Thursday 12 September 2013

ৰৌদ্ৰ কামনা (কবিতা)

এঁচাতি বতাহ ,
আচঁল আঁতৰাই বুকুৰ মাজলৈ
আহিছে বৈ ,
মিলনৰ বাবে
জোন আৰু জোনাকৰ দৰে
উশাহত আজি উছাহ,
উখল মাখল ঢল,
খলকনি তুলিছে দুটি সুঁতি মিলি
স্হবিৰতাই লৈছে গতি,
সুপ্ত সপোনৰ ৰৌদ্ৰ কামনা
মৌন নিশাত  অস্ফুট কোলাহল
'দ বৰষুণ নেউচি গজালি মেলিব 
সেঁন্দুৰ বৰণীয়া সপোনৰ

ফুল কুমলীয়া হাঁহি

No comments:

Post a Comment