কানৰ
কাষৰ চুলি কেইডাল দীঘল হৈ মাইকী মানুহৰ দৰে বতাহত যেই উৰিব লাগিল, আৰু পিচ ফালৰ কেইডাল কেকুৰা হৈ ভাওনাৰ ভাৱৰিয়াৰ মুকুটৰ পিচ ফালে লাগি থকাৰ দৰে যেতিয়া উলমিবলৈ লাগিল মই বোলো নাই সীতাৰামৰ দ্বাৰা গুৰি চপায় কটোৱাই লোৱাই ভাল ।কথামতে
কাম, গৈ বহি দিলো সীতাৰামৰ ওখ চকি খনত ।সীতাৰামে
বোলে চকীয়াবাবু আজকলটো আপনি ফেচবুকত হিৰ’ বনি গৈছে, দে ধনাধন কাহানি কে কাহানি লিখি আছে ।
মই বোলো তই কেনেকৈ জানিলি ? খৈনি খিনি মুখত ভৰাই ক’লে, হামৰা ভি একাউন্ট আছে না ।মই
বোলো তই ফেচবুকত কি কৰ’? সি ক’লে চকীয়াবাবু জমানা বহুত চলনি হৈ গ’ল, আজকল পেপাৰ উপাৰত নিউজ পঢি কি লাভ , আগৰদিনা টিভিমে যি নিউজ দিব চেই বিলাকে পিছদিনা আকৌ পেপাৰ ভি দিব ।
অউৰ টিভিকাটো কথাই নাই ক’হিব, চিৰিয়েল মাফিক মুজিক দি কেনে একতা কথা চিল্লাই চিল্লাই দচ বাৰ ক’হিব, এনকা লাগে কি টিভিৰ পৰা উলাই কিনে আহি চুলত ধৰি জকাৰি জকাৰি শুনাব, চুন চুন, আমাৰ নিউজ চুন ।আৰু
একটা অচমীয়া নিউজ চেনেলমে যদি কহে কি শৰ্মাচাহাব ভাল আছে আন চেনেল কহিব’ নাই খাৰাব আছে ।একটা
মে যদি কহে কি গগে চাহাব ভাল আছে আন চেনেল কহিব’ নাই খাৰাব আছে ।
হামি কি মন্দিৰ কে ঘন্টা আছে, যিহেভি যি কহিব মানি ল’ম, নিউজ দেখিলৈ ফিৰ আপনিকে ডিমাগ ল’গাব লাগিব কি কোনটো চহি আচে আৰু কোনটো গলত, কনফিউজড হৈ যাও চকীয়া বাবু, উচচেটো আটছা
হামাৰ
ফেচবুক আছে, গ’হাটি মে ভু কম্প আহিব টো তেজপুৰ পহিচনে চে পহিলে পহিলে ফেচবুকমে স্টেটাচ পাই যাব কি “ভুকম্প আগেল’ হ’,আৰু কিচকা ঘৰ মে চুড়াকৰন হে, মুণ্ডন হে চব টাজা খবৰ পাই যাও না ।অউৰ
চুলি কে কি ডিজাইন মাৰকেটমে চলি আছে ফেচবুকমে ফটো দেখি কিনে চমজি যাও না, টেকন’লজি আছে ইচটেমাল কৰিব লাগে ।
মই বোলো বাহ দুনিয়া বাহ, বাৰু সীতাৰাম তই মোৰ কাহানি লিখা কথা কেনেকৈ জানিলি ? সি বোলে হাৰে আপনি কি মানুচ আছে হ’? দু মহিনা পহিলেটো আপনিয়ে মোক ফ্ৰেন্দ ৰিকুৱেষ্ট ভেজিছিল ।
মই ভেবা লাগি মুৰটো বেকা কৰি তাৰ ফালে চালো, সি আকৌ জোৰৰে মোৰ মুৰটো চিধা কৰি চুলি কতাত লাগিল ।মই
বোলো কিন্ত
মোৰ কোনো সীতাৰাম বুলি বন্ধু নাই ।
সি ক’লে অ’ সেই কথা…. আপনি হামনিকে ধৰিব’ পৰা নাই, অই যে একটা ছোৱালী ফুল লৈ কিনে দিয়া ফটো আছে, “চুইট ৰিয়া”, সেইটো টো হামনিয়েই হ্য়। একটা দষ্ট বনাই দিছে ।
হামি ইমান কহিছে কি ভাই লড়কি কে ফটো কিয় দিছ’ আৰু দিছ দিছ ভাই হামাৰ সীতাৰাম নাম দে,…. সি কহিছে কি,… অই বিহাৰি, লড়কি কে ফটো নিদিলে আৰু তোৰ সীতাৰাম নাম দিলে তোৰ মাইকি ভি তোক লাইক নাই মাৰিব, অউৰ কোনে ভি তোৰ ৱালত মুটিব ভি নাই আহিব, তেতিয়া তই চমজিভি ।
মৰদ হৈ কিনে ফেচবুকত মাইকি বনি হামনিকে পহিলে পহিলে অলপ বেয়া ভি লাগিছিল, চব চালা মৰদ বোৰে হামাক আই লাভ ইউ ক’হে, পৰন্ত পিছত দেখিলো বহুত আটচা আচে, হামাৰ দেচত থকা ছোতা ৱালা জোৱাই ভি এক দিন হামনিকে একাউন্টমে আই লাভ ইউ কহিছিল, দেচ গৈ কিনে কান কে নিছে এ বৰা বৰা দুটা দিছো নহয় চকীয়া বাবু, বোলো দহেজ মে দিয়া হাজাৰ ৰুপিয়া ম’বাইলকে ই ইস্টেমাল কৰিছ’? মইও তাৰ কথা শুনি অলপ পেটে পেটে ভয় খালো ।অসমীয়াত
কবিতা লিখি লিখি ইমান “চুইট ৰিয়া”ক টেগাই থাকো, উত্তৰ নোপোৱাৰ কাৰনটো আজিহে গ’ম পালো ।তাৰ
কেচি খন আনি তাৰেই চুলি কেইডাল কাটি দিব মন গৈছিল পিছে তাৰ আগতেই তাৰ কথা খিনিৰেই মোৰ নাকটো কটা গ’ল। সি মোৰ কথা কি ভাবিছে চাগৈ ? নাকটো মোহাৰি মই ক’লো মই নহয় অ’ টোৰ ভৌজিয়ে ছোৱালী বুলি তোলৈ ৰিকুৱেস্ট পঠাইছিল চাগে আৰু তেঁওৱেই কবিতা লিখি প’ষ্ট কৰে মোৰ একাউন্টত ।সি
বোলে কি কয় চকীয়া বাবু ভৌজি কবিতা উবিতা ভাল নাই পাই, হামনি জানেটো, মোৰ অউৰ একটা “এচ. ৰাম” নাম কে মৰদৱালা একাউন্ট
আচিল পহিলে পহিলে, , ভৌজি হামাৰ ফ্রেন্ড আছিলটো, একবাৰ একটা ইংলিছ মে লিখা কবিতা লাল গোলাপ কে চাথ ভৌজিক দিছিলো, ইটনা গালি দিলে, ইটনা গালি দিলে, হামনি উচ দিন চে আজটক অ’ একাউন্ট ইস্টেমাল কৰা নাই ।বাদ
মে কই হামনিকে ব’লা কি উচ দিন ছোটা ছোটা বাট্চাকে কই ট্যহাৰ থা ।
মই বোলো ভেলেন্টাইন ডে……ফেচবুকত লগত লগত এটা স্টেটাচ আপডেট কৰিলো “সীতাৰাম ৰকচ চকীয়া বাবু চকচ” ফিলিং ৰিলিফ……..
Wednesday, 25 September 2013
“মহিষাসুৰৰ সংবাদ’’...... দূৰ্গা পূজাৰ স্পেচিয়েল ব্যঙ্গ ৰচনা)
“মহিষাসুৰৰ সংবাদ’’
দূৰ্গা পূজা মণ্ডপত ৰাতি শুই থকা বিশ্ব দেউৱে সৰুপানী চুবলৈ গৈ ঘূৰি আহি দেখে মণ্ডপত মহিষাসুৰ দেখোন নাই । চকুদুটা ভালদৰে মোহাৰি চাই দেখে হয়তো, এইয়া কি হ’ল ? পূজা কমিটিৰ ল’ৰা কেইটাই পানীৰ লগত কিবা মিহলাই দিয়া নাছিলটো ? পেটে পেটে অলপ ভয়ও খাইছিল পিছে যিমান বোৰ ভগৱানৰ নাম দেউৱে জানে সকলোৰে নাম লৈ ইফালে সিফালে মহিষাসুৰক বিচাৰিব লাগিল । এনেতে দেখিলে খালি গা, হাফপেন্ট পিন্ধি মহিষাসুৰ দেউৰ আগত হাজিৰ । ভাগ্য ভাল দেউৱে অলপ আগত সৰুপানি চুই আহিছিল, ন’হলেতো ??? দেউৱে কিবা কোৱাৰ আগতেই মহিষাসুৰে মাত ল’গালে “বোলে দেউ ভয় নাখাবা” । মই তোমালোকে ভবাৰ দৰে ইমান বেয়া নহয় । দেৱতা বোৰৰ লগত মোৰ অলপ মতানৈক্য আছে সেইবোৰ আমাৰ পাৰ্চনেল প্ৰ’ব্লেম । আৰু মতানৈক্য ক’ত নাই দিছপুৰতো আছে, আমাৰ স্বৰ্গতো আছে । এইবোৰ কন্টিনোৱাছ প্ৰছেচ । মই সেই বুলি কাকো বেয়া বুলি কোৱা নাই, ডেট ইচ অলচ’ ইম্পৰটেন্ট মেটাৰ । মানুহক আমি ইমান বেয়া নাপাঁও, বিশেষকৈ কলি যুগৰ মানুহক আৰু তাতে আচামৰ মানুহক । ফুল দেউৱে এইবাৰ সঁচাকে কনফিউছড হৈ গ’ল । এনেকুৱা ডাইলগটো আমাৰ চাৰেহে কয় । কিবা সুধাৰ আগতেই মহিষাসুৰে ক’লে হাঃ হাঃ হাঃ দেউ তুমি মোৰ কথাবোৰ শুনি আচৰিত হৈছা, নহয় জানো ? যোৱা ১০-১২ বছৰে অসমত আহি কেৱল ডাইলগেই শুনি আছো, এইবোৰ শুনি শুনি এতিয়াটো মোৰো কথা বতৰা সলনিয়েই হৈ গৈছে । এইবাৰ দেউৰ অলপ মনতো পাতল পাতল লাগিল । তোমালোকৰ চাৰক মেডামে ভাল পায় আৰু মোক আমাৰ দূৰ্গা মেডামে । ন’হলেনো মেডামে প্ৰত্যেক বাৰ মোক লগত লৈ আহেনে ? আচলতে আমাৰ মাজত এটা আন্দাৰষ্টেণ্ডিং আছে । তেঁও ভালদৰে জানে যে মোক প্ৰদৰ্শন নকৰিলে আপোনালোকে তেখেতৰ শক্তিৰ ওপৰত সন্দেহ কৰিব । আৰু এটা কথা আপোনালোকে নাজানে মেডামে মোক কেতিয়াও বেয়া নাপায় । তেঁও আনক দেখুৱাই হে ত্ৰিশুল পাত দি মোক অকণ মান আঘাত কৰে,কিন্তু মই দেখোন দা জোকাৰি ৰখিয়ে থাকো ? আৰু ৰাইজে পূজা কৰোতেও ফুল-তুলসী মেডামৰ গাত নপৰি মোৰ গাত হে পৰে, তুলসীৰ লগতে কলপতুৱাৰো মুক্তি দৰে । হাঃ হাঃ হাঃ এতিয়া আপুনিয়েই কওকচোন মইনো মৰো কি দৰে ? আপোনালোকেই চোন মোক জীয়াই ৰাখিছে । আৰু এটা কথা লক্ষ্য কৰিব আমাৰ মাজতো বিসম্বাদী বহুত আছে । মেডাম আৰু মোৰ বাহিৰে বাকী সকলক বিশ্বাসত ল’ব নোৱাৰি কিয়নো আমাৰ লগত তেওঁলোক থাকিও বিনা কাৰণত নিজৰ নিজৰ পূজাভাগ লবলৈ লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক সকলোৱে অকলে অকলে আকৌ মৰ্ত্যলৈ আহে । তেঁওলোকক বিসম্বাদী নকৈ কি ক’ম দেউ আপুনিয়ে কওকচোন ? আমাৰ গনেশ ইমানেই খকুৱা যে কেইদিন মান আগত বুণ্ডিয়া লাডু এগালমান খাই গৈ আকৌ মাকক কয় “ নাই মা মই আকৌ যাম প্লিজ, প্লিজ, প্লিজ মোৰ হেল্থটো চোৱা, ভালদৰে খাবলৈকে পোৱা নাই” । লক্ষ্মীৰ টো কথাই নকও, পূজাৰ এমাহ হ’বলৈকে নাপাই আকৌ অকলশৰে আহে । আৰু সৰস্বতীটো এখোপ চ’ৰা, কণ কণ লৰা-ছোৱালীবোৰৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ আগত ভয় দেখুৱাই পূজা এভাগ দকচি খাই যায়হি । কাৰ্টিকৰ কথা নকও, ধূনীয়া ল’ৰা, এনাৰজেতিক ল’ৰা, এনেও বেচেৰাক কোনেও বেলেগে পূজা পাতল নিদিয়ে, গতিকে এই চেগতে মেডামৰ লগতে অলপ চাল(দেহ-ৰূপ) দিবলৈ আহে, সেয়ে বেয়া নাপাও। কিন্তু কি ক’ম দুখৰ কথা পূজা খাই মেলি যেতিয়া আমাক ভাষানত লৈ যায় তেতিয়া জীৱটো কেলধোপ কেলধোপ কৰি থাকে । ঠিক ৰাজনীতিত নিৰ্বাচনৰ কাউন্টিংত হোৱা অবস্থাৰ দৰে । ৰাইজে কোনে কাক কেতিয়া কেনেকৈ ভাষানত বিসৰ্জন দিয়ে বা মোৰ লেঙুটিখন টান মাৰি দিয়ে সেয়া ভাবি ভয়েই লাগে । ইমানপৰে মহিষাসুৰে বহু কথাই কলে । আমাৰ বিশ্ব দেউৱে কিবা এটা সুধিম বুলি ভাবি ৰৈ গ’ল, মহিষাসুৰক কি বুলি সম্বোধন কৰিব ভাবিকে নাপালে । প্ৰভু বুলি মাতিলেও লাগিব দেৱতাৰ জগৰ আৰু অসুৰ বুলি কলেও যদি জাঙুৰ খাই উঠে ? সেয়ে বহু ভাৱি চাৰ বুলিয়ে মাতি দিলে, এনেও চাৰ বুলি মাতিলে সকলোৱেই ভাল পায় । ফুল দেউৱে বোলে চাৰ আপুনি এইদৰে হঠাৎ মোৰ আগত প্ৰকত হ’ল যে ? মহিষাসুৰে বোলে ন’হম কিয় হে ? এম এল এ, মিনিষ্টাৰে যদি হ’কে বিহকে সকলোতে বিনা কাৰণত প্ৰকত হৈ থাকিব পাৰে আমি কিয় নোৱাৰিমহে ? আৰু তোমালোকে আজিকালি আমাতকৈ তেঁওলোককহে বেছি গুৰুত্ব দিয়া । নিজে পূজা দিব নাহি লাইভ টিভিতে পূজা কৰা, পূজাৰ ৰিল কাটি কাটি পূজা দিয়া, তাৰ প্ৰতিবাদ কৰিবলৈকে মই প্ৰকট হৈছো । লাগিলে মই আন্দোলন কৰিম, তোমালোকেহে আন্দোলন কৰিব জানা নেকি ? ফুল দেউৱে বোলে হয় চাৰ আপোনালোকৰ লীলা অপাৰ পিছে দেৱতা অসুৰৰ যুদ্ধত আমাৰ নৰমনিচ বোৰৰহে বৰ বেয়া অবস্থা হয় । মহিষাসুৰে বোলে বহু হ’ল আজিলৈ এৰিছো, কোন সময়ত নিউজ চেনেলৰ মানুহ আহি যায় ঠিক নাই, ন’হলে কালিলৈ আমাৰ পূজা এৰি সকলোৱে ব্ৰেকিং নিউজ চাইহে থাকিব, দেউ তুমিও যোৱা সাউতকৈ গাটো তিঁয়াই আহি পূজাত বহা ।মইও মেডামৰ ওচৰলৈ যাঁও । ফুল দেউৱে সেৱা এটা ল’বলৈ খোজোতেই জানো কি হ’ল ইলেক্চনত জয়হৈ এম এল এ, এম পি অন্তৰ্ধ্যান হোৱাৰ দৰে মহিষাসুৰ অদৃশ্য হৈ গ’ল । এনেতে গাঁত পানী পৰাত বিশ্বদেউ জপিয়াই উঠিল, সমুখত দেখে পানীৰ ঘতিটো লৈ এচিষ্টেন্ট সেন দেউ । আমাৰ বিশ্ব দেউৱে দেৱীলৈ প্ৰণাম এটি জনাই সেন দেউক ক’বলৈ লাগিল, জানা সেনদেউ আজি চিলমিলকৈ টোপনিটো আহিছিলহে এনেতে দেখিলো মহিষাসুৰ….. ( এই লিখনি হাস্যৰসৰ বাবেহে, কাৰো ধৰ্মীয় আস্থাক আঘাত দিয়া বা কোনো ব্যক্তিৰ লগত প্ৰতক্ষ বা পৰোক্ষ ভাবে জড়িত নহয়-- লেখক)
যমৰজাৰ বিলৈ.......(ব্যংগ ৰচনা)
*মি: চিত্ৰ:: আস নোৱাৰি আৰু দেই । কেৰানী চাকৰি হ’ল বুলিয়েইনো ইমান গেবাৰি খাতিব পাৰিনে ? (এনেতে মোবাইল বাজে) অ’ মেডাম, নাই চাৰ আহি পোৱা নাই ।হয়, ট্ৰেফিক জাম চাগৈ।আজি কালি যিহে দিন কাল পৰিল এটা দুটা নমৰেই । নিউজ চাবচোন শ হাজাৰৰ তলত মৰাৰ নামেই নলয় প্ৰাণীচামে ।নাই মই ক’ম আজি চিন্তা নকৰিব ।এই চাৰ আহি পালেই, দিম নেকি ফোনটো । হ’ব আপুনি চিন্তাই নকৰিব ।
*মি:যম:: উফ নকবা বুজিছা, অলপ দেৰিহৈ গ’ল ।
*চিত্ৰ:: দেৰি মানে? এঘাৰ বাজিল, এইটো আপুনি কি দিশপুৰৰ সচিবালয় বুলি ভাবিছেনেকি ?24X7 অফিচ এইটো, ইমান দেৰিকৈ আহিলে মই অকলে কেনেকৈ কাম চলাম কউকচোন?আৰু মই টেট পাচ কৰা নাই নহয় যে অকলেই এল পি স্কুল এখন চলাম । নতুন এপইন্টমেন্টো বন্ধ কৰি ৰাখিছে আপুনি, এৰিয়াৰ নাই, ডি এ বঢোৱা নাই, কিমান সমস্যাত যেন তেন অফিচটো চলাই আছো আপুনি কি বুজিব ?
*মি:যম:: হেৰা ৰ’বাচোন ৰ’বা এই পূৰণি কেচেটখন কিমান বজোৱা আৰু, কিবা এটা কৰিম ৰ’বা । এনেই দেৰিনো ক’ত হয় মোৰ? পোৱালিকেইটাক টিউচনৰ পৰা আনি স্কুলত থৈ আহি ভাত কেইটা খাঁও মানেই ১০ বাজেই, তাতে যোৱা কেইদিন মানৰ পৰা ম’হ আই মিন মোৰ বাহনটোৰো গা ভাল নহয় । অসম ট’ৰত যাঁওতে বেটাই কি খালে নাজানো, গোবৰত কেবল পৰীক্ষাৰ বহিৰ দৰে কিবা বাহিৰ হয় ।মাজে মাজে কিবা শান্তি শান্তি চিঞৰি থাকে ।
*মি:চিত্ৰ:: সেইকাৰনেইতো মই চিঞৰি থাকো বোলো এই বনৰীয়া ম’হটো এৰক, প্ৰেচটিজ বুলিওটো কিবা বস্তু এটা আছে । নতুন বাহন এখন লঁওক, পূজা অফাৰৰে মাৰকেট ভৰি আছে ।আনৰ ওচৰত মুখ দেখাবলৈকে লাজ লগা হৈছে আৰু। ইমান ডাঙৰ ডিপাৰ্টমেন্ট এটাৰ অফিচাৰ হৈ ম’হ গুৱালৰ দৰে আত্মা বিচাৰি ঘুৰি ফুৰে ।এডুকেশ্চন ডিপাৰ্টমেন্ট চাঁওক, এলাৰ্জি চৰি এনাৰ্জি ডিপাৰ্টমেন্ট চাঁওক বছৰত এবাৰ ভিজিত দিয়ে তথাপি মৰ্ত্যৰ মানুহে দেইলি পূজা দিয়ে । আৰু আপোনাক ? আজি কালি আঙ্গু পাঙ্গু সকলোৱেই ক’লা গ্লাচৰ গাড়িত ঘুৰে আৰু আপুনি ক’লা মহত ।সেই কাৰনেই ৰেচপেক্ট নিদিয়ে কোনেও আপোনাক ।আজিৰ যুগ হৈছে শ্ব’-বাজিৰ যুগ । এনেকৈ হ’লে দুদিন মান পিছত যম বুলি ক’লে “সৰু পোৱালি এটাইও ৰ’ তোক গোহালিত বান্ধি থম বুলি ক’ব” ।
*মি:যম: হেৰা কথা বোৰ মইও নভবা নহয় কিন্তু কৰিবা কি ? “জন্ম মৃত্যু পঞ্জীয়নৰ” কাৰ্য্যালয়ৰ দৰে আমাৰ লাল বাতি জ্বলা ডিপাৰ্টমেন্ট ,দৰমহাৰ পইচা কেইটাৰে মাহটোৱেই নুজুৰে গাড়িৰ কথা কি ভাবিবা ? আৰু ই এম আই দিব নোৱাৰিলে যদি গাড়ি টানি লৈ যায় কাৰ বোকোছাত বহি মৰ্ত্যলে যাবা?
*মি:চিত্ৰ:: সেই বোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক, চাব এমাহৰ ভিতৰত আপোনাক বনাই দিম । মই মাজতে অসমত গৈ ট্ৰেইনিং লৈ আহিছো নহয়।
*মি:যম:: যি কৰা সোনকালে কৰা, মাৰ্চ এন্দিং পালেহিয়েই, টাৰগেটৰ কথা আছে।
*মি:চিত্ৰ:: তেনেহলে চাৰ বাহিৰত ৰখি থকা কেইতাক মাতি দিও (বাহিৰত কোলাহল কৰি থকা আত্মা বোৰক এটা এটাকৈ মাতিবলৈ লাগিল)
::::::মাষ্টৰ কেৰপাই তামুলী আহিব লাগে (কেৰপাইৰ প্ৰবেশ):::
*কেৰপাই :: নমস্কাৰ, পিছে যমনো কোনজন ? ইমানদিনে নামটোহে শুনি আছিলো, দেখা সাক্ষ্যাত হোৱাই নাছিল নহয় ।তাতে আপোনালোকৰ ফটো-চটোও পাবলৈ নাই যে ।
*মি:যম:: ঘোৰ অপমান ঘোৰ অপমান, দেখিছা চিত্ৰ কিবা ধেৎতেৰি ধেৎতেৰি লাগি গৈছে ।শিৱ বিষ্ণুকে আদিকৰি সকলোৰে ফটো ঘৰে ঘৰে কিন্তু আমাৰ ? নমৰালৈকে বেটাহঁতে আমিনো দেখিবলৈ কেনেকুৱা বেটাহঁতে দেখাই নাপাই ।ইয়াৰ কেচ কি ?
*মি:চিত্ৰ:: ছাৰ কেচ গহীন, মানে চুইচাইড ।
*মি:যম:: পিচে কেৰপাই কাৰ প্ৰেমত চুইচাইড কৰা হ’ল? চিত্ৰ ইয়াৰ ফেচবুক একাউন্ট চাৰ্চ কৰা ।ছাত্ৰীক অশালিন ব্যবহাৰ কৰা মালটো ইয়েই হ’বলা । ইয়াক নৰকত প্লেচ কৰা ইমিডিয়েট ।
*মি:চিত্ৰ:: (কেৰপাইৰ কাণত ফুচফুচাই)শুনিলিটো,এতিয়াও সময় আছে, মই মেনেজ কৰি দিম কিবা এটা কৰ
*কেৰপাই :: চাৰ কিবা এটা কেনেকৈনো কৰো, লোকৰ পোৱালি মানুহ কৰা চাকৰি মানে মাষ্টৰৰ চাকৰিৰ কথা কইছো, তাকো প্লেনৰ, চৰকাৰে চাকৰি নিয়মিয়া কৰিম বুলি কোৱাৰে পৰা বাকি দোকানিও বাকি নিদিয়া হ’ল, বোলে আগৰ বাকি মাৰ পিছত নতুন খাটা খুলিবি ।দৰমহাৰ পইচা পাম পাম বুলি দুবছৰ হ’ল, শেষত উপায় নাপাই তৰুনৰ ঘৰৰ কুঁৱাৰ ৰচি দাল........
*মি:চিত্ৰ:: হ’ব হ’ব , চাৰ, এখেতে বৰ ভাল কাম কৰি আহিছে,বিনা পইচাত স্বৰ্গতেই দি দিও, এনেও যোৱা বহু বছৰ ধৰি তাত প্লেচমেন্ট দিবই পৰা নাই । স্বৰ্গত বহি গান্ধীৰ লগত অহিংসা, অন্নশন আৰু অসহযোগৰ ওপৰত কথা পাতি থাকক । বুজিছে চাৰ প্ৰথমটো কেচ পূণ্য কৰোতেই গ’ল । আজি কাৰ মুখ দেখি আহিছিলো ঠিক নাই বহনিয়ে বেয়া।
*মি:যম:: চিন্তা নকৰিবা পিচৰ কেইটাক মাতা
*মি:চিত্ৰ:: ছাৰ এই বাৰ টাগৰা মাল এটা আহিছে, মিনিষ্টাৰ এটা, বম ব্লাষ্টত মৰা, পি এ সহ মুঠ ৫টা
(এনেতে বাহিৰত এক হুলস্হূলীয়া পৰিবেশৰ সৃষ্টি হয়, আৰু নাম মতাৰ আগতেই উৰ্মিলা নামৰ মহিলা এগৰাকী হাতত জাপি আৰু গামোচা লৈ সোমায় আহে)
*উৰ্মিলা :: এচকিউজ মি, মই উৰ্মিলা, উৰ্মিলা কাশ্যপ, পি এ টু মিনিষ্টাৰ ।আপোনালোকৰ লগত পিছত চিনাকি হ’ম । আপোনালোকে এই জাপি আৰু গামোচাখন লওক আৰু চাৰ সোমাই আহিলে পিন্ধাই দিব দেই, অ’ আৰু এটা কথা চাৰ বৰ বিজি মানুহ কিবা ক’ব লগীয়া থাকিলে এপ্লিকেশ্চন মোৰ হাতত দি দিলেই হ’ল, মানে জানেইতো এইবোৰ মইয়ে হেন্দেল ক’ৰো । আমাৰ চাৰ ফুলাম গামোচা আৰু জাপি নাপালে ক’লৈকো নাযায় ।ইয়াত বাৰু ফিউজ লাইভ আৰু বাই ডি বাই ৩৬৫ আছেনে? মানে ৰিপৰ্টাৰ নাথাকিলে কথা কৈ লাভ নাইটো ।
*মি:চিত্ৰ:: (অলপ খঙেৰে)হেৰি পি এ টু মিনিষ্টাৰ আপুনি বৰ্তমান নিজৰ সমষ্টিত নাই যম ৰজাৰ আদালতত আছে । আৰু এই খন চকুত ক'লা কাপোৰ বন্ধা আদালত নহয় । আপোনাৰ চাৰে কেতিয়া কাৰ পকেট মাৰিছিল, কিমানক চাকৰি আৰু ঠিকা দিম বুলি কিমান হাজাৰ পকেটত ভৰাইছিল, কিমান গৰাকি মহিলাক, নকও আৰু দিয়ক, সকলো দিন বাৰ মিনিট হিচাপ কৰিম আমি, ইয়াত নাটক দেখুৱাই লাভ নাই ।
(এনেতে মুখত হাঁহি আৰু নমস্কাৰ জনাই আগে আগে মিনিষ্টাৰ আৰু পিছে পিছে তিনিটা মানে চাৰৰ জিন্দাবাদ গাই সোমায় আহে)
*মি:চিত্ৰ:: এই নেঙুৰ ধৰা কেইটা ইয়াত জিন্দাবাদ নেচেল । তঁহতৰ জিন্দাবাদত চাৰ এতিয়া জি নুঠে । মনে মনে থাক, মনে মনে থাক ।
*মিনিষ্টাৰ:: নমস্কাৰ ৰাইজ, যোৱা পাঁচ বছৰে মই কি কৰিলো, কি নকৰিলো সেইটো একো ডাঙৰ কথা নহয়, কথা হৈছে মোৰ উন্নতিৰ কথাটো (উৰ্মিলাই চিকুট মাৰি দিয়ে) ।ক্ষমা কৰিব, মোৰ মানে মোৰ দেশৰ উন্নতিৰ কথাটো ।যোৱা পাঁচ বছৰে আমাৰ দেশৰ সৰু সৰু ল’ৰা বোৰে সৰগতে যোৱাকৈ (উৰ্মিলাই চিকুট মাৰি দিয়ে), মানে সহজতে পোৱাকৈ স্বৰ্গীয় ফুৰ্টি পানীকনৰ মই ব্যৱস্হা কৰি দিছো ।য’তে ততএ পৰি থকা মৃতদেহ বোৰক মই অসম চৰকাৰৰ ব্যবস্হা কৰি দিছো(উৰ্মিলাই চিকুট মাৰি দিয়ে)ক্ষমা কৰিব অসম চৰকাৰ নহয় অন্তিম সৎকাৰৰ ব্যবস্হা কৰি দিছো।আৰু মই বঁটা দিছো মানে কথা দিছো আপোনালোকে মোক ভোট দিলে অহা পাঁচ বছৰত মই এই খন দেশেই নাইকিয়া কৰি দিম (উৰ্মিলাই বোলে চাৰ)মানে এই খন দেশৰ সমস্যাই নাইকিয়া কৰি দিম ।
*মি:যম:: হেৰা চিত্ৰ এইটোক বন্ধ কৰা ।ক’তা নিধক, পাপী, নৰাধম, অসভ্য, অভদ্ৰ, ফক্কৰ, ফটুৱা, নিৰক্ষৰ, হেৰা চিত্ৰ আৰু দুটামান গালি কোৱাচোন ইয়াতকৈ বেচি মই আৰু নাজানো
*মি:চিত্ৰ:: চাৰ মই জনা কেইটা পাব্লিক প্লেচত ক’ব নোৱাৰো ।চাৰ এইটোক কি ক’ৰো ।অলপ কিবা লৈ স্বৰ্গ দি দিও নেকি?
*মি:যম:: নিদিবা নিদিবা, বাদ দিয়া তোমাৰ টেবুলৰ তলৰ টকা, এইটোক ৰৌ ৰৌ নৰকত দিয়া, তেহে মই শান্তি পাম
*মি:চিত্ৰ:: মিনিষ্টাৰ তোমাক আৰু ৰহিমলা, মানে উৰমিলা তোমালোকক নৰকত দিয়া হৈছে, তাতগৈ ভাষন দি থাকা যোৱা ।নৰকত থকা পাপী বোৰৰ বাবে তোমালোকৰ ভাষনো এটা ভাল শাষ্টিতে হ'ব ।
*মিনিষ্টাৰ:: একো নাই, মোক মাত্ৰ য’তেই ভোটাৰ বেছি তাতেই দিলে হ’ল।মোৰ নিজৰ স্বৰ্গ মই নিজেই বনাই ল’ম। মাত্ৰ ডি ভোটাৰ বেছি থাকিলে অলপ সুবিধা হয়।(গোটেই কেইজন নৰক যায়)
*মি:চিত্ৰ:: ছাৰ এইটোৱো বহনি ন’হল, পিছৰটোক মাতো নেকি?পিছে আপুনি অলপ সাবধান । (মিচ দিবাকৰ ডাৰ্লিং আহিব লাগে)
*মি:যম:: হেৰা চিত্ৰ তুমি মতা মানুহটোক মিচ বুলি মাতিলা যে?
*মি:চিত্ৰ:: ছাৰ নকব’ ব্ৰক্ষ্মা দেৱে স্ৰজোতে মতাই আছিল পিছে হঠাতে কিহে উকালে নাজানো যন্ত্ৰ পাতিবোৰ সলনি কৰি পেলালে ।
*মিচ দিবাকৰ ডাৰ্লিং:: ইচ কেনেকৈ চাইছে চা । ইয়াৰ আগতে ধুনিয়া ছোৱালী দেখা নাই নেকি? অ’ মা আপুনি যম নেকি? ইম্মান কিউট ।মই মৰি যাঁও ।
*মি:যম:: হেৰা কি কৰা কি কৰা হে ভাকূট কুটাইছে, কি লেটি পেটি খন কৰিছা মই বিবাহিত । হে ভগৱান বছোৱা । হেৰা তুমি কথাই প্ৰতি মৰি যাঁও মৰি যাঁও কৰি থকা কাৰনেহে মাৰি আনিলো ।হেৰা চিত্ৰ কি হে এইপাত । এই পনিয়া মেটেলটোক চিধা নৰকত দিয়া ই ব্ৰক্ষ্মা দেৱৰ যন্ত্ৰ পাতি মেনুপুলেত কৰাৰ দোষত নৰকত দিয়া ।আৰু কোন ক’ত আছে একেলগে মাতা ।(ক্ৰমশ)
Tuesday, 17 September 2013
বিশ্বকৰ্মা পূজাৰ কিছু অনুভৱ (হাস্য ব্যংগ)
:::::::::বিশ্বকৰ্মা পূজাৰ কিছু অনুভৱ::::::::
১, অন্য দেৱ-দেৱীৰ নিৰ্দিষ্ট তিথি আছে গতিকে তিথি মিলাই অগা পিছাকৈ পূজা লবলৈ মৰ্তলৈ নামে ।কিন্তু বিশ্বকৰ্মা বাবা মডাৰ্ণ চিন্তা ধাৰাৰ । ইঞ্জিনীয়াৰ প্ৰফেচনত থকা বাবেই নেকি সদায় তেঁও ফিক্স ডেটত নিজৰ পূজা ভাগ ল’বলৈ আহে ।
২, বিশ্বকৰ্মাৰ পূজাৰ দিনা বিশ্বকৰ্মা বাবাকো আপুনি ক’ৰবাত বিছাৰি উলিয়াব পাৰিব কিন্তু বাবাৰ পুজা কৰা দেউসকলক ঔষধত দিবলৈকো নাপাব। এজন দেউ হাজাৰ খন পূজা থলি , কিমান চৰ্ট কাট মেনেজ কৰিব ল’গা হয়, আপুনি কি বুজিব?
৩, বাবাৰ পুজাত মন্ত্ৰৰ উপৰিও কান তাল মৰা হিন্দী গানৰ দ্বাৰা অৰ্চনা-বন্দনা কৰা হয় ।
৪, বিশ্বকৰ্মা বাবাই বাপি লাহিৰিৰ গীত “আই এম এ ডিস্কো ডেন্সাৰ” বা “জিলে লে জিলে লে” শুনি বৰ ভাল পাই ।উষা উথুপৰ গীতো প্ৰিয়, পিছে এই বাৰ “ ছিলা কি জৱানি” আৰু “মুন্নি বদনাম হুই” গীতৰ ফৰমাইচ দিয়া বুলি ভক্ত সকলে জানিব দিছে ।
৫, মুৰ্ত্তি বিসৰ্জনৰ দিনা তেঁওৰ ভক্ত সকলৰ দ্বাৰা উক্ত গীতৰ তালে তালে পৰিবেশন কৰা “অদ্ভুত নৃত্যত” সন্তোষ্ট হৈ পিছৰ বছৰ একেটা দিনত পূনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
৬, বহু ভক্তই বাবাৰ পূৰনী মুৰ্ত্তি সমুহ নদীত বিসৰ্জন নিদি ৰাষ্টাৰ ডিভাইদাৰত থৈ আহি সন্তুষ্টি লাভ কৰে আৰু জহি খহি নোজোৱা পৰ্য্যন্ত বাবাই ট্ৰেফিক ডিউটি পালন কৰে ।
৭, ৰাষ্টাৰ কাষত ট্ৰেফিক পূলিছৰ দৰে এটা হাত দাঙি ৰৈ থকা বস্ত্ৰ হীন বাবাৰ অবস্হা দেখি নেক্সট আহিব লগীয়া দূৰ্গা দেবীয়ে আৰু তেঁওৰ এচিচ্টেন্ট সকলে আগতেই ৰিটাৰ্ন ৰিজাৰ্ভেচন টিকত বুকিং কৰি ৰাখে ।
৮, বাবাৰ ভক্ত সকলে দিনত খিচিৰি আৰু ৰাতিলৈ ফুৰ্টি পানিককনৰ ব্যবস্হা সুন্দৰকৈ আয়োজন কৰা দেখা যায় ।আৰু ইমানেই অধিক ফুৰ্টি হই যায় যে ৰাতি লৈ বাবাৰ “জেন্দাৰ” চেন্জ হৈ “বিশ্বকৰ্মা মা কি জয়” হৈ যায় ।
৯, কিছু দিনৰ আগলৈকে বাবাৰ হাতিটোৰ বৰ ডিমান্দ আচিল, বাবাক হাতিৰ পৰা নমাই হাতিটোক কিছু সংখ্যকে নিজৰ কাৰ্য্যালয়ত বা ঘৰত সজাই ৰাখিছিল ।
ছাত্ৰ জীৱনৰ পৰীক্ষা সম্বন্ধীয় কেইটামান চালুকীয়া নীতি (হাস্য ব্যংগ)
আচৰিত নহ’ব, দুই এজনৰ হয়তো এইবোৰ অভিজ্ঞতা আছেই, বা আনে কোৱা মনত পৰিবই কথাবোৰ....
১. পৰীক্ষাৰ বাবে কিবা প্ৰশ্ন পঢ়ি থকাৰ সময়ত যদি হাঁচি আহে বা জেঠিয়ে টিক টিক কৰে প্ৰশ্নটোত টিক চিন মাৰি থোৱা হয়, (পৰীক্ষাত প্ৰশ্নটো অহাৰ সম্ভাৱনা থকা বুলি)!
২. পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা সময়ত ডিম বা আলুগুটি খোৱা নাযায় । ফলাফলত ডিম বা আলু পোৱাৰ ভয়ত!
৩. ৰিজাল্ট দিয়াৰ কেইদিন মান আগত এটা সপোন দেখা হয় য’ত ৰিজাল্ট লিষ্টত নিজৰ নামটো দেখা পোৱা নাযায় আৰু সপোনতে খুব কন্দা-কটা হয় । সাৰ পায় উঠি সপোন বুলি গম পায় ভাল লাগে। ঘৰত কয় সপোনত হেনো কন্দা দেখাটো ভাল !
৪. পৰীক্ষালৈ প্ৰয়োজনতকৈ অধিক কলম লৈ যোৱা হয়, যি খিনি কলমৰে হয়তো গোটেই কেইটা বিষয়ৰ পৰীক্ষা চলি যোৱাৰ উপৰিও পিছৰ পৰীক্ষাটোও চলিবহে!
৫. “তইটো ফালি দিছ’, “ভবা মতে হোৱা নাই”, “ভবা মতে নহ’ল", "এটাও কমন নাহিল" আদি বন্ধুবৰ্গৰ ৰেডিমেড ডাইল’গ!
৬. “পৰীক্ষালৈ বেছি দিন নাই”, “পৰীক্ষাৰ নম্বৰেহে ক’ব কিমান পঢ়িছ”, “এতিয়াৰ পৰা খেলা ধূলা বন্ধ পৰীক্ষা শেষ নোহোৱালৈকে”, অভিভাৱকৰ কমন ডাইল’গ ।
৭. ঘৰত পৰীক্ষা কেনেকুৱা হ’ল সুধিলে কোৱা হয়, পূৰা লিখি আহিছো, এটা ভুল হ’ব পাৰে, পিছে বহীত এটাতকৈ বেছি ভুল ওলা্য় কথা বোৰ খেলি মেলি লগাই দিয়ে ।
৮. ছমহীয়া পৰীক্ষাৰ বহীবোৰ হাততলৈ চাৰ-বাইদেউ সকল যেতিয়া শ্ৰেণী কোঠাৰ অভিমুখে আহি থাকে হৃদযন্ত্ৰ নামৰ মেচিনটোৰ শব্দই ভয়ংকৰ ৰুপ ধাৰণ কৰে ।
৯. শেষৰ পৰীক্ষা সাধাৰণতে ইংৰাজী বা অসমীয়া থাকে, গণিত, বিজ্ঞান, সমাজবিদ্যা পৰীক্ষা পাৰ হৈ যোৱা মানে পৰীক্ষা শেষ হোৱা যেনেই লাগে
১০. “মই জানিছিলোৱেই এইটো খাটাং আহিব, কিয় যে নপঢ়িলো” পৰীক্ষা হলৰ বাহিৰত ওলায়ে প্ৰথম প্ৰতিক্ৰিয়া ।
১১. ছমহীয়া পৰীক্ষাতকৈ বছৰেকীয়া পৰীক্ষাটোৱে ভাল লাগে কাৰণ, ছমহীয়া পৰীক্ষাত বহী ঘুৰাই দিয়াৰ সময়ত প্ৰতিটো ভুল উত্তৰৰ প্ৰতি গাইমূৰি ২ বা ৩ বেত খোৱাৰ সম্ভাবনা বেছিকৈ থাকে ।
১১. “আনে বুলে সৰস্বতী আমি বুলো আই, যি খিনি পাহৰিছো দিবা শুধৰায়” ।
মনদি পঢ়িলেও নপঢ়িলেও পঢ়ি উঠি সৰস্বতী আইক তেল মৰাটো এটা ধৰা বন্ধা নিয়ম!
আপোনাৰ জীৱনটো এই নীতিবোৰ মানি পাইছেনে?
সোঁৱৰণিতঃ ৰেডিঅ’ৰ পৰা টিভিলৈ (“এইয়া বাতৰি পঢ়িছো লিলি দাস মালিকে” )
সোঁৱৰণিতঃ ৰেডিঅ’ৰ পৰা টিভিলৈ
“এইয়া বাতৰি পঢ়িছো লিলি দাস মালিকে”
হয়, আন বহুতৰ দৰে আমাৰ জীৱনৰ লগত ওতঃ প্রোতঃ ভাৱে জড়িত আছিল ৰেডিঅ’৷ পুৱা পঢা-শুনা কৰি উঠি আঞ্চলিক বাতৰি দিয়াৰ লগে লগে গা-ধুই স্কুললৈ বুলি ততা তৈয়াকে ওলাও । ভাত কেইটা কানে মুখে গুজি হিন্দী বাতৰি দিয়ালৈ কাপোৰ কানি পিন্ধি গীতিমালিকা অনুষ্ঠানৰ সুমধুৰ গীতৰ দুই এটা গীত শুনাৰ পিছতেই হিন্দী গান আৰম্ভ হোৱাৰ লগে লগে স্কুললৈ বুলি চাইকেল খন লৈ ওলায় যোৱাই এক নিয়মমাফিক অভ্যাস৷
টত টত কৈ শব্দ কৰি যদি হিন্দী বাতৰি আৰম্ভ হৈ যায়, আমি গম পাঁও আজি স্কুলৰ প্ৰাৰ্থনা নাপামগৈ । দেওবাৰ আমাৰ বাবে বৰ প্ৰিয় আছিল, “অকণিৰ মেল”, “দেওবৰীয়া যুৱ অনুষ্ঠান আৰু বিশেষকৈ দুপৰীয়াৰ নাটক খন এক পাহৰিব নোৱাৰা স্মৃতি । অকনিৰ মেলৰ খগেন মহন্তৰ “কন্টকৰামৰ কাহিনী” এতিয়াও মনত পৰে।শুকুৰবাৰ নে আন কিবা বাৰে দিছিলে পাহৰিলো, দুৰ্গেশ্বৰ বৰঠাকুৰৰ “নোকোৱাই ভাল” তথা তেখেতৰ নাটক সমূহ যেনে “মৰমৰ পূৰণ চিন” ইত্যাদি এতিয়াও চেলেকা-চুবীয়াকৈ মনত আছে।
নাম কি আছিল পাহৰিলো পিছে মংগল গ্ৰহলৈ যাত্রা কৰা বৈজ্ঞানিকৰ দলটো কাজিৰঙাত পদাৰ্পণ কৰি অসমলৈ পঠোৱা বাৰ্তা সমূহৰে ভৰা নাটকখন এতিয়াও মনৰ দাপোনত জিলিকি আছে । সন্ধিয়া সাত বজাৰ বাতৰি ল’বলৈ দহো বন কাতি কৰি দেউতাই কানত ৰেডিঅ’ লৈ বাৰান্দাত বহি অতি মনোযোগৰে শুনা বাতৰি সমুহ এতিয়া যেন নষ্টালজীয়া।
“এইয়া বাতৰি পঢিছো লিলি দাস মালিকে,আজিৰ প্ৰধান প্ৰধান বাতৰি সমুহ হ’ল” সেই কন্ঠস্বৰ এতিয়াও কানত বাজি থাকে৷ দিনত এভাৰেডি বেটাৰীকেইটা যদি ৰ’দত নিদিও সন্ধিয়া দেউতাৰ ৰঙা চকু দেখি গ’ম পাঁও ভুল কৰিলো বুলি ।
“মতি কাপ ইউৰিয়া” হিন্দুস্হান ফাৰ্টিলাইজাৰ কোম্পানীৰ বিজ্ঞাপনটোৱেই আছিল জীৱনত শুনা প্ৰথম বিজ্ঞাপন । সময় বহু সলনি হ’ল, ৰেডিঅ’ এতিয়া দুষ্প্ৰাপ্য যন্ত্ৰ, কিন্তু তাহানিৰ আমি বোৰৰ অন্তৰত এটা গভীৰ চাপ থৈ গ’ল মাৰ্কনীৰ আবিস্কাৰে।“এইয়া আকাশবাণী গুৱাহাটী” বা “বিবিধ ভাৰতী” অনুষ্ঠানৰ গীত সমূহ পাহৰিব পাৰিমনে?
মাৰ্ফি ৰেডিঅ’টো আমাৰ ঘৰত এলাগী হৈছিল যেতিয়া ৰমানন্দ সাগৰৰ “ৰামায়ন” চাবৰ বাবে ঘৰত প্রবেশ কৰিছিল “বেলটেক” কোম্পানীৰ ক’লা বগা টিভিটো।দেওবাৰে চোতালত টিৰ্পাল পাৰি সকলোৱে উপভোগ কৰিছিলো ৰামায়ণৰ প্ৰদৰ্শনী ।“জয় চিয়া ৰাম কি” বুলি কিমান ধেনু বনাই আকাশলে আৰু কল গছত কাড় নিক্ষেপ কৰিলো তাৰ হিচাপ নাই ।
কেতিয়াবা কেতিয়াবা বতৰ বেয়া থাকিলে বা চৰাই এন্টেনাত বহিলে যেতিয়া জিলমিলাই থাকে বা টিভিৰ মাত বা ছবি ভালদৰে নেদেখা-নুশুনা হ’য়, এজন বাহিৰত এন্টেনাৰ বাঁহডাল পকাই থাকে আৰু ভিতৰত টিভিৰ ওচৰত থকাজনে কৈ থাকে “বাঁওফালে পকা, আৰু অলপ, নহয় সোঁফালে, আগতেই থিক আছিল ইত্যাদি ইত্যাদি” লাহে লাহে ক’লা বগা টিভিটোও আউটদেটেত ল’গা হ’ল, ঘৰলৈ আগমন ঘটিল ৰঙীন টিভি। কিমান যে আনন্দ, মানুহবোৰে পিন্ধা কাপোৰৰ ৰঙ বোৰ গম পোৱা হ’লো ।
এসময়ত মহাভাৰত আৰম্ভ হ’ল।তাৰ মাজতে “গুল গুলছন গুলফাম”, “অছিন” নামৰ জাপানী ধুনীয়া ছোৱালী জনীৰ চিৰিয়েল খন, “কৰমচন্দ”, “গুনিৰাম কি দুনীয়া”, “মালগুড়ি দেইজ”, "বমকেশ বক্চি”, “ষ্টন বয়”, “মিষ্টাৰ য়োগি” আৰু “ৱাগলে কি দুনিয়া” উফ আৰু যে ক’ত কি ? লাহে লাহে “হামাৰা বাজাজ” বিজ্ঞাপন দেখি দেউতাৰ বাজাজ চুপাৰ স্কুটাৰখনত বিজ্ঞাপনৰ এক্টিং কৰা আৰম্ভ কৰিলো ।
হঠাৎ দিল্লী দুৰদৰ্শনৰ অনুষ্ঠান ৭:৩০মিনিটত বন্ধ কৰি অসমীয়া বাতৰিৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰা হ’ল। কিমান যে ফুৰ্তি লাগিছিল সেইদিনা, টিভিত অসমীয়া কথা শুনি, শব্দৰে হয়তো এতিয়া প্ৰকাশ কৰিব নোৱাৰিম ।ভাল লাগিছিল “বেদান্ত শৰ্মাৰ” বাতৰি পৰিবেশন ।
লাহে লাহে দুই একৰ ঘৰত ডাঙৰ ছাতিৰ দৰে কিবা লগোৱা দেখা পোৱা হ’লো, শুনিলো ডি ডি ৱান আৰু টুৰ উপৰিও আৰু বহু চেনেল বোলে দেখা পোৱা যায়।ডিগ্ৰী পঢি থকাৰ সময়ত কেব’ল কানেক্চন লৈ ভাবিলো, ইমান দিনে কি যা জিল মিল কৰি থকা দূৰদৰ্শণ চাই আছিলো । দিনৰ কিছু সময় উপভোগ কৰিব পৰা দূৰদৰ্শণ এতিয়া কেব’লৰ কৃপাত ২৪ ঘন্টাই উপভোগ কৰিব পৰা হ’লো ।দুপৰীয়া উপভোগ কৰা “ইউজিছি” অনুষ্ঠান চোৱাৰ হাবিয়াস প্ৰায় নোহোৱা হ’ল ।
নতুন নতুন ধাৰাবাহিক, মন গলেই চেনেল পকাই এখন নতুন চলচিত্ৰ উপভোগ কৰিব পৰা হ’লো । পাহৰণিৰ গৰ্ভত লুকাই পৰিল দেওবাৰে দুপৰীয়া “মুক বধীৰ” সমূহৰ আৰু সংস্কৃত বাতৰি দিয়াৰ পিছতেই “চাব টাইটেল” সহ দিয়া প্ৰাদেশিক ভাষাৰ চলচিত্ৰ সমূহ । পিছে বৰ্তমানৰ বাতৰি পৰিবেশন আৰু চলচিত্ৰ তথা ধাৰাবাহিক সমূহৰ অৱস্হা দেখি ভাবো “লিলি দাস মালিকৰ, বেদান্ত শৰ্মাৰ বাতৰি পৰিবেশন, দুৰ্গেশ্বৰ বৰঠাকুৰৰ নাটক, দিল্লী দুৰদৰ্শনৰ ধাৰাবাহিক, প্ৰাদেশিক ভাষাৰ চলচিত্ৰ” যথেষ্ট উন্নত মানদন্ডৰ মনোগ্ৰাহী আৰু অন্তৰত সাঁচ বহাব পৰা বিধৰ আছিল । যিটোৰ আজি অভাৱ বৰকৈয়ে অনুভৱ কৰিছো, সেয়া চাগে অনুভৱ আপোনাৰো?
“এইয়া বাতৰি পঢ়িছো লিলি দাস মালিকে”
হয়, আন বহুতৰ দৰে আমাৰ জীৱনৰ লগত ওতঃ প্রোতঃ ভাৱে জড়িত আছিল ৰেডিঅ’৷ পুৱা পঢা-শুনা কৰি উঠি আঞ্চলিক বাতৰি দিয়াৰ লগে লগে গা-ধুই স্কুললৈ বুলি ততা তৈয়াকে ওলাও । ভাত কেইটা কানে মুখে গুজি হিন্দী বাতৰি দিয়ালৈ কাপোৰ কানি পিন্ধি গীতিমালিকা অনুষ্ঠানৰ সুমধুৰ গীতৰ দুই এটা গীত শুনাৰ পিছতেই হিন্দী গান আৰম্ভ হোৱাৰ লগে লগে স্কুললৈ বুলি চাইকেল খন লৈ ওলায় যোৱাই এক নিয়মমাফিক অভ্যাস৷
টত টত কৈ শব্দ কৰি যদি হিন্দী বাতৰি আৰম্ভ হৈ যায়, আমি গম পাঁও আজি স্কুলৰ প্ৰাৰ্থনা নাপামগৈ । দেওবাৰ আমাৰ বাবে বৰ প্ৰিয় আছিল, “অকণিৰ মেল”, “দেওবৰীয়া যুৱ অনুষ্ঠান আৰু বিশেষকৈ দুপৰীয়াৰ নাটক খন এক পাহৰিব নোৱাৰা স্মৃতি । অকনিৰ মেলৰ খগেন মহন্তৰ “কন্টকৰামৰ কাহিনী” এতিয়াও মনত পৰে।শুকুৰবাৰ নে আন কিবা বাৰে দিছিলে পাহৰিলো, দুৰ্গেশ্বৰ বৰঠাকুৰৰ “নোকোৱাই ভাল” তথা তেখেতৰ নাটক সমূহ যেনে “মৰমৰ পূৰণ চিন” ইত্যাদি এতিয়াও চেলেকা-চুবীয়াকৈ মনত আছে।
নাম কি আছিল পাহৰিলো পিছে মংগল গ্ৰহলৈ যাত্রা কৰা বৈজ্ঞানিকৰ দলটো কাজিৰঙাত পদাৰ্পণ কৰি অসমলৈ পঠোৱা বাৰ্তা সমূহৰে ভৰা নাটকখন এতিয়াও মনৰ দাপোনত জিলিকি আছে । সন্ধিয়া সাত বজাৰ বাতৰি ল’বলৈ দহো বন কাতি কৰি দেউতাই কানত ৰেডিঅ’ লৈ বাৰান্দাত বহি অতি মনোযোগৰে শুনা বাতৰি সমুহ এতিয়া যেন নষ্টালজীয়া।
“এইয়া বাতৰি পঢিছো লিলি দাস মালিকে,আজিৰ প্ৰধান প্ৰধান বাতৰি সমুহ হ’ল” সেই কন্ঠস্বৰ এতিয়াও কানত বাজি থাকে৷ দিনত এভাৰেডি বেটাৰীকেইটা যদি ৰ’দত নিদিও সন্ধিয়া দেউতাৰ ৰঙা চকু দেখি গ’ম পাঁও ভুল কৰিলো বুলি ।
“মতি কাপ ইউৰিয়া” হিন্দুস্হান ফাৰ্টিলাইজাৰ কোম্পানীৰ বিজ্ঞাপনটোৱেই আছিল জীৱনত শুনা প্ৰথম বিজ্ঞাপন । সময় বহু সলনি হ’ল, ৰেডিঅ’ এতিয়া দুষ্প্ৰাপ্য যন্ত্ৰ, কিন্তু তাহানিৰ আমি বোৰৰ অন্তৰত এটা গভীৰ চাপ থৈ গ’ল মাৰ্কনীৰ আবিস্কাৰে।“এইয়া আকাশবাণী গুৱাহাটী” বা “বিবিধ ভাৰতী” অনুষ্ঠানৰ গীত সমূহ পাহৰিব পাৰিমনে?
মাৰ্ফি ৰেডিঅ’টো আমাৰ ঘৰত এলাগী হৈছিল যেতিয়া ৰমানন্দ সাগৰৰ “ৰামায়ন” চাবৰ বাবে ঘৰত প্রবেশ কৰিছিল “বেলটেক” কোম্পানীৰ ক’লা বগা টিভিটো।দেওবাৰে চোতালত টিৰ্পাল পাৰি সকলোৱে উপভোগ কৰিছিলো ৰামায়ণৰ প্ৰদৰ্শনী ।“জয় চিয়া ৰাম কি” বুলি কিমান ধেনু বনাই আকাশলে আৰু কল গছত কাড় নিক্ষেপ কৰিলো তাৰ হিচাপ নাই ।
কেতিয়াবা কেতিয়াবা বতৰ বেয়া থাকিলে বা চৰাই এন্টেনাত বহিলে যেতিয়া জিলমিলাই থাকে বা টিভিৰ মাত বা ছবি ভালদৰে নেদেখা-নুশুনা হ’য়, এজন বাহিৰত এন্টেনাৰ বাঁহডাল পকাই থাকে আৰু ভিতৰত টিভিৰ ওচৰত থকাজনে কৈ থাকে “বাঁওফালে পকা, আৰু অলপ, নহয় সোঁফালে, আগতেই থিক আছিল ইত্যাদি ইত্যাদি” লাহে লাহে ক’লা বগা টিভিটোও আউটদেটেত ল’গা হ’ল, ঘৰলৈ আগমন ঘটিল ৰঙীন টিভি। কিমান যে আনন্দ, মানুহবোৰে পিন্ধা কাপোৰৰ ৰঙ বোৰ গম পোৱা হ’লো ।
এসময়ত মহাভাৰত আৰম্ভ হ’ল।তাৰ মাজতে “গুল গুলছন গুলফাম”, “অছিন” নামৰ জাপানী ধুনীয়া ছোৱালী জনীৰ চিৰিয়েল খন, “কৰমচন্দ”, “গুনিৰাম কি দুনীয়া”, “মালগুড়ি দেইজ”, "বমকেশ বক্চি”, “ষ্টন বয়”, “মিষ্টাৰ য়োগি” আৰু “ৱাগলে কি দুনিয়া” উফ আৰু যে ক’ত কি ? লাহে লাহে “হামাৰা বাজাজ” বিজ্ঞাপন দেখি দেউতাৰ বাজাজ চুপাৰ স্কুটাৰখনত বিজ্ঞাপনৰ এক্টিং কৰা আৰম্ভ কৰিলো ।
হঠাৎ দিল্লী দুৰদৰ্শনৰ অনুষ্ঠান ৭:৩০মিনিটত বন্ধ কৰি অসমীয়া বাতৰিৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰা হ’ল। কিমান যে ফুৰ্তি লাগিছিল সেইদিনা, টিভিত অসমীয়া কথা শুনি, শব্দৰে হয়তো এতিয়া প্ৰকাশ কৰিব নোৱাৰিম ।ভাল লাগিছিল “বেদান্ত শৰ্মাৰ” বাতৰি পৰিবেশন ।
লাহে লাহে দুই একৰ ঘৰত ডাঙৰ ছাতিৰ দৰে কিবা লগোৱা দেখা পোৱা হ’লো, শুনিলো ডি ডি ৱান আৰু টুৰ উপৰিও আৰু বহু চেনেল বোলে দেখা পোৱা যায়।ডিগ্ৰী পঢি থকাৰ সময়ত কেব’ল কানেক্চন লৈ ভাবিলো, ইমান দিনে কি যা জিল মিল কৰি থকা দূৰদৰ্শণ চাই আছিলো । দিনৰ কিছু সময় উপভোগ কৰিব পৰা দূৰদৰ্শণ এতিয়া কেব’লৰ কৃপাত ২৪ ঘন্টাই উপভোগ কৰিব পৰা হ’লো ।দুপৰীয়া উপভোগ কৰা “ইউজিছি” অনুষ্ঠান চোৱাৰ হাবিয়াস প্ৰায় নোহোৱা হ’ল ।
নতুন নতুন ধাৰাবাহিক, মন গলেই চেনেল পকাই এখন নতুন চলচিত্ৰ উপভোগ কৰিব পৰা হ’লো । পাহৰণিৰ গৰ্ভত লুকাই পৰিল দেওবাৰে দুপৰীয়া “মুক বধীৰ” সমূহৰ আৰু সংস্কৃত বাতৰি দিয়াৰ পিছতেই “চাব টাইটেল” সহ দিয়া প্ৰাদেশিক ভাষাৰ চলচিত্ৰ সমূহ । পিছে বৰ্তমানৰ বাতৰি পৰিবেশন আৰু চলচিত্ৰ তথা ধাৰাবাহিক সমূহৰ অৱস্হা দেখি ভাবো “লিলি দাস মালিকৰ, বেদান্ত শৰ্মাৰ বাতৰি পৰিবেশন, দুৰ্গেশ্বৰ বৰঠাকুৰৰ নাটক, দিল্লী দুৰদৰ্শনৰ ধাৰাবাহিক, প্ৰাদেশিক ভাষাৰ চলচিত্ৰ” যথেষ্ট উন্নত মানদন্ডৰ মনোগ্ৰাহী আৰু অন্তৰত সাঁচ বহাব পৰা বিধৰ আছিল । যিটোৰ আজি অভাৱ বৰকৈয়ে অনুভৱ কৰিছো, সেয়া চাগে অনুভৱ আপোনাৰো?
Thursday, 12 September 2013
ৰৌদ্ৰ কামনা (কবিতা)
এঁচাতি বতাহ ,
আচঁল আঁতৰাই বুকুৰ
মাজলৈ
আহিছে বৈ ,
মিলনৰ বাবে
জোন আৰু জোনাকৰ দৰে
উশাহত আজি উছাহ,
উখল মাখল ঢল,
খলকনি তুলিছে দুটি সুঁতি
মিলি,
স্হবিৰতাই লৈছে গতি,
সুপ্ত সপোনৰ ৰৌদ্ৰ কামনা ।
মৌন নিশাত অস্ফুট
কোলাহল,
ৰ'দ বৰষুণ নেউচি গজালি মেলিব
সেঁন্দুৰ বৰণীয়া সপোনৰ
ফুল কুমলীয়া হাঁহি
Subscribe to:
Posts (Atom)


