Monday 30 September 2013

আচাম বন্ধ বাই সীতাৰাম.......(ৰস ৰছনা)

:::::আচাম বন্ধ বাই সীতাৰাম:::::

সীতাৰামে সিদিনা চুলি কাটি থাকোতে আচৰিত প্ৰশ্ন এটা কৰিলে বোলে চকীয়া বাবু পহিলে পহিলে আচাম বন্ধ মানে পুৰা আচাম বন্ধ হৈছিল ৮৩/৯৩ কথা কহিছু, আজকল আচাম বন্ধ লে আপনি ফিৰ ফোন ঘুমাই কিনে মানে বুটাম টিপিকেনে সুধিব লাগিবভাই কোন খন অচম বন্ধ আছে হ’” ? কতিয়াবা কতিয়াবাটো আপনি আধা ৰাষ্টাৰ পৰাই ফিৰি আহিব লাগিব, বোলেআগত আচাম বন্ধ আছে হাৰে ভাই হামি আচামৰ পৰাই আহি আছো, আগত ফিৰ কোনখন আচাম আছে ? হামনিকেটো কনফিউচড হৈ যাঁও ভাই কি কোনখন অচম আছে আৰু কোনখন অচম নাই আছে

পহিলে যেতিয়া অচম বন্ধ দিয়ে পুলিচ আহি কেনে দোকানকে তলা ভাঙিছে, দোকানী কহে কি ভাই অচম বন্ধ আছে হামি মৰি লে ভি দোকান নাই খুলিব, আৰু আজকল বাইকমে ১০ -১২ লড়কা আহি এই দোকানী তলা বন্ধ হামি অচম বন্ধ দিছো হত নাজাননেকি ?পহিলে যেতিয়া অচমীয়া আন্দোলন কৰিছে চিহঁত পৈদাই হোৱা নাচিল, চিহঁতৰ পিতাজি হামাক কহিছে কি হাতত মসাল লৈ কিনে প্ৰতিবাদ কৰিচিলে,জেল যাব লগা লেভি গৈছিল, পুলিচকে মাৰ খাইচিল, মানুচ ছহিদ হৈছিল আৰু আজকল এৰা গেৰা পাৰ্টি যি ভি বন্ধ দিব নেতা বনি যাব ।

চকীয়া বাবু, পহিলে পহিলে লিডাৰ একটা বা দুইটা আছিল, চব মানুহ চনমান কৰিছিল, এতিয়া চব মানুচ লিডাৰ বনি গ, চনমান কোন কাক কৰিবপহিলে একটা কাৰন আচিল, অচম বন্ধ কৰাৰ, আজকল কোনো কাৰন নাই লে ভি অচম বন্ধ হৈ যায় ফেচবুক মে কোনোবা ছোৱালীক বেয়া কমেন্ট কৰিব অচম বন্ধ, কৰবাত চুলাই খাই কিনে ১০ আদমি মৰিব অচম বন্ধ ।কতিয়াবা ডিমাগ ফিৰি যাব হামনিকে ভি অচম বন্ধৰ প্ৰতিবাদত একটা অচম বন্ধ দি দিম ।চব পাৰ্টি অলগ অলগ বন্ধ কৰনেচেটো আটচ্চা আছে চব পাৰ্টি মিলিকিনে দু-তিন মহিনাকে লিয়ে একচাথ অচমটো বন্ধ কৰি দিব লাগে।

অচমীয়া মানুচ এলহুৱা আছে চব জানে । কই নহয় “অচম ইজ এ লেন্ড অফ লাহে লাহে” আৰু ই অচম বন্ধই মানুচ বোৰক আৰু এলহুৱা কৰি দিছে ।অচম বন্ধ যদি চুকুৰবাৰ হ’ল, চনিবাৰ আউৰ ৰবিবাৰ তিন দিন বন্ধ মানি লয় ।অফিচ গৈ কিনেই পহিলা প্ৰশ্ন কৰিব “ বৰুৱা কালি কিবা বন্ধ-চন্ধ চুনিছে নেকি, বহু দিন হ’ল চচুৰ বাৰি নোযোৱা”।

নিউজ চেনেল পেপাৰ কুচ দিন পহিলে কহিছিল কি যি ভি পাৰ্টি বন্ধ দিব, হামনি নিউজ নাই দেখাব ।চব ফুটুকাকে ফেন ভৈল ।গৰ্মেন্ট ক’হিছিল খি যি ভি পাৰ্টি বন্ধ দিব, ঐ পাৰ্টিকে লিডাৰক ধৰি কিনে তপিনা লাল কৰিব ।চেইটো ভি ফুটুকাকে ফেন ভৈল । আপনি চমঝিচেটো হামনি কি কহিব খুজিছে? মই বোলো বুজি আছো কৈ থাক পেটে পেটে  বোলো বন্ধ এটা হঁওক হঁওক বুলি কিমান ভাবি আছো তই ক’ত বুজিবি? অফিছৰ কামত লাগি থাকোতে শ্ৰীমতিৰ নামত খোলা ইঞ্চুৰেঞ্চৰ এজেঞ্চিৰ কামত লাগিবই পৰা নাই, তাতে মাৰ্চ এন্ডিং পালেহিয়েই ।


মই বোলো তই যে আজি ইমান অসম বন্ধৰ ওপৰত লেকচাৰ দিলি কি অচম বন্ধ আছে নেকি এই কেইদিনত ? সি বোলে একটা নাপিত হামনিকে কুচদেৰ পহিলে ফোন কৰিছে কি একটা পাৰ্টি ৩৬০০ ঘন্টা বন্ধ দিছে হামনিকে কব লাগে ৩৬০০ ঘন্টাকে কিমান দিন হয়? আঙুলি মুৰতে হিচাপ এটা মাৰি লগত লগত ফোন কৰিলো বোলো হেৰা চাউথত ফুৰিব যাম বুলি কৈ আছিলা যে ভগবানে কৰিলে হৈ যাব পাৰে দেই কৈ থলো ।সীতা ৰামৰ দোকানত আৰি থোৱা হনুমান শিৱ দূৰ্গা সকলোৰে ফটোবোৰত মুৰটো দোঁৱাই দিলো বোলো প্লিজ ভগবান চাবা যাতে যি পাৰ্টিয়ে বন্ধ নিদিয়ক লাগিলে সিহঁতৰ ডিমান্দবোৰ চৰকাৰে মানি নলয় যাতে ।হে জগন্নাথ বাবা, মন্দিৰতগৈ গাখীৰ দুই লিটাৰ ধালি দিম কিন্তু প্লীজ প্লীজ ডিমান্দবোৰ যাতে এনেকুৱা হয় চৰকাৰ কি ভগৱানেও যাতে মানি লব নোৱাৰে ।

No comments:

Post a Comment