু কৈ হাঁহিটো মাৰিছোহে, শুকান খুড়াদেউৱে বুকুত হাত দিছে
মই লাহেকৈ খুড়াদেউৰ কাষলৈ গৈ কবলৈ পালোহে বোলো ভয় নাখাব কংস নহয় মই চন্দ্ৰহে,
খুড়াদেউ বেহুচ
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে,
নাই দাদা,
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে,
নাই দাদা,
দৈবকী তোৰ অষ্টম পুত্ৰ মোক দে, দে বুলিছো দে
নাই দাদা,
বাসুদেব : দি নিদিয় কিয় অ দৈবকী, এইটো খেৰৰে বনোৱাহে, সি বেতাই গমেই নাপায়, আমি আকৌ এটা বনাই ল’ম ।

ভাওনাৰ মেক আপ ৰুমত কৃষ্ণই গুজৰি গুমৰি আছে বোলে কোন ভঙুৱাক শংখচূড় বনালে । বায়নে বোলে তেজপুৰৰ পৰা হায়াৰ কৰি অনা । কৃষ্ণই বোলে যুদ্ধ কৰি কৰি ভাগৰি গৈছো, ই বেটাই দেখোন মৰিবকে নোখোজে ।বায়নে বোলে উপায় নাই তই যুদ্ধ কৰি থাকোতে কানে কানে কবি বোলে সোনকালে মৰ বাহিৰত বাসুদেবে মনিপুৰিবিধ বনাই আছে ।

(আজিলৈ ইমানেই, পিছৰ প্লট কেইটা ৰাসলৈ বুলি থলো)

ব্ৰেকিং নিউজ ::::::::::আই লাভ মহিচা চুৰ (ব্যঙ্গ ৰছনা)
- পূজা থলিত লাইভ দেখুৱাম লাইভ দেখুৱাম বুলি হাতত কেমেৰা লৈ পিন পিনাই থকা ফিউজ লাইভৰ সাংঘাটিক জনক মানে সাংবাদিক জনক দেখি মিচেচ কেকটি অলপ আগবাঢি গ’ল ।মিচেচ কেকটি : এচকিুজ মি লাইভ নেকি বাৰু ?সাংঘাটিক : হয় হয় এক্স ক্লুচিভ লাইভ ।বাইদেউ আপুনী বাৰু পুজাথলীত কিয় আহিছে ?মিচেচ কেকটি : পুজাথলীত কিয় আহিছে প্ৰশ্নটো শুনি চকুদুটা বহলকৈ মেল খাই গৈছিল যদিও শাৰীখন ঠিক ঠাক কৰি কেকটিয়ে বোলে, ইউ ন’ এই খন পূজা থলীত আমি মানে টেন থাউজেন্ড ডনেচন দিছো । আৰু মোৰ এও মানে এটা বাফেল’ (বাকি খিনি ক’বলৈ সুযোগ নিদি সাংঘাটিকে আকৌ প্ৰশ্ন কৰিলে)সাংঘাটিক : আপুনী পূজাত কি ল’লে ?মিচেচ কেকটি : গ্রেন্ড আই টেন(এনেতে কেমেৰা দেখি জীৱনত এবাৰ কেমেৰাৰ আগত থিয় দিবলৈ দূৰ্বাৰ হেপাহ থকা কলিতাও ঠেলা হেচা কৰি ভিৰ ফালি কেমেৰাৰ আগত থিয় হ’ল, আৰু নিজেই মাজে মাজে স্কিপ্ৰত নথকা ডাইলগ মাৰি গ’ল) সাংঘাটিক : নহয় মানে কাপোৰৰ কথা সুধিছো । শাৰীখন কোনে দিলে, আৰু কি কি ল’লে পূজাত ?কলিতা : হয় মইও দিছো আমাৰ এওক.............সাংঘাটিক : অ বাইদেউক আপূনি দিছে ।মিচেচ কেকটি : (মাইক্ৰ ফোনটো নিজৰ ফালে টানি) নহয় নহয় এখেতক মই চিনি নাপাও, এও মোক নাই দিয়া, মোৰ হাবিয়ে মোক গিফ্ট দিছে, ১৮ থাউজেন্ড, ইউ ন’ ,ডিজাইনাৰ কালেকশ্চন, ক্লাচিক বুটিকছৰ পৰা আনিছে ।(তেনেতে কেকটিৰ সৰু ছোৱালীজনীয়ে মাকৰ শাৰীখনত টানি ধৰি কবলৈ ধৰিলে) কেকটনিৰ ছোৱালী : মাম্মি মাম্মি দত্তনি আন্টিক টি ভি চাবলৈ কল কৰি দিয়া না.............সাংঘাটিক : অ’ মাইনা, তোমাক ধুনীয়া লাগিছে দেই, কোৱাচোন পূজাত তুমি কি চাই ভাল লাগিল ? কলিতা : হয় মোৰ পূজাত আপি চাই……………কেকটনিৰ ছোৱালী: (কলিতালৈ ঘোপাকে চাই )মোক সুধিছে মই কম, মই কম, অ’ মোৰ লাইটিং চাই ভাল লাগিছে আৰু মহিচা চুৰটো ভাল লাগিছে । আই লাভ মহিচা চুৰ ইউ ন’? ইমান কিউট, ব্লেক কপ্লেকশ্চনৰ যদিও ফিগাৰটো পূৰা জিম কৰা যেন লাগে । আৰু চিক্স পেকচ বডিটো মাইন্ড ব্লয়িং, একদম আমাৰ পাপাৰ নিছিনা ।সাংঘাটিক : এইয়া আমি দেখিবলৈ পাইছো, কন কন শিশু সকলে এইবাৰ পূজা বহুত এনজয় কৰিছে আৰু মহিষাসুৰক বহুত ভাল লাগিছে বুলি কৈছে। ভন্টি তুমি মহিষাসুৰ কোন জানানে?কলিতা : হয় হয় মই জানো..................কেকটনিৰ ছোৱালী: মাম্মিয়ে কৈছে মহিচা চুৰ এজন ভিলেইন আছিল ।গুদ পিপ’ল বোৰক দিগদাৰ কৰিছিল, বাফেল’ বোৰ চুৰ কৰিছিল, তেতিয়া দূৰ্গা গডে টাইগাৰত বহি ফাইটিং কৰি (এনেতে ষ্টুডিঅ’ৰ পৰা স্নিগ্ধ নিশাই প্ৰশ্ন কৰে)স্নিগ্ধ নিশা: সাংঘাটিক শুনিছানে ?সাংঘাটিক : হয় স্নিগ্ধ নিশাস্নিগ্ধ নিশা: সাংঘাটিক আজি পূজাৰ মহা নবমী, কালিলৈ দশমী । ইমান আগ্ৰহৰে মানুহবোৰে চাই থকা পূজা মন্ডপবোৰ কালিলৈ নিজান পৰিব ।লাইটবোৰ নোহোৱা হব, অফিচ বোৰ আকৌ খোল খাব ।মানুহবোৰ আকৌ দৈনন্দিন কৰ্ম ব্যস্ততাত সোমাই পৰিব । আকৌ আমি এবছৰ অপেক্ষা কৰিব লাগিব । কালিলৈ যে দেৱী বিসৰ্জন দিব তোমাৰ কাষত থকা মানুহ কেইজনক সোধাচোন কেনেকুৱা লাগিব ?সাংঘাটিক : হয় হয় স্নিগ্ধনিশা মই ভাল দৰে শুনা নাই, প্ৰশ্নটো আকৌ এবাৰ কৰিবা নেকি ?স্নিগ্ধ নিশা: হয় সাংঘাটিক আজি পূজাৰ ……….(দুই মিনিট দীঘল প্ৰশ্নটো আকৌ এবাৰ স্নিগ্ধ নিশাই ৰিপিট কৰে) সোধাচোন কেনেকুৱা লাগিব ?সাংঘাটিক : হয় স্নিগ্ধ নিশা, শুনিছো (সাংঘাটিকে কেমেৰালৈ চাই ম’বাইলত ফোন কৰি মাজে মাজে হাঁহি থকা মানুহ এজনৰ মুখত মাইক্ৰফোনটো দি প্ৰশ্ন কৰে) কওকচোন আজি পূজাৰ নবমী, কালিলৈ মহাদশমী । নিজান মন্ডপ বোৰে কালিলৈ পূজা কৰিব ।মানুহবোৰে চাই থকা লাইটবোৰ নোহোৱা হৈ যাব ।ইমান আগ্ৰহৰে অফিচ বোৰ আকৌ খোল খাব ।দেৱীয়ে আকৌ এবছৰ অপেক্ষা কৰিব লাগিব ।দৈনন্দিন কৰ্ম ব্যস্ততাত থকা দেৱীয়ে মোৰ কাষত থকা মানুহ কেইজনক কালিলৈ বিসৰ্জন দিব ।আপোনাৰ বাৰু কেনেকুৱা লাগিব ?স্নিগ্ধ নিশা: হয়তো সাংঘাটিকৰ লগত মোৰ ৰিলেশ্চন ব্ৰেক আপ হৈছে, ক্ষমা কৰিব কানেকশ্চন কাট অফ হৈছে ক্ষমা কৰিব (এহ কি যে আছিল লাইনটো)। এতিয়া আমি যাম অথনিৰ পৰা হাতত মাইক্রফোন লৈ মূৰ দুপিয়াই থকা তেজপুৰৰ লাইভ শইকীয়াৰ কাষলৈ ।,,
বিবাহিত আৰু অবিবাহিত
::::::বিবাহিত আৰু অবিবাহিত:::::
#এগৰাকী মহিলাই তেতিয়ালৈকে ভবিষ্যতৰ বাবে চিন্তিত থাকে যেতিয়ালৈকে তেঁও এজন গিৰিয়েক নাপায় ।
#এজন মানুহে তেতিয়ালৈকে ভবিষ্যতৰ বাবে চিন্তিত নহয় যেতিয়ালৈকে তেঁও এগৰাকী ঘৈণীয়েক নাপায় ।
#এজন সফল মানুহ তেঁৱেই যিয়ে তেঁওৰ ঘৈণীয়েকৰ প্ৰয়োজন পূৰন কৰি উথিও ৰাহি হোৱাকে উপাৰ্জন কৰে ।
#এগৰাকী সফল মহিলা তেঁৱেই যিয়ে উপৰুক্ত তেনে এজন গিৰিয়েক পায় ।
#এজন পূৰুষৰ সৈতে সুখি হবলৈ তেঁওক আপুনি তেঁওক অকনমান মৰম কৰিব লাগিব আৰু অধিক বুজি পাব লাগিব ।
#এগৰাকী মহিলাৰ সৈতে সুখি হবলৈ আপুনি তেঁওক বহুত মৰম কৰিব লাগিব আৰু বুজি নাপালেও হ’ব ।
(বুজি পোৱাৰ প্ৰশ্নই নাহে কাৰন স্বয়ং ভগৱানেও বুজি নাপালে গতিকে নাৰীৰ মন বুজিবলৈ আপূনি বা মই কোন ?)
#এগৰাকী মহিলাই এই বুলি ভাবি এজন পুৰুষলৈ বিয়া হয় যে বিয়াৰ পিছত তেঁও সলনি হৈ যাব । দুৰ্ভাগ্য তেঁও সলনি নহয় ।
#এজন পুৰুষে এই বুলি ভাবি এগৰাকী ছোৱালীক বিয়া পাতে যে বিয়াৰ পিছতো তেঁও একেদৰেই দৰেই থাকিব, কেতিয়াও সলনি নহয় । দুৰ্ভাগ্য তেঁও সলনি হৈ যায় ।
#সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ বিবাহিত পুৰুষে অধিক কামনা কৰে যদিও এজন বিবাহিত পুৰুষ অবিবাহিত পুৰুষতকৈ অধিক কাল জীয়াই থাকে ।
#এজন বিবাহিত পূৰুষে তেঁও কৰা ভুলটো মনত নৰখাই ভাল, কাৰন একেটা কথাকে একেখন ঘৰৰ দুজন মানুহে মনত ৰখাৰ কোনো অৰ্থ নাই ( আন গৰাকী তেঁওৰ পত্নীৰ কথা কৈছো)
#যি কোনো তৰ্কৰ শেষ কথাষাৰ পত্নীয়ে কয় ।
#আপুনি যদি তেঁওৰ শেষ কথাষাৰৰ পিছত আকৌ কিবা কয়, তেনেহলে সেইখন আকৌ এখন নতুন তৰ্কৰ সূত্ৰপাত হ’ব।
#পত্নীৰ জন্ম দিন মনত ৰখা আতাইতকৈ সহজ উপায়, তেঁওৰ জন্মদিনটো এবাৰ ভুলবশত পাহৰি চাওক ।
#এবাৰ দেউতাকক পুতেকে সুধিলে “দেউতা, তোমাৰ বিয়াত কিমান খৰচ হৈছিল ?” দেউতাকৰ চিধা চিধি উত্তৰ “ নাজানো বোপাই আজিও খৰচ কৰিয়েই আছো”
"A successful marriage requires falling in love many times, but always with the same person." - Mignon McLaughlin

“অকাল বোধন”…..শ্ৰী ৰামচন্দ্রৰ দুৰ্গা পূজা প্ৰসঙ্গ : এক উদ্দেশ্য প্ৰণোদিত কল্পিত কাহিনী

প্ৰথমতে কেইজনমান বিশিষ্ট ব্যক্তিৰ দৃঢতা পূৰ্ণ উক্তিৰে প্ৰসংগৰ পাতনি মেলিছো ।
কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যপক ড দীনেশ চন্দ্ৰ সেনে ১৯২০ চনত প্ৰকাশিত তেখেতৰ “বঙালী ৰামায়ন” নামৰ গ্ৰন্হত লিখিছে “মূল মহাকাব্য (ৰামায়ন) খনৰ কোনো অংশত নথকা, ৰামে চন্ডীপূজা কৰা বুলি কোৱা কাহানীটো শাক্ত সকলে বৈষ্ণৱসকলৰ মততকৈ তেঁওলোকৰ মতৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰাৰ উদ্দেশ্যৰেই যে ৰামচৰিতত সুমুৱাই দিছে ই স্পষ্ট কথা”
ইস্কনৰ প্ৰতিষ্ঠাপক শ্রীমৎ এ চি ভক্তি বেদান্ত দেৱৰ “ভগৱৎ দৰ্শন” নামৰ পুস্তিকাৰ ২য় বছৰ , ৫ম সংখ্যাৰ ৬২-৬৪ পৃষ্ঠাত লিখিছে “কল্পনা প্ৰবণ কিছু লোক প্ৰচার করে যে শরৎকাল যুদ্ধ জয়ের পক্ষে উপযুক্ত সময় বলে শ্ৰীরামচন্দ্ৰ রাবন বধ করার জন্য এই অসময়ে দুৰ্গাদেৱীর বোধন করেছিলেন । কিন্তু এই ধরনের ইতিহাস শ্ৰীরাম চরিত্ৰের পরম প্ৰামাণিক গ্ৰন্হ বাল্মীকি কৃত মূল রামায়ণে নেই । অপ্ৰামানিক ও আধুনিক কল্পিত কালিকা নামক উপপুরানে ও শাক্ত কৃতিবাসের স্বকপোলকল্পিত রামায়নে ঐ ইতিহাস কেবল বাংলা দেশেই প্রচলিত ।বাংলাদেশের রাজসাহী জেলার অন্তৰ্গত তাহিরপুরের রাজা কংসনারায়ণ ১৫৮০ খৃষ্টাব্দে সর্বপ্ৰথমে এই দুৰ্গোসৎৱ প্ৰচার করেন।……আধুনিক দুৰ্গোৎসৱ সেই রমেশ শাস্ত্রীর (রাজা কংসনারায়ণের পুরোহিত) প্ৰবৰ্ত্তিত, তা কোনেও প্ৰামাণিক শাস্ত্রের দ্বারা অনুমোদিত নয় ।
সাহিত্যৰত্ন হৰিনাৰা্যন দত্তবৰুৱাদেৱে সম্পাদনা কৰা অসমীয়া পদ ৰামায়নৰ মুখবন্ধত কৃতিবাস ৰচিত বাঙ্গালী ৰামায়ন আৰু বাল্মীকি ৰামায়নৰ বিষয়ে স্বৰ্গীয় সোনাৰাম চৌধুৰীদেৱে ১৮৫১ শকৰ (1929 খৃঃ) শাওণ মাহৰ বাঁহীত লিখা এটা প্ৰবন্ধৰ কিছু অংশ আছিল এনেধৰনৰ “কৃতিবাসী ৰামায়নত বহুত পুৰাণ আৰু উপপূৰাণৰ কথা সোমাইছে ।আচলকৈ কবলৈ হ’লে কৃতিবাসে বাম্মীকি ৰামায়নৰ ছাঁহে লৈছে ।কতো নোহোৱা নোপোজা ভালেমান অতিৰঞ্জিত নিজে গঢা কথা সুমুৱাইছে ।দুৰ্গোৎসৱৰ কথাটো পূৰাণৰ ভেজা, কিন্তু বাল্মীকিত নাই …….. বাল্মীকিৰ ৰামায়নত ৰাৱণ বধৰ সময়ত অগ্যস্ত্যৰ কথামতে ৰামৰ আদিত্যস্তৱৰ পাঠ আৰু মাতাঙ্গিৰ কথা মতে ব্ৰক্ষ্ম অস্ত্ৰ মাৰি ৰাৱণ বধ কৰাৰ কথা আছে । কৃতিবাসত হনুমন্তে গনক বেশ ধৰি মন্দোদৰীৰ ওচৰলৈ যোৱা, আৰু মন্দোদৰীৰ পৰা ৰাৱণৰ মৃত্যুবান অনা, মাখি হৈ ৰাৱণৰ চন্ডীপাঠ ভুল কৰা, মৃত্যু কালত ৰাৱণৰ ৰামক ৰাজনীতি শিক্ষা দিয়া কথাও তেনেই অমূলক । ৰাৱণে স্বৰ্গলৈ জখলা সজা কথাও কৃত্তিবাসৰ ৰামায়নথে দেখা যায় । অসমীয়া ৰামায়নত কিন্তু এনে অলীক ঘটনাৰ সমাবেশ নাই”
অতিৰঞ্জিত কাল্পনিক কাহিনিৰ সমাবেশ ঘটাই কিছু লোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে সৃষ্টি কৰা শাৰদীয় “অকাল বোধন” ৰ দৰে অপ্ৰামানিক কাৰ্য্যক উৎসৱৰ ৰুপত মানুহে পালন কৰি আহিছে আৰু বৰ্তমান ধৰ্ম আৰু পৰম্পৰাৰ শাৰীত একাকাৰ হৈ পৰিছে ।লক্ষ লক্ষ টকাৰ শৰাধ পাতি হাজাৰ হাজাৰ পশু-পক্ষীৰ বিনা কাৰনত বলি দি উৎসৱ পাতিছো ।পিচে এবাৰ আমি চিন্তা কৰা উচিত হ’ব যে ভাৰত বৰ্ষৰ দৰে এখন তৃতীয় বিশ্বৰ দেশত ধৰ্মৰ দোহাই দি, ধৰ্ম ভীৰু হৈ, ডাইণী, কবচ, মাদলী, তাবিচ, গা বান্ধনি, ৰঙা সূঁতা বলিবিধান ইত্যাদি অন্ধবিস্বাসে মগজুৰ চিন্তা শক্তিৰ বিপৰেতে ভাৰতীয় বিশেষকৈ বঙ্গ আৰু অসমীয়া লোকৰ মগজুত ক্রিয়া কৰি বৈজ্ঞানিক দৃষ্টি ভংগি আৰু প্রগতিৰ হেঙাৰ হৈ থাকিব কথাটো চিন্তনীয় ।(অকাল বোধন বা শাৰদীয় দূৰ্গা পূজা যে ভিত্তিহীন এই সম্বন্ধে আৰু অধিক তথ্য আছিল পিছে সময়ৰ অভাবৰ বাবে দিয়া ন’হল ।এই লেখাটো ধৰ্মৰ নামত অন্ধ অনুকৰন কৰাৰ বিপৰিতে সত্যৰ অন্বেষনহে মুল বিষয়)

ধনং দেহি ,ৰুপং দেহি, গুনং দেহি
ধনং দেহি ,ৰুপং দেহি, গুনং দেহি
এও বোলে হেৰা ব’লা শৰাইখন দি আহোগৈ ।ঘৰৰ গৰাকী দূৰ্গাই ফৰমান দিলে যেতিয়া এতিয়া স্বয়ং গৌৰী আহি মানা কৰিলেও যাবই লাগিব ।বহু দিনৰ মূৰকত ছুটি পাইছো গতিকে ভাল দৰে অলপ দেৰীলৈকে শুই ল’ম বুলি ভাবিছিলো, কিন্তু ন’হল । শ্ৰীমতীৰ ফৰমানৰ ক্ৰমিক নং অনুসৰি গা পা ধুই কলপাত, নাৰিকল সকলো কাতি মেলি তৈয়াৰ হৈ শৰাইখন লৈ পূজা থলি পালোগৈ ।
>>>>>>>>>>>>>>>
মানুহৰ ভিৰ , থেলা হেচাত মই এফালে এও এফালে । পূজাৰীয়ে মাইকত সেৱা এটা লব লাগে বুলি কবলৈহে পালে ,ঠেলা হেচাই চুড়ান্ত ৰূপ পালে । নিজৰ দেহাটো ভিৰত এৰি দিলো, লগতে মহিলা সকলক অলপ নিজেই চাইড উলিয়াই দিলো পিচে অলপ পিছত লক্ষ্য কৰিলো পিছফালৰ পৰা মানুহৰ ভিৰ এটাই ঠেলি নি মোক কোনোবা ধুবুৰী পোৱালেগৈ । মোৰ পৰা দেৱী দুৰ্গা আৰু মোৰ গৰাকী কমেও বিশফুট দুৰত । নাই এই কথাই কথা নহয়, এই বাৰ মইও মান সন্মান কাটি কৰি মানুহ ফালি আগ বাঢিব ধৰিলো । এটা সময়ত সকলো মানুহ বহি দিলে, মইও ককালটো হেচুকি মেলি অলপ এডজাষ্ট কৰি চকুহাল জপাই সেৱা কৰাত লাগিলো ।মাজতে মোৰ পজিশ্চনটো ঠিকেই আছে নে নাই চাবলৈ বুলি চকু মেলিলো । দেখিলো মোৰ সন্মুখত প্ৰকাণ্ড তপিনা এটা, মানুহ গৰাকীৰ গেৰুৱা ফটা ভৰিত মোৰ মুৰটো লাগি আছে ।আৰু অলপ মুৰটো ডাঙিলো, নাই তপিনাটোৰ বাহিৰে একো নেদেখি, এই কথাই কথা নহয়, দেৱীয়ে মোক নেদেখিলে আশীৰ্বাদ দিব কেনেকৈ ? গতিকে দেৱীয়ে মোক দেখা পোৱাকৈ আঠু কঢাৰ দৰে অলপ উঠি দিলো ।দেখিলো মোৰ চৌ দিশে দেখোন কেৱল মহিলাই মহিলা, হে হৰি মানে মই ঠেলি হেচি মহিলাৰ মাজত সোমালোগৈ ।ডিঙিত লোৱা গামোচা খনৰে মুৰটো সাউতকে ঢাকি আকৌ তপিনাটোৰ পিছফালে নিজক লুকুৱাই দিলো ।
>>>>>>>>>>>>>>>>>>>>>>>>>>>>>> >>>>>>>>>>>>>>>>>>
দেৱী মাক ফৰমাইচ দিম বুলি যি কেইটা কথা ভাবি আহিছিলো সকলো পাহৰিলো ।যোৱাবাৰ পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতে মনৰ কল্পনা বোৰ দেৱী মাৰ আগত ভাবি ভাবি ক’ব লগীয়া হৈছিল যাৰ বাবে আধা খিনি কবলৈ থাকোতেই পূজাৰীয়ে মন্ত্ৰ মতা শেষ কৰিছিল । এই বাৰ ভাবিছিলো পূজাৰীয়ে মন্ত্ৰ মাতি থাকোতেই সকলো কম ,গতিকে দুবাৰমান ঘৰতে আউৰাইও আহিছিলো বোলো “আই এইবাৰ গ্ৰেন্ড আই টেন এখন লবলৈ এও খুব কৈ আছে গতিকে বাহিৰা দুপইচা যাতে ঘটিব পাৰো তাৰ বাবে ফুকনৰ টেবুলখনলৈ প্ৰমোশ্চনটো কৰি দিবা আৰু যেনে তেনে ।
ল’ৰাটো পঢাত ভাল নহয় জানাই তাতে এইবাৰ মেট্রিক দিব গতিকে ৰিজাল্টৰ দিনা যাতে ফোনটো বিজি কৰি থব লগিয়া নহয় তাৰ বাবে কিবা এটা মিৰাকেল কৰিবা ।বেচিকৈ নোৱাৰিলেও চেকেন্ড ডিভিজনকে দিয়াই দিবা , মানুহক কৈ দিম আৰু বোলো পৰীক্ষাৰ আগত তাৰ অলপ গা বেয়া আছিল গতিকে ফাষ্ট ডিভিজনলৈ দুই মাৰ্কচ কমিল ।
অ’ আৰু এটা কথা এওৰ আজি কালি মেক আপত বহুত টকা খৰছ হয়, মানে অলপ ৰিংকেল পৰিচেটো , গতিকে হে ৰূপৰ অধিষ্টাত্ৰি দেৱী মোৰ এওক অলপ বিনা মেক আপত ঘৰৰ বাহিৰলৈ ওলাব পৰা কৰি দিব নোৱাৰানে ?
এই বাৰো আগফালৰ সেই বৃহৎকায় বস্তুটো দেখি সকলো পাহৰি থাকিলো, একো নোলাল মনৰ পৰা , তপিনাটোকে সেৱা এটা কৰি গুচি আহিলো । মানুহজনী বাৰু সেৱা কৰি উঠিব কেনেকৈ, মইয়ে ডাঙি দিব লাগিব চাগৈ এই বোৰ ভাবি থাকোতেই পূজাৰীৰ মন্ত্ৰ শেষ হ'ল” দেৱীয়ে কি ভাবিলে নাজানো আৰু ।
।।।।।।সৰ্ব মঙ্গল্য মঙ্গলায়ে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্রায়েমবাকু গৌৰী নাৰায়নী নমস্তুতে।।।।।।

>>>>>>>>>>>>>>>>>>>>>>>>>>>>>>

Wednesday, 9 October 2013
চান চেট লাভ ......(গল্প)
অজুহাত অস্ত্ৰৰ যেতিয়া এপাটেও কাম নিদিলে এঁও বোলে অ’কে এতিয়া কাপোৰ পিন্ধক আৰু ব’লক । মই বোলে হেৰা কালিলৈ গ'লে নহয়নে? শ্ৰীমতীয়ে বোলে আনৰ মতাই পূজাৰ বজাৰ কৰিবলৈ হেৰা ওলোৱা, ব’লা যাও বুলি ঘৈণীয়েকক কুটুৰি থাকে কিন্তু আমাৰজনে আকৌ বজাৰলৈ লৈ ব’লকছোন বুলি ক’লে কিন্তু পৰন্তু হাজাৰটা বাহানা । পূজাৰ বজাৰ কৰিবলৈ ঘৈণীয়েকক লগত নিয়া কোন মতা অ’ সেইটো ? এঁও বোলে আন নালাগে আমাৰ দত্ত আৰু কলিতাক চালেই হ’ল । মই বোলে হেৰৌ দত্তৰ বিয়া পতা দুবছৰ হৈছেহে আৰু এটা বছৰ পাৰ হব দিয়া ।আৰু কলিতাৰ নিছিনা টেবুল এখনত বহিব পোৱা হ’লে মই পূজা কি মাহত তোমাক দুবাৰকৈ বজাৰ নিলো হয় । কথাষাৰ ক’বলৈ হে পালো কথা বন্ধ কৰি পালেঙৰ খুটা এটাত ধৰি এঁও একেবাৰে প্ৰস্হৰ মুৰ্তিৰ দৰে ৰৈ দিলে ।মইও কাষতে বহি ল’লো ।এনেদৰে দুয়ো একে লগে দিনদুপৰত বিছনাত ন’বহা কিমান দিন হ’ল মনত পেলাবলৈ চেষ্টা কৰিলো যদিও মনত নপৰিল ।
কিয় জানো ঘৰৰ চিন্তা কৰি কৰি চকুৰ গুৰি ক’লা পেলোৱা মানুহজনীৰ মুখলে চাই কিবা এটা বেয়া লাগি গ’ল । সঁচাকৈয়েটো, বেছেৰী জনীয়ে মাহৰ শেষত আনি দিয়া দৰমহাৰ পইচা কেইটাৰে কম হিচাপ কৰি কৰি ঘৰ খন চলাই আছেনে? বহু দিনৰ মুৰত মানুহ জনীলৈ আকৌ এবাৰ ভাল দৰে চালো । কিবা মৰম মৰম লাগি গ’ল ।লাহেকৈ ওচৰলৈ গৈ টপককৈ চুমা এটা খাব লওতেই মোবাইলটো বাজি ওথিল । ধেৎ এই ম’বাইলবোৰে একদম টাইমিং মিলাই আহে ।চব পন্ড কৰি দিলে । পোৱালী, আলহী আৰু ম’বাইল এইবোৰৰ পৰা একো এটা ভাল কামত আগবাঢিব নোৱাৰি । অলপ সময় আঙুলিৰে ফোনৰ স্পিকাৰটো জোৰৰে টিপা এটা মাৰি বহি থাকিলো ।শইকীয়াৰ ফোন ।আজি চাগৈ কৰবাত কিবা এটা সৰু সুৰাকৈ পূজা বুলি এৰেঞ্জ কৰিছে, ন’হলে ফোন নকৰে ।এফালে এওঁক বজাৰ নিব লাগে । ফাঁকি এটা মনতে ভাবিগুনি ফোনটো ধৰি সকলো মেনেজ কৰি পেলালো ।কথাৰ মাজতে শইকীয়াক “এঁওক অলপ বজাৰলৈ লৈ যাঁও” বুলি কোৱা কথাষাৰত এঁওৰ মনতো অলপ পাতল পাতল লাগিল নেকি ফোনত ব্যস্ত থাকোতেই কোন পলকত চাহ কাপ বনাই আনিলে মই তলকিবই নোৱাৰিলো । মনত পৰিল সেই তাহানিৰ কথাবোৰ ।এঁওক বিয়া পাতি নিয়াৰ দুমাহ পিছতেই পূজা আছিল ।গহপুৰৰ পূৰনী ঘৰত মা, দুজনী ভনী আৰু সৰু ভাইটোটোৰ সৈতে এঁও আৰু মই । বেছ ডাঙৰ পৰিয়াল, দেউতা সৰুতেই ধুকুৱাত, মেট্ৰিক পাছ কৰিয়ে চাকৰিত সোমালো । হেলেম এছ ডি ছি অফিছৰ নিম্ন বৰ্গৰ সহায়ক ।দৰমহাৰ পইচা বুলিবলৈ এশটকীয়া ন’ট খনলৈ এটকা কম ।দৰমহা পোৱাৰ দিনা ঘৰৰ পৰা এটকা লৈ যাও আৰু আহোতে এশটকীয়া ন’ট খন বা কলপাতৰ দৰে ডাঙৰ ডাঙৰ দহ খন দহ টকীয়া খমখমিয়া ন’ট চাৰ্টৰ আগ পকেটত ভৰাই যেতিয়া ঘৰলৈ আহো, নিজকে কিবা ৰজা ৰজা লাগি থাকে ।পূজাত ভাই-ভনী সকলোকে সেই পইছাৰেই কিবা কিবি কিনি শেষত এওৰ বাবে বুধবৰীয়া হাটৰ পৰা খবৰ কাগজৰে নুৰিয়াই অনা ৰঙা পাৰীৰ শাৰীখন আৰু মাইকীমানুহৰ ভিতৰুৱা সাজ কেইবিধ মনে মনে যেতিয়া দিউহি, লাজতে এঁও ভিতৰ সোমায় ।অজানিতে হাঁহি এটা সুলকি পৰিল ।প্ৰথমবাৰ শ্ৰীমতিৰ বাবে অনা দুজনী মানুহ সোমাব পৰা চাইজৰ ব্লাউজটোৰ কথা মনত পৰি গ’ল ।বিয়াৰ প্ৰথম বছৰ ৰামবাবুৰ গোলাৰ পৰা বাকিকৈ কিনি অনা বানাৰসী শাৰীৰ চেট, পিছৰ বছৰ টেটোনবাৰি বাগানত বহা মঙলা বজাৰৰ শাৰী, আৰু ক্ৰমান্বয়ে ভনী দুজনীৰ বিয়া বাৰু দি আজৰি হওগৈ মানে, পূজাই পাৰ্বনে তেঁওক নিয়ম মাত্ৰ কৰি কেৱল এটা ব্লাউজ এটাহে দিব পাৰিছিলো গৈ । তেঁও বুজি পায় গতিকে আপত্তি নকৰে । তেজপুৰলৈ চাকৰি সুত্ৰে বদলি হৈ অহাৰ পাছত ভুঞা ব্ৰাডাৰ্ছৰ পৰা বিহু বা পূজাত কিনি দিয়া শাৰীখন বৰ আগ্ৰহৰে লয় ।নতুনকৈ মাটি কিনি ঘৰ বন্ধা কিমান কষ্টৰ মানুহজনীয়ে জানে ।লাহে লাহে ডাঙৰ হৈ অহা ল’ৰা ছোৱালী কেইটাৰ উৎসৱে পাৰ্বনে বাঢি অহা দীঘলীয়া লিষ্টখন পূৰন কৰিবৰ বাবে বাবে তেঁও নিজৰ বাবে শেষলৈ একো নোলোৱাই হ’লগৈ ।এতিয়া অলপ অৱস্হা ভাললৈ আহিছে । ভাল মানে যোৱাবাৰ পে ৰিভিজন হোৱাৰ পৰা হাতত দুপইা থকা হৈছে ।ল’ৰা-ছোৱালী হালেও মেট্ৰিক পাছ কৰি কলেজত আৰ্টছত পঢিছে গতিকে টিউটন নামৰ মাহেকীয়া খৰছটোও প্ৰায় নাইকিয়া হ’ল বুলিবকে পাৰি ।সিঁহতে নিজকে ডাঙৰ হোৱা বুলি ভাবি গাখীৰো নোখোৱা হ’ল, গতিকে পানী-গাখীৰৰ নামত নেপালীক মাহেকৰ মুৰত দিয়া পইছা কেইটাও ৰাহি হৈছে ।গতিকে বহু বছৰৰ মুৰত এঁও আজি বজাৰ যাম বুলি কৈছে ।মোৰ তেঁওক বজাৰলৈ নিবলৈকে মন কিন্তু ইমান বছৰে একে লগে দুয়ো বজাৰলৈ নগৈ নগৈ কিবা আচহুৱা আচহুৱা লাগিছে ।মনৰ ইচ্ছাৰে মানুহজনীক কাপোৰ কিনি দিয়াৰ সপোনটো হঠাতে আহি পৰাত মই অলপ অপ্ৰস্তুত হৈ পৰিছিলো ।মনে বিছৰাৰ ওলোতা প্ৰতিক্ৰিয়া দেখুৱাই নিজেই যেন সপোনটো ভাঙি পেলালো ।মনে মনে নিজৰ ওপৰত অলপ খঙো উথিল। সঁচাকৈয়ে এঁও মই কোনো কামৰ মানুহ নহয় বুলি এনেই নকয় । ছেহ ইমান খিনি কোৱাৰ পিছত এঁওক এতিয়া বজাৰলৈ বুলি উলাবলৈ সন্মত কৰো কি দৰে । ফ্লাচ বেকৰ পৰা আকৌ বৰ্তমানলৈ বেক কৰিলো ।ভাবিলো বহু দিন ব্যবহাৰ নকৰা চুমাস্ত্ৰ ব্যবহাৰ কৰিয়েই এঁওক মনাব লাগিব । অলপ লাজো লাগিল, পিছে মনত সাহ কৰি ওলালো, নিজকে কিবা প্ৰথম প্ৰপ’জেল দিবলৈ যোৱা চেঙেলীয়া ল’ৰাটো যেন লাগিল । সঁচাকৈয়ে দেই অলপ খুঁট খাঁট লাগি থাকিলেহে মৰমৰ সোৱাদটো বাঢে।বেডৰুমত সোমায় দেখো এও কাপোৰ কানি পিন্ধি ৰেডি । ধ্যেৎ আকৌ টাইমিং নিমিলিল ।
( Part 2)
এ এম ডি 4773 , মোৰ মাৰুটি 800 খন ।তিনিবাৰ ইঞ্জিন ডাউন দিয়া, এবাৰত ষ্টাৰ্ট নহয়।ইমান দিনৰ পিছত এঁওক লৈ বজাৰ যাম, স্কুটাৰত যাম নে ? এই বুলি কাম কৰা ল’ৰা ধনমনিৰ সৈতে দুবাৰমান অগাপিছা কৰি থেলি ষ্টাৰ্ট দিলো । এসোপামান ক’লা ধুঁৱা এৰি ইঞ্জিনটোৱে বিকট শব্দ কৰি গৰজি উঠিল ।ধনমনিয়ে ফুৰ্টিতে ষ্টাৰ্ট হৈ গ’ল ষ্টাৰ্ট হৈ গ’ল বুলি চিঞৰিব লাগিল । মোৰ হাঁহিও উথিল, অলপ খঙো উথিল, মানে ইন্চাল্ট কৰা যেন লাগিলটো । গাড়ী কিনিব পৰা সামৰ্থ মোৰ নাচিল কিন্ত বাধ্যত পৰি ল’ব লগীয়া হ’ল, জীৱনৰ প্ৰথম চাৰিচকীয়াখন ।আচলতে এবাৰ আমাৰ অফিচৰে সকলোৱে পৰুৱা চাৰিয়ালিত একে লগে অলপ মাটি ল’ম বুলি ঠিৰাং কৰিলো । মাটি চালো, পচন্দ হ’ল ।মাটিৰ মালিকৰ অসুখ ভেলোৰ নিব লাগে, কম দামতে মাটিখিনি এৰিব কিন্ত কেচ টকা দিব লাগে ।লগৰ দুই এটাই আশা বাদ দিলে কিন্ত মই বোলো মাটি ল’ম বুলি কলো যেতিয়া ল’মেই ।আনকি ভাড়াঘৰৰ মালিককো কৈ দিলো বোলো আইতা অহা মাহত মই ঘৰটো এৰিম । গতিকে এতিয়া আৰু নিকিনাৰ প্ৰশ্নই নুঠে ।এঁও আৰু মই মাটিৰ মালিকক বহু বুজাই বঢাই মাটিৰ মুঠ দাম এক লাখ ত্ৰিশ হাজাৰত আৰু বইনা ৮০,০০০ ত থিক কৰিলো ।এঁওৰ সোনৰ আ-অলংকাৰ খিনি বন্ধকত থৈ,পবিডেন্ট ফান্ডৰ ৪০,০০০ আৰু দুই এজনৰ পৰা ইফাল সিফাল কৰি গোটাই আনি এসপ্তাহৰ ভিতৰত ৮০,০০০ টকা বইনা দিলো, বাকী খিনি দুমাহ পিছত দিম বুলি কথা দিলো । মালিক ভেলোৰ গ’ল, এমাহৰ পাছতেই সুস্হ হৈয়ো আহিল পিছে, মাটিৰ কথা ওলালেই মুৰ পোলোকা দিয়া হ’ল। এনে দৰেই ছয় সাত মাহ পাৰ হ’ল ।কথাটো ভাড়াঘৰৰ মালিকৰ বাহিৰে আন কাকো জনোৱা নাছিলো যদিও, এঁও এদিন উপায় নাপাই তেঁওৰ সম্বন্ধীয় ককায়েক এজনক কথাটো জনালে ।ককায়েকজন আকৌ জংঘলৰ পৰা মূল সুঁতিলৈ অহা কেইমাহমান হে হৈছিল ।প্ৰথম অবস্হাত মই সন্মত হোৱা নাছিলো যদিও বাধ্যত পৰি সহায়ৰ হাত আগ বঢালো ।এদিন হঠাতে এঁও বোলে দাদাই আপোনাক কালিলৈ ডি টি অ’ অফিছত যাব দিছে । মই বোলো মাটি চাৰ্কোল অফিচত হে নামজাৰি হয়, তোমাৰ ককায়েৰে দেখোন ডি টি অ’ অফিছত মাতিলে? এঁও বোলে নাজানো মুঠতে আপোনাক ১১ বজাত পোৱাকৈ মাতিছে ।পিচ দিনা অফিচৰ পৰা হাফ ডে লৈ ডি টি অ অফিচ গৈ হাজিৰ ।দেখিলো মাটিৰ মালিক আৰু এঁওৰ ককায়েকে কিবা কাগজত চহী কৰি আছে , মই গৈ পোৱাত বোলে ভিনদেউ আপোনাৰ ড্ৰাইভিং লাইচেন্চ খন দিয়ক আৰু ইয়াত চহী কৰক ।মই বোলো ভাবিহে আছো, গাড়ী গুৰা নাই যে সেই বাবে ড্ৰাইভিং লাইচেন্চ খন বনোৱাই নাই ।ককায়েকে বোলে এহ হয় নেকি, আপুনি তেনেহ’লে পাচপৰ্ট চাইজৰ ফটো তিনিকপি উঠি আহক মই বাকি খিনি কৰি আছো ।মইও একো প্ৰশ্ন নকৰাকৈ একান্ত বাধ্য ছাত্ৰৰ দৰে এঁওৰ ককায়েকে যি কৈ গ’ল মই কৰি গ’লো।মাটিৰ মালিকজনে মোৰ ফালে দুবাৰমান কেৰাহিকৈ চাই ৰিক্সাত উঠি গুছি গ’লগৈ । মইও একো নামাতিলো, কাৰন মানুহজনক দেখিয়েই সুঁতৰ বাবদ ইমান দিনে ভৰি থকা পইচা খিনিলৈ মনত পৰি গ’ল ।এটা সময়ত ডি টি অ অফিছৰ সন্মুখত থকা চাহৰ দোকানত বোন্দা পৰ দি থকা মোৰ ওচৰলৈ এঁওৰ ককায়েক আহি বোলে ভিনদেউ এইপাত চাবি আৰু সৌখন গাড়ী ।মই বোলো দাদা গাড়ী নহয় মোক টকা কেইটাহে লাগিছিল । তেঁও বোলে আপুনি কি মানুহ হে মই কেচটো পুৰা ষ্টাডি কৰি দেখিলো, মাটিৰ মালিকে আপোনাক পইচা ঘুৰাব নোৱাৰে আৰু আপোনাক মাটিও দিব নোৱাৰে, কাৰন আপুনী মাটিৰ বাবে বইনা দিয়াৰ আগতেই ডেৰ লাখ টকাত মাটি এজনক বিক্ৰি কৰিয়েই পেলাইছিল , আপোনাৰ নিছিনা বুৰ্বক মানুহ মই দেখা নাই দেই । টিঙিচ কৈ খংটো উঠিছিল যদিও, সম্বৰন কৰিলো ।গাড়ীৰ ওচৰলৈ গৈ দেখো “মাৰুটি ৮০০”ৰঙা ৰঙৰ । মই বোলো “কনা মোমাই ইছ বেটাৰ ডেন নাই মোমাই” ভাল লাগিলে চলাম, ন’হলে বিক্ৰি কৰি পইছা কেইটাকে উলিয়াব পাৰিম ।পিছে এঁওৰ ককায়েকে যেতিয়া গাড়ীৰ ওচৰত গৈ চাবিটো দি চলাওক বুলি ক’লে, লেঠা লাগিল তেতিয়াহে । হাজাৰ হ’লেও প্রেষ্টিজ বুলি বস্তু এটা আছে চলাব নাজানো বুলিনো কঁও কি দৰে ? বহু ভাবি গুনি মই বোলো হেৰি কৰা তুমিয়েই লৈ দিছা যেতিয়া ঘৰলৈকো তুমিয়েই লৈ ব’লা, এঁও ভাল পাব ।ককাইদেৱে চাগৈ বুজিলে এঁওৰ দ্বাৰা ন’হব, নিজেই স্টেৰিংত বহি ৫ মিনিটত ঘৰ পহুচাই দিলে।আহোতে অফিচৰ পিয়ন জনক চাইকেলৰ চাবিটো দি ক’লো অ’ফিচ ছুটি হ’লে চাইকেল খন ঘৰত দি আহিবি ।সঁচাকৈয়ে গাড়ীত বহা আমেজটোৱেই বেলেগ ।তাতে যদি নিজৰ গাড়ী হয় । ফ্ৰন্ট চিটত বহি বাহিৰলৈ বীৰৰ দৰে মুৰটো উলিয়ায় গ’লো, সকলোৱে দেখক বুলি । ঘৰ পাই যেতিয়া ডাঙৰকৈ হৰ্ন দুবাৰ মান বজাই দিলে, কাষৰ কাকতনী হঁতে ভুমুকি মাৰি চোৱা দেখা পালো । অলপ আগলৈকে মনতো অলপ বেয়া লাগি আছিল কিবা জোৰ জবৰদষ্টি গাড়ীখন লোৱা যেন লাগিছিল, পিচে, এঁওৰ হাতত নাৰিকল আৰু ধুপ-ধুনাৰ পাত্ৰ দেখি মনটো সলনি হৈ গ’ল ।পিচদিনাৰ পৰা পূৱা এঘন্টা এঘন্টা বৰুৱাৰ সৰু পুতেকৰ ওচৰত, প’ল’ফিল্ডত গাড়ী চলোৱা প্ৰেকটিছ কৰিলো ।আগতে যেতিয়া গাড়ীৰ ফ্ৰন্ট চিটত ঘৈনিয়েকক বহুৱাই মানুহবোৰে গাড়ী চলাই যাই মনতে ভাৱ হৈছিল, সঁচাই দেই এঁওলোকৰ দৰে সুখি মানুহ পৃথিবীত নাই । পিচে স্টেৰিংত হাত দি গম পালো, ঘৈনিয়েকক আগত বহুৱাই ৰাষ্টাৰ গাঁত, গৰু আৰু চাইড নিদিয়া মানুহক হৰ্ন বজাই গাড়ী চলাই যোৱাতো কিমান আনন্দৰ কাম হ’ব
(Part 3)
হেৰা গাড়ীত তেল কম আছে যেন তেন ডিপু পামগৈ সোনকাল কৰা ।আনৰ কথা নাজানো কিন্তু মোৰ গৰাকিক কৰবাত যাবলৈ হ’লে মই দুঘন্টা আগতিয়াকৈ ক’ব লাগে, তেতিয়াহে সময়ত হয়গৈ ।দুবাৰ মান হৰ্ণ বজাই দিলো ।বেগাবেগিকৈ ওলায় আহিল, আহিয়েই গালি, বোলে “মই সেইকাৰনেই আপোনাৰ লগত নোলাও, কাপোৰজোৰ পিন্ধিবলৈকো শান্তি নিদিয়ে” ।
মই বোলো তুমিটো অথনিয়েই কাপোৰ পিন্ধি মেলি উলাইছিলা?এহ সেইখন খুলি পেলালো, বহুদিন পিন্ধা নাছিলো যে ব্লাউজটো টান হৈ গ’ল, আকৌ হালধীয়া শাৰী খনৰ ফল্চ এৰি আছিল ।মই বোলো তোমাৰ ইমান কাপোৰ আছে সেইকেইখন হে বিছাৰি পালা । শ্ৰীমতীয়ে বোলে আপুনি, সদায় মোৰ কাপোৰ বেছি থকাই দেখে, আমাৰ মাইকীমানুহে আপোনালোকৰ নিচিনা পেন্ট চাৰ্টজোৰ পিন্ধিয়েই সকলোতে যাব নোৱাৰো নহয় । আৰু মোৰ এখন শাৰীৰ যদি একে ৰঙৰ ব্লাউজ নাই, আনখনৰ পেটিকোট নাই ।মই বোলো মাইনিহঁতৰ বিয়াত যে লৈছিলা নীলা শাৰীখন, সেইখনকে পিন্ধি নাহিলা কেলই ? এঁও বোলে সেই খন পাটৰ শাৰী হে, আপুনি কি মানুহ মই এই পূজাৰ বজাৰত পাটৰ শাৰী পিন্ধি যাম নেকি? আৰু আপুনিটো পেন্ট চাৰ্ট পিন্ধি আহি চিধা গাড়ীত বহি দিয়ে, ঘৰৰ লাইট, ফেন, গেচ, ইনভাৰ্টাৰ চুইচ চাই মেলি ঘৰৰ তলা মাৰি আহো মানে অলপটো দেৰি হ’বই ।আৰু নিজৰ গাড়ীহে ভাড়া গাড়ী নহয় নহয় যে মিটাৰ উঠি থাকিব ।মই বোলো হ’লেও অলপ সোনকাল কৰিব লাগে ৰাতি কাপোৰৰ ৰঙ ভালদৰে ধৰিব নোৱাৰি, তাতে আকৌ আহিয়েই ভাগৰত তুমিয়েই ভাত বনাব লাগিব সেইবাবেহে সোনকাল কৰিব কৈছো ।মোৰ কথালে কান নিদি তেঁও ভেনিটি বেগ খুচৰাত লাগিল ।সেইয়া দেখিছে লৰা লৰিত পান তামোলৰ টেমাটো আনিবকে পাহৰিলো ।মই বোলো হ’ব দিয়া তেল লঁওতে তামোল এখন কিনি ল’বা ।
তেজপুৰ মেইন বজাৰখনৰ মাজত তেল ডিপু মাত্র দুটা এফালে চিভিল হস্পিতালৰ কাষত আনটো সিটো মুৰত চাৰ্চ ফিল্ডৰ সন্মুখত । কোনটো ডিপু সোনকালে পামগৈ কেলকুলেশ্চন এটা কৰিলো । নাই চিভিলৰ কাষৰ হিমতসিংকাত যোৱাই ভাল হ’ব, আনফালে ন’এন্ট্ৰি আছে ।যোৱা বাৰ মামনি হঁতৰ বিয়াত যাঁওতেই তেল ফুল টেংকি ভৰাই থৈছিলো, মাজতে গৰম বন্ধত বাবা আহি তেল একেবাৰে তলিলৈকে উদং কৰি থৈ গ’ল ।তাতে সি ইমান ৰাফ চলায় গাড়ী দিবলৈকে ভয়, একমাত্ৰ এঁওৰ কাৰনে দিবলৈ বাধ্য হঁও ।অলপ দুৰ গৈ দেখো ছিভিললৈ যোৱা ৰাষ্টাটো পূজাৰ বাবে ৱান ৱে কৰি থৈছে, অৰ্থাৎ দীঘল পাক এটা মাৰিব লাগিব । হে প্ৰভু যেন তেন ডিপু পোৱাবাগৈ আৰু ।যিমানেই ট্ৰেফিক জামত ব্ৰেক মাৰিব লগিয়া হ’ল সিমানেই খং বাঢি গৈ থাকিল ।এঁও বোলে হেৰি ইমান দিনৰ মুৰত দুয়োজন উলাইছো একেলগে, আপুনি ইমান খঙত চলাই আছে যে, তাতকৈ নহা হ’লেই ভাল আছিল । মই বোলো ৰ’বা হে খঙেই উঠিছে নে প্ৰেছাৰেই উথিছে ধৰিবকে পৰা নাই, তেলৰে ডিপু নাপামগৈ চাগৈ এই দৰে ব্ৰেক মাৰিব হ’লে ।মাজতে গাড়ীখনে দুই এবাৰ হিকটিয়াব লাগিল, গম পালো নাই এই কথাই ন’হব ।পদুম পুখুৰীৰ পাৰত গাড়ীখন চাইড কৰি এঁওক ক’লো বোলো তুমি তামোল এখন খোৱা মই সাউতকতে তেল অলপ লৈ আহো ।এঁওৰ পিনে ঘুৰি চাবলৈ সাহ ন’হল, ডিকিৰ পৰা গেলেন উলিয়াই ৰিক্সা এখনত বহি দিলো ।
ল’ৰাৰ ওপৰত অলপ খঙো উথিছিল পিছে তাৰ মুখ খনলৈ মনত পৰাত আকৌ পাহৰি গ’লো ।নিজৰ ল’ৰা-ছোৱালীলৈ উথা খং বোৰ সকলোৰে এনেকুৱাই হয় নেকি নাজানো, গালি পাৰিবলৈকো মন যায় আৰু মুখ খন দেখিলেই সকলো পাহৰি যোৱা যায় ।গৰম বন্ধত ঘৰলৈ আহি আবেলি আবেলি ক’ত আৰু কাক বহুৱাই গাড়ী দৌৰাইছিল সকলো জানো, পিছে কিবা কম বুলি ভাবিও ক’ব নোৱাৰিলো । অফিচৰ পৰা এদিন আহি থাকোতে ক’ল পাৰ্কৰ কাষত গাড়ী খন পাৰ্ক কৰি থোৱা দেখি মোৰ সন্দেহটো যে মিছা নহয় গম পাইছিলো ।ঘৰলৈ আহি মাকক মনে মনে কথাটো ক’লো এঁও ভেকাহি মাৰিলে ।মই বোলে সদায় তাৰ দোষ খুচৰিহে ভাল পাঁও । শ্ৰীমতিয়ে ক’লে মাজতে জামুগুৰিৰ মুনিন শৰ্মা নামৰ এজন জ্যোতিষীক বাবাৰ কোষ্ঠি দেখুৱাইছিল বোলে ।কিবা ৰাহুৰ দশা চলি আছে আৰু বুধ বোলে তাৰ একেবাৰে বেয়া ।ৰাহুৰ অলপ দান কৰিব দিছে আৰু ছয় সাত কেৰেট মানৰ পান্না এটা সোনৰ আঙুঠিত পিন্ধিব দিছে । নহলে বোলে এইবাৰ ৰিজাল্ট আশা নকৰাই ভাল ।মই বোলো তোমাৰ ল’ৰাৰ ৰাহু কেতু নহয় শৰ্মাৰ সৰুজনীহে লম্ভিছে তুমি যি কৰা কৰিবা এইবাৰ ডিগ্ৰীত যাতে বেক নালাগে, নহলে গুৱাহাটিৰ পৰা আনি তেজপুৰৰ কলেজ এখনতে নাম লগাই দিম ।তুমি তাৰ মেট্ৰিকৰ আগতেও দেখোন কমেও ২০-২৫ খন মান শৰাই দিছিলা ৰিজাল্ট কি হ’ল ?মোৰ তাক গুৱাহাটিলৈ পথোৱা একেবাৰে মন নাছিল যদিও ছোৱালীজনিও তাতে পঢি থকা বাবে তাকো পথিয়াই দিলো । সিহঁতে মাকৰ লগত কি কথা পাতিছে নাজানো পিছে পূজা বুলি কালি পৰহিলৈ মানে আহিব চাগৈ কাৰন গুৱাহাটিতে থকা হ’লে টকা বিচাৰি মোলৈ ফোন এটা কৰিলে হেতেঁন ।টকা দুশৰ তেল গেলেনত ভৰাই গাড়ীৰ ওচৰ পালোহি ।
এঁওৰ মুখখন তেতিয়াও ফুলি আছিল ।তেলখিনি ভৰাই গাড়ী ষ্টাৰ্ট দিলো, এঁও বোলে বজাৰ নাযাও ঘৰলৈকে ব’লা । মই বোলো কি হ’ল আকৌ অকনমান দেৰি হ’ল হওক দিয়া আৰু ঘৰত গৈ ভাত বনাব নালাগে আজি বাহিৰতে খাই যাম দিয়া । শইকীয়াইও অথনি ফোন কৰিছিল, মৌচুমী হোটেলতে ৰাতিৰ সাজটো খোৱা কথা কৈছে ।এঁও বোলে মন যোৱা নাই, ঘৰলৈকে যাঁওগৈ দিয়ক, বাবাই ফোন কৰিছিল সিহঁত পূজাত ঘৰলৈ নাহে বোলে । সিহঁত কেইটাই যদি পূজাত নাহে নতুন কাপোৰ পিন্ধিনো কি ফুৰ্টি কৰিম ? মানুহজনীৰ মুখখনলৈ চালো ক’লা চকুৰ গুৰি খিনি সেমেকি থকা যেন লাগিল ।মোৰো গাড়ীখন আগুৱাব মন ন’গল পিচে মই মনৰ মাজৰ ধুমুহাজাক
তেঁওৰ আগত নেদেখুৱালো । মই বোলো আজিকালি তোমাৰ মোৰ দিনৰ নিচিনা বছৰেকীয়া পৰীক্ষাৰ নিয়ম
নাই, সকলো চেমিষ্টাৰ বুজিছা, পূজাৰ পিছতেই পৰীক্ষা । ভালেই কৰিছে দিয়া আৰু তোমাৰ আঙুঠিয়েও
কাম দিছে চাগৈ ।গাড়ীখন এপাক ঘুৰাই ক’ল পাৰ্কৰ ফালে লৈ গ’লো ।
Sun set love.......it never ends
Subscribe to:
Posts (Atom)